চিনেমা চিনেমা - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

চিনেমা চিনেমা

চিনেমা চিনেমা

Share This
অসমীয়া চিনেমা কোনে চাব, আৰু কিয় চাবহে?

ৰূপালী পৰ্দাৰ বজাৰখন এতিয়া আৰু সংকীৰ্ণ বৃত্তৰ ভিতৰত আবদ্ধ হৈ থকা নাই। গোলকীকৰণৰ প্ৰভাৱত এতিয়া বিশাল বিশাল মাল্টিনেচনেল কংগ্লোমাৰেট (বহুজাতিক সংস্থা)ই ভাৰতীয় বজাৰ দখল কৰিছে। অসমো তাৰ পৰা বিচ্ছিন্ন নহয়। প্ৰতিযোগিতা বাঢ়িছে, লগতে বাঢ়িছে প্ৰযুক্তিও। বিশ্বৰ আধুনিকতম প্ৰযুক্তিৰে আৰু অতি পেশাদাৰী শিল্পী সকলে নিৰ্মাণ কৰা ছবিও এতিয়া ভাৰতীয় পৰিবেশক বা বিশ্বজুৰি পৰিবেশনাৰ হাতোৰা থকা সংস্থাৰ দ্বাৰা ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত হৈছে। তেওঁলোকে স্থানীয় বজাৰ দখল কৰিবৰ বাবে আনকি স্থানীয় ভাষালৈ অনুবাদ কৰিও নিজৰ ব্যৱসায় বিস্তাৰ কৰিছে। বহুতো হলিউডৰ চিনেমাই ভাৰতীয় কেইবাটাও স্থানীয় ভাষালৈ ৰূপান্তৰ কৰি স্থানীয় ভাষাতে সুন্দৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। আনকি কাৰ্টুনৰ জগতখনৰ বজাৰ দখলৰ প্ৰতিযোগিতাই ইমান ৰূপ পাইছেগৈ যে টিভি চেনেলতে এতিয়া তামিল, তেলেগু ভাষাত কাৰ্টুন নেটৱৰ্ক, নিকল'ডিয়নে সেৱা আগবঢ়াইছে। মনোৰঞ্জন জগতৰ এই আগ্ৰাসী ৰূপ তথা আৰ্থ-সাংস্কৃতিক হাতোৰাৰ পৰা অসম তথা উত্তৰ-পূৱো একাষৰীয়া হৈ থকা নাই। অসম তথা উত্তৰ-পূৱৰো টিভি, ভিচিডি, প্ৰজেক্টৰ বা লেপটপ, ব্ৰডবেণ্ড আদি কিনিবলৈ আৰ্থিক সক্ষমতা থকা লোকসকলে এই বিশ্ব বজাৰৰ মনোৰঞ্জনৰ সোৱাদ পাবলৈ সক্ষম হৈছে। ইউ-টিউবৰ দৰে ভিডিঅ' শ্বেয়াৰিং মুকলি মঞ্চয়ো চুটি ছবি, অপেছাদাৰী বা আৰম্ভণি কৰা সকলৰ প্ৰতিভা প্ৰদৰ্শনৰ থলী হিচাবে সৱল ভাৱে কাম কৰিবলৈ সক্ষম হৈছে। অসমত যে সুন্দৰ অসমীয়া গীতৰ ভিডিঅ'ৰ জনপ্ৰিয়তা নাই বুলি কোনে কব, যি সময়ত জনপ্ৰিয় একোটা অসমীয়া গীতে ইউ.টিউবত দুই লাখৰো অধিক দৰ্শন সংখ্যা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে অসমীয়া বুলিয়েই যে মানুহে ইমান মনোৰঞ্জনৰ সুলভতাৰ মাজতো অসমীয়া ভাল চিনেমা বা তাৰ দৃশ্যাংশ নাচাব সেয়া নহয়।

