লেখা-কবিতা ইত্যাদি THINK +ve, think RED

Recent News

This is default featured slide 1 title

Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.This theme is Bloggerized by Lasantha Bandara - Premiumbloggertemplates.com.

This is default featured slide 2 title

Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.This theme is Bloggerized by Lasantha Bandara - Premiumbloggertemplates.com.

This is default featured slide 3 title

Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.This theme is Bloggerized by Lasantha Bandara - Premiumbloggertemplates.com.

This is default featured slide 4 title

Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.This theme is Bloggerized by Lasantha Bandara - Premiumbloggertemplates.com.

This is default featured slide 5 title

Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.This theme is Bloggerized by Lasantha Bandara - Premiumbloggertemplates.com.

Sunday, August 12, 2018

ৰূপান্তৰৰ প্ৰশ্ন


ৰূপান্তৰৰ স্বপ্ন...
যিবোৰ সপোনে শুবলৈ নিদিয়ে

ব্যক্তিগত ভাৱে বিজ্ঞানৰ ছাত্ৰ হিচাবে যিমান কথা কিতাপৰ পঢ়ি শিকিছো, তাতকৈ বেছি চাগৈ শিকিব পাৰিছো চৌপাশখন পৰ্যবেক্ষণ কৰি। বিজ্ঞান পঢ়িছো বাবেই কিতাপৰ কথাকে সাৰ কৰি চলিব সঁচাই পাৰিছোনে? বিজ্ঞানৰ সূত্ৰই শিকোৱা ধৰণেৰে জীৱনটোৰ প্ৰতিটো কথা সম্ভৱ হৈছেনে? গঢ়িব পাৰিছোনে বিজ্ঞান মনস্ক এটা মন! এইবোৰ প্ৰশ্ন নিজকে কৰিব লগা হয়। জীৱনৰ বাটত বাট বুলোতে কেতিয়াবা থমকি ৰৈ এই যাত্ৰাৰ দেনা-পাওনাৰ হিচাব লব লগা হয়। কোনটো অৰ্থ থকা, কোনটো অৰ্থহীন কামত সময় ব্যয় কৰিছো, তাৰো খতিয়ান লোৱাৰ দৰকাৰ হয়।

এই আত্মবীক্ষণৰ ক্ষণবোৰতে আমি নিজকে চিকুটি চাব লগীয়া হয়। এনেকুৱা মুহূৰ্ততে কেতিয়াবা অনুভৱ কৰো, বিজ্ঞানৰ জগতখন যিমান জটিল, তাতোকৈ জটিল আচলতে সমাজ বিজ্ঞানহে। যেতিয়া উচ্চ শিক্ষাৰে কেৰিয়াৰ গঢ়াৰ কথা আছিল, তেতিয়া বিজ্ঞানৰ শাখাত পঢ়া-শুনা কৰি জীৱন গঢ়াৰ কথাই সমুখত আকৰ্ষণীয় হৈ ধৰা দিছিল। কালক্ৰমত অভিযান্ত্ৰিক শিক্ষাৰ পাছত প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ শ্ৰেণীত ভৰি দিলো। বিজ্ঞানৰ সূত্ৰৰ পৃথিৱীৰ পৰা গৈ পুনৰ ব্যৱহাৰিক প্ৰযুক্তিৰ কথালৈ আহিলো। তেতিয়া পুনৰ আৱিস্কাৰ কৰিলো তাত্বিক কথাতকৈ বাস্তৱিক কথাৰ পাৰ্থক্য কিমান। বাস্তৱৰ বহুতো জনা-নজনা কাৰকৰ শূণ্য প্ৰভাৱ থকা বুলি ধৰিহে প্ৰকৃততে এই সূত্ৰবোৰৰ তাত্বিক প্ৰয়োগ সম্ভৱ। আচল ব্যৱহাৰিক ক্ষেত্ৰত আচলতে প্ৰভাৱিত কৰা কাৰকবোৰ ইমানেই শক্তিশালী হয় যে, ই তাত্বিক কথাবোৰক বাস্তৱত ৰূপায়িত হবলৈ নিদিয়ে বা তাৰ বিচ্যুতি নিশ্চিত কৰেই।

এটা সময় আছিল, যেতিয়া ভাবিছিলো, সমাজ বিজ্ঞান সহজ বিষয়, আটাইতকৈ কম নম্বৰ পোৱা সকলেহে সেই বিষয় লৈ পঢ়া-শুনা কৰে। সেই পূৰ্ববতী ধাৰণা যে একেবাৰেই গোকাট ভুল আছিল, সেয়া পাছলৈ উপলদ্ধি কৰিব পাৰিলো। যেতিয়া মুম্বাইলৈ আহি টাটা ইনষ্টিটিউট অৱ চ'ছিয়েল চাইন্সৰ কথা জানিব পাৰিলো, সমাজ বিজ্ঞানৰ বিভিন্ন শাখা-প্ৰশাখাৰ কথা জানিব পাৰিলো। আমাৰ দৃষ্টিত হৈ পৰিল সমাজ বিজ্ঞান পৃথিৱীৰ আটাতকৈ গুৰুত্বপূৰ্ণ আৰু জটিল বিষয়।  ইয়াৰ কাষ চাপিবলৈ যিমানেই বিচৰা যায়, সিমানেই সমাজৰ অসমসত্ব স্তৰ আৰু অসীম কাৰকৰ প্ৰভাৱৰ কথা অনুভৱ কৰিব পাৰি।

কোনো এটা ব্যৱস্থাৰ যি কোনো এটা ফলাফলৰ কাৰক সমূহ নিৰ্ধাৰণ কৰিবলৈ বিজ্ঞানী সকলে গৱেষণা কৰে। তাত এনেকুৱা কিছুমান কাৰক ওলায়, সেইবোৰে পোনপটীয়াকৈ শেষ ফলাফল নিৰ্ধাৰণ কৰে। তাৰ বাহিৰেও এনে কিছুমান পৰোক্ষ কাৰক আৱিস্কৃত হয়, যাৰ প্ৰভাৱ শেষ ফলাফলৰ সৈতে পৰোক্ষ ভাৱে থকাটো অনুভৱ কৰিব পাৰি, কিন্তু দৃষ্টিত ধৰিব পৰাকৈ যোগসূত্ৰ স্থাপন কৰিব নোৱাৰি। কিন্তু গোটেই প্ৰক্ৰিয়া এটাত অনুঘটক বা ব্যাহত কৰা কাৰক ৰূপে ই ক্ৰিয়া কৰাৰ কথা প্ৰমাণিত হয়। গোটেই প্ৰক্ৰিয়াটো জীৱ-বিজ্ঞানৰ ভিটামিনৰ প্ৰভাৱত এনজাইম, এনজাইমৰ প্ৰভাৱত হৰমন আৰু হৰমনৰ প্ৰভাৱত প্ৰয়োজনীয় নিঃসৰণৰ সৈতে ৰিজাব পাৰি। যেতিয়া কোনো এটা অসুখ ধৰা পৰে, তেতিয়া এই ফলাফলৰ গুৰি ক'ত তাক সন্ধান কৰিব লগীয়া হয়। কেইবাটাও তেজ পৰীক্ষাৰ ফলতহে আচল কোনটো উপাদানৰ অভাৱ বা অতিৰিক্ত হোৱাৰ ফলত এই অসুখ হৈছে, তাক চিকিতসকে অনুমান কৰিব পাৰে। অনুমান বুলি এইকাৰণেই কৈছো যে, একোটা ৰোগ বা লক্ষণৰ বৰ্হিপ্ৰকাশ প্ৰকৃততে কেইবাটাও কাৰণত হব পাৰে। তাৰে ভিতৰত সেই লক্ষণ আৰু পৰীক্ষা সমূহৰ পৰা এটা যোগসূত্ৰ নিৰ্ণয় কাৰটো চিকিতসকৰ বাবে বিশ্লেষণাত্মক কাম হৈ পৰে। সকলো পৰীক্ষা নিৰীক্ষাৰ পাছতো কেতিয়াবা ৰোগৰ আচল কাৰণ ধৰিবলৈ সক্ষম নহলেই ৰোগটো জটিল বুলি ঘোষণা কৰা দেখা যায়। এই ধাৰণাৰ পৰাই "জটিল অথবা কমপ্লেক্স চিষ্টেম"ৰ সংজ্ঞা দিব পৰা যায়। কোনো এটা শেষ ফলাফলৰ আচল অনুঘটক নিৰ্ণয় কৰিব নোৱাৰাকৈ বহু কাৰকৰ সংহতিয়ে কম-বেচি প্ৰভাৱ পেলোৱা চিষ্টেমকে বিজ্ঞানেও কমপ্লেক্স চিষ্টেম বুলি নামাকৰণ কৰে। সমাজ বিজ্ঞান আমাৰ দৃষ্টিত এনেকুৱা এটা কমপ্লেক্স চিষ্টেমেই!

