লেখাৰ আঁৰৰ লেখা - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

লেখাৰ আঁৰৰ লেখা

লেখাৰ আঁৰৰ লেখা

Share This
লেখাৰ আঁৰৰ লেখা

কিয়নো লিখে?

"মোৰ স্পৰ্শকাতৰ মনেই লিখিবলৈ প্ৰেৰিত কৰে"-এইয়া এক অনুভৱ৷ এজন লেখকে নিজৰ লেখাৰ মাজত মনৰ শান্তিৰ সন্ধান কৰাৰ অভ্যাস কৰাৰ পাছত তাৰ পৰা আঁতৰি থকাটো খুৱেই যন্ত্ৰণাময়৷ লেখাৰ তাড়নাক বাৰণ কৰাৰ  অনুভৱক যন্ত্ৰণাময় বুলি প্ৰকাশ কৰিছে অনুৰাধাৰ দেশ খ্যাত উপন্যাসিক ফনীন্দ্ৰ নাথ দেৱ চৌধুৰীয়ে তেখেতৰ এখন ৰচনাত৷

যেতিয়া এজন মানুহে কিবা এটা লিখিবলৈ লয়৷ তেতিয়া তেওঁৰ মনৰ মাজত খু-দুৱাই থকা কথাবোৰক কাগজৰ পাতত মুকলি কৰিবলৈ পাই এক প্ৰশান্তি অনুভৱ কৰে৷ কিছুৱে তাক নাৰীৰ প্ৰসৱ-বেদনাৰ লগতো তুলনা কৰে৷ যেতিয়ালৈকে ভাৱনাবোৰে কোনো সৃষ্টিৰ পাতনি নেমেলে লেখক হেনো ক্ষান্ত নহয়৷ লেখাৰ অভ্যাস হৈ পৰে তেওঁৰ এক চিৰন্তন সহচৰ৷ যত তেওঁ বিচাৰি পাই উকমুকাই থকা ভাৱৰ মুক্তিৰ সন্ধান৷

বিভিন্ন লেখকৰ জীৱনীৰ পাতে পাতে অলেখ হাঁহি উঠা, ৰঙীন কথা বিচাৰি পোৱা যায়৷ কিছু লেখকৰ  জীৱন ধাৰণৰ শৈলী অদ্ভুত৷ কিছু লেখক ৰঙীন, কিছু মেজাজী, কিছুৱে গাণ শুনিহে লেখে, কিছুমানে আকৌ এটুপি ৰঙীন পানীয় গলাধকৰণৰ পাছতহে কলম চলে৷খুশৱন্ত সিংৰ শেহতীয়া কিতাপ "Absolute Khuswant"ত লেখক সম্পৰ্কে থকা অধ্যায়টোত তেখেতে নাইপলৰ বেশ্যাগমন, ৰুশ্বদিৰ ভিন্ন নাৰীৰ সতে ভিন্ন সম্পৰ্কৰ কথা উল্লেখ কৰিছে৷ তেখেতৰ মতে ভিন্ন লেখকৰ ৰুচি, ধাৰণা, চিন্তা ভিন্ন ভিন্ন৷ সেয়ে সৃষ্টিতো সেই ভিন্নতাই ৰং চৰায়৷

লেখক এজনে লিখাৰ অভ্যাস এটা গঢ় দিবলৈ যাওতে, প্ৰথমেই খুন্দা-খুন্দলি খাব লগীয়া হয় মনৰ জগতখনত৷ প্ৰিয় সমালোচক ৰিপুঞ্জয় গগৈৰ লেখাৰ সংকলন "নষ্ট নীতি-বাগিশ"ত লেখক সকলক মাত্ৰ লেখাৰ তাড়নাত লিখক হোৱাক সমালোচনা কৰা হৈছে৷ গগৈয়ে প্ৰশ্ন কৰিছে, আপোনাৰ লেখাৰ উদ্দেশ্য কি? যথাযথ ভাৱেই একোটা লেখাৰ আঁৰত কিছু লক্ষ্য, কিছু উদ্দেশ্য থকা উচিত৷ সেয়া মানৱীয় অনুভূতিৰ আনুভূতিক প্ৰকাশ, ব্যংগ, ৰহঘৰা, নতুন দিশৰ উন্মোচন, সমাজৰ দুৰ্বলতাৰ সন্ধান, প্ৰচলিত লোকাচাৰ-চিন্তাৰ বিপৰীতে পৰিবৰ্তনকামী চিন্তা হব পাৰে৷  এক বৃহৎ অৰ্থত যি কোনো লেখাৰে আঁৰত এক সৱল উদেশ্য থকা  উচিত৷ লক্ষ্যবিহীন লেখাৰ পঠন এক অনৰ্থক যাত্ৰাৰ লেখিয়া হয়গৈ৷ 

লেখি কি লাভ? 