যেনেকৈ বিশ্বৰ বহু বিজ্ঞ তথা আগশাৰীৰ প্ৰসিদ্ধ নিৰ্মাতাৰ বহুছবিয়েও একে ধাৰাবাহিকতা বা সফলতা দিব নোৱাৰে, এখন ছবি ভাল হলেই সকলো ভাল হব ধৰণৰ পোন ফৰ্মূলাৰে ছবি জগত নচলে! বহুতৰ মতে বজাৰত ছবি এখনে ভাল আমদানি কৰিবলৈ সক্ষম হবনে নহয়, তাৰ একমাত্ৰ কাৰক নিৰ্ণয় কৰাটো এই জগতৰ বিজ্ঞ জনৰ বাবেও এক জটিল বিষয়। তথাপিও বহুতেই বাণিজ্যিক ভাৱে সফল হবৰ বাবে কিছু উপাদানক নিৰ্ণয় কৰি লৈ তাকে ব্যৱহাৰ কৰি এখনৰ পাছত একোখন বাণিজ্যিক সফল ছবি উপহাৰ দি আছে। কিছুমানে আকৌ পৰীক্ষা-নিৰীক্ষা কৰিয়েই ভিন্ন ধৰণৰ ছবিৰ সোৱাদ দিছে, কিছুৱে বাণিজ্যিক ভাৱে সফল হৈছে, কিছুমানত আকৌ কেইবাশ কোটি টকা বিনিয়োগ কৰাৰ পাছতো আমদানিত সফল হব পৰাই নাই। শেহতীয়া উদাহৰণ অনুৰাগ কাশ্যপৰ বম্বে ভেলভেটৰ কথাই এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি। বহুতো ছবি বাণিজ্যিক ভাৱে সফল নহলেও মানুহৰ সাৰ্বজনীন দুখ-বেদনা, চিন্তা-চেতনাক প্ৰতিনিধিত্ব কৰি মানুহৰ মনত সাঁচ বহুৱাই দিব পৰা বিধৰ হয়। কলাত্মক ছবিৰ বাহিৰেও বাণিজ্যিক দৃষ্টিৰে বনোৱা কিছুমান ছবিতো এনে শক্তিশালী উপাদান থকা দেখা যায়। এনে ছবিয়ে বাণিজ্যিক ভাৱে সফল হোৱাৰ লগতে মানৱীয় চেতনাৰ সুক্ষ্ম-আৰু শক্তিশালী প্ৰদৰ্শন আৰু প্ৰৱাহৰ বাবে যুগজয়ী  হোৱাৰ সক্ষমতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। প্ৰায়বোৰ চিনেমা নিৰ্মাতা তথা কলা-কুশলীৰে এনে চিনেমা নিৰ্মানেই জীৱনৰ একমাত্ৰ স্বপ্ন ৰূপে দোলা দি থাকে। কাৰণ সৃষ্টিকৰ্তাই সদায়েই এয়াকেই আশা কৰে যে যিমান পাৰি বেছি দৰ্শকে সৃষ্টিক আকোঁৱালি লওক, প্ৰযোজকৰ ধনৰ বিনিয়োগো সফল হওক, আৰ্থিক সফলতাৰ সৈতে বঁটা, সন্মান আদিৰ প্ৰাপ্তিয়ে আৰু আনন্দ বৃদ্ধি কৰে। যেতিয়া কোনো এখন চিনেমাই যুগজয়ী হিচাবে স্বীকৃতি পায়, তেতিয়া আৰু এই সাময়িক সম্পদৰ প্ৰাপ্তি এই বিশালতাৰ সমুখত নিস্প্ৰভ হৈ পৰে।