সমাজ এখন পৰিচালিত হয় মানুহৰ দ্বাৰা। আৰু মানুহ পৰিচালিত হয় মানুহৰ মনৰ দ্বাৰা। মন আকৌ পৰিচালিত হয় গঢ় লোৱা মানসিকতা আৰু পৰিবেশৰ প্ৰতি স্বাভাৱিক প্ৰতিক্ৰিয়াৰ যৌথ প্ৰভাৱৰ ফলশ্ৰুতিত। 

Share:

প্ৰৱন্ধ

গাই পে চৰ্চা

স্বাভাৱিকভাৱেই প্ৰতিষ্ঠানবিৰোধী ভাৱত আচ্ছন্ন ভাৰতীয় সাধাৰণ নাগৰিক সকলে শক্তিশালী নেতৃত্ব বিচাৰিছিল। কিন্তু, সেই সময়তে পূৰ্বৰ প্ৰধানমন্ত্ৰীৰ নিৰৱ কৰ্মীৰ ভাৱমূৰ্তিক প্ৰফেচনেল কাৰ্টুনিষ্ট, ফটোশ্বপৰে বিকৃত ৰূপ দি, কেলেংকাৰীৰ সৈতে সাঙুৰি, একপক্ষীয়কৈ 'চিয়েল মেডিয়াৰ মুক্ত মাধ্যম ফেচবুক, টুইটাৰৰ বাহিৰেও, গোপনীয়তা থকা মাধ্যম হোৱাটপ-এপ, এম.এম.এছ আদিৰ জৰিয়তে বিকৃত ৰূপত প্ৰৱল ভাৱে প্ৰচাৰ কৰা হৈছিল। প্ৰণিধানযোগ্য যে, একেইখিনি কাম যদি আজি কোনোবাই বৰ্তমানৰ শাসকীয় নেতৃত্বৰ প্ৰতি কৰে, সেয়া 'অনলাইন অপৰাধ' ৰূপেই গণ্য হব। সেয়ে,  এই কথা স্পষ্টকৈ বুজিব পাৰি যে বিকৃত ৰূপ দি এগৰাকী নিৰৱ কৰ্মী প্ৰধানমন্ত্ৰীক জনমানসৰ মাজত ষড়যন্ত্ৰ মূলক ভাৱেই ছবি প্ৰতিষ্ঠাপিত কৰা হৈছিল। এই প্ৰচাৰৰ লগতে সুপৰিকল্পিত ভাৱে সাঙুৰি দিয়া হৈছিল ৰাহুল গান্ধীক এজন 'বুৰ্বক, অকমৰ্ন্য' সন্তানৰ প্ৰতিমূৰ্তি ৰূপে, যাক পৰবৰ্তী নেতা হিচাবে দেশে গ্ৰহণ কৰাটো এক প্ৰকাৰ মুৰ্খামী হব বুলিয়েই জনসাধাৰণেও বিশ্বাস কৰিবলৈ বাধ্য হৈছিল।

সমান্তৰালভাৱে, আমেৰিকান লবিং বিশেষজ্ঞ সংস্থা এপকো ৱৰ্ল্ড-ৱাইডে 'ভাইব্ৰেণ্ট গুজৰাট' চামিটৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তদানীন্তন  গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'বিকাশ পুৰুষ' ৰূপে তুলি ধৰিবলৈ আহোপুৰুষাৰ্থ কৰিছিল। এপকো ৱৰ্ল্ডৱাইড এক অৰ্থত চাবলৈ গ'লে অতি বিতৰ্কিত সংস্থা। এই সংস্থাই বিশ্বৰ বহুতো স্বেচ্ছাচাৰী শাসকৰো পাব্লিক ইমেজ 'ভুৱাকৈ ভাল' বনাই ৰখা, ভাৰতত নিষিদ্ধ ঘোষিত অথচ আমেৰিকাত আইন সংগত দেশৰ নীতি কোম্পানী সমূহৰ অনুকূলে নিৰ্ধাৰণৰ বাবে ৰাজনীতিবিদ আদিক টকা-সিকা দি হলেও মেনেজ কৰা লবিং সংস্থাহে! এই সংস্থাই ভাৰতত নীৰা ৰাডিয়াৰ সহায় লৈ ব্যৱসায়ৰ বীজ ৰোপন কৰা বুলিও জনা যায়। বিশ্বত ইছলাম-ফবিয়া প্ৰচাৰৰ অভিযোগ, নাইজেৰিয়ান ডিক্টেটৰ চানি আবাকা, কাজাখাস্তানৰ 'প্ৰেছিডেন্ট ফৰ লাইফ' নুৰচুলতানৰ 'ভাল ইমেজ' প্ৰচাৰৰ ঠিকা লোৱা সংস্থাটোকেই ঠিকা দিয়া হয় গুজৰাটৰ ২০০২ৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে বিৰোধী নেত্ৰীয়ে 'মৌত কা সৌদাগৰ' বুলি অভিহিত কৰিবলৈকো কুণ্ঠাবোধ নকৰা ব্যক্তিজনৰো 'স্বচ্ছ-নিকা-শক্তিশালী প্ৰশাসক'ৰ ইমেজ নিৰ্মাণৰ দ্বায়িত্ব! যাক আমেৰিকান কোম্পানীটোৱে যথাযথ ভাৱেই পূৰণ কৰিলে। বিখ্যাত টাইম আলোচনীত কভাৰ পেজত স্থান দি মহীয়ান কৰাৰ প্ৰচেষ্টাৰ সূত্ৰও বিশ্লেষকে এই এপকো-ৱৰ্ল্ডৱাইডৰ ব্যৱস্থাপনাই আছিল বুলিও আঙুলিয়াব খোজে।

