ৰাতি দিন জীৱন ৰঙীন - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

ৰাতি দিন জীৱন ৰঙীন

ৰাতি দিন জীৱন ৰঙীন

Share This
ৰাতি দিন জীৱন ৰঙীন

(১) বাহানাঃ 

"মই মদ খাওঁ যদিও, মই কিন্তু মদাহী নহয়"- আত্মপক্ষ সমৰ্থনৰ এটা সঘন সংলাপ মদ্যপায়ীৰ৷ মদ আমাৰ ঘৰতে বনায়, নিয়ম, পূৰ্ব-পূৰুষৰে পৰা প্ৰচলিত, সন্ধিয়াৰ এটা পেগ হাৰ্টৰ বাবে উপকাৰী, মদ নাখাও নহয় মাজে মাজে বিয়েৰ হে খাওঁ, আমাক জন্মৰ পাছতে সাজ/আপং/চুজে অকন মুখত লগাই দিছিল, হোষ্টেলত সংগ দোষত শিকিলো, লুকাই চুৰকৈ কেতিয়াবা খাওঁ, সদায় নাখাও নহয়, পাৰ্টি চাৰ্টি হ’লে আকৌ মুখত নিদিলে বেয়া দেখায়, আৰ্মীক কম-দামত দেখুন চৰকাৰেই দিয়ে আৰু গজলতেই দেখুন গাইছে- থ’ৰি থ’ৰি পিয়া কৰো৷ এইবোৰ হ’ল মদ্যপানৰ সপক্ষে সতকাই সঘনাই দাঙি ধৰা যুক্তি-অপযুক্তি৷ 

আমি খালে সুৰা, বামুনে খালে পূজাত লগা বাৰুনী; এনে ধৰণৰ স্পৰ্শকাতৰ অপযুক্তিৰো অন্ত নাই৷ অত্যাধিক জনপ্ৰিয়তা পোৱা, এই ৰঙীন পানীয়ৰ নাম  মদ৷ এইবিধ নহলে যেন জীৱন ব্লেক-এণ্ড-হোৱাইট৷ দুটুপি গলাধকৰণ কৰিলেহে জীৱন ৰঙীন হয়৷ অতীজৰে পৰা ই সুৰা, বাৰুণী, সোমৰস, গেলা আদি নামেৰে প্ৰসিদ্ধ হোৱাৰ লগতে মানুহৰ প্ৰিয় হৈ আহিছে৷ যি যুক্তিৰেই নাখাওক কিয়, মদ এবিধ নিচা, বেয়া নিচা৷

মানুহৰ সাংসাৰিক জীৱনৰ আহুকালৰ ৮০% কাৰণৰ মূল  এইবিধেই৷সুখে-দুখে সংগ লবলৈ বিচৰা এই পানীয় বিধৰ লগত মানুহ এবাৰ কেনেবাকৈ চিনাকি হলেই হ’ল৷ তাৰ পাছত কেতিয়াবা কেতিয়াবা, কম কমকৈৰ পৰা গৈ, কেতিয়া ই সীমা চুই দিয়ে কবই নোৱাৰি৷ এনে অভ্যাসে লাহে লাহে এক সুৰাসক্ত জীৱনশৈলী গঢ়ি দিয়ে৷ সিদিনা এজন পুৰণি বন্ধুলৈ ফোন কৰিলো, কি খবৰ; আছো, পাৰ্টি কৰি আছো৷ কিমান খোৱা আৰু৷ স্বভাৱ-সিদ্ধ উত্তৰ মহাশয়ৰ, বুইছে,"আজিকালি আৰু মই মদ নাখাও, কাৰণ মদে মোক ইতিমধ্যেই খাবলৈ আৰম্ভ কৰি দিছে..."৷ 


