প্ৰৱন্ধ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

প্ৰৱন্ধ

প্ৰৱন্ধ

Share This
গাই পে চৰ্চা

স্বাভাৱিকভাৱেই প্ৰতিষ্ঠানবিৰোধী ভাৱত আচ্ছন্ন ভাৰতীয় সাধাৰণ নাগৰিক সকলে শক্তিশালী নেতৃত্ব বিচাৰিছিল। কিন্তু, সেই সময়তে পূৰ্বৰ প্ৰধানমন্ত্ৰীৰ নিৰৱ কৰ্মীৰ ভাৱমূৰ্তিক প্ৰফেচনেল কাৰ্টুনিষ্ট, ফটোশ্বপৰে বিকৃত ৰূপ দি, কেলেংকাৰীৰ সৈতে সাঙুৰি, একপক্ষীয়কৈ 'চিয়েল মেডিয়াৰ মুক্ত মাধ্যম ফেচবুক, টুইটাৰৰ বাহিৰেও, গোপনীয়তা থকা মাধ্যম হোৱাটপ-এপ, এম.এম.এছ আদিৰ জৰিয়তে বিকৃত ৰূপত প্ৰৱল ভাৱে প্ৰচাৰ কৰা হৈছিল। প্ৰণিধানযোগ্য যে, একেইখিনি কাম যদি আজি কোনোবাই বৰ্তমানৰ শাসকীয় নেতৃত্বৰ প্ৰতি কৰে, সেয়া 'অনলাইন অপৰাধ' ৰূপেই গণ্য হব। সেয়ে,  এই কথা স্পষ্টকৈ বুজিব পাৰি যে বিকৃত ৰূপ দি এগৰাকী নিৰৱ কৰ্মী প্ৰধানমন্ত্ৰীক জনমানসৰ মাজত ষড়যন্ত্ৰ মূলক ভাৱেই ছবি প্ৰতিষ্ঠাপিত কৰা হৈছিল। এই প্ৰচাৰৰ লগতে সুপৰিকল্পিত ভাৱে সাঙুৰি দিয়া হৈছিল ৰাহুল গান্ধীক এজন 'বুৰ্বক, অকমৰ্ন্য' সন্তানৰ প্ৰতিমূৰ্তি ৰূপে, যাক পৰবৰ্তী নেতা হিচাবে দেশে গ্ৰহণ কৰাটো এক প্ৰকাৰ মুৰ্খামী হব বুলিয়েই জনসাধাৰণেও বিশ্বাস কৰিবলৈ বাধ্য হৈছিল।

সমান্তৰালভাৱে, আমেৰিকান লবিং বিশেষজ্ঞ সংস্থা এপকো ৱৰ্ল্ড-ৱাইডে 'ভাইব্ৰেণ্ট গুজৰাট' চামিটৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তদানীন্তন  গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'বিকাশ পুৰুষ' ৰূপে তুলি ধৰিবলৈ আহোপুৰুষাৰ্থ কৰিছিল। এপকো ৱৰ্ল্ডৱাইড এক অৰ্থত চাবলৈ গ'লে অতি বিতৰ্কিত সংস্থা। এই সংস্থাই বিশ্বৰ বহুতো স্বেচ্ছাচাৰী শাসকৰো পাব্লিক ইমেজ 'ভুৱাকৈ ভাল' বনাই ৰখা, ভাৰতত নিষিদ্ধ ঘোষিত অথচ আমেৰিকাত আইন সংগত দেশৰ নীতি কোম্পানী সমূহৰ অনুকূলে নিৰ্ধাৰণৰ বাবে ৰাজনীতিবিদ আদিক টকা-সিকা দি হলেও মেনেজ কৰা লবিং সংস্থাহে! এই সংস্থাই ভাৰতত নীৰা ৰাডিয়াৰ সহায় লৈ ব্যৱসায়ৰ বীজ ৰোপন কৰা বুলিও জনা যায়। বিশ্বত ইছলাম-ফবিয়া প্ৰচাৰৰ অভিযোগ, নাইজেৰিয়ান ডিক্টেটৰ চানি আবাকা, কাজাখাস্তানৰ 'প্ৰেছিডেন্ট ফৰ লাইফ' নুৰচুলতানৰ 'ভাল ইমেজ' প্ৰচাৰৰ ঠিকা লোৱা সংস্থাটোকেই ঠিকা দিয়া হয় গুজৰাটৰ ২০০২ৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে বিৰোধী নেত্ৰীয়ে 'মৌত কা সৌদাগৰ' বুলি অভিহিত কৰিবলৈকো কুণ্ঠাবোধ নকৰা ব্যক্তিজনৰো 'স্বচ্ছ-নিকা-শক্তিশালী প্ৰশাসক'ৰ ইমেজ নিৰ্মাণৰ দ্বায়িত্ব! যাক আমেৰিকান কোম্পানীটোৱে যথাযথ ভাৱেই পূৰণ কৰিলে। বিখ্যাত টাইম আলোচনীত কভাৰ পেজত স্থান দি মহীয়ান কৰাৰ প্ৰচেষ্টাৰ সূত্ৰও বিশ্লেষকে এই এপকো-ৱৰ্ল্ডৱাইডৰ ব্যৱস্থাপনাই আছিল বুলিও আঙুলিয়াব খোজে।