এখন অসমীয়া জনপ্ৰিয় সাপ্তাহিকত সম্পাদকীয় কলমৰ এটা লেখাত ই প্ৰশ্নৰ অৱতাৰণা কৰা হ’ল৷ কোনোৱে ভাত-মুঠিৰ বাবে লিখে, আন কোনোৱে মানসিক প্ৰশান্তিৰ বাবে৷ আকৌ আন কোনোৱে সামাজিক দায়বদ্ধতাক এৰাব নোৱাৰি লেখে৷ আন কোনোৱে তোষামোদৰ বাবে, কোনোৱে নাম কমাবৰ বাবে, কোনোৱে সমাজত বৰ-মানুহ বোলাবৰ বাবে৷ কি লাভৰ বাবে লেখকে লেখে সেয়া সুনিৰ্দিষ্ট নহয়৷ কিন্তু সমাজ এখনৰ পৰিবেশ, পৰিস্থিতিৰ ছবি ভিন্ন জনৰ ভিন্ন মনৰ ভিন্ন দৃষ্টিৰে দেখিবলৈ পোৱাটোৱেই লেখাবোৰৰ পৰা হোৱা লাভ৷ সমাজত নিজৰ মতক, অনুভূতিক প্ৰকাশ কৰাৰ, বা আনক জনোৱাৰ যি মানুহ নামৰ সামাজিক প্ৰাণীবিধৰ সহজাত প্ৰবৃত্তি, সেই প্ৰবৃত্তিৰ এক নিবাৰণৰ পথ যে এই লেখা-মেলা সেয়াহে ধুৰূপ!

লিখিবলৈ কেনেকৈ আৰম্ভ কৰিব?

ঘৰলৈ যাওতে কিতাপৰ দোকানৰ সমুখতে শিশু সাহিত্যৰ চৰ্চাৰ বাবে আম্বেদকাৰ পুৰস্কাৰ প্ৰাপ্ত সাহিত্যিক ধেমাজিৰ পুৰেন্দ প্ৰসাদ  শইকীয়াক লগ পালো৷ সুধিলো, আপুনি শতাধিক কিতাপ লিখিলে কেনেকৈ? তেখেতৰ উত্তৰৰ সাৰাংশ- যেতিয়াই কোনো এটা কথাই মনত দোলা দি থাকে৷ সেই অনুভূতিটোৱে যেতিয়া মন-মগজুত ক্ৰিয়া কৰি থাকে, তেতিয়াই কথাবোৰ লিখি ৰাখিব লাগে৷ পাছত সেইবোৰক সঠিক ৰূপত পৰিবৰ্দ্ধিত কৰি একোটা ৰূপদান কৰিব লাগে৷

তেখেতৰ কথাখিনি সঁচা প্ৰমাণ হ’ল যেতিয়া এগৰাকী স্মাৰ্ট কেন্দ্ৰীয় মন্ত্ৰীয়ে নিজৰ এখন কবিতাৰ কিতাপ উন্মোচন কৰিলে আৰু ক’লে যে তেওঁ এই কবিতাবোৰ বিমান যাত্ৰাৰ সময়ত মনলৈ অহা কথাৰে মোবাইলতে লিখা৷

এগৰাকী চিন্তাবিদৰ  মতে আকৌ কবিতা এটা লেখিলেও হঠাতে তাক চূড়ান্ত ৰূপ দিব নালাগে৷ টুকুৰা কবিতাটো বহুদিনৰ পাছত আকৌ পুনৰ  একে ধৰণৰ চিন্তা অহাৰ সময়কণত উলিয়াই লব লাগে৷ এইদৰে কেইবাবাৰু পুনৰীক্ষণে লেখা-কবিতা এটাক সাৰ্থক  ৰূপ এটা দি উলিয়াই অনাত সহায় কৰে৷ শব্দৰ সৰলীকৰণ, প্ৰতিশব্দৰ সন্ধান, ছন্দ-ময়তা প্ৰদান আদিয়ে কবিতা এটাক অধিক আকৰ্ষণীয় কৰি তুলিব পাৰে৷ একে ধাৰণা গদ্য-শিল্পৰ বাবেও  প্ৰযোজ্য৷

কাৰ বাবে লিখিছে?