(২) সুৰা-সংস্কৃতিঃ


ইংৰাজী চিনেমাত কি ধুনীয়াকৈ ৰঙীন পানীয় সেৱন কৰে৷ দেখিয়েই ভাল লাগি যায়৷ পশ্চিমীয়া জীৱন যাত্ৰাক অনুসৰণ কৰাটো আমাৰ নব্য-উদাৰ-গোলকীয় জীৱনশৈলীৰ যেন এৰাব নোৱাৰা অংশ হৈ পৰিছে৷ টিভিত পুৰণি দিনৰ চিৰিয়েল দিয়ে, তাতো সম্ৰাট সকলক সুৰা-সুন্দৰীৰ মাজতে ৰঙীন সময় কটাই থকা বুলিহে দৰ্শায়৷ হিন্দী চিনেমাটো ইউপি, বিহাৰ হিলাই থকা উদ্দাম নৃত্যৰে সুন্দৰীৰ মেলাত সুৰাৰ উদ্দাম প্ৰচাৰ৷


অসমীয়া চলচিত্ৰত খালী মদ খাই মাতলামি, ৰাষ্টাৰ কাষত পৰি থকা বা সংসাৰত বেয়া প্ৰভাৱৰ কথাই বেছিকৈ প্ৰত্যক্ষ কৰিছো৷ নতুন ছবি এ-ৱিকএণ্ড আদিতহে নতুন জোৱাৰৰ পাব, বাৰ আদিত ধনীক জনৰ মদ্যপানৰ বিলাসিতাক আকৰ্ষণীয় কৰি তুলি ধৰা হৈছে৷


সমাজ-সংস্কৃতিৰ ভিন্ন উপাদানেৰে ভৰা এই সমাজত সেয়ে মদ্যপান উচিত হয়নে নহয় সেই কথা আজিও পৰিস্কাৰ নহয়৷ তথাপি মানুহে পৰিমিত মদ্যপানক প্ৰায়ে স্বীকৃতি প্ৰদান কৰা দেখা যায়৷ অথচ এই স্বীকৃতিয়েই অভ্যাসক গঢ় দিয়ে, আৰু এই অভ্যাসৰ শেষ ফলাফল কাৰোৰে ক্ষেত্ৰতেই ভাল হোৱাৰ উদাহৰণ পোৱা নাযায়৷


(৩) কলাত্মক সুৰাপানঃ

ব্যক্তিগত জীৱনত কৰ্পৰেট ব্যৱস্থাপনাৰ ট্ৰেইনিঙৰ সময়তে পৰিমিত মদ্যপানৰ কলাত্মক ৰূপৰ ওপৰত এক প্ৰশিক্ষণ লাভৰ সুযোগ হৈছিল৷ এই প্ৰশিক্ষণ প্ৰদান কৰিছিল আৰ্মীৰ অৱসৰপ্ৰাপ্ত ব্ৰীগেডিয়াৰ দুজনে৷ লগতে ডাইনিং এটিকুৱেটছ আদি ফৰ্মেল পাৰ্টিত কেনেকৈ মেইণ্টেইন কৰিব লাগে, কাটা আৰু চুৰিৰে খাদ্য গ্ৰহণ কেনেকৈ কৰিব লাগে এইবোৰো শিকাইছিল৷ 


তেখেত সকলে কোৱা দুই এটা কথা আছিল, এনে ধৰণৰ- ভাৰতীয় সকলে পাৰ্টি আদি এটেণ্ড কৰিবলৈ গ’লে, মানুহৰ লগত চা-চিনাকী হোৱা বা চচিয়েল কণ্টেক্ট বঢ়োৱাৰ যি উচ্চ লক্ষ্যৰে পাৰ্টিৰ আয়োজন কৰা হয়, সেই কথাটোকেই প্ৰথমে লক্ষ্যচ্যুত কৰে৷ প্ৰথমেই গৈ বিনামূলীয়া ৰঙীন পানীয়ৰ কাউণ্টাৰৰ কাষতে চুচুক-চামাক কৰি অৱশেষত অলপ গলাধ-কৰণৰ পাছত সাহসেৰে বাকী ফাৰডাৰ গলাধকৰণত ব্ৰতী হয়৷ পাছত খোৱা-বোৱা আদি কৰিবৰ বাবে দেহত জ্ঞান, পেটত ঠাই আদি নথকাৰ বাবে খালী পেটে উভতনি যাত্ৰা কৰি, ৰাতিৰ বাবে বিচনাত আশ্ৰয় লয়৷