ইয়াৰ বাহিৰেও দেশৰ খ্যাতিমান বিজ্ঞাপন গুৰু পীয়ুয পাণ্ডে, প্ৰসূন যোশী আদিক দিয়া হৈছিল প্ৰাক-নিৰ্বাচনী মনোলোভা বিজ্ঞাপন নিৰ্মাণৰ দায়িত্ব। আনহাতে আফ্ৰিকাত ৰাষ্ট্ৰসংঘৰ মিছন চীফ ৰূপে অভিজ্ঞতা পুষ্ট ব্যক্তি প্ৰশান্ত কিশোৰৰ নেতৃত্বত ভাৰতত গঠিত হৈছিল চিটিজেনচ ফৰ একাউণ্টেবল(CAG) নামৰ এটি সংস্থা। এই সংস্থাত কাম কৰিবলৈ আই.আই.টি আৰু আই.আই.এমৰ পৰা পাছ কৰা বুদ্ধিদীপ্ত মগজু, বিদেশৰ পৰাও এই প্ৰকল্পৰ অংশ লবলৈ অহা চফটৱেৰ বিশেষজ্ঞ, মেনেজমেণ্ট এক্সপাৰ্ট আদিৰে প্ৰায় ২০০ পূৰ্ণকালীন আৰু ১০০০ অংশকালীন কৰ্মীৰে গঠিত হৈছিল মোদী চাহাবৰ এই ব্যক্তিগত মেডিয়া টীমটো। অনলাইন কেম্পেইন, ছচিয়েল মেডিয়াত ভাল, বিকৃত সকলো ধৰণৰ সমল সৃষ্টিৰ প্ৰৱাহ এই কৰ্মীদলে কৰা বুলিয়েই জনপ্ৰিয় মাধ্যমত প্ৰকাশ পাইছে। এই কেগৰ প্ৰযুক্তিগত আৰু সুকৌশলী প্ৰচাৰৰ ফলতেই ত্ৰি-মাত্ৰিক (3D Meeting) সমাবেশ, চায়-পে-চৰ্চা আদিয়ে জনপ্ৰিয়তাৰ শিখৰ চুইছিল। এই বিজ্ঞাপন-প্ৰযুক্তি-ব্যৱস্থাপনাৰ পেশাগত প্ৰজেক্ট মেনেজমেণ্টৰ ওচৰত যেন হাৰ মানিবলৈ বাধ্য হৈছিল, ভাৰতৰ পুৰণিকলীয়া ৰাজনীতিৰ বাঘা-বাঘা খিলাড়ীৰ খেলবোৰে! বিকাশ পুৰুষৰ শক্তিশালী নেতৃত্বৰে খুশবু মিট্টি কি অনুভৱ কৰি দুৰ্নীতি দেশ এৰা আহ্বানেৰে ভাল দিন আহি আছে বুলি প্ৰফেচনেল মায়াজালে সৃষ্টি কৰা আশাত বন্দী হোৱাৰ বাহিৰে ভাৰতৰ অল্প-শিক্ষিত সমাজৰ কোনো যেন ৰাস্তাই নাছিল!সবকা সাথ, সৱকা বিকাশৰ সপোন দেখুওৱা প্ৰশাসকজনক তুলি দিছিল ৰাষ্ট্ৰ শাসনৰ চাবিকাঠি। পিছে এতিয়া শাসন লোৱা ডেৰ বছৰ পাছত দেশত বিকাশৰ কথাৰে চায় পে চৰ্চাৰ সলনি গাই-পে-চৰ্চাইহে সৰ্বত্ৰ ছানি ধৰিছে। আৰু এই পৰিবেশ সৃষ্টি প্ৰতিৰোধ কৰাত কিয় বৰ্তমানৰ ৰাজনৈতিক নেতৃত্বই সৱলতা প্ৰদৰ্শন কৰিব পৰা নাই তাকে লৈও প্ৰশ্নৰ উদ্ৰেক ঘটিছে। বিকাশৰ আচল ৰাস্তাৰ পৰা দেশৰ মন-মগজুক বিপথে নিয়া সকলৰ প্ৰতি সঁকিয়নিও প্ৰধানমন্ত্ৰীৰ মন-কী-বাতটো গুঞ্জৰিত নোহোৱাটো সঁচাই উদ্বেগজনক কথাই নহয়নে?