ইয়াৰ বাহিৰেও দেশৰ খ্যাতিমান বিজ্ঞাপন গুৰু পীয়ুয পাণ্ডে, প্ৰসূন যোশী আদিক দিয়া হৈছিল প্ৰাক-নিৰ্বাচনী মনোলোভা বিজ্ঞাপন নিৰ্মাণৰ দায়িত্ব। আনহাতে আফ্ৰিকাত ৰাষ্ট্ৰসংঘৰ মিছন চীফ ৰূপে অভিজ্ঞতা পুষ্ট ব্যক্তি প্ৰশান্ত কিশোৰৰ নেতৃত্বত ভাৰতত গঠিত হৈছিল চিটিজেনচ ফৰ একাউণ্টেবল(CAG) নামৰ এটি সংস্থা। এই সংস্থাত কাম কৰিবলৈ আই.আই.টি আৰু আই.আই.এমৰ পৰা পাছ কৰা বুদ্ধিদীপ্ত মগজু, বিদেশৰ পৰাও এই প্ৰকল্পৰ অংশ লবলৈ অহা চফটৱেৰ বিশেষজ্ঞ, মেনেজমেণ্ট এক্সপাৰ্ট আদিৰে প্ৰায় ২০০ পূৰ্ণকালীন আৰু ১০০০ অংশকালীন কৰ্মীৰে গঠিত হৈছিল মোদী চাহাবৰ এই ব্যক্তিগত মেডিয়া টীমটো। অনলাইন কেম্পেইন, ছচিয়েল মেডিয়াত ভাল, বিকৃত সকলো ধৰণৰ সমল সৃষ্টিৰ প্ৰৱাহ এই কৰ্মীদলে কৰা বুলিয়েই জনপ্ৰিয় মাধ্যমত প্ৰকাশ পাইছে। এই কেগৰ প্ৰযুক্তিগত আৰু সুকৌশলী প্ৰচাৰৰ ফলতেই ত্ৰি-মাত্ৰিক (3D Meeting) সমাবেশ, চায়-পে-চৰ্চা আদিয়ে জনপ্ৰিয়তাৰ শিখৰ চুইছিল। এই বিজ্ঞাপন-প্ৰযুক্তি-ব্যৱস্থাপনাৰ পেশাগত প্ৰজেক্ট মেনেজমেণ্টৰ ওচৰত যেন হাৰ মানিবলৈ বাধ্য হৈছিল, ভাৰতৰ পুৰণিকলীয়া ৰাজনীতিৰ বাঘা-বাঘা খিলাড়ীৰ খেলবোৰে! বিকাশ পুৰুষৰ শক্তিশালী নেতৃত্বৰে খুশবু মিট্টি কি অনুভৱ কৰি দুৰ্নীতি দেশ এৰা আহ্বানেৰে ভাল দিন আহি আছে বুলি প্ৰফেচনেল মায়াজালে সৃষ্টি কৰা আশাত বন্দী হোৱাৰ বাহিৰে ভাৰতৰ অল্প-শিক্ষিত সমাজৰ কোনো যেন ৰাস্তাই নাছিল!সবকা সাথ, সৱকা বিকাশৰ সপোন দেখুওৱা প্ৰশাসকজনক তুলি দিছিল ৰাষ্ট্ৰ শাসনৰ চাবিকাঠি। পিছে এতিয়া শাসন লোৱা ডেৰ বছৰ পাছত দেশত বিকাশৰ কথাৰে চায় পে চৰ্চাৰ সলনি গাই-পে-চৰ্চাইহে সৰ্বত্ৰ ছানি ধৰিছে। আৰু এই পৰিবেশ সৃষ্টি প্ৰতিৰোধ কৰাত কিয় বৰ্তমানৰ ৰাজনৈতিক নেতৃত্বই সৱলতা প্ৰদৰ্শন কৰিব পৰা নাই তাকে লৈও প্ৰশ্নৰ উদ্ৰেক ঘটিছে। বিকাশৰ আচল ৰাস্তাৰ পৰা দেশৰ মন-মগজুক বিপথে নিয়া সকলৰ প্ৰতি সঁকিয়নিও প্ৰধানমন্ত্ৰীৰ মন-কী-বাতটো গুঞ্জৰিত নোহোৱাটো সঁচাই উদ্বেগজনক কথাই নহয়নে?

দেশত যুক্তিবাদী চিন্তাৰ প্ৰতি ভাবুকি, গো-মাংসক লৈ হিংসাৰ ৰাজনীতিয়ে ছানি ধৰাৰ পৰিবেশত দেশবাসীৰ চেতনা জাগ্ৰত কৰিবলৈ আগশাৰীৰ বুদ্ধিজীৱি, শিল্পী-সাহিত্যিকে চৰকাৰী বঁটা ঘূৰাই দিয়া কাৰ্যলৈ মুকলি সমৰ্থন আগবঢ়াই বিশিষ্ট গীতিকাৰ গুলজাৰ চাহাবো ছচিয়েল মেডিয়াত মৌখিক আক্ৰমণৰ সন্মুখীন হবলগীয়া হৈছে। নৱ ভাৰত টাইমচৰ প্ৰথম পৃষ্ঠাৰ সেই বাতৰিটো দেখুৱাই সিদিনা সচেতন বন্ধু এজনক ক'লো- 'চোৱা গুলজাৰ চাহাবে কৈছে দেশত এনে দিন কেতিয়াও নাছিল যে নাম এটা শুনিলেই ধৰ্ম কি জানিবলৈ ইচ্ছা কৰাটো!' লগে লগেই বন্ধুজনে ক'লে-'গুলজাৰ চাহাব মুছলিম নেকি?', 'লো- 'তাকেইটো...ইমান দিনে যেতিয়া আপুনি পৰিনীতাৰ গান শুনিছিল, মুন্না ভাইৰ, আনকি পিকে চিনেমাৰ গান...তেতিয়াটো কেতিয়াওটো জানিবলৈ ইচ্ছা কৰা নাছিল, তেওঁৰ ধৰ্ম কি? এতিয়া পিছে! বন্ধুজনে ক'লে- 'সেয়াটো হয়, তথাপিও?',  'লো- 'তাকেই, গুলজাৰ চাহাবৰ কথাষাৰটো সঠিকেই, নাম ক'লেই আজি ধৰ্ম লগা হ'ল! আনকি ইমান সচেতন মানুহ হৈয়ো আপোনাৰ মনটো জাগিলনে সেই প্ৰশ্ন!সঁচাই সলনি হোৱা নাই নে পৰিবেশ, সঁচাই.......?' বন্ধুজনক লগে লগে ৱিকিপেডিয়া খুলি দেখুৱালো, ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান ফাল্কে বঁটা, তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান লভা গীতিকাৰ গৰাকীৰ নাম প্ৰকৃততে সম্পূৰণ সিঙ কালৰাহে!

এই প্ৰসংগতে আন এটা ঘটনাৰ কথা উল্লেখ কৰিব বিচাৰিছো। এঠাইত এজন অচিনাকি মানুহে এজন যুৱকক সুধিলে,
তোমাৰ নাম কি?’ যুৱকজনে মুখেৰে নামাতি লাহেকৈ পিঠিৰ বেগটোৰ পৰা বহী- কলম উলিয়ালে আৰু তাত লিখি দিলে ‘KAMAL’ বুলি। তেতিয়া মানুহজনৰ উচপিচনি আৰু বৃদ্ধিহে পালে আৰু সুধিলে, সঁচাকৈ কোৱাচোন কমল নে কামাল?’ যুৱকজনে খচখচকৈ বহীখনত পুনৰ লিখিলে, ‘পাৰ্থক্যটোনো কি মহাশয়, উচ্ছাৰণৰহে!ব্যক্তিজন তাকে শুনি বেচি উত্তেজিত হোৱাহে দেখা গল, কেৱল উচ্ছাৰণৰ নহয়, ই তোমাৰ জাতি-ধৰ্ম বিচাৰ আদিৰ পৰিচয়ো দাঙি ধৰে! যুৱকজনে পুনৰ বহীত লিখিলে, সেই বাবেইতো মহাশয়, মই মুখেৰে মাত উচ্ছাৰণ কৰিবলৈকে এৰি দিছো! দেশৰ পৰিবেশ-পৰিস্থিতিহে যি! এতিয়া নিৰৱে লিখি দিওতেও দেখোন জগৰেহে লাগিল!এই কথা পঢ়ি ব্যক্তিজন দুগুনে উত্তেজিত হল, কলে-তুমি কমল নহয়, কামালেই হব লাগিব মই নিশ্চিত! যুৱকজনে শান্ত ভাৱেৰে নিজৰ চোলাৰ দুটা বুটাম খুলিলে আৰু আঙুলিৰে টানি আনি বুকুত জিলিকি থকা লগুণ ডাল দেখুৱালে! তাকে দেখি ব্যক্তিজনৰ ধৈৰ্যৰ সীমা চিঙি গল আৰু অশ্ৰাব্য বাক্যবানেৰে যুৱকজনক আক্ৰমণ কৰিবলৈ ধৰিলে। কাষৰ বাটৰুৱাই দেখিবলৈ পালে কেনেকৈ চেকুলাৰ শব্দটো হঠাত এই মোদীফাইড ইণ্ডিয়াত গালিলৈ পৰ্যবেক্ষিত হল!

