বাটে-ঘাটে - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

বজাৰ সমাৰ

আজিকালি খোৱাবস্তুৰ ইমানেই দাম বাঢ়িবলৈ লৈছে যে বজাৰলৈ যাবলৈ ভয় লগা অৱস্থা। বস্তুবোৰ কিনি আনি ঘৰত বনাই খোৱাতকৈ হোটেলতে এসাজ ভাত খাই আহিলে সস্তা হব যেন লগা হৈছে। অন্ততঃ হোটেলৰ মেনুখন প্ৰতিদিনে সলনি হোৱা নাই!

সাধাৰণতে মই কলনীৰ সমুখৰ শাক-পাত বিক্ৰী কৰা ঠেলা সমূহৰ পৰা শাক-পাত নিকিনো। তাত মোৰ মতে অতিশয় দাম। হবও, ঘৰৰ পৰা ফোন কৰিলে এপোৱা লাগিলেও দি যায় হেনো।  কমকৈ প্ৰয়োজন হ'লে দুখোজমান গ'লেই তিনি আলিটোৰ কোনত মাৰাঠী মহিলাকেইগৰাকীমানে দৈনিক দুয়োবেলা শাক-পাত লৈ বিক্ৰীৰ বাবে বহে তাৰ পৰাই কিনো। তাত পিছে কেজিৰ হিচাব নহয়, আমাৰ গ্ৰাম্য বজাৰত আগতে থকাৰ দৰে ভাগ হিচাব।

২০১১ চনত মুম্বাইত বসবাস কৰিবলৈ আহোতে সকলোবোৰ বস্তুৰো ভাগ দহ টকা আছিল। এতিয়া সকলো বিশ টকা হ'ল। বেছি দাম বাঢ়িবলৈ লোৱাৰ পৰা এটা ফুলকবি, ওজন নকৰাকৈ ত্ৰিশ টকা কৰিছে। আগতে কলডিল দহটকা আছিল আজিকালি সৰু টেটেৰাটোতো ত্ৰিশ টকাৰ তলত দাম নকয়। সৰু অমিতা, কল পচলা, কচুৰ থোৰ আদি বস্তু তেওঁলোকৰ সেই সৰু বজাৰখনতহে উপলব্ধ। সেয়ে তালৈ যোৱা মানুহৰ সংখ্যাও যথেষ্ট।

ওচৰতে শিৱসেনাৰ অফিচ এটাও আছে। তাৰ চৌহদতো শাক-পাত বিক্ৰীৰ ষ্টল এখন আছে। তাতো দাম ওচৰৰ কলনীৰ ঠেলাবোৰতকৈ তুলনামূলক হিচাবত কম।  কেতিয়াবা তাৰ পৰাও কিনিবলৈ যাও। বহুতো স্থানীয় মানুহে তাৰ পৰাই নিয়মীয়াকৈয়ে কিনে, সাংগঠনিক চেণ্টি থাকিবও পাৰে নাজানো।

অলপ দূৰত, এক কিল'মিটাৰমান খোজকাঢ়ি গ'লে পিপড়িপাৰা বুলি এটকুৰ ঠাই আছে। তাত বজাৰ বহে। তাৰ ওচৰে পাজৰে বেছিভাগ বস্তি। অৱশ্যে কাষতে কোটি-টকীয়া ফ্লেটথকা ২২মহলীয়া স্বপ্নলোকো চুইমিং পুলসহ তাৰ কাষতে থিয় দি আছে। সেইখন বজাৰত শাক-পাত প্ৰায় কলনীৰ ওচৰৰ দামতকৈ আধা, কিছুমান চাৰিভাগৰ এভাগহে! হোলচেলত অহা বস্তুৰে এখন গ্ৰাম্য বজাৰহেন। প্ৰায়বোৰ বস্তিবাসীয়ে সেইখন বজাৰৰ পৰাই শাক-পাত সংগ্ৰহ কৰে। তাত নতুনকৈ অনা সতেজ শাক-পাত পোৱা যায়। পিছে তালৈ জোশত বহুদিনৰ পাছত গ'লে কলনীৰ ওচৰত পোৱা এপোৱাৰ দামত আধাকিলো, এক কিলোকৈ লৈ লৈ মোৰ বোজা বাঢ়ি যায়..সাধাৰণতেই... পাছত নহ'লে অটো লব লগা হয়

No comments:

Post a Comment

Sponsor

AD BANNER

Pages