এতিয়া কথা হ'ল, অসমীয়া চিনেমা কোনে চাব আৰু কিয় চাব? গোলকীকৰণে আমাৰ সমুখত আনি দিয়া ভিন্ন বিকল্পৰ মাজত অসমীয়াক বাচি লোৱাৰ মূল কাৰণ হৈছে নিজৰ মাতৃভাষাটোৰ প্ৰতি আজন্ম আকৰ্ষণ। সহজে চাব পৰাকৈ ভাল সমল পালে অসমীয়া হলেও তাক আদৰি লোৱাত নৱ-প্ৰজন্মৰ বেছি ভাগৰে হয়তো আপত্তি নাই। ইউ-টিউব, ডেইলী-মোচন আদিত লাখৰ ঘৰত ক্লিক সংখ্যাই তাকেইতো প্ৰতীয়মান কৰাইছে। ইফালে এইদৰে হাতত থাওকতে  পোৱাকৈ সকলো যোগাৰ থকা অসমীয়া আৰু তাতে অসমত বসবাস কৰা অসমীয়াৰ সংখ্যা কিমান? তাৰে ভিতৰত কিমানজনে চিনেমা হললৈ গৈ চিনেমা চাবলৈ যায়? বিশেষকৈ গুৱাহাটী মহানগৰীত নিয়মীয়াকৈ চিনেমা চাবলৈ যোৱা লোক সকল কোন, তেওঁলোকৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থিতি কি আদিও বিচাৰ্য বিষয়। ক্ষুদ্ৰ, পুৰণি এখন পৰ্দাৰ ছবিঘৰত চিনেমা চাবলৈ যোৱা মানুহৰ সংখ্যাৰ বিপৰীতে মাল্টি-স্ক্ৰীণৰ সৰু-বৰ চেইনৰ ছবিঘৰত ছবি চোৱাৰ আগ্ৰহ বাঢ়িছে। বাতানুকূল, ডলবি আদি সুবিধাৰ বিপৰীতে এশ টকাৰ তলত তেনেকুৱা চিনেমাঘৰত চিনেমা চাবলৈ পোৱাও নায়ায়। গুৱাহাটীৰ এনে মাল্টিপ্লেক্সত ভিৰ কৰা মানুহলৈ পৰ্যবেক্ষণ কৰিলে আধুনিক, ধনী, অনা-অসমীয়া, প্ৰেমিক-প্ৰেমিকা, ডেকা-গাভৰুৰ সংখ্যাই বেছি। সপ্তাহন্তত পৰিয়ালৰ সৈতে অহা সকলেও সকলোৱে একেলগে উপভোগ কৰিব পৰা উপভোগ্য ছবি বিচাৰে আৰু এনে পৰিয়ালৰ সংখ্যাও কম আৰু পৰিয়াল লৈ চিনেমা চাবলৈ আহিবলৈ উচ্চ আয়ৰ লোকৰ বাহিৰে আজিৰ তাৰিখত বেলেগৰ সাধ্যও নাই, সময়ো নাই। মাল্টি-প্লেক্সবোৰ অনা-অসমীয়া আৰু অতি ধনী এচাম অসমীয়াৰে ভৰি থাকে বুলি কলেও অতুক্তি নহব আৰু  এই চামৰ লোকৰ ভিতৰত অসমীয়া ছবিৰ বাবে আকুল হৈ থকা মানুহ খুৱেই কম, সেই কথাও সহজেই অনুভৱ কৰিব পাৰি। কেৱল মফচলীয় চহৰৰ পৰা পঢ়িবলৈ অহা ল'ৰা-ছোৱালীয়ে কেৱল "অসমীয়া" ছবি চাই হিট কৰি দিব বুলি জানো আশা কৰিব পাৰি। সেয়ে খুৱ ভাল ছবি বুলি প্ৰচাৰ নহ'লে চিনেমাখনৰ কলা-কুশলীৰ সৈতে চিনা-পৰিচয় নাথাকিলে দৌৰি গুৱাহাটীত অসমীয়া চাবলৈ অহা মানুহৰ সংখ্যা হাজাৰতকৈ বেছি নহয়। তাকো মহানগৰীয় ব্যস্ততা আৰু উপাৰ্জনৰ তাড়ণাত সপ্তাহৰ মাজত চিনেমা চাই জাতিৰ সেৱা কৰিবলৈ বহুতৰে সম্ভৱ নহয়গৈ। অভিযোগ উঠে যে, নিজে জড়িত নোহোৱা ছবি চাবলৈকে খোদ অসমীয়া শিল্পী, কলা-কুশলী সকলেই ওলাই নাহে। কোনো যদি আহি, তাকো প্ৰীমিয়াৰত বিনামূলীয়াকৈ চাবলৈহে! যিটো কথাও উদ্যোগটোৰ বাবে অতি দৃষ্টিকটু!