আনহাতে দিল্লীৰ কেৰেলা ভৱনত গো-মাংস ভক্ষণ কৰা বুলি অচিনাক্ত ব্যক্তিয়ে আৰক্ষীলৈ ফোন কৰি দিয়াৰ পাছত দিল্লী আৰক্ষীৰ বিশাল দল ততাতৈয়াকৈ তাত উপস্থিত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰিও এতিয়া দেশত খলকনি উঠিছে। কিছু লোকে এয়া দেশৰ ফেডাৰেল গাঁঠনিৰ ওপৰত এক আক্ৰমণ বুলি অভিহিত কৰিছে। এতিয়া গো-মাংস ভক্ষণৰ খবৰো দেশত বিমান বন্দৰত বোমাৰ ভাবুকিৰ দৰে
হোৱাক্স কলৰ সমল হৈ পৰাৰ হাস্যকৰ পৰিস্থিতিও দেশবাসীয়ে প্ৰত্যক্ষ কৰিব লগা হৈছে। অৰ্ণৱ গোস্বামীৰ দৰে সাংবাদিকে এনে হোৱাক্স ক কৰা কোনো হিন্দু সেনাৰ বিৰুদ্ধে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ ষড়যন্ত্ৰৰ অপৰাধমূলক গোচৰ ৰুজু হবনে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। এই সাম্প্ৰতিক ঘটনাৱলীলৈ চাই নাৰীৰ সুৰক্ষা নিশ্চিত কৰাত বিফল আৰক্ষীয়ে গো-মাতাৰ বিষয়ত অধিক সৱল, ততপৰ দেখুৱাবলৈ যোৱাকলৈও ছচিয়েল মেডিয়াত কটু সমালোচনা চলিছে। দিল্লীত আই-মাতাতকৈ গো-মাতাহে বেছি সুৰক্ষিত নেকি বুলিও প্ৰশ্ন ৰাইজেই উত্থাপন কৰিছে। ইয়াৰ মাজতে দিল্লীৰ ফাইভ ষ্টাৰ হোটেলৰ মেনুত থকা বীফ (Beef) আইটেম খোৱাৰ ক্ষেত্ৰত কি পৰিস্থিতি হয় তাৰো এক প্ৰতিবেদন অসমীয়া সাংবাদিক অৰুণাভ শইকীয়াৰ শক্তিশালী কলমত নিউজ-লণ্ড্ৰী.কমত প্ৰকাশ পাইছে। দেশৰ খাদ্যক লৈ ৰাজনীতিৰ আচহুৱা পৰিবেশত সাংবাদিকেও নতুন ধৰণৰ চৰু-জমিন প্ৰতিবেদনৰ ধাৰা আৰম্ভ কৰিব লগাত পৰিছে! এই প্ৰতিবেদনৰ মতে গ্ৰাহক হিচাবে খাবলৈ গলে বীফ আইটেমৰ খোৱাৰ ক্ষেত্ৰত কোনো বাধা পোৱা নাযায়, মাত্ৰ তাত পৰিবেশন কৰা গো-মাংসৰ উতস বিদেশৰ পৰা আমদানিকৃত বুলি গ্ৰাহকক জানিবলৈ দিয়া হয়। ৱেগু (Wagyu), কোবে (Cobe) আদি জাতৰ গৰুৰ সুস্বাদ্য মঙহ জাপানৰ পৰা আৰু এংগুচ (Angus) জাতৰ আমেৰিকাৰ পৰা আমদানি কৰি পঞ্চতাৰকা হোটেলত পৰিবেশন কৰা বুলিও গ্ৰাহক হিচাবে যোৱা অৱস্থাত জানিব পাৰে। কিন্তু স্কটলেণ্ডৰ পৰা মহ (Buffalo) ৰ মঙহহে আমদানি কৰা হয়। আমেৰিকান কৃষি বিভাগ আৰু আন্তঃৰাষ্ট্ৰীয় মঙহ কোম্পানীবোৰৰ বাবে মহ আৰু গো-মাংসৰ মাজত কোনো শব্দৰ (Terminological)ৰ ভিন্নতা নাই। দুয়ো প্ৰকাৰকে তেওঁলোকে বীফ বুলিয়েই কয়।  আনহাতে সাংবাদিক হিচাবে পৰিচয় দি এই বিষয়ত জানিবলৈ বিচাৰিলে কোনো ৰেষ্টুৰেণ্টেই এই বিষয়ত কথা-বাৰ্তাত ভাগ লব নোখোজে। কোনো ধৰণৰ বীফৰে আমদানিত থকা প্ৰতিবন্ধতালৈ দৃষ্টি দিয়েই এনে স্থিতি গ্ৰহণ কৰা বুলিও অনুমান কৰিব পাৰি। তেনে অৱস্থাত এখন ৰেষ্টুৰেণ্টে পৰিবেশন কৰা সকলো বীফ ভাৰতীয় মহৰ মাংসহে বুলিও স্পষ্ট কৰে।

আনকি ১৯৮৪চনৰ পৰাই এখন আইনৰ মতে দিল্লীত বীফ ৰখা, খোৱা বা পৰিবেশনত প্ৰতিবন্ধকতা আছে। ১৯৯৪চনৰ পৰা বিদেশৰ পৰা আমদানিকৃত বীফ পৰিবেশনো নিষিদ্ধ হৈ আছে। তাৰ বিপৰীতে পাঞ্জাৱ আৰু উত্তৰ-প্ৰদেশত টীনত অনা আমদানিকৃত বীফ পৰিবেশনত বাধা নাই! শেহতীয়াকৈ মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা চৰকাৰে নতুন আইন প্ৰণয়ন কৰা আৰু দাদ্ৰি তথা হিমাচলত হোৱা হত্যা, কাশ্মীৰত কাৰ্ফিউ আদি ঘটনাই বিষয়টোত মানুহৰ মনত শংকাৰ সৃষ্টি কৰি ৰাখিছে! কেৰেলা প্ৰদেশত ধৰ্ম-জাতি নিৰ্বিশেষে আশী শতাংশৰো অধিক লোকে বীফ খাদ্য হিচাবে গ্ৰহণ কৰে, আৰু দেশত হিন্দুত্ববাদীৰ গো-মাংস ভক্ষণৰ বিৰোধী পৰিবেশ সৃষ্টিৰ প্ৰতিবাদত কেৰেলাত গো-মাংস খোৱা মেলাৰ প্ৰতিবাদী আয়োজনেও সংবাদ শিৰোনামা দখল কৰিছিল। সেয়ে কেৰেলা ভৱনক কেন্দ্ৰ কৰি
হোৱাক্স কলৰ ঘটনাও যে এক বিশাল পৰিকল্পনাৰ অংশ সেয়া বুজিব পাৰিয়েই! তাৰ বিপৰীতে ভাৰতে যোৱা বিত্তীয় বৰ্ষত ব্ৰাজিল আৰু অষ্ট্ৰেলিয়াক চেৰাই বিশ্বৰ সবাতোতকৈ বেছি বীফ ৰপ্তানি কৰাৰ অভিলেখ স্থাপন কৰিছে। বাচমতি ৰপ্তানিৰ পৰা ৪.৫ বিলিয়ন ডলাৰ আৰ্জন কৰাৰ বিপৰীতে ৪.৮বিলিয়ন ডলাৰ আৰ্জন কৰিছে বীফ ৰপ্তানিৰ পৰা। ইয়াৰে বেছিভাগ ভিয়েটনাম, মায়ালাছিয়া, আৰৱ দেশৰ লগতে চীনৰ লোকৰ আহাৰ হয়গৈ। এই বীফ আচলতে পানীৰ সৈতে সহবাস কৰা মহ (Water Buffalo) বিধৰহে মাংস বুলিও চি.এন.এনৰ বেৱচাইটে স্পষ্ট কৰি দিছে। ভাৰতৰ ৰাজনীতি কৰা সকলে গো-মাংস আৰু মহৰ মাংসৰ মাজৰ ভিন্নতা নাৰাখি উত্তেজক মন্তব্য কৰা বুলিও সমালোচনাৰ সৃষ্টি হৈছে। তাৰ বিপৰীতে ইণ্ডিয়ান এক্সপ্ৰেছে এই কথা স্পষ্টকৈ লিখিছে যে ভাৰতে অফিচিয়েলি গো-মাংস ৰপ্তানি নকৰে আৰু এই মহৰ মঙহক ‘CARABEEF’ শব্দৰেহে আচলতে প্ৰকাশ কৰিব লাগে। শেহতীয়াকৈ বাণিজ্য মন্ত্ৰী নিৰ্মলা সীতাৰমনে ভিয়েটনাম হৈ চীনলৈ যোৱা ভাৰতীয় বীফক চীনে জন্তুৰ মুখ আৰু ভৰিৰ ৰোগ হয় বুলিয়েই সোমাবলৈ নিদিয়া বিষয়টোত চলি থকা অচলাৱস্থা দূৰ কৰিবলৈকো চেষ্টা চলাই থকা বুলি ৰাজ্য সভাক জনোৱাৰ তথ্যও বাতৰি কাকতে প্ৰকাশ কৰিছে।