লেখা এটা লিখিবলৈ লোৱাৰ সময়ত মনত একোটা কথা পৰিস্কাৰ কৰি লোৱাটো উচিত৷ এই লেখা কাৰ বাবে? পাঠকৰ বয়স, বুদ্ধিমত্তা, বুজাৰ ক্ষমতা আদিক লক্ষ্য কৰি লেখা একোটা গঢ় দিয়া উচিত৷

কি ৰূপত সজাব?

একেখিনি অনুভূতিকে, একেটা ঘটনা বা কাহিনীকে ভিন্ন লেখকে কবিতা, গল্প, চুটি গল্প, উপন্যাসিকা, উপন্যাস, চিঠি অথবা প্ৰৱন্ধ আদিৰ ৰূপত প্ৰকাশ কৰিব পাৰে৷ 

শব্দৰ প্ৰয়োগ কি দৰে কৰিব?

সৰল শব্দৰ প্ৰয়োগে, লেখা একোটাৰ সাৰ্বজনীনতা বৃদ্ধি কৰে৷ বিষয়ভিত্তিক লেখা যেনে প্ৰৱন্ধ, গৱেষণা পত্ৰ আদিৰ ভাষা আৰু শব্দাৱলী আন লেখাতকৈ বেলেগ হবই৷ সেয়ে কাৰ বাবে লেখাটো প্ৰস্তুত কৰা হৈছে সেই কথালৈ চকু দিলেও লেখা একোটা চূডান্ত ৰূপদান সময়ত ভাষাৰ সৰলীকৰণ কৰিব পৰা যায় বা কৰা উচিত৷ সহজ সৰল শব্দৰে পৰিস্কাৰ ছবি দাঙি ধৰিলেই লেখাই সহজে পাঠকৰ মন জয় কৰিব পাৰে৷

কাৰ দৰে লিখিব?

মৌলিক লেখা একোটা লিখিবলৈ যাওতেও উপস্থাপন শৈলীৰ কথা মনলৈ আহে৷ ভিন্ন লেখকৰ উপস্থাপন শৈলী ভিন্ন৷ কোনো লেখকৰ প্ৰিয় শৈলীৰ জড়িয়তেও লেখা একোটা গঢ় দিব পাৰি৷ বা নিজৰ একোটা নব্য শৈলীৰ সন্ধান কৰাটো সদায়েই আদৰণীয়৷

সমালোচনামূলক কিতাপে ভিন্ন শৈলীৰ বিষয়ে জ্ঞান দিব পাৰে৷ মহেন্দ্ৰ বৰাৰ "ফুল তৰা গাণ" তেনে এখন কিতাপ, যত ভিন্ন দেশৰ কবিতাৰ শৈলীৰ পৰশ অনুভৱ কৰিব পাৰি৷ চগনলাল জৈন বঁটাৰে সাহিত্য সভাই সন্মানিত কৰা বিশিষ্ট সমালোচক ৰবীন্দ্ৰ বৰাৰ "কবি, কবিতা আৰু অন্যান্য" নামৰ গ্ৰন্থখনতো জ্যোতিপ্ৰসাদৰ পৰা নৱ-প্ৰজন্মৰ অসমীয়া কবিৰ কবিতালৈকে এক সুদীৰ্ঘ যাত্ৰাত অসমীয়া কবিতাত জিলিকি উঠা   মৌলিক দিশ সমূহৰ এক বীক্ষাৰ  স্পষ্ট প্ৰতিফলন ঘটিছে৷ 