তাৰ বিপৰীতে পশ্চিমীয়া দেশত চাব, তেওঁ সকলে প্ৰথমে কথা-বতৰা চা-চিনাকী পৰ্বৰ সময়তো লঘু খোৱা-বোৱা কৰি থাকে৷ মূল-খোৱা বোৱাৰ সতেহে সুৰা-জাতীয় পানীয় সেৱন কৰে৷ তাৰ ফলত এটা ভৰা পেটত সুৰাৰ পাৰ্শ্চ-প্ৰতিক্ৰিয়া হেনো কমকৈ হয়৷ খালী পেটত  অত্যাধিক সুৰাৰ সেৱনেই আটাইতকৈ ক্ষতিকৰ৷ সেয়ে পশ্চিমীয়াৰ শৈলী শিকিলে তেওঁ সকলৰ ভালখিনি শিকায়েই বেছি উত্তম৷


ৰেড ৱাইন, হুইস্কী, স্কটচ আদিৰৰ লগত ৰেড মিট মানে ছাগলী, গাহৰি, হাঁহ আদিৰ খোৱা ভাল৷ হোৱাইট ৱাইন, ভদকা, ব্ৰেণ্ডী আদিৰ সতে হোৱাইট মিট, কুকুৰা, মাছ আদি খোৱা ভাল বুলিও তেখেত সকলে শিকাইছিল৷ আৰু পাৰ্টিত সুৰা কাউণ্টাৰৰ ওচৰতে ৰৈ তাতে মনোযোগ দিয়াৰ সলনি মানুহৰ সতে চা-চিনাকী বঢ়োৱা তথা সামাজিক স্থিতি সৱল কৰাত গুৰুত্ব দিবলৈ শিকোৱা হ’ল৷ লগতে গিলাচৰ ওপৰত টিচু-পেপাৰেৰে মেৰিয়াই ৰাখি কি সেৱন কৰা হৈছে তাক লুকুৱাই ৰখাটো এটা এটিকুৱেট বুলিও ক’লে৷ খোৱা-বস্তুৰ সতে ভৰা এটা পেটত কম-পৰিমাণৰ সুৰাপানক তেওঁলোকে সামাজিক ব্যৱস্থাৰ সতে তাল মিলাই চলাৰ এটা উপায় বুলি উল্লেখ কৰে৷

এতিয়া মায়া নগৰীত ডাঙৰ ডাঙৰ কিতাপৰ দোকান ক্ৰছৱৰ্ড আদিত সোমাই দেখিলো মদ্যপানৰ ওপৰত, সুৰাৰ ওপৰত বিশ্বকোষেই আছেহে৷ ভিন্ন দেশৰ ভিন্ন সুৰা, মহান ব্ৰেণ্ড, ইতিহাস, খোৱাৰ ধৰণ, লগত কি খাব তাৰ সুন্দৰ বৰ্ণনা থকা এনেকুৱা মহাভাৰত ৰেক ভৰি ভৰি আছে৷ তাতে সুন্দৰ ৰঙীন প্ৰিণ্ট সহ, পিছে দাম দেখিহে কিনাৰ লোভ সামৰিব লগা! 


