কবিতা
পথৰুঘাটত ফিডেল কেষ্ট্ৰ’
শীতৰ কুঁৱলিফালি শ্বিলংৰ পাহাৰেদি
নামি আহিছিল ফিডেল,
মুখ ভৰা দাড়ি, হাতত ঘৰুৱা চিগাৰ
পিন্ধনত চে-গুৱেভাৰাৰ টি চাৰ্ট, টুপি,
ডিঙিত চীনে উপহাৰ দিয়া মেগাপিক্সেল কেমেৰা ;
লক্ষ্য তেওঁৰ পথৰুঘাট....
ইতিহাস পঢ়ি তেওঁৰ ভাল লাগিছিল
২৮ জানুৱাৰী, ১৮৯৪
দৰঙৰ বুকুৰ পথৰুঘাট
ডি চি এণ্ডাৰচনে ইংলেণ্ডৰ ৰাণীৰ সেৱাত বঢ়াইছে কৰ
তহচিলদাৰ ভবানী চৰণ ভট্টাচাৰ্যই কৰিছে ঘামৰ দৰ
হাটৰ দিনাই লাগিছে জুই
মেলত জ্বলিছে ৰাইজ;
মেলত জ্বলিছে ৰাইজ;
নুবুজো ইয়াণ্ডাবু সন্ধি
কি উপনিবেশ অথবা কি শোষণৰ ফন্দী
মোৰ দেশৰ মাটিত কোনে কাঢ়ি নিয়ে
ঘামৰ ফচল, মুখৰ ভাত
জীৱন কিহত বন্দী?
সৌৱা ডাক বঙলাত চাহাব-চিপাহী;
সেউজ পথাৰত কৃষক নামিছে
জ্বলিছে ক্ষোভৰ অগ্নি,
দাৱানল হৈ আগ বাঢ়িছে প্ৰজা
ভয়ত কঁপিছে ৰজা
এচ পি বেৰিংটনৰ হুকুম,
আক্ৰমণ আক্ৰমণ
নিৰ্বিচাৰ লাঠি-চালনা,
ৰাইজৰ হাতৰ শিল বৰষুণ,
প্ৰত্যাক্ৰমণ প্ৰত্যাক্ৰমণ
কৰ পৰানো চোঁ মাৰি ওলালহি
বইঠাপাৰাৰ ফুকুলু শ্বেইখ,
বিয়াহপাৰাৰ থগা বৈদ্য
এচ পিৰ মূৰত সোধালে টাঙোন
চিগিল ডিচিৰ ধৈৰ্যৰ বান্ধোন
ফায়াৰ ফায়াৰ...
সেউজ পথাৰত বল তেজৰ ঢল
এশ চল্লিশজনৰ শৱ-দেহ পৰি ৰল ;
আকাশে বতাহে তেজৰ হলাহল...
স্মৃতিৰ ধূসৰ পাতত
পথৰুঘাট বিলীন হ’ল,
২৫বছৰ পাছৰ জালিৱনাবাগহে
ইতিহাসত জিলিকি ৰল৷
সেই পথৰুঘাটলৈকে ফিডেল অহাৰ কথা
শুনিব বুজিব শত-শ্বহীদৰআত্ম-ত্যাগৰ গাঁথা,
চুই-চাব হেনো শতিকা-যোৰা
কৃষকৰ দৈন্যতা
তাৰেই ভেটিত অনাৰ সপোন
বিপ্লৱী জোৱাৰ-ভাটা....পথৰুঘাটলৈ ফিডেল নাহিল,
সৰস্বতী পূজাৰ সুন্দৰীৰ ৰূপত
তেওঁ হ’ল মায়াবিষ্ট,
মাজবাটৰ মহানগৰীত ফিডেল নিৰুদিষ্ট ;
বাৰে বাৰে ফোন ঘূৰাই সুধিছো
দেখিছা তেওঁৰ কাণ্ড,
পাইছেনে কিবা খবৰ
হেল্ল হেল্ল’
গুমশুদা তালাচ কেন্দ্ৰ.....
সুন্দৰ কবিতা। কেৱ্ল মেগাপিক্সেল শব্দটো মোৰ বোধেৰে খাপ খোৱা নাই যেন লাগিছে। অতি সুখপাঠ্য আৰু সফল কাব্যিকতাৰ নিদৰ্শন।
ReplyDeleteধন্যবাদ হৃষীৰাজ৷ ময়ো অনুভৱ কৰিছো এতিয়া কথাষাৰ
ReplyDeleteবঢ়িয়া, অজয় বহুত ভাল লিখিছা।
ReplyDelete