সিফালে নিৰামিষ ভোজীৰ প্ৰ
টিনৰ মূল আধাৰ দালিৰ প্ৰতি কেজিয়ে ২০০টকাতকৈ বেছি দাম হোৱালৈ চাই দালি-ভাতো এতিয়া সপোন হোৱাৰ অৱস্থাত উপনীত হৈছেগৈ। এতিয়া ইজনে সিজনক কিহেৰে ভাত খালে বুলি সহজাত প্ৰশ্নটোও এক বিড়ম্বনালৈ পৰিণত হোৱা নাইনে? ইছলামধৰ্মী বন্ধু এজনক সেই কথা সুধিলেও জগৰ, বোলে গো-মাংস ভক্ষণ কৰিছে নেকি সেই কথাহে সুধিছো বুলি ভাবিব! আন বন্ধু সকলক সুধিলেও জগৰ, বোলে দালি খাইছে নেকি, তাৰে তাৰ অৰ্থনৈতিক অৱস্থাৰ অনুমান লগাব বিচাৰিছো বুলি ভাবিব! সঁচাই সলনি হৈছে সময়, সময়ৰ সৈতে সলনি হৈছে চিন্তাৰ গতিধাৰাও। সুক্ষ্ম দৃষ্টিৰে ধৈৰ্য শক্তিৰে সকলো পৰ্যবেক্ষণ কৰি সমাজৰ আচল হিতাকাংখী কোন, মুখাৰ আঁৰত অহিতকাৰীকোন চিনাৰ অভ্যাস গঢ়ি সচেতন নাগৰিক ৰূপে কৰ্তব্য পালনৰ সময় সমাগত হৈছেই, সেয়াহে নিশ্চিত!  

Share:

Friday, January 20, 2017

উন্মীলন



প্ৰযুক্তিৰ গতিধাৰাঃ আশীৰ্বাদ বনাম প্ৰত্যাহ্বান
অজয় লাল দত্ত
আজিৰ যুগ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগ। প্ৰতিনিয়ত গৱেষণা আৰু উদ্ভাৱনৰৰ ন-ন প্ৰচেষ্টাই মানৱ সভ্যতালৈ নতুন নতুন প্ৰযুক্তিগত উপহাৰ দি আহিছে। তাৰে ভিতৰত যিবোৰ প্ৰযুক্তিয়ে বিশ্বৰ মানৱ সমাজৰ বেছিভাগকে স্পৰ্শ কৰিব পাৰে তথা জীৱনৰ মান উন্নত কৰা তথা সহজ কৰাৰ বাট দেখুৱাব পাৰে, তেনে প্ৰযুক্তিৰ প্ৰতি মানুহৰ দৃষ্টিত সদায়েই আশা নিহিত হৈ থাকে। মানুহৰ জীৱন চুই যাব পৰা উদ্ভাৱনীৰ খবৰে মানুহৰ মন উল্লাসিত কৰে আৰু উন্নততৰ পৃথিৱীৰ বাসিন্দা হোৱাৰ অনুভৱেৰে হৃদয় কৰে আহ্লাদিততাৰে মাজতে কিছুমান প্ৰযুক্তিৰ প্ৰসাৰৰ ফলত প্ৰচলিত জীৱন ধাৰালৈ আহিব পৰা প্ৰত্যাহ্বানলৈ চাই তেনে পৰিবৰ্তনক বাৰণ কৰাৰ সহজাত প্ৰবৃত্তিও গা কৰি উঠে। যেনে বিশ্ববেংকৰ শেহতীয়া প্ৰতিবেদন মতে বৰ্ধিত অটোমেচনে বিশ্বৰ আনবোৰ দেশৰ লগতে ভাৰতীয় সকলৰ শ্ৰম বজাৰত ষাঠি শতাংশ পৰ্যন্ত প্ৰভাৱ পেলাব। এনে বাতৰিয়ে হয়তো মানুহৰ মনত শিল্প বিপ্লৱৰ সময়ত মেচিনৰ ব্যৱহাৰ আৰম্ভণিৰ কালত শ্ৰমিকৰ প্ৰয়োজন কমোৱাৰ যি শংকাৰ সৃষ্টি হৈছিল সেই ধৰণৰ চিন্তাৰেই পোখা মেলাইছে। পাছলৈ মেচিনৰ আমদানিয়ে সামূহিক ভাৱে উদ্যোগীকৰণলৈ জোৱাৰ অনাৰ ফলত বেছিকৈহে শ্ৰমিকৰ নিযুক্তি হোৱালৈ চাই সেই শংকা বাস্পীভূত হৈছিল। ঔদ্যোগিক মেচিনেৰীৰ অটোমেচনে উদ্যোগ সমূহৰ কাৰ্যকুশলতা বৃদ্ধি, উতপাদনশীলতাৰ বৃদ্ধিৰে বেছি লাভ অৰ্জন কৰিব পাৰিলে সেই নতুন প্ৰযুক্তিৰ ব্যৱহাৰত কুশলতৰ হৈ উঠা শ্ৰমিকৰ দা-দৰমহা, সা-সুবিধা বৃদ্ধিও হোৱাৰ ইতিবাচক সম্ভাৱনাৰ কথাও কিন্তু বৃদ্ধি পায়। মোবাইল প্ৰযুক্তিৰ হাতে হাত ধৰি সেৱা আৰু বিক্ৰী দুয়োটা খণ্ডতে নিয়োগৰ দুৱাৰো দেশৰ সৰু-বৰ প্ৰান্ততো মুকলি হোৱাৰ কথাও উনুকিয়াব পাৰি। 