এইখিনিতে আমাৰ পেগু তাৱৈদলৈ মনত পৰিছে৷ তেখেতে সন্ধিয়া ভাতৰ পাততে দুবাতি ছাই আপং খায়৷ তাৰ লগে লগে ভাত৷ তাৰ পাছত নিদ্ৰা৷ নিজৰ জনগোষ্ঠীয় পৰম্পৰা ধৰি নিয়মীয়াকৈ অথচ পৰিমিত ৰূপত  ঘৰতে বনোৱা  আপং সেৱন কৰে৷ তেখেতে বাহিৰত কেতিয়াও সেৱন নকৰে৷ তাৰ ফলত মদ্যপানৰ আন কিছুমান অতি প্ৰতিক্ৰিয়াশীল সংগী যেনে অৰ্থনীতিত প্ৰভাৱ, ভেজাল মদ সেৱন, লিমিট ক্ৰচ নকৰা তথা সুৰাপানৰ পাছত যাত্ৰা আদিৰ পৰা নিজকে বচাই চলিছে৷  পেগু তাৱৈদৰ এই শৈলীটোৱেই পশ্চিমীয়াতকৈ ভাল যেন অনুভৱ হয়৷

(৪) অভ্যাসৰ নৰঃ

মাজসাগৰলৈ চাকৰি কৰিবলৈ প্ৰথমবাৰ যাওঁতে এজনে সাহস দিছিল- "ভয় খাব নালাগে, গোটেই পৃথিৱীৰ চাৰি ভাগৰ তিনিভাগ যদিও সাগৰ, তথাপি সাগৰত ডুবি যিমান মানুহ মৰিছে, তাতোকৈ হাজাৰ গুণ মৰিছে মদৰ গিলাচত ডুবি"! কথোটো শুনি থৰ লাগিছিলো৷

এজন চিনাকি কলিগ, সন্ধিয়া এটুপি নধৰিলে থাকিব নোৱাৰা অভ্যাস৷ যোৱা ত্ৰিশ বছৰতৈ বেছি কাল সুৰাপান কৰি আহিছে৷ এইটো জীৱনতে কেইবা ট্ৰাকমান সুৰা গলাধকৰণ কৰি পেলালে৷  


পিছে তেখেতৰ ভাগ্যত এইবাৰ মাজ-সাগৰৰ পোষ্টিঙ পৰিল৷ নিচা নোহোৱাকৈ থাকিব কেনেকৈ! এদিন ৰাতি লগ পালো ডিউটিতে, কানে কানে ক’লে আজি কালি পুৰীয়া (ভাঙৰ) লৈ আহো, চিগাৰেটত লুকাই খাওঁ, তাৰ পাছত আৰু কোনে পায়, ৰজা! কি কম ভাবি নাপালো৷

(৫) ঘৰ-সংসাৰ

মোবাইল ফোন আহে ডেকা জনৰ, বোলে ঘৰলৈ আহোতে, শাক-পাত মাছ অকন লৈ আহিবি; ডেকাই গেঙেৰী মাৰে, মোকহে পাৱ, মোৰ হাতত এটকাও নাই! অলপ পাছতে সন্ধিয়া হয়, তেতিয়া কিন্তু লগৰ লৰাৰ লগত কণ্ট্ৰি কৰিবলৈ চল্লিশ টকাটো ঠিকেই ওলায়৷

ঘৰত বজাৰ কৰিবলৈ এটকাও নথকা জনেও সন্ধিয়াটো ৰঙীন কৰিবলৈ কৰ পৰানে ঠিকেই যোগাৰ কৰে, সেয়াহে আচৰিত৷ দৰমহা বা উপাৰ্জনৰ টকা এটাও ঘৰত নিদিয়াকৈ মাত্ৰ মদ্যপান কৰা লেতেৰা মানুহো এইখন সমাজতে আছে৷ ঘৰত পত্নী-সন্তান লঘোনে থাকে অথচ মদ খাই বলিয়া হৈ আহি মাছ-মাংস বিচৰা বৰমতা বৰ সুলভ৷ অতীষ্ঠ পত্নীয়ে কেটকেটাই "মুতনী" সোপা গিলি অহা বুলি ক’লেই জগৰ লাগে, এইবিধ কন্দলেই এই সংসাৰ সাগৰত অতি সুলভ হৈ পৰাটোৱেই এটা চিন্তাৰ বিষয় হৈ পৰিছে৷