এতিয়া আহিছো মফচলীয় চহৰলৈ। বিগত দশক কেইটাৰ আন্দোলনকামী পৰিবেশ, হত্যা-সন্ত্ৰাস, ভীতি, বোমা বিস্ফোৰণ, সংগঠনৰ ভাবুকি আদিয়ে সৰু-বৰ চহৰ নগৰৰ চলচ্চিত্ৰ প্ৰদৰ্শন থলী সমূহলৈ ব্যাপক পৰিবৰ্তন কঢ়িয়াই আনিলে। সাধাৰণ মানুহে উলাহত গৈ চিনেমা হলত সোমাই তিনি ঘণ্টা এন্ধাৰত সোমাই থাকিবলৈ ভয় কৰা হ'ল। সময়ে আনি দিয়া এই মানসিক ভীতিকো আপুনি অসমৰ ছবিজগতৰ নিশকতীয়া অৱস্থাৰ বাবে জগৰীয়া কৰিবই লাগিব। বহু পুৰণি হলেই তাৰ ফলত বন্ধ হৈ গ'ল। মাজতে সৰু-বৰ ভিডিঅ' হল কিছুৱে ব্যৱসায় কৰিছিল। পিছে তাৰ পাছত সহজে ভিচিডি উপলদ্ধ হোৱাৰ পাছত দহ টকাতে নকল চিডি আনি ঘৰতে পৰিয়ালে সুৰক্ষিত অৱস্থাত মনোৰঞ্জন পোৱাৰ ব্যৱস্থা হ'ল। চেটেলাইট চেনেল হোৱাৰ পাছত ভৰ-দুপৰীয়া সকলোৱে অসমীয়া ভিচিডি বা চিনেমা চলাবলৈ লোৱাৰ পৰা মানুহৰ আৰু চিনেমা হ'ললৈ গৈ অসমীয়া চিনেমা চোৱাৰ বিশেষ হেঁপাহ একোটা বাচি নাথাকিলগৈ। তাৰ ফলত সৰু-বৰ চহৰৰ যিবোৰ চিনেমাঘৰত আগতে অসমীয়া চিনেমাৰ প্ৰীমিয়াৰ হৈছিল, উদ্বোধনী অনুষ্ঠান খোদ আমাৰ ধেমাজিৰ লিলি হলত হৈছিল, বেছিদিনৰ আগৰ কথা নহয়, হিয়া দিয়া নিয়াৰ সময়ৰ কথা, এতিয়া সেইবোৰৰো সাৰ-সুৰ নোহোৱা হ'ল। সৰু-বৰ হলবোৰে বি-গ্ৰেডৰ সস্তীয়া চিনেমা আৰু যৌনগন্ধী চিনেমাৰে নিজৰ ভাত মোকোলাই থাকিল, না উন্নতি হ'ল ব্যৱসায়ৰ না প্ৰযুক্তিৰ। এতিয়া সেইবোৰ হললৈ পৰিয়াল লৈ অসমীয়া চিনেমা উদ্ধাৰৰ খাতিৰত যে মানুহ দলে-বলে সোমাবগৈ এই ক্ষেত্ৰত সন্দেহৰ অৱকাশ আছে। ডিব্ৰুগড়, তিনিচুকীয়া আদিতো মাল্টিপ্লেক্স চেইন গৈ পোৱাতো এটা সুখবৰেই, এতিয়া গল্ড চিনেমাৰ বেনাৰত আৰু তেনে ফৰ্মেটত মফচলীয়া চহৰতো বেছিকৈ ক্ষুদ্ৰ চিনেমা হল আধুনিক আৰু সুৰক্ষিত ৰূপত গঢ়ি উঠিলে অৱশ্যেই অসমৰ বাবে ভাল হব। অসমীয়া চিনেমাই তাতো বজাৰ দখল কৰিব পাৰিবনে নাই সেয়া অৱশ্যে অন্য এক প্ৰশ্নই!