অসমীয়া কবিতাৰ চৰ্চা কৰিব বিচৰা সকলে সদ্য প্ৰকাশিত হীৰুদাৰ কবিতা সমগ্ৰ, নৱকান্ত বৰুৱাৰ কবিতাৰ সংকলন, নীলিম কুমাৰৰ কবিতা সমগ্ৰ আদিত পাঠৰ সন্ধান কৰিব পাৰে৷ স্বৰ্গীয় ভূপেন হাজৰিকাদেৱৰ গীতৰ কথাত থকা গীতিময়তা, মানৱীয় দিশ সমূহক এক ব্যাকৰণ ৰূপেও ব্যৱহাৰ কৰিব পাৰি৷ ডক্তৰ নিৰ্মলপ্ৰভা বৰদলৈৰ গীতি-কবিতাবোৰত সৰল শব্দৰ সাৰ্থক প্ৰয়োগৰ পাঠ আওৰাব পৰা যায়৷আন ভাষাৰ মহান সৃষ্টি সমূহৰ অনুধাৱনেও অনেক উপকৃত কৰিব৷ এগৰাকী চিন্তাবিদ শিৱনাথ বৰ্মনদেৱে এক কবিতা সংকলনৰ উন্মোচনী সভাত কোৱা কথা- কবি সকলে ভাগৱত, কীৰ্তন, নামঘোষা আদিও পঢ়া উচিত, সেই মহৎ গ্ৰন্থ সমূহৰ পৰাও কল্প-ৰূপক আদিৰ ব্যৱহাৰ সম্পৰ্কে অনেক শিকিব লগীয়া কথা আছে৷

লিখিবলৈ শিকাৰ বাবে কিতাপ

Time to write তেনে এখন কিতাপ যি খনত ভিন্ন জনে লেখক হিচাবে নিজক গঢ়াৰ পথত অভ্যাস কৰা বিভিন্ন অনুপম কচৰৎবোৰৰ সবিশেষ বিৱৰণ আছে৷ এনে ধৰণৰ কিতাপ পঢ়ি বিজ্ঞ লেখকৰ পথ অনুসৰণ কৰিলেও সঠিক পথত বাট বুলিব পাৰি৷ অন্যান্য ক্ৰিয়েটিভ ৰাইটিং, বা লেখাৰ শৈলী গঠনৰ কিতাপো সংগ্ৰহ কৰি শিকিব পাৰে৷

কাৰ কিতাপ পঢ়িব?

লিখিবলৈ হ’লে পঢ়িবই লাগিব বুলি এষাৰ স্বতঃসীদ্ধ কথা আছে৷ লগতে প্ৰসিদ্ধ লেখক ভি এছ নাইপলৰ কথা এষাৰে মনত সদায়েই দোলা দি থাকে- "By observations you can see a lot". নাইপলৰ ভ্ৰমণ কাহিনীবোৰ পঢ়িলে সুক্ষ্ম পৰ্যবেক্ষণে কি দৰে সুন্দৰ বৰ্ণনাৰ সৃষ্টি কৰে সেয়া চকুত পৰিস্কাৰ ৰূপত ভাঁহি আহে৷এই কথাকে সত্য প্ৰমাণিত কৰি, বেছি কিতাপ নপঢ়া কিছু জন্মগত প্ৰতিভাৰ লেখকেও প্ৰকৃতিৰ বা চৌপাশৰ পৰিঘটনাৰ পৰ্যবেক্ষণৰ পৰাই অনেক উন্নত তথা যুগজয়ী লেখা সৃষ্টি কৰাৰ উদাহৰণো আছে৷

তথাপি, লিখাৰ চৰ্চাক অধিক উন্নততৰ  কৰিবলৈ হ’লে সু-লেখকৰ লেখা পঢ়াৰ অতীব প্ৰয়োজনীয়তা আছে৷ এই উদ্দেশ্যে পঢ়িলে,  মাত্ৰ কাহিনীত ডুবি গলেই নহব, পঢ়াৰ লগতে কেনেকৈ লেখিছে সেয়াও শিকিব লাগিব৷ তাৰ মাজতে লেখন শৈলী, উপস্থাপনৰ কৌশল, চিত্ৰকল্প, ৰূপক, বৰ্ণনা, চৰিত্ৰৰ মুখৰ সংলাপ, শব্দৰ বিন্যাস, বাক্যৰ গঠন আদিৰ ওপৰত এক গৱেষণামূলক নজৰৰ প্ৰয়োজন৷ 