(৬) চেতন ভগত, গুজৰাট ইত্যাদিঃ

গুজৰাটত প্ৰশিক্ষণ লবৰ বাবে গৈছো৷ তাত গৈ গম পালো, গান্ধীৰ ৰাজ্য বাবে গুজৰাট ড্ৰাই ষ্টেট মানে সুৰা নিষিদ্ধ৷ অথচ দোকানো দেখিলো৷ খবৰ কৰাত গম পালো, এই সুৰাৰ দোকানবোৰে সুৰাপানৰ লাইচেন্স থকা মানুহক সুৰা যোগান ধৰে৷ ঔষধ হিচাবে লবৰ বাবে যি সকলে উপদেশ পাইছে সেই সকল আৰু ৰাজ্যৰ বাহিৰৰ পৰা যোৱা যাত্ৰী তথা পৰ্যটকে আবেদন মূল্য সহ এই লাইচেন্স লব লাগে৷ উৎসাহী এজনে ফৰ্ম আনিলেগৈ৷ ফৰ্ম ফিল-আপ কৰিব লাগে, মদাহীৰ নাম (হিন্দীত বেউৰা), বেউৰা কা বাপ কা নাম, বেউৰা কা পতা, বেউৰা কা ফোন নং৷ ধেত এইখন যে নোৱাৰি আৰু বুলি কৈ তেওঁ ফৰ্মখন ফালিয়েই পেলালে৷

"মোৰ ডিঙি মোৰ কথা" মানি চলা বন্ধুৱে হোটেলৰ ৰুমবয়ক সুধিলে৷ ৰুম বয়ৰ উত্তৰ-সেইবোৰ বাদ দিয়ক, পইচা মোক দিয়ক, ৰুমতেই পাব৷ সেইমতে ৰুমতে কোনোবা অটৱালাই দি গ’ল৷ দাম খালী অলপ বেছি৷ পাছত পুৰা বটল শেষ কৰাটো যেতিয়া নিচা নালাগিল, তেতিয়াহে আন এজন গুজৰাটী বন্ধুলৈ ফোন কৰিলে খঙত৷ তেওঁৰ পৰা উৰহী গছৰ উৰ ওলাল৷ বোলে গুজৰাটত ভেজাল মদেই সৰহ!


সেই একেখিনি কথাকে জনপ্ৰিয় লেখক চেতন ভগতে সিদিনা ৰাষ্ট্ৰীয় দৈনিকত লিখিছে৷ মদ-নিবাৰণৰ বাবে এই  নিষিদ্ধকৰণৰ ফলত গুজৰাটতেই ভেজাল মদ বটলীকৰণৰ চোৰাং উদ্যোগ উভৈনদী৷ তাতে আন কিছু ৰাজ্যতকৈ দাম অতিপাত বেছি (লাইচেন্স লৈ দোকানত কিনিলেও)৷ অসমত ২২০টকীয়া ৰয়েল ষ্টেগ তাত ৪৫০টকা৷ অসমত ৪৭৫টকীয়া ব্লেণ্ডাৰচ প্ৰাইড তাত ৮৭৫টকা৷ ফলত কি হৈছে, সুৰাপানৰ হাৰ কমিছেনে? নাই, মদাহীয়ে মদ খাবই৷ যি মানুহে একেই বাজেটত ভাল সুৰাপান কৰি কম স্বাস্থ্যহানি কৰিলে হয়, তেওঁ একেই পইচাত সস্তীয়া, বেয়া, ভেজাল সুৰাপান কৰিছে৷ সংলগ্ন দমন ডিউ, মহাৰাষ্ট্ৰৰ পৰা চোৰাং সুৰাৰ মুকলি বেহাৰ নেটবৰ্ক হৈছে৷ সেয়ে গান্ধীৰ ৰাজ্য গুজৰাটেই আটাইতকৈ ভাল ড্ৰাই ষ্টেট যত, আপুনি সুৰা ঘৰতে ডেলিভাৰী পাব, কিন্তু গুণাগুণৰ ভৰসাই নাই! চেতন ভগতে সেয়ে প্ৰশ্ন কৰিছে, এনে নিষিদ্ধকৰণ প্ৰকৃততে কিমান কল্যানকামী?