অসমীয়া চিনেমা কোনে নিৰ্মাণ কৰে আৰু কিয় নিৰ্মাণ কৰে সেই কথাও আলোকপাত কৰাৰ প্ৰয়োজন আছে। বয়োজ্যেষ্ঠ চিনেমা নিৰ্মাতা এগৰাকীয়ে প্ৰকাশ কৰা মতে অসমত চিনেমাৰ কলা-কুশলী সকল ইমান দিনে জীয়াই আছে বিশেষকৈ দূৰদৰ্শনৰ কমিছন প্ৰগ্ৰামৰ ওপৰত, (ভ্ৰাম্যমাণ থিয়েটাৰৰ বেনাৰত ভাত মোকোলোৱা সকলক বাদ দি)। তাতো লবী, ছিণ্ডিকেট ধৰণৰ অভিযোগৰ অভাৱ নাই। তাত কি ধৰণৰ, কি মানদণ্ডৰ কাম হয়, সেয়া ডিডি নৰ্থ-ইষ্ট খুলি আধা ঘণ্টা চাবলৈ ধৈৰ্য ধৰিব পাৰিলেই বুজি পাব।  তাৰ পৰা হোৱা লাভৰ ৰাহিৰ ধনেৰে কোনো কোনোৱে চখত বা নিজা প্ৰফাইলৰ খাতিৰত নিৰ্মাণ কৰে অসমীয়া চিনেমা। যিহেতু লাভৰ ঘৰলৈ বা বিনিয়োগৰ ধন ঘূৰি অহাৰ লক্ষণ নায়েই, সেয়ে আন এবিধ প্ৰযোজকৰ ধনেৰে ছবি নিৰ্মাণ হয়, সেয়া হৈছে অগাধ ক'লা টকাৰ গৰাকীৰ। যাৰ শ্ৰীমতীৰ নামৰ বেনাৰত অলপ প্ৰযোজিকাৰ চং দিবৰ বাবে আগ্ৰহ থকা ব্যক্তি ধনৰ প্ৰয়োজনত থকা আৰু চিনেমা বনোৱাৰ বাবে আগ্ৰহী আৰু বাস্তৱত তোষামোদকাৰীৰ জালত পৰি চিনেমাৰ প্ৰযোজনা কৰে। অসমত এই বিধৰ প্ৰযোজকৰ চিনেমা খোদ গুৱাহাটীৰ বাহিৰেও ভিচিডি আদিৰ ৰূপত মফচলীয় চহৰতো বনি থকা দেখা যায়। বাইদেউ প্ৰযোজক, ভাগিন নায়িকা, খুড়াদেউ দেউতাক আদি ফৰ্মেটত নিৰ্মাণ হোৱা ছবিত কিমান মানদণ্ড ৰক্ষা হয় তাত প্ৰশ্নবোধক লগোৱাটো সঁচাকৈয়ে অমূলক। আৰু এবিধ প্ৰযোজনাত এতিয়া অসমীয়া ছবি নিৰ্মাণ হৈ আছে, সেয়া হৈছে চলচ্চিত্ৰ নিগমৰ বিত্তীয় পৃষ্ঠপোষকতাত, মানে আপোনাৰ-মোৰ কৰৰ টকাৰে মানে ৰাজহুৱা ধনৰ খৰছেৰে। ৰাজনৈতিক নিযুক্তিৰে পদবী লভা এচাম মানুহৰ দ্বায়িত্বত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক স্তৰত থকা এই নিগমৰ জৰিয়তে এক প্ৰকাৰ কমিচন প্ৰকল্প দিয়া হয়। অলপ সুনাম থকা বা বঁটা প্ৰাপ্তক প্ৰকল্প জমা দিবলৈ দি প্ৰযোজকৰ ৰূপত ৰাজনৈতিক নিযুক্তি প্ৰাপ্তৰ নামেৰে ৰূপালী পৰ্দা শুৱনি কৰা হয়।  এনে দুখনমান চিনেমা মুম্বাইতো মুক্তি দিয়াত চাবলৈ গৈ মানদণ্ডত অসন্তোষ পাই এনেকুৱা হ'লে কেনেকৈ হব, অসমীয়া চেণ্টিৰেই কাম নচলিব বুলি অনুভৱ কৰিছিলো। বিনিয়োগৰ পইচা ঘূৰাই অনাৰ প্ৰত্যাহ্বানৰ অভাৱে আৰু চিনেমা নিৰ্মাতা সকলকো নিশ্চয়কৈ দায়বদ্ধতা নিঃশেষ কৰিছে। তাৰ ফলো যে অসমীয়া চিনেমাৰ মানদণ্ডত পৰা নাই, সেই কথা কোনে অস্বীকাৰ কৰিব পাৰিব? একেধৰণৰ অসমীয়া কলা-কুশলীয়ে এতিয়া চেটেলাইট চেনেলৰ ধন-টিআৰপিৰ প্ৰতিযোগিতাত নামি যদি উন্নত কাৰ্যসূচী নিৰ্মাণ কৰি মানুহৰ মন জিনিব পাৰিছে, তেন্তে অসমীয়াৰ ছবিৰ মাধ্যমত কিয় নোৱাৰিব। প্ৰযোজনা সংস্থাৰ দ্বাৰা বিত্তীয় লাভালাভৰ অংকৰে বিনিয়োগ কৰা আৰু , আনুষ্ঠানিক শিক্ষাৰে সু-সজ্জিত নিৰ্মাতা-নিৰ্দেশক কলা-কুশলীয়ে দায়বদ্ধ ভাৱে নিৰ্মাণ কৰা অসমীয়া ছবিৰ পেশাগত মাৰ্কেটিঙে নিশ্চয়কৈ অসমীয়া চলচ্চিত্ৰলৈ সফলতা কঢ়িয়াই আনিব পাৰিব বুলি আশা কৰিব পাৰি।