প্ৰযুক্তি একোটা কেৱল উদ্ভাৱন হলেই মানুহৰ জীৱনলৈ প্ৰভাৱ পেলাবলৈ আহিব নোৱাৰে। তাৰ বাবে সাৰ্বভৌম দেশ একোখনৰ ৰাজনৈতিক নেতৃত্বৰ আদৰ্শ, আগ্ৰহ আৰু নীতিৰ প্ৰভূত গুৰুত্ব আছে। যেনেকৈ সৌৰশক্তিৰ ব্যৱহাৰৰ কথালৈকে মন কৰা যাওক, যেতিয়ালৈকে ভাৰতৰ চৰকাৰে ইয়াৰ পৃষ্ঠপোষকতা নকৰিছিল, তেতিয়ালৈকে সৌৰশক্তিৰ পৰা বিদ্যুত আহৰণ আৰু ব্যৱহাৰ কৰাটো খৰছৰ ফালৰ পৰাও আকাশলংঘীও আছিল। যেতিয়া এই ক্ষেত্ৰখনক আগুৱাই নিবলৈ চৰকাৰে নীতি তৈয়াৰ কৰিলে, সৌৰচালিত শক্তিকেন্দ্ৰৰ স্থাপনৰ বাবে সহযোগ, পুঁজি, টেক্স ৰেহাই আদিৰ ব্যৱস্থা কৰিলে, তেতিয়াৰ পৰাই ইয়াৰ প্ৰসাৰ ঘটিল। ফলত বেছি মানুহে ব্যৱহাৰ কৰিব পৰা হোৱাৰ পৰাই সামুহিক ভাৱে এই ক্ষেত্ৰৰ সকলো সামগ্ৰীৰ দামো মাটিলৈ নামিল। এইবৰ্ষত ভাৰতত পুনৰ-নবীকৰণ যোগ্য শক্তিখণ্ডত ১২হাজাৰ কোটি টকাৰ বিদেশী বিনিয়োগো এই নীতিৰেই সুফল। একেদৰেই এল.ই.ডি বাল্বৰ ব্যৱহাৰৰ জৰিয়তে বিজুলী শক্তিৰ কম খৰচী জীৱনধাৰাৰ পৃষ্ঠপোষকতা কৰি ভাৰত চৰকাৰে এই উদ্যোগটোক পৃষ্ঠপোষকতা কৰিবলৈ নীতি তৈয়াৰ কৰে। লগতে চৰকাৰী উদ্যোগতো ৰাজ্যই ৰাজ্যই ৰাজ-সাহাৰ্য দিয়াকে ধৰি প্ৰশাসনৰ মাধ্যমেৰেও বিতৰণৰ ব্যৱস্থা কৰি সাধাৰণ মানুহৰ কাষলৈ প্ৰযুক্তিটো লৈ যোৱাৰ দায়িত্ব গ্ৰহণ কৰাৰ বাবেই এই ক্ষেত্ৰতো এক জাগৰণৰ সৃষ্টি হৈছে। একেদৰেই ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত বিমুদ্ৰাকৰণৰ পাছত ইতিবাচক জোৱাৰ প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছে।

উদ্ভাৱন হোৱা প্ৰযুক্তিবোৰে এইদৰেই সৰ্বসাধাৰণৰ কাষ চাপি আহিবলৈ ধৰিছে। দুবছৰ আগতে মোবাইলত সংখ্যা টিপিবলৈ নজনালোকেও এতিয়া কম-খৰচীৰ ৰূপতো উপলদ্ধ হবলৈ ধৰা স্মাটফোন লৈ ইণ্টাৰনেটত শ্বপিং কৰিছে, চছিয়েল মেডিয়াত বিতৰ্ক পৰ্যন্তত অংশ লব পৰা হৈছেগৈ। গাঁৱৰ পৰাই সমস্যাৰ ওপৰত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি ইমেইল অথবা বেবচাইটত গৈ আবেদন কৰিব পৰা হৈছেগৈ। এই যে মানুহৰ প্ৰযুক্তিক আদৰি লোৱাৰ বাধ্যবাধকতা আৰু আগ্ৰহ, সমাজত কিন্তু ইয়েই মানসিক সৱলীকৰণৰ এক নিৰৱ আন্দোলনো চলাই যোৱা বুলি অনুভৱ কৰিব পাৰি। এনেকৈয়ে সমাজত আহি থকা প্ৰযু্ক্তিৰ খা-খবৰ ৰখাৰ অভ্যাসো গঢ় লৈ উঠিছে। আনকি বজাৰত লন্স হব লগা প্ৰযুক্তিৰ বিষয়েও আগতীয়াকৈ সকলো নখ-দৰ্পনত ৰখা টেকনলজি এনথুজিয়াচটিকোনৱ-প্ৰজন্মৰ মাজত সৰু-বৰ চহৰতে বিচাৰি পোৱাটো সহজসাধ্য হোৱাটো সমাজৰ বাবে এক ভাল খবৰেই নহয়নে?

তথ্য প্ৰযুক্তি আৰু মোবাইলৰ জগতখনত দ্ৰুততম পৰিবৰ্তন দেখা গৈছে। তাৰে ভিতৰত ২০১৭ বৰ্ষত প্ৰভাৱ পেলোৱাকৈ উজ্বলি উঠিব লগা কেতবোৰ প্ৰযুক্তিৰ কথা আলোচনা কৰিব খুজিছো। অতি কম দিনৰ ভিতৰতে চফটৱেৰৰ ক্ষেত্ৰলৈ আহিব ক্লাউড চফটৱেৰৰ ধাৰণা, যাৰ দ্বাৰা চফটৱেৰ কিনি লোৱাৰ সলনি মাননিৰ বিনিময়ত প্ৰয়োজন অনুসাৰে ব্যৱহাৰ আৰম্ভ হব। ব্যক্তিগত কম্পিউটাৰ তথা মোবাইলত তথ্য ৰখাৰ সলনি ক্লাউড কম্পিইউটিং, ক্লাউড মেমৰিৰ ব্যৱস্থাৰে তথ্য যিকোনো ঠাইৰ পৰা আহৰণ কৰিব পৰাৰ ব্যৱস্থাও গঢ় লৈছে। এই ক্ষেত্ৰত ভাৰত চৰকাৰেও নিজা সংস্থাৰ দ্বাৰা চৰকাৰী তথ্য ৰখাৰ বাবে এনে ক্লাউড মেমৰী চিষ্টেম তৈয়াৰ কৰিছে আৰু কৰ্মচাৰী সকলক ইয়াৰ ব্যৱহাৰ জোৰদাৰ কৰিবলৈ নিৰ্দেশনাও জাৰি কৰিছে। দেশী-বিদেশী কোম্পানী সমূহেও নিজা কম্পিউটাৰ চিষ্টেম আদিৰে আন্তঃগাঁথনি তৈয়াৰ কৰাৰ সলনি কৰ্মচাৰীয়ে নিজা লেপটপ আদি লৈ আহি সেৱা আগবঢ়োৱাৰ (Bring your own system) ব্যৱস্থাকো আদৰি লৈছে। বহুতো কোম্পানীয়ে মহিলা কৰ্মচাৰী সকলৰ বাবে প্ৰসূতিকালীন দীৰ্ঘদিনীয়া ছুটি দিয়াৰ সলনি আৰু সন্তান-লালন পালনৰ ফলত যাতে চাকৰি জীৱন বিঘ্নিত নহয়, তাৰ নিশ্চিতি দিবলৈ ঘৰৰ পৰাই কোম্পানীৰ কাম কৰাৰ অনুমতি প্ৰদান কৰি, নতুন ইতিবাচক পৰিবৰ্তনৰ ইংগিত দিছে। দৈনন্দিন অফিচলৈ নগৈ ঘৰৰ পৰা কাম কৰাৰ স্বাধীনতাও কেতবোৰ ক্ষেত্ৰত তথ্য প্ৰযুক্তি আৰু মোবাইল প্ৰযুক্তিৰ প্ৰসাৰেই সম্ভৱ কৰি তুলিছে। টেলিমেডিচিন আৰু ভিডিঅ কনফাৰেন্সিংৰ জৰিয়তে চেন্নাইৰ ডাক্তৰৰ পৰামৰ্শ উজনি নামনিৰ গাঁৱতে উপলদ্ধ হোৱাটো সম্ভৱপৰ হৈছে। আনকি চাকৰিৰ সাক্ষাতকাৰো টেলিফোনিক, স্কাইপ, টেলিকনফাৰেন্সিং আদি মাধ্যমেৰেই হোৱাৰ ধাৰণাটো জনপ্ৰিয় হৈছে। গোটেই কেইখন জিলাৰ পুলিচ অধীক্ষকক দিছপুৰত বহিয়েই মুখ্যমন্ত্ৰীয়ে বৈঠক অনুষ্ঠিত কৰিব পৰা হৈছে। একেদৰেই উবেৰ কেৱৰ সফলতাৰ মডেলত চাহিদা অনুসৰি এপচ নিৰ্ভৰ সেৱা বেলেগ বেলেগ খণ্ডতো মুকলি হোৱাটো অনিবাৰ্য হৈ পৰিছে। এইবোৰ হৈছে ক্ৰমাত ওচৰ চাপি অহা পূৰ্বৰ কল্প-কাহিনীবোৰৰ নতুন চমকহেন! তথ্য প্ৰযুক্তিৰ উন্নতিৰ সৈতে সৃষ্টি হৈছে ডাটা ৱেৰহাউচিংৰ দৰে নতুন ব্যৱসায়ো। ইণ্টাৰনেটৰ সংযোগৰ ক্ষেত্ৰত ফাইবাৰ অপ্টিকচ দেশজোৰা নেটৱৰ্ক স্থাপনৰ চমকেৰে জিঅ কোম্পানীয়ে দেখুওৱা অফুৰন্ত ডাটাৰ স্বপ্নত দেশবাসীও অংশীদাৰ হৈছে। মাহেকত ৩০জিবিলৈকে গড়ে ইণ্টাৰনেট ডাটা ব্যৱহাৰৰ অভ্যাস গঢ় লোৱাৰ লগে লগেই ডিজিটেল ফুটপ্ৰিণ্টৰ আৰু তাৰেই আলমত বাণিজ্যৰ বিজ্ঞাপনৰ জগতখনো আমাৰ দেশতো ক্ৰমাত সাৰুৱা হৈ উঠিছে। অফুৰন্ত ডাটা(Data Abundance) ধাৰণাৰ সৈতে তাল মিলাই বৰ্ধিত ষ্টৰেজ কেপাচিটিৰ সঁজুলিৰ বিকাশো জোৰদাৰ হৈ পৰিছে। মেগাবাইট, গিগাবাইটৰ পৰা গৈ টেৰাবাইট (Terabyte), পেটাবাইট (Petabytes) আৰু এক্সাবাইটৰ(Exabytes)নতুন স্কেলো মানুহৰ চিনাকি হবলৈ ধৰিছে। 