(৭) সুৰ আৰু সুৰাঃ

দুয়োবিধেই হেনো হাতে-হাত ধৰি থাকে৷ সেয়ে শিল্পীৰ বাবে আচুতীয়া কিডনী বেংকৰ দাবী জনাইছো৷ সুৰাপানৰ নদীত নিজকে উটুৱাই দিয়া বৰেণ্য শিল্পীসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই দু-লাইন মান খালীকে ৰাখিছো, দুই মিনিট মৌনতাৰ দৰেই!



 (৮) পাঠ আৰু শিক্ষা


এজন মদাহীৰ দুজন ল’ৰা৷ ঘৰত তাকে লৈ দৈনিক কাজিয়া-হুলস্থুল-মাৰপিট অশান্তিৰে ভৰা সিহঁতৰ শৈশৱ৷ পাছলৈ তাৰে এজন ঘোৰ মদাহী হ’ল, আনজনে আকৌ সেইবিধ হাতেৰেই নুচুৱে৷

এজনে সুধিলত উত্তৰ পালে, "মোৰ দেউতাই ঘোৰ মদাহী আছিল, তেন্তে মই মদাহী নহৈ কি হম বুলি আপুনি আশা কৰিছিল৷ বাপ চাইহে বেটা!" আনজনক তুমি কিয় নোখোৱা বুলি সুধিলত উত্তৰ দিলে, ''দেউতা আছিল মদাহী, তাকে লৈ ঘৰ-সংসাৰখন চিৰ অশান্তি৷ শৈশৱ-কৈশোৰ-যৌৱন সকলো চিন নোহোৱাকৈয়ে পাৰ হ’ল৷ তাৰ পাছত আপুনি তেনেকৈ আশা কৰিব, যে ময়ো দেউতাৰ পথেই লম?"

পাঠ একেটাই, অথচ গ্ৰহণ কৰোতাৰ মানসিকতাই তাৰ পৰা লোৱা শিক্ষাত বৃহৎ পাৰ্থক্যৰ সৃষ্টি কৰে৷

(৯) শেষ বিচাৰঃ
এজন চিনাকি ভাইটিৰ জীৱনলৈ তাতোকৈ ডাঙৰ দুৰ্দশা নামি আহিল৷ দেউতাক শিক্ষা বিভাগৰ কেৰেণী৷ পেঞ্চনৰ কাম, চাকৰি দিয়াৰ প্ৰলোভন, সোঁৱে-বাৱে বাহিৰা পইচাৰ প্ৰৱল সোঁত৷ লগতে আন এক নিচা লাগিল, মদৰ৷

সময়ৰ সতে গম পোৱা গ’ল, দেউতাকে মেইনটেইন কৰা আন এখন সংসাৰৰ কথা৷ দেউতাকে চকু উঠাব নোৱাৰা ব্যক্তিত্ব এটাৰ অধিকাৰী ভাইটিজন৷ সেয়েহে দেউতাকে গুৱাহাটীত পঢ়ি থকা অৱস্থাত তাৰ মনক জিনিবলৈ পইচা-যিমান লাগে সিমানেই দিয়ে৷ লগৰ ল’ৰাই মহানগৰীত সুৰাৰ নদীত গা-ধুবলৈ ল’লে৷ ৰুমমেট এজন সুৰাপান কৰি পিকনিকৰ পৰা উভতি আহোতে বাটতে দুৰ্ঘটনাত প্ৰাণঘাটীও হ’ল৷ তথাপি আনসকলৰ ৰাগী নাঁতৰিল৷

