জেইলত থকাৰ অসুখ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

জেইলত থকাৰ অসুখ

জেইলত থকাৰ অসুখ

Share This

জেইলত থকাৰ অসুখ


(১)
কোনো কেচত জামিন নিদি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ অর্থ হল- জেলৰ ভাত মুকলি হোৱা৷ তাৰ পৰা সাত সৰাৰ সৰল এটা উপায়, স্বাস্ত্য-জনিত কাৰণত চিকিতসাধীন হোৱা৷যোৱা সময়চোৱাত এই সৰলতাৰ সুযোগ লোৱাটো বেছি দৃষ্টিকটু যেন হৈ পৰিছে৷ জগৰ লগাবৰ বাবে ঠিকেই ফিটনেচ থাকে, ধৰিলেহে বপুৰাহঁতৰ গা বেয়া হয়৷ এনে অনুভৱ হোৱা আৰম্ভ হৈছেগৈ যেন, অভিযুক্ত হল বুলিয়েনো এই ৰোগীয়া মানুহটোক টনা-আজোৰা কৰিছে কিয়৷ মানৱীয়তা উথলি উঠো যেন কৰে৷
(২)
জেইলত থকাৰ বাবে স্বাস্থ্যই এওক অনুমতি নিদিয়ে৷ এই স্বাস্থ্যজনিত চার্টিফিকেট খন বৰ বহুমূলীয়া হয়৷ মাজতে এইখন মূল্য আৰু ব্যৱহাৰ ইমান বাঢ়ি গল যে ন্যায়ালেয় হস্তক্ষেপ কৰিব লগীয়া হল৷ তেতিয়াৰ পৰা কিছু কিছু ক্ষেত্ৰত এজন ডাক্তৰৰ পৰা দ্বায়িত্বটো মেডিকেল বর্ডৰ হাতলৈ গল৷ এইয়া এক শুভ লক্ষণ৷মেডিকেল কলেজবোৰৰ সীমিত সুবিধাবোৰ সাধাৰণ জনতাৰ বাবে ৰাখি, জেইলতে এনেকুৱা বিশেষ বার্ডৰ ব্যৱস্থা হলে, ৰাইজে সকাহ পাব৷ উন্নত মেডিকেল ফেচিলিটি থকা জেইল এখন পোৱাতো সকলো জনতাৰেই অন্য এক মৌলিক অধিকাৰ নিশ্চয়৷


ভণ্টী এগৰাকীয়ে মুম্বাইৰ টাটাৰ সামাজিক অধ্যয়নৰ কেন্দ্ৰৰ পৰা গৈ আমেৰিকাৰ জুভেনাইল হম বোৰৰ মেডিকেল, ৰি-ক্ৰিয়েচন সুবিধা অধ্যয়ন কৰি আহি আমাৰ কাৰগাৰৰ সুবিধাৰ লগত তুলনা কৰি৷ সিদিনা বহু ক্ষোভ ব্যক্ত কৰিলে৷ কাৰগাৰৰ উন্নয়নো আচলতে এক এৰাব নোৱাৰা বিষয় বুলি সিদিনাহে উপলব্ধি কৰিলো৷ আচলতে আজি জিলাৰ পৰা ধৰি সকলো পর্যায়তে আমূল সংস্কাৰৰ প্ৰয়োজন আহি পৰিছে৷


উন্নত চিকিৎসাৰ ব্যৱস্থা কাৰগাৰতে হলে, অন্তত ভি আই পি আচামী বা অভিযুক্তৰ চিকিতসাৰ বাবে, মেডিকেল কলেজ অন্যথা ভিৰ, চেপা উত্তেজনা, মেডিয়াৰ ভিৰ আদিৰ পৰা সাত সাৰিব পাৰিব৷ মেডিকেলৰ পৰাই চেলাইন খুলি পলোৱা আদিৰো মুদা মৰিব৷


সমাজৰ বৰ-মূৰীয়া সকলৰ সঘন জেইল গমনৰ যি ধাৰা আৰম্ভ হৈছে৷ এই বিষয়টোৱে অতি সোনকালে কৃপা-দৃষ্টি লাভ কৰিব যেন অনুভৱ হৈছে৷
(৩)
অভিযুক্তৰ বেছিকৈ পেপাৰত দেখা পোৱা ৰোগবোৰ সাধাৰণতে ক্ৰণিক৷ যেনে হাই প্ৰেছাৰ, ছুগাৰ, হাই-পাৰ টেনচন, ৰাজহাড়ৰ বিষ ইত্যাদি৷ এইবোৰ প্ৰব্লেম এদিনীয়া নহয়, পুৰণি৷ কিন্তু অপৰাধ বা ঘটনা কৰাৰ আগতে সিবোৰে বাধাৰ সৃষ্টি নকৰে৷ সৃষ্টি কৰে, ন্যায় অথবা শাস্তি প্ৰদানৰ ক্ষেত্ৰতহে৷ আচৰিত কথা নহয়নে?
(৪)
কমনৱেলথৰ দ্বায়িত্ব লৈ ৰাজহূৱা ধন নিজৰ কৰা কালমাদী চাৰ হেনো, মানসিক ৰোগত ভূগিছে৷ তেওঁ হেনো সকলো পাহৰিছে৷ আমূলৰ সাপ্তাহিক কার্টুনটোতো তেওঁৰ এই পাহৰণিক গজনীৰ ৰূপত অংকন কৰিছে,গাত কমনৱেলথ গেমচ,কৰাপচন আদি শব্দ লিখা কালমাদীৰ ছবিখন বৰ অর্পূৱ দেখাইছে৷ কাষত লিখা হৈছে- আমূল, দ্যা আন ফৰগেটৱল৷তাকে দেখি সহকর্মীজনে মন্তব্য কৰিছে, নিজৰ দেশতে লাখ লাখ কোটিৰ কেলেঙকাৰী কৰাজনটো সঁচাকৈ পাগলেই হব লাগিব! তুমি মই কৰিব পাৰিমনে? উত্তৰ কি দিম?আৰু পাগলৰনো কি বিচাৰ হব? এইটোও তেন্তে আৰু এটা ন্যায় ডিনাই কৰাৰ আন এক সৰল উপায়৷ জেইলত থকাৰ নতুন আকর্ষণীয় অসুখ……৷

No comments:

Post a Comment

Sponsor

AD BANNER

Pages