যিহেতু সকলো কিতাপ পঢ়া সম্ভৱ নহয়, সেয়ে নিৰ্বাচিত লেখকৰ নিৰ্বাচিত ৰচনাৱলী পঢ়িলে বেছি কাৰ্যকৰী হয়৷  অসমীয়া সাহিত্যত সৰু ঘটনা একোটাৰ সফল উপস্থাপনা, নাটকীয়তা প্ৰদানৰ উদাহৰণ লৈ শিকিবলৈ আমাৰ দৃষ্টিত ডক্তৰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচনা সমগ্ৰ তথা হৃদয়ানন্দ গগৈৰ সম্পাদনাত শইকীয়া দেৱৰে গল্পৰ সংকলন, "গল্প আৰু শিল্প" সাৰোগত কৰিব পাৰে৷ চুটিগল্পৰ ৰজা বুলি কব পৰা অ’ হেনৰিৰ চুটি গল্পৰ পৰাও শিকিব লগা বহুখিনি আছে৷

চৈয়দ আব্দুল মালিকৰ সৃ্ষ্টিৰাজিৰ মাজত থকা সাৰুৱা কথাৰ সংকলন তেখেতৰ জীয়ৰীয়ে সম্পাদনা কৰি উলিওৱা মূল্যবান কিতাপখনৰ নাম মনত পৰা মতে "মানিকী মধুৰি" আছিল৷ এইখন কিতাপৰ পাতত মালিকদেৱৰ লেখাত সৰল বৰ্ণনা, অলঙ্কাৰৰ ব্যৱহাৰ তথা দৰ্শনগত কথাৰ উপস্থাপনা শৈলী শিকাৰ সাৰুৱা সমল  আছে৷

পৃথিৱীৰ মহান লেখকৰ ৰচনা সমগ্ৰৰ সংগ্ৰহ কৰি পঢ়িব পাৰিলে, মহান সৃষ্টি সমূহৰ উপাদান সমূহ আহৰণ কৰাত লেখক এজন সফল হব পাৰে৷ সেয়ে নৰ্বাচিত পঠন, পঠনৰ লগেত সজাগ শিকাৰুৰ দৃষ্টিৰে সাৰোগত কৰিলে, সুলেখাৰ সৃষ্টিত সহজ হব৷

লিও তলষ্টয়, খলিল জিব্ৰান, কাফকা, ৰবীন্দ্ৰনাথ ঠাকুৰ আদি মহান লেখক সকলৰ সৃষ্টিৰাজিৰ মাজত লেখনী কেনেকৈ মহান হয়, সেই কথা বুজি উঠিব পাৰি৷ এই সকলৰ লেখনীয়ে ভৌগোলিক পৰিসৰৰ সীমাৰ পৰিধি চেৰাই কেনেকৈ লেখাক সাৰ্বজনীনতা প্ৰদান কৰিব পাৰি তাৰ পাঠ দিয়ে৷ কাষৰ পৰা অন্তঃদৃ্ষ্টিৰ অনুধাৱন কৰিলে, কেনে লেখাই সময় আৰু সীমা চেৰাই অমৰত্ব পায়, তাকো বুজি উঠিব পাৰি৷

সাহিত্য সংগঠনৰ দ্বায়িত্বঃ

আন এক আলোচনাত একেখন সাপ্তাহিকৰে সম্পাদকীয় কলমৰ এটা লেখা দেখা পালো৷ তেখেতৰ মতে এটা কলম, এক দিস্তা কাগজ, এখন টেবুলেই এজন লেখক সৃষ্টিৰ বাবে যথেষ্ট৷ তাত সাহিত্য সংগঠনৰ কোনো ভূমিকা নাই! সেই কথাত আমি একমত নহও৷