আপুনি বা মই কোনো এটা বেৱচাইটৰ পৰা কোনো এটা ডাটা চোৱা বা লোৱাৰ লগে লগেই কিছুমান চফ্টৱেৰে আপুনি কি কথাত আগ্ৰহী তাৰ খবৰ সংগ্ৰহ কৰে সেই ডিজিটেল দুনীয়াত আপোনাৰ পদচিহ্ন ৰূপে ই পৰিগণিত হয় আৰু তাৰ পাছত সেই আগ্ৰহৰ ভিত্তিতে গুগোলৰ দৰে সংস্থাই আপুনি পৰবৰ্তী সময়ত ইণ্টাৰনেট খুলিলেই তাৰ সৈতে সামঞ্জস্য থকা সামগ্ৰীৰ অনলাইন বিজ্ঞাপন আপোনাৰ সমুখত দাঙি ধৰিব। আনকি এই ডিজিটেল ফুটপ্ৰিণ্টৰ ধাৰণাৰ দ্বাৰাই আপুনি কোন শিতানত মাহটোত কিমান খৰছ কৰিছে, কোন বস্তুত সময় সমল বিনিয়োগ কৰিছে তাৰো হিচাব উলিওৱাটো সম্ভৱপৰ হৈ পৰিছে। এই ধাৰণাৰ ভিত্তিতে ব্যক্তিগত সহযোগীৰ দৰে কাম কৰিব পৰা কিছুমান এপছো বিকাশ হৈছে। এই সকলো ডাটা কম্পিউটাৰ ৰবটেই সংগ্ৰহ কৰি সংশ্লেষণ কৰি সেইমতে বিজ্ঞাপনৰ ফীড দিয়াৰ ব্যৱস্থাটোৰ বিকাশৰ গতিশীলতা বজাই ৰাখিবলৈকে গুগোলৰে দৰে কোম্পানীয়ে বহু হাজাৰ কোটিৰ টকা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ গৱেষণাত বিনিয়োগ কৰাৰ বাতৰিও প্ৰকাশ পাইছে। মেচিন লাৰ্নিং আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগলবন্দীৰ ফলত পিছে এতিয়া কল চেণ্টাৰ, বিজনেজ প্ৰচেছ আউট-চৰ্ছিং আদিত মানুহৰ ব্যৱহাৰ কৰি কৰা বহুতো কাম এতিয়া কম্পিউটাৰ ৰবটেই কৰিবলৈ লৈছে। গুগোলৰ ডাৱল ক্লিক, ফেচবুকৰ পাৱাৰ এডিটৰ আদি প্লেটফৰ্ম তাৰেই উদাহৰণ। ফলত ইনফছিছৰ দৰে কোম্পানীয়ে ভাৰততে প্ৰায় ৯হেজাৰ মান তেনে সৰু চাকৰি কৰা কৰ্মচাৰীক চাটাই কৰাৰো বাতৰি প্ৰকাশ পাইছে, যিটোৱে সেৱা ক্ষেত্ৰলৈ কঢ়িয়াই আনিছে অন্য ধৰণৰ প্ৰত্যাহ্বানো।
একেদৰেই ২০১৬বৰ্ষটো ভাৰ্চুৱেল ৰিয়েলিটি ক্ষেত্ৰৰ বাবেও বৰ আশাব্যঞ্জক বছৰ আছিল। ভাৰ্চুৱেল ৰিয়েলিটি ভিত্তিক গেমিং, ইয়াৰ সঁজুলি সমূহৰ চাহিদা ইমানেই বৃদ্ধি পাইছে যে এতিয়া ইয়াক অগমেণ্টেট ৰিয়েলিটি নামৰ এটি উন্নতৰ প্ৰযুক্তিলৈ বিকাশৰ বাবেও ক্ষেত্ৰখনে সাৰপানী পাইছে। বিকাশমান এই প্ৰযুক্তিবোৰে অচিৰেই হেনো ডাক্তৰে সমুখত ৰোগীক বহুৱাই তেনে সঁজুলি চকুত পিন্ধি দেহৰ বিভিন্ন অংশ পোনপটীয়াকৈ স্কেন কৰাৰ দৰে চায়েই ৰোগ নিৰ্ণয়ৰ ব্যৱস্থা হব। ইণ্টাৰনেটৰ গতিবেগ বৃদ্ধিৰ সৈতেই ভিডিঅ ফীডৰ সংখ্যা বাঢ়িছে, তাৰ দ্বাৰা পৰ্যটন, উতসৱ পাৰ্বন, সাংস্কৃতিক সমল আদিৰ ক্ৰমাত কোণৰ পৰা ওলাই বিশ্বমুখী হোৱাৰ সুযোগ লাভ কৰিছে। ভাৰ্চুৱেল ৰিয়েলিটিয়ে অচিৰেই ক্ৰীড়া আৰু মিউজিক কনচাৰ্ট সমূহক কক্ষচ্যুত কৰি পেলাব বুলিও শংকা প্ৰকাশ পাইছে। এইবোৰৰ ভিতৰতে ইংৰাজীৰ তুলনাত আঞ্চলিক ভাষা সমূহৰ সমলো ইণ্টাৰনেটত অধিক গতিত বৃদ্ধি পোৱাৰ খবৰো উজলি উঠিছে। চফটৱেৰ লোকেলাইজেচন প্ৰকল্প সমূহ জনপ্ৰিয় হৈছে, বহুভাষিক ৰূপত চফটৱেৰবোৰ উপলদ্ধ হোৱাত ই গ্ৰাম্য বজাৰো স্পৰ্শ কৰিবলৈ সহজ হৈছে। গুগোল আৰু ফেচবুকে অনলাইন অনুবাদৰ সেৱাকো দ্ৰুত কৰি আনিছে। ফেচবুকৰ লাইভ ফিচাৰৰ দৰে অপচনবোৰ জনপ্ৰিয় হোৱাৰ লগতে শিল্পী দিৱসত অসমতে জ্যোতিপ্ৰসাদ সৃষ্টিৰাজিকো সুন্দৰকৈ নৱ-প্ৰজন্মই চছিয়েল মেডিয়াতে পৰিবেশন কৰাৰ দৰে উদাহৰণে সঁচাই মনটো ৰঙাই তুলিছে।
ইয়াৰ লগে লগেই চাইবাৰ সুৰক্ষাৰ বিষয়টোৱে তথা ব্যৱসায়টোৱেও প্ৰাধান্য লাভ কৰিবলৈ সক্ষম হৈছে। হেকাৰৰ পৰা বচোৱাৰ বাবে ক্ৰমাত জনপ্ৰিয় হোৱা ডিজিটেল লেনদেনৰ জগতখনো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো স্বাভাৱিকসুৰক্ষা নিশ্চিতকৰণৰ অচ্যুত বিকল্প হিচাবে বায়মেট্ৰিক স্কেনাৰ, আইৰিচ স্কেন আদিও অতি কম দিনৰ ভিতৰতে অপৰিহাৰ্য হৈ উঠাটো নিশ্চিত বুলিও চাইবাৰ সুৰক্ষা বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে। ইলেক্ট্ৰনিক গেজেটৰ বিকাশৰ লগতে অধিক কাৰ্যকুশল বেটেৰীৰ বিকাশো অনিবাৰ্য হৈ পৰিছে, বেটেৰী বেক-আপৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক প্ৰযুক্তি বিকাশৰ প্ৰত্যাহ্বানো গৱেষণা ও বিকাশ সংস্থা সমূহে গ্ৰহণ কৰিছে। ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষকে নিউক্লীয় আৱৰ্জনাৰ পৰা নিৰ্মল বিদ্যুত শক্তি উতপাদন কৰাৰ আৰু তাক ৫০০০বছৰ পৰ্যন্ত টিকিব পৰা বেটেৰী নিৰ্মাণ কৰাৰ বাতৰিও প্ৰকাশ পাইছে।