দেশত যুক্তিবাদী চিন্তাৰ প্ৰতি ভাবুকি, গো-মাংসক লৈ হিংসাৰ ৰাজনীতিয়ে ছানি ধৰাৰ পৰিবেশত দেশবাসীৰ চেতনা জাগ্ৰত কৰিবলৈ আগশাৰীৰ বুদ্ধিজীৱি, শিল্পী-সাহিত্যিকে চৰকাৰী বঁটা ঘূৰাই দিয়া কাৰ্যলৈ মুকলি সমৰ্থন আগবঢ়াই বিশিষ্ট গীতিকাৰ গুলজাৰ চাহাবো ছচিয়েল মেডিয়াত মৌখিক আক্ৰমণৰ সন্মুখীন হবলগীয়া হৈছে। নৱ ভাৰত টাইমচৰ প্ৰথম পৃষ্ঠাৰ সেই বাতৰিটো দেখুৱাই সিদিনা সচেতন বন্ধু এজনক ক'লো- 'চোৱা গুলজাৰ চাহাবে কৈছে দেশত এনে দিন কেতিয়াও নাছিল যে নাম এটা শুনিলেই ধৰ্ম কি জানিবলৈ ইচ্ছা কৰাটো!' লগে লগেই বন্ধুজনে ক'লে-'গুলজাৰ চাহাব মুছলিম নেকি?', 'লো- 'তাকেইটো...ইমান দিনে যেতিয়া আপুনি পৰিনীতাৰ গান শুনিছিল, মুন্না ভাইৰ, আনকি পিকে চিনেমাৰ গান...তেতিয়াটো কেতিয়াওটো জানিবলৈ ইচ্ছা কৰা নাছিল, তেওঁৰ ধৰ্ম কি? এতিয়া পিছে! বন্ধুজনে ক'লে- 'সেয়াটো হয়, তথাপিও?',  'লো- 'তাকেই, গুলজাৰ চাহাবৰ কথাষাৰটো সঠিকেই, নাম ক'লেই আজি ধৰ্ম লগা হ'ল! আনকি ইমান সচেতন মানুহ হৈয়ো আপোনাৰ মনটো জাগিলনে সেই প্ৰশ্ন!সঁচাই সলনি হোৱা নাই নে পৰিবেশ, সঁচাই.......?' বন্ধুজনক লগে লগে ৱিকিপেডিয়া খুলি দেখুৱালো, ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান ফাল্কে বঁটা, তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান লভা গীতিকাৰ গৰাকীৰ নাম প্ৰকৃততে সম্পূৰণ সিঙ কালৰাহে!