সাহিত্য সংগঠনৰ সামাজিক দ্বায়িত্ব হিচাবে, সমাজৰ ন-ন প্ৰজন্মই জীৱনৰ নিগনী দৌৰৰ বাহিৰতো যে এখন পৃথিৱী আছে তালৈ চোৱাৰ আগ্ৰহ জগাবই লাগিব৷ এই সকল ভৱিষ্যতৰ নাগৰিকে চৌপাশৰ পৃথিৱীৰ, সমাজৰ প্ৰতি, ভিন্ন দৃষ্টিৰে দোষ-গুণৰ বিচাৰ কৰিবলৈ এৰি দিলে, সমাজ এখন আগুৱাব কেনেকৈ? কম্পিউটাৰ স্ক্ৰীণত গুলিয়াগুলী খেলি, সেই জগততে মচগুল হৈ থাকিব বিচৰা নৱ-প্ৰজন্মক প্ৰকৃত সমাজৰ প্ৰতি দৃষ্টি দিয়াব পাৰিব লাগিব৷

প্ৰথমে পাঠক ৰূপে আৰু পাছলৈ লেখাৰ অ-আ-ক-খ শিকোৱাৰ দ্বায়িত্ব সাহিত্য সংগঠনবোৰৰেই৷ শ্ৰোতা-দৰ্শক অবিহনে যেনেকৈ শিল্প তথা শিল্পী মূল্যহীন৷ তেনেকৈ এজাক সজাগ পাঠক অবিহনে সাৰুৱা লেখাৰো মূল্যমানে কেতিয়াও শূণ্যতকৈ উধাব নোৱাৰে৷ 

নতুন প্ৰযুক্তিয়ে সৃষ্টি কৰা মায়াময় ভাৰ্চুৱেল পৃথিৱীৰ পৰা চৌপাশৰ বাস্তৱৰ পৰিঘটনাৰ বাবে সজাগ পাঠক, সজাগ নাগৰিক, সজাগ লেখক সৃষ্টিত  সাহিত্য সংগঠনে চেলেঞ্জ লবই লাগিব৷ তাৰ অবিহনে শিপা, কলা, ইতিহাস, হেৰিটেজ, সাংস্কৃতিক সম্পদ আদিৰ সংৰক্ষণ আৰু তাৰ ভেটিত নতুন সমাজ গঢ়াৰ যি চিৰন্তন সপোন, সি আজিৰ পৰিস্থিতিত "অসমৰ স্বাধীনতা" শব্দ-যোৰাৰ দৰেই এক অলীক কল্পনামাত্ৰ!

2 comments:

  1. This comment has been removed by the author.

    ReplyDelete
  2. অজয় লাল দত্তৰ 'লাল ইংক', নামটোৰ দৰেই লিখনিতো সংস্কাৰমূখী বৈপ্লৱিক সত্বাৰ গৰম তেজৰ প্ৰৱাহ প্ৰতীয়মান৷ স্বপ্নৰ ৰঙীন কাৰচাজীতকৈ চৌপাশৰ বাস্তৱ ঘটনাপ্ৰৱাহৰ নিৰ্ভীক আৰু নিঁভাজ উপস্থাপন তেঁওৰ লিখনিৰ বিশেষ দিশ৷ বহুক্ষেত্ৰত কাব্য আৰু গদ্যৰ পৰিসীমাক আঁতৰাই এক বিশেষ সংমিশ্ৰিত লিখনশৈলীৰ আভাষ পোৱা যায়৷ ইতিহাসৰ চকুৰে বৰ্তমানক চাই ভৱিষ্যতৰ সোণালী সপোন দেখা অজয়লাল দত্তৰ লিখনিত তেঁওৰ বাল্যকাল, শিক্ষাজীৱন আৰু কৰ্মজীৱনৰ ভিন্নমূখী অভিজ্ঞতা তথা জাতীয়তাবাদী ভাৱধাৰাৰ উপস্থিতি সততেই ধৰা পৰে৷ লিখনিবোৰত আছে নিজৰ সমাজখনৰ অন্যায়, অনীতি, সংৰক্ষণবাদী মনোভাৱক ওফোৰাই এখন যুক্তিবাদী নতুন সমাজ গঢ়াৰ অদম্য হেঁপাহ৷ আহিবলগীয়া দিনবোৰত অজয়লাল দত্তৰ লিখনি অধিক পুৰঠ হওক আৰু হৈ পৰক পৰিৱৰ্তনকামী প্ৰজন্মৰ এক অনন্য নিৰ্ভীক প্ৰতিবাদী কণ্ঠ৷ শুভেচ্ছা থাকিল৷
    -পংকজ বৰা, নৰৱে

    ReplyDelete

Sponsor

AD BANNER

Pages