কমিছন প্ৰগামৰ দৰে পাল মৰা কাম কৰি, কাম কৰি ধন পালে বাবেই প্ৰয়োজনীয় প্ৰচাৰৰ সময়ত নিস্ক্ৰিয়তা প্ৰদৰ্শন কৰি কেৱল ভ্ৰাম্যমাণতে দেখুন বছৰটোৰ ইনকাম হয়েই বুলি স্থিতি গ্ৰহণ কৰি থাকিলে সঁচাকৈয়ে একো নহব। হিন্দী চিনেমালৈ এতিয়া নজৰ দিলেও সম্প্ৰতি বহুকেইখন কম-বাজেটৰ ছবিয়েই বাণিজ্যিক সফলতাও লাভ কৰিছে আৰু মানুহৰ হৃদয়ো জয় কৰিবলৈ সক্ষম হোৱাৰ উদাহৰণ আছে। আয়ুস্মান খুৰানাৰ দৰে অভিনেতাই ভিকি ডনাৰ, জোৰ-লাগেক-হেইচা আদিৰ দৰে ছবিৰেই আৰ্থিক সফলতাৰ উপৰিও মানদণ্ডৰ প্ৰশংসা লভিবলৈ সক্ষম হৈছে।  সেয়ে কম বাজেটৰ ভিতৰতো ভাল ছবিৰ নিৰ্মাণ হব লাগিব আৰু ৰাইজৰ মন জিনি ধন ঘূৰাই অনাৰ প্ৰত্যাহ্বান অসমীয়া ছবি নিৰ্মাতা-নিৰ্দেশকে গ্ৰহণ কৰিব লাগিব।  অসমীয়া ছবিক মানুহে কেৱল ভাষা-সংস্কৃতি বচোৱাৰ জাতীয় দ্বায়িত্বৰ খাতিৰত এদিন চাবলৈ ওলাই অহাৰ দৰে চোৱাৰ পৰিবৰ্তে, ৱাল্ট ডিজনী প্ৰযোজিত ছবি, হলিউডৰ ইংৰাজী তথা অনুবাদিত ছবি, বলিউডৰ আগ্ৰাসী মাৰ্কেটিঙৰ মাজতো চাব লগীয়া ছবি হিচাবে বাচনি কৰিব পৰাৰ গুণগত মান দিব লাগিব।