নতুন প্ৰজন্মৰ লগতে আদঢ়ীয়া সকলৰো দৈনন্দিন জীৱনৰ অভ্যাস এই প্ৰযুক্তিগত সা-সামগ্ৰীৰ প্ৰভাৱতে সলনি হবলৈ ধৰিছে, যাৰ কু-প্ৰভাৱ জীৱন-যৌৱন, পৰিয়াল, আবেগিক সম্পৰ্ক আদিতো প্ৰতিফলিত হৈছে, আধুনিক ৰূপৰ কিছু সামাজিক ব্যাধিও ঠন ধৰি উঠিছে। প্ৰযুক্তিয়ে গঢ় দিয়া ন-পৃথিৱীত সহ-অৱস্থান কৰাৰ বাবে সকলো স্তৰৰ ৰাইজেই এনে সামাজিক বিষয়বোৰতো সচেতন হোৱাৰো প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। 

আহি থকা প্ৰযুক্তিৰ ভিতৰত উজলি উঠিছে স্মাৰ্ট-ক্লথৰ ধাৰণা, থিতাতে খাদ্যৰ গুণাগুণ পৰীক্ষা কৰিব পৰা ফুড স্কেনাৰ, হাৰ্টবীটকে ধৰি বিভিন্ন দৈহিক পৰিসংখ্যা মাপক পিন্ধিব পৰা বস্তুৰ জনপ্ৰিয় ও সুলভ সংস্কৰণ, ৰেডিঅলজিত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ব্যৱহাৰ, থ্ৰী-ডি প্ৰিণ্টিং, হিউমেনইড ৰবটৰ বহুল ব্যৱহাৰ আদি হৈছে অন্যতম। একেদৰেই প্ৰযুক্তিয়ে স্বাস্থ্য খণ্ডলৈকো প্ৰভূত বৰঙণি যোগাইছে আৰু যোগাব। আধুনিক সমাজৰ বৰ্ধিত সমস্যা অনুৰ্বতাৰ চিকিতসাত স্পাৰ্মবটৰ ধাৰণাৰ ব্যৱহাৰ আৰম্ভ হৈছে। অস্থিমজ্জাৰ কেঞ্চাৰ মায়েলমাৰ কাৰণ নিৰ্ণীত হৈছে, যিয়ে আন আন কেঞ্চাৰৰ চিকিতসাটো সহায়ক হব বুলি নিউ ইংলেণ্ড মেডিকেল জাৰ্নেলে প্ৰকাশ কৰিছে। পুৰুষৰ মাৰাত্মক কেঞ্চাৰ প্ৰষ্টেট কেনছাৰক পৰাভূত কৰিব পৰা এক নতুন যৌগৰ আৱিস্কাৰেও সুখবৰ আনিছে। ক্ৰমাত জনপ্ৰিয় হৈ উঠা ৰবটিক চাৰ্জাৰীৰে অধিক সুক্ষ্ম ও কুশলী অপাৰেচন কেঞ্চাৰৰ ক্ষেত্ৰত বিশেষ ভাৱে প্ৰভাৱী হৈ পৰিছে, জনপ্ৰিয়তাই ইয়াক কম খৰচী কৰি তুলিবই বুলিও বিশ্ব স্বাস্থ্য সংস্থাই আশা প্ৰকাশ কৰিছে। প্ৰযুক্তিগত ন-উদ্ভাৱনীবোৰ যাতে ধনী-দুখীয়া সকলোৰে বাবে কম-খৰছত উপলদ্ধ কৰাই সমাজৰ বেছিভাগ মানুহৰে যাতে উপকাৰ সাধিব পাৰে, তাৰ বাবেও ভিন্ন স্তৰত প্ৰচেষ্টা চলি আছে। চকুৰ পানীৰ পৰাই দেহৰ ছুগাৰ লেভেল জোখা, বেজিবিহীন ইনছুলিন আদিৰে মানুহৰ য্ন্ত্ৰণা কম কৰিবলৈ প্ৰযুক্তিয়ে ন-ন বাট উলিয়াইছে।এতিয়া বৰ্ধিত মানুহৰ ভোক পলুৱাবলৈ নিৰ্মাণ হবলৈ লৈছে সংশ্লেষিত খাদ্যও। পথাৰত খেতি কৰি নহয়, লেৱটৰিত সৃষ্ট খাদ্যই অহা দশকত বজাৰ শুৱনি কৰাই নহয়, বজাৰ দখল কৰিব বুলিও প্ৰকাশ পাইছে। প্ৰযুক্তিয়ে অনাগত দিনটো এইদৰেই মানুহলৈ আশীৰ্বাদ আৰু প্ৰত্যাহ্বান দুয়োটাই যে কঢ়িয়াই আনি থাকিব সেই কথাও কিন্তু নিশ্চিত হৈ পৰিছে
মোবাইল নম্বৰঃ ৯৫৩১১০৭১৫০
Share:

Archive

Definition List

test banner

Unordered List

Support