এই প্ৰসংগতে আন এটা ঘটনাৰ কথা উল্লেখ কৰিব বিচাৰিছো। এঠাইত এজন অচিনাকি মানুহে এজন যুৱকক সুধিলে,
তোমাৰ নাম কি?’ যুৱকজনে মুখেৰে নামাতি লাহেকৈ পিঠিৰ বেগটোৰ পৰা বহী- কলম উলিয়ালে আৰু তাত লিখি দিলে ‘KAMAL’ বুলি। তেতিয়া মানুহজনৰ উচপিচনি আৰু বৃদ্ধিহে পালে আৰু সুধিলে, সঁচাকৈ কোৱাচোন কমল নে কামাল?’ যুৱকজনে খচখচকৈ বহীখনত পুনৰ লিখিলে, ‘পাৰ্থক্যটোনো কি মহাশয়, উচ্ছাৰণৰহে!ব্যক্তিজন তাকে শুনি বেচি উত্তেজিত হোৱাহে দেখা গল, কেৱল উচ্ছাৰণৰ নহয়, ই তোমাৰ জাতি-ধৰ্ম বিচাৰ আদিৰ পৰিচয়ো দাঙি ধৰে! যুৱকজনে পুনৰ বহীত লিখিলে, সেই বাবেইতো মহাশয়, মই মুখেৰে মাত উচ্ছাৰণ কৰিবলৈকে এৰি দিছো! দেশৰ পৰিবেশ-পৰিস্থিতিহে যি! এতিয়া নিৰৱে লিখি দিওতেও দেখোন জগৰেহে লাগিল!এই কথা পঢ়ি ব্যক্তিজন দুগুনে উত্তেজিত হল, কলে-তুমি কমল নহয়, কামালেই হব লাগিব মই নিশ্চিত! যুৱকজনে শান্ত ভাৱেৰে নিজৰ চোলাৰ দুটা বুটাম খুলিলে আৰু আঙুলিৰে টানি আনি বুকুত জিলিকি থকা লগুণ ডাল দেখুৱালে! তাকে দেখি ব্যক্তিজনৰ ধৈৰ্যৰ সীমা চিঙি গল আৰু অশ্ৰাব্য বাক্যবানেৰে যুৱকজনক আক্ৰমণ কৰিবলৈ ধৰিলে। কাষৰ বাটৰুৱাই দেখিবলৈ পালে কেনেকৈ চেকুলাৰ শব্দটো হঠাত এই মোদীফাইড ইণ্ডিয়াত গালিলৈ পৰ্যবেক্ষিত হল!