গাঁৱৰ মানুহৰ, চহা মানুহৰ হৃদয়তে আছে অসম আৰু অসমীয়াৰ প্ৰতি টান আৰু মোহ সেই কথাও এই উদ্যোগৰ সৈতে জড়িত সকলে অনুভৱ কৰিব লাগিব। সেয়ে গাঁৱে-ভূঞে ভ্ৰাম্যমাণ দৰ্শনী কৰি আৰ্থিক সফলতা পোৱা কেইবাখনো ভিচিডি চিনেমাৰ মডেলো গ্ৰহণ কৰিব লাগিব। এই ক্ষেত্ৰত ফিল্ম-ফেটাৰ্নিটিক একেখন মঞ্চলৈ অনা সংস্থা সমূহে কাৰ্যকৰী উদ্যোগ গ্ৰহণ কৰিব পাৰিব লাগিব। এন.কে প্ৰডাকচনে আৰম্ভ কৰা বাতানুকূল ভ্ৰাম্যমান চিনেমা হলে পাঁচখন মানকৈ চিনেমা প্ৰদৰ্শন কৰিবলৈ ওলোৱা ধৰণৰ ইতিবাচক প্ৰচেষ্টাতো ৰাইজে সহযোগ কৰিব লাগিব। এইটো অতি ভাল পদক্ষেপ আছিল যদিও নাজানো কি অপ্ৰকাশিত কাৰণত এন.কেৰ এই পদক্ষেপক প্ৰমোট আৰু প্ৰচাৰ কৰিবলৈ এই "ফিল্ম-ফেটাৰ্নিটি" ঢল ভাঙি আগবাঢ়ি নাহিল, সেই প্ৰশ্নয়ো আমনি দিয়ে। প্ৰতিটো কথাকে প্ৰতিটো ব্লকত কাম আৰম্ভ কৰিব বুলি অভিমত দিয়া অসমৰ মুখ্যমন্ত্ৰীকো প্ৰতিটো পঞ্চায়তত ৰাজহুৱা ভৱনত সাপ্তাহিক চিনেমা হলৰ ৰূপত মনোৰঞ্জন স্থলীৰ সৃষ্টি কৰিবলৈ সচেতন ৰাইজেই হেঁচা দিব লাগিব। কম আন্তঃগাঁথনিৰেও প্ৰতিটো পঞ্চায়ততে এনে ক্ষুদ্ৰ ৰাজহুৱা সম্পদৰ সদ-ব্যৱহাৰেৰ লাভজনক ভাৱে স্থানীয় লোকক আৰ্জন কৰিবলৈ সুবিধা দিয়াৰ দৰে এনে ব্যতিক্ৰমী চিন্তাও আমি কৰিব লাগিব। এনে পদক্ষেপেহে অসমীয়া চিনেমাক সুৰক্ষিত ভাৱে অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি অকৃত্ৰিম মোহ থকা লোক সকলৰ কাষ চপাই নিব পৰা যাব।

কেৱল নিজৰ চিনেমা মুক্তি দিয়াৰ সময়ত টিভি চেনেলত অনা-অসমীয়া চিনেমাগৃহৰ মালিকৰ হেঁচা, পৰিবেশকে শ্ব নিদিয়ে বুলি সহানুভূতিৰ ঢৌ সৃষ্টি কৰিবলৈ ওলাই আহিলেই নহব। প্ৰতিখন অসমীয়া চিনেমা মুক্তি দিয়াৰ সময়ত উদ্যোগটোৰ লগত জড়িত কলা-কুশলীয়ে প্ৰথমে জোৰ-বান্ধি টিকেট কাটি চিনেমা চাবলৈ আহিব লাগিব, উচাহৰ সৃষ্টি কৰিব লাগিব। তাৰ বাবে কেৱল দীঘলী পুখুৰীৰ পাৰত অসমীয়াত নকৈ ইংৰাজীতে "চলিডাৰিটি দে" উদযাপন কৰি সীমাবদ্ধ হৈ থাকিলে নহব। হললৈ ত্ৰিশজনকো টানিব নোৱাৰা অৱস্থাতো টিভিৰ কেমেৰাৰ সমুখত হলিউডৰ তাৰকাৰ দৰে ভাও দিয়াতকৈ বাস্তৱত সৃষ্টিৰ পথাৰত নামি ঘামৰ ঢল বোৱাব লাগিব। বলিউডত যি দৰে চিনেমাৰ প্ৰথম দৰ্শনীত ইজনে সিজনৰ চিনেমা মুক্তিৰ দিনা আহি উছাহ জগায়, ইজনে সিজনৰ কামৰ পাৰস্পৰিক প্ৰশংসা কৰে, সেই ধৰণৰ সহযোগিতাৰ কামো আমাৰ সকলেও কৰিবলৈ অন্তৰ বিশাল কৰি ওলাই আহিব লাগিব। চ'ছিয়েল মেডিয়া যোগেও প্ৰচাৰত হাত-উজান দিব লাগিব। মহাৰাষ্ট্ৰত মাৰাঠী চিনেমাক সুৰক্ষিত কৰিবলৈ চৰকাৰে কঠোৰ আৰু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এক পৰ্দাৰ চিনেমাহলৰ বাহিৰেও মাল্টিপ্লেক্সটো ৰাইজৰ সুবিধা হোৱাকৈ সন্ধিয়া বা বিশেষ দৰ্শনীত মাৰাঠী ছবিৰ প্ৰদৰ্শন বাধ্যতামূলক কৰা হৈছে। একে সূত্ৰ অৱলম্বন কৰিবলৈ অসমৰ সাংস্কৃতিক বিভাগেও প্ৰশাসনীয় পৰ্যায়ত নিৰ্দেশ জাৰি আৰু বলৱতৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়া অহেতুকৰ দৰে ভাল ছবিয়েও বাণিজ্যিক ৰূপে লাভজনক প্ৰমাণ হোৱাত নিশ্চয়কৈ কোনো বাধা নাথাকিব।