এইজন ভাইটিয়ে অথচ সুৰাত কেতিয়াও হাত নলগালে৷ কাৰণ সোধোতে নিজৰ সৌম্য ব্যক্তিত্বৰে ক’লে- ৰাতি দিন জীৱন ৰঙীন কৰাৰ নামত মানুহে যিবোৰ পান কৰে৷ ইটো প্ৰকৃততে মানুহৰ হিতাহিত জ্ঞান নাশহে কৰে৷ আচলতে, ৰঙীন হৈ থকা বুলি ভবা মদাহীজনে কিন্তু তেতিয়া ৰঙা-বগাৰ পাৰ্থক্যকে ধৰিব নোৱাৰে৷ চাওক দাদা, মোৰ দেউতাই মদৰ ৰাগীতে বিবেচনা হেৰুৱাই মোক মাহী-মা দিলে, যাৰ যন্ত্ৰণা আনে নুবুজে৷ মই জীয়াই থকা সকলো সময়তে সেয়ে বিবেচনা লব্ধ হৈহে থাকিব বিচাৰো৷ দুখ আহক বা সুখ আহক৷ প্ৰতিটোকে মই সম্পূৰ্ণ সুস্থ মনেৰে মুখামখি হব বিচাৰো৷ জানিব বিচাৰো পৃথিৱীৰ, জীৱনৰ আচল ৰং কি? ইনো কিমান ৰঙীন!

ভাইটি জনক উত্তৰ দিবলৈ মোৰ কোনো ভাষা নাছিল৷ এতিয়া বিবেচনা আপোনাৰ৷ 

1 comment:

  1. অজয় লাল দত্তৰ 'লাল ইংক', নামটোৰ দৰেই লিখনিতো সংস্কাৰমূখী বৈপ্লৱিক সত্বাৰ গৰম তেজৰ প্ৰৱাহ প্ৰতীয়মান৷ স্বপ্নৰ ৰঙীন কাৰচাজীতকৈ চৌপাশৰ বাস্তৱ ঘটনাপ্ৰৱাহৰ নিৰ্ভীক আৰু নিঁভাজ উপস্থাপন তেঁওৰ লিখনিৰ বিশেষ দিশ৷ বহুক্ষেত্ৰত কাব্য আৰু গদ্যৰ পৰিসীমাক আঁতৰাই এক বিশেষ সংমিশ্ৰিত লিখনশৈলীৰ আভাষ পোৱা যায়৷ ইতিহাসৰ চকুৰে বৰ্তমানক চাই ভৱিষ্যতৰ সোণালী সপোন দেখা অজয়লাল দত্তৰ লিখনিত তেঁওৰ বাল্যকাল, শিক্ষাজীৱন আৰু কৰ্মজীৱনৰ ভিন্নমূখী অভিজ্ঞতাৰ উপস্থিতি সততেই ধৰা পৰে৷ লিখনিবোৰত আছে নিজৰ সমাজখনৰ অন্যায়, অনীতি, সংৰক্ষণবাদী মনোভাৱক ওফোৰাই এখন যুক্তিবাদী নতুন সমাজ গঢ়াৰ অদম্য হেঁপাহ৷ আহিবলগীয়া দিনবোৰত অজয়লাল দত্তৰ লিখনি অধিক পুৰঠ হওক আৰু হৈ পৰক পৰিৱৰ্তনকামী প্ৰজন্মৰ এক অনন্য নিৰ্ভীক প্ৰতিবাদী কণ্ঠ৷ শুভেচ্ছা থাকিল৷
    -পংকজ বৰা, নৰৱে

    ReplyDelete

Sponsor

AD BANNER

Pages