আনহাতে দিল্লীৰ কেৰেলা ভৱনত গো-মাংস ভক্ষণ কৰা বুলি অচিনাক্ত ব্যক্তিয়ে আৰক্ষীলৈ ফোন কৰি দিয়াৰ পাছত দিল্লী আৰক্ষীৰ বিশাল দল ততাতৈয়াকৈ তাত উপস্থিত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰিও এতিয়া দেশত খলকনি উঠিছে। কিছু লোকে এয়া দেশৰ ফেডাৰেল গাঁঠনিৰ ওপৰত এক আক্ৰমণ বুলি অভিহিত কৰিছে। এতিয়া গো-মাংস ভক্ষণৰ খবৰো দেশত বিমান বন্দৰত বোমাৰ ভাবুকিৰ দৰে
হোৱাক্স কলৰ সমল হৈ পৰাৰ হাস্যকৰ পৰিস্থিতিও দেশবাসীয়ে প্ৰত্যক্ষ কৰিব লগা হৈছে। অৰ্ণৱ গোস্বামীৰ দৰে সাংবাদিকে এনে হোৱাক্স ক কৰা কোনো হিন্দু সেনাৰ বিৰুদ্ধে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ ষড়যন্ত্ৰৰ অপৰাধমূলক গোচৰ ৰুজু হবনে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। এই সাম্প্ৰতিক ঘটনাৱলীলৈ চাই নাৰীৰ সুৰক্ষা নিশ্চিত কৰাত বিফল আৰক্ষীয়ে গো-মাতাৰ বিষয়ত অধিক সৱল, ততপৰ দেখুৱাবলৈ যোৱাকলৈও ছচিয়েল মেডিয়াত কটু সমালোচনা চলিছে। দিল্লীত আই-মাতাতকৈ গো-মাতাহে বেছি সুৰক্ষিত নেকি বুলিও প্ৰশ্ন ৰাইজেই উত্থাপন কৰিছে। ইয়াৰ মাজতে দিল্লীৰ ফাইভ ষ্টাৰ হোটেলৰ মেনুত থকা বীফ (Beef) আইটেম খোৱাৰ ক্ষেত্ৰত কি পৰিস্থিতি হয় তাৰো এক প্ৰতিবেদন অসমীয়া সাংবাদিক অৰুণাভ শইকীয়াৰ শক্তিশালী কলমত নিউজ-লণ্ড্ৰী.কমত প্ৰকাশ পাইছে। দেশৰ খাদ্যক লৈ ৰাজনীতিৰ আচহুৱা পৰিবেশত সাংবাদিকেও নতুন ধৰণৰ চৰু-জমিন প্ৰতিবেদনৰ ধাৰা আৰম্ভ কৰিব লগাত পৰিছে! এই প্ৰতিবেদনৰ মতে গ্ৰাহক হিচাবে খাবলৈ গলে বীফ আইটেমৰ খোৱাৰ ক্ষেত্ৰত কোনো বাধা পোৱা নাযায়, মাত্ৰ তাত পৰিবেশন কৰা গো-মাংসৰ উতস বিদেশৰ পৰা আমদানিকৃত বুলি গ্ৰাহকক জানিবলৈ দিয়া হয়। ৱেগু (Wagyu), কোবে (Cobe) আদি জাতৰ গৰুৰ সুস্বাদ্য মঙহ জাপানৰ পৰা আৰু এংগুচ (Angus) জাতৰ আমেৰিকাৰ পৰা আমদানি কৰি পঞ্চতাৰকা হোটেলত পৰিবেশন কৰা বুলিও গ্ৰাহক হিচাবে যোৱা অৱস্থাত জানিব পাৰে। কিন্তু স্কটলেণ্ডৰ পৰা মহ (Buffalo) ৰ মঙহহে আমদানি কৰা হয়। আমেৰিকান কৃষি বিভাগ আৰু আন্তঃৰাষ্ট্ৰীয় মঙহ কোম্পানীবোৰৰ বাবে মহ আৰু গো-মাংসৰ মাজত কোনো শব্দৰ (Terminological)ৰ ভিন্নতা নাই। দুয়ো প্ৰকাৰকে তেওঁলোকে বীফ বুলিয়েই কয়।  আনহাতে সাংবাদিক হিচাবে পৰিচয় দি এই বিষয়ত জানিবলৈ বিচাৰিলে কোনো ৰেষ্টুৰেণ্টেই এই বিষয়ত কথা-বাৰ্তাত ভাগ লব নোখোজে। কোনো ধৰণৰ বীফৰে আমদানিত থকা প্ৰতিবন্ধতালৈ দৃষ্টি দিয়েই এনে স্থিতি গ্ৰহণ কৰা বুলিও অনুমান কৰিব পাৰি। তেনে অৱস্থাত এখন ৰেষ্টুৰেণ্টে পৰিবেশন কৰা সকলো বীফ ভাৰতীয় মহৰ মাংসহে বুলিও স্পষ্ট কৰে।