অতি কম সা-সুবিধা প্ৰযুক্তিৰেই অসমত চিনেমাৰ পথ নিৰ্মাণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পদাংকন অনুসৰণ কৰি অসমীয়া ছবি নিৰ্মাতা সকলে আজিৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। এসময়ত হিল-দোল ভাঙি অসমীয়া ছবি চাবলৈ উঠি অহা অসমৰ সেই সময়বোৰ ঘূৰাই আনিবলৈ পেশাদাৰীত্ব, প্ৰযুক্তি আৰু মানদণ্ডৰ সৈতে মানৱীয় আশা-আকাংক্ষাৰ হৃদয়স্পৰ্শী যুগজয়ী অথচ বাণিজ্যিক ভাৱে সফল ছবিৰ নিৰ্মাণ হবই লাগিব। গোলকীকৰণে দিয়া প্ৰত্যাহ্বানৰ লগতে আনি দিয়া ইতিবাচক সুবিধাবোৰৰো ব্যৱহাৰৰ কথা চিন্তা কৰিব লাগিব। উন্নত ছবি ইংৰাজী তথা আন মাধ্যমলৈ ভাষান্তৰ কৰিও ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ কথা চিন্তা কৰিব লাগিব। নিজৰ প্ৰতিভা বিশ্বস্তৰত প্ৰতিপন্ন কৰিলে মূলতে অসমীয়া ভাষাত নিৰ্মিত ছবিৰ প্ৰযোজনাৰ বাবেও যে দেশী-বিদেশী বিশাল প্ৰযোজনা আৰু পৰিবেশনা সংস্থাবোৰ হয়তো আগবাঢ়ি আহিব, বিশ্বৰ আনবোৰ আঞ্চলিক ভাষাৰ ছবিৰ পৰাও এনেকুৱা ইতিবাচক প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি নিজকে প্ৰতিপন্ন কৰিব পাৰিব লাগিব। তেতিয়া হয়তো আমি সকলোৱেই কব পাৰিম, অসমীয়া চিনেমা কোনে নাচাব, আৰু কিয় নাচাবহে? সেই দিনাই জ্যোতিৰ সপোনে অসমৰ মাটিত পুনৰ প্ৰাণ পাই উঠা বুলি অনুভৱ কৰিম। এইবোৰ প্ৰত্যাহ্বান আৰু পদক্ষেপ, আন্তৰিকতাৰে গ্ৰহণ নকৰিলে কিন্তু অসমীয়া ছবি উদ্যোগলৈ ভাল দিন  অহাটো "৩১জুন"ৰ দৰেই অলীক স্বপ্ন হৈ ৰব, সেয়াও নিশ্চিত।

No comments:

Post a Comment

Sponsor

AD BANNER

Pages