আনকি ১৯৮৪চনৰ পৰাই এখন আইনৰ মতে দিল্লীত বীফ ৰখা, খোৱা বা পৰিবেশনত প্ৰতিবন্ধকতা আছে। ১৯৯৪চনৰ পৰা বিদেশৰ পৰা আমদানিকৃত বীফ পৰিবেশনো নিষিদ্ধ হৈ আছে। তাৰ বিপৰীতে পাঞ্জাৱ আৰু উত্তৰ-প্ৰদেশত টীনত অনা আমদানিকৃত বীফ পৰিবেশনত বাধা নাই! শেহতীয়াকৈ মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা চৰকাৰে নতুন আইন প্ৰণয়ন কৰা আৰু দাদ্ৰি তথা হিমাচলত হোৱা হত্যা, কাশ্মীৰত কাৰ্ফিউ আদি ঘটনাই বিষয়টোত মানুহৰ মনত শংকাৰ সৃষ্টি কৰি ৰাখিছে! কেৰেলা প্ৰদেশত ধৰ্ম-জাতি নিৰ্বিশেষে আশী শতাংশৰো অধিক লোকে বীফ খাদ্য হিচাবে গ্ৰহণ কৰে, আৰু দেশত হিন্দুত্ববাদীৰ গো-মাংস ভক্ষণৰ বিৰোধী পৰিবেশ সৃষ্টিৰ প্ৰতিবাদত কেৰেলাত গো-মাংস খোৱা মেলাৰ প্ৰতিবাদী আয়োজনেও সংবাদ শিৰোনামা দখল কৰিছিল। সেয়ে কেৰেলা ভৱনক কেন্দ্ৰ কৰি
হোৱাক্স কলৰ ঘটনাও যে এক বিশাল পৰিকল্পনাৰ অংশ সেয়া বুজিব পাৰিয়েই! তাৰ বিপৰীতে ভাৰতে যোৱা বিত্তীয় বৰ্ষত ব্ৰাজিল আৰু অষ্ট্ৰেলিয়াক চেৰাই বিশ্বৰ সবাতোতকৈ বেছি বীফ ৰপ্তানি কৰাৰ অভিলেখ স্থাপন কৰিছে। বাচমতি ৰপ্তানিৰ পৰা ৪.৫ বিলিয়ন ডলাৰ আৰ্জন কৰাৰ বিপৰীতে ৪.৮বিলিয়ন ডলাৰ আৰ্জন কৰিছে বীফ ৰপ্তানিৰ পৰা। ইয়াৰে বেছিভাগ ভিয়েটনাম, মায়ালাছিয়া, আৰৱ দেশৰ লগতে চীনৰ লোকৰ আহাৰ হয়গৈ। এই বীফ আচলতে পানীৰ সৈতে সহবাস কৰা মহ (Water Buffalo) বিধৰহে মাংস বুলিও চি.এন.এনৰ বেৱচাইটে স্পষ্ট কৰি দিছে। ভাৰতৰ ৰাজনীতি কৰা সকলে গো-মাংস আৰু মহৰ মাংসৰ মাজৰ ভিন্নতা নাৰাখি উত্তেজক মন্তব্য কৰা বুলিও সমালোচনাৰ সৃষ্টি হৈছে। তাৰ বিপৰীতে ইণ্ডিয়ান এক্সপ্ৰেছে এই কথা স্পষ্টকৈ লিখিছে যে ভাৰতে অফিচিয়েলি গো-মাংস ৰপ্তানি নকৰে আৰু এই মহৰ মঙহক ‘CARABEEF’ শব্দৰেহে আচলতে প্ৰকাশ কৰিব লাগে। শেহতীয়াকৈ বাণিজ্য মন্ত্ৰী নিৰ্মলা সীতাৰমনে ভিয়েটনাম হৈ চীনলৈ যোৱা ভাৰতীয় বীফক চীনে জন্তুৰ মুখ আৰু ভৰিৰ ৰোগ হয় বুলিয়েই সোমাবলৈ নিদিয়া বিষয়টোত চলি থকা অচলাৱস্থা দূৰ কৰিবলৈকো চেষ্টা চলাই থকা বুলি ৰাজ্য সভাক জনোৱাৰ তথ্যও বাতৰি কাকতে প্ৰকাশ কৰিছে।

সিফালে নিৰামিষ ভোজীৰ প্ৰ
টিনৰ মূল আধাৰ দালিৰ প্ৰতি কেজিয়ে ২০০টকাতকৈ বেছি দাম হোৱালৈ চাই দালি-ভাতো এতিয়া সপোন হোৱাৰ অৱস্থাত উপনীত হৈছেগৈ। এতিয়া ইজনে সিজনক কিহেৰে ভাত খালে বুলি সহজাত প্ৰশ্নটোও এক বিড়ম্বনালৈ পৰিণত হোৱা নাইনে? ইছলামধৰ্মী বন্ধু এজনক সেই কথা সুধিলেও জগৰ, বোলে গো-মাংস ভক্ষণ কৰিছে নেকি সেই কথাহে সুধিছো বুলি ভাবিব! আন বন্ধু সকলক সুধিলেও জগৰ, বোলে দালি খাইছে নেকি, তাৰে তাৰ অৰ্থনৈতিক অৱস্থাৰ অনুমান লগাব বিচাৰিছো বুলি ভাবিব! সঁচাই সলনি হৈছে সময়, সময়ৰ সৈতে সলনি হৈছে চিন্তাৰ গতিধাৰাও। সুক্ষ্ম দৃষ্টিৰে ধৈৰ্য শক্তিৰে সকলো পৰ্যবেক্ষণ কৰি সমাজৰ আচল হিতাকাংখী কোন, মুখাৰ আঁৰত অহিতকাৰীকোন চিনাৰ অভ্যাস গঢ়ি সচেতন নাগৰিক ৰূপে কৰ্তব্য পালনৰ সময় সমাগত হৈছেই, সেয়াহে নিশ্চিত!  

No comments:

Post a Comment

Sponsor

AD BANNER

Pages