বছৰৰ প্ৰথম লেখা- অখিলামি কোন দিশে? - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

বছৰৰ প্ৰথম লেখা-    অখিলামি কোন দিশে?

বছৰৰ প্ৰথম লেখা- অখিলামি কোন দিশে?

Share This

অখিলামি কোন দিশে
(১)
প্ৰস্তাৱনাঃ

যোৱাটো বছৰৰ শেষৰ সপ্তাহটোত এটা অসমীয়া নিউজ চেনেলত এজন বিশিষ্ট আলোচকৰ বক্তব্যৰ সাৰমৰ্ম আছিল এনেধৰণৰ- ‘‘অখিল গগৈৰ নেতৃত্বত গঢ় লৈ উঠা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনটোত অসমৰ দুখীয়া কৃষক-শ্ৰমিক তথা নিম্ন আয়ৰ ৰাইজ আহি একত্ৰিত হৈছেহি ৷ যোৱা কেইবা দশক জুৰি অসম কঁপাই থকা আনবোৰ আন্দোলনত যি দৰে অসমৰ মধ্যবিত্ত লোক সকলে অংশ লৈছিল বা নেতৃত্ব লৈছিল তাৰ তুলনাত এই কৃষক মুক্তিৰ আন্দোলনৰ গুণগত আৰু তত্ব-গত এক বৃহৎ পাৰ্থক্য আছে৷”

তেখেতে উনুকিয়াই দিয়া আন এটা গুৰুত্বপূৰ্ণ প্ৰসংগ হৈছে- যোৱা চাৰিটা দশকত অসমত গা-কৰি উঠা জনগোষ্ঠীয় বা নৃ-গোষ্ঠীয় আন্দোলন সমূহৰ সীমাবদ্ধতা ৷ নিজৰ নিজৰ গোষ্ঠীৰ স্বাৰ্থৰ কথাত গুৰুত্ব আৰোপ কৰি আন্দোলন কৰাৰ বাবে নিজ নিজ গোষ্ঠীৰ ৰাইজক একত্ৰিত কৰা হ`ল ৷ কিন্তু তাৰ ফলত বৃহত অসমীয়া জাতিক ফাল-ফাল কৰি দুৰ্বল কৰি তোলা হ`ল ৷

অসমৰ এজন সিংহপুৰুষ তথা একালৰ মুখ্যমন্ত্ৰীৰ চতুৰ, দিকদৰ্শী ৰাজনীতিৰ দূৰদৰ্শীতাৰ ফল এতিয়া শাসক সকলে উপভোগ কৰি আছে৷ ডিভাইড এণ্ড ৰুল পলিচিৰে সৃষ্ট এই নৃ-গোষ্ঠীয় আন্দোলনৰ খাম-খুমীয়াত মানুহৰ মৌলিক প্ৰয়োজনৰ মৌলিক দাবীৰ কথাবোৰ যোৱা কেইটা দশকত কৰবাত হেৰায়েই আছিল ৷

নৃ-গোষ্ঠীয় লোক-কলা, সাহিত্য-সংস্কৃতি তথা আত্ম-পৰিচয়ৰ সংকটমোচনেই এই সমূহ আন্দোলনৰ মূল হৈ ধৰা দিলে ৷ কিন্তু মানুহৰ মাটি-ভেটি-খাদ্য-সংস্থাপন-উৎপাদন-ৰাজহুৱা সম্পদৰ অধিকাৰৰ প্ৰশ্ন আদি বিষয়ত কোনো ধৰণৰ দিকদৰ্শী তথা পাৰদৰ্শী কথা-বতৰা এই আন্দোলন সমূহৰ মাজত পৰিস্ফুত হৈ নুঠিল ৷ কিন্তু আজিৰ এই সন্ধিক্ষণত মানুহে নতুনকৈ কথাবোৰ ভাবি চোৱাৰ অৱকাশ বিচাৰি পাইছে বা প্ৰয়োজনীয়তা অনুভৱ কৰিছে ৷

একোটা নীতিৰ আধাৰতহে দেশ শাসিত হয়, সেই কথা কেইজন সাধাৰণ মানুহে বুজি পায়? পঢ়া-শুনা কৰা মানুহৰ ভিতৰতো  এইবোৰ বিষয়ত অজ্ঞ বা কান নিদিয়া লোকেই সৰহ ৷ প্ৰকৃততে, শাসকীয় দলৰ নীতিৰ ওপৰতে ৰাইজৰ ভাগ্য নিৰ্ভৰ কৰে ৷ কাৰণ তেখেত সকলেই একোটা বিষয় বা সমস্যাৰ ওপৰত ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণ কৰে ৷

কিন্তু সংখ্যাগত ভাৱে, নীতিৰ ওপৰত বিবেচনা কৰি ভোটদান কৰাৰ মানুহৰ সংখ্যা তেনেই তাকৰ ৷ টকা এশ, এখন কম্বল, মদৰ বটল এটাৰ দ্বাৰাই সংখ্যাৰ গণনাত নেতা সকল বিজয়ী হৈ আহিছে৷ লাগিলে কোনো নীতিৰ পোষকতা কৰকেই অথবা তেওঁ নীতিহীনেই হওক!

ৰাষ্ট্ৰীয় নীতি আৰু তাৰ শেষ ফলাফল বুজি পাই, বিবেচনাৰে ভোটদান কৰাৰ বাবে প্ৰয়োজন ৰাজনৈতিক ভাৱে সচেতন ৰাইজৰ ৷ শাসকৰ নীতিৰ ফলাফলেই যে একোখন সমাজৰ সাধাৰণ মানুহৰ জীৱন দুখ ভৰা তথা দুৰ্বিবহ কৰি তুলিব পাৰে সেই কথা সৰহ ভাগেই নুবুজে ৷ ফলত এনে একোটা সাধাৰণ ভোটৰ জোৰতে টোপাল টোপালকৈ সাগৰ হোৱা বিবেচনাহীন ভোটৰ জোৱাৰ উঠে ৷ তাকে লৈ জিকা সকলে নিৰ্ধাৰণ কৰা নীতিয়েই পাছত গৈ সেই ৰাইজৰ ওপৰতে চুনামীৰ তাণ্ডৱ কৰে! তাৰেই ফলাফল দেশৰ আজিৰ এই শেহতীয়া শৌচনীয় অৱস্থা ৷

অখিল গগৈৰ নেতৃত্বত গঢ় লোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মসূচীৰ কথা অকণ বিচাৰ কৰি চালে দেখা যায় যে- তেখেত সকলে সাধাৰণ মানুহক এতিয়া কিছু ইচ্যু বা সমস্যাৰ ওপৰত সজাগ কৰিবলৈ চেষ্টা কৰিছে৷ শুই থকা সাধাৰণ মানুহক, কিছুমান মৌলিক প্ৰয়োজন মাটি-ভেটি-খেতিৰ কথাত জগাবলৈ যত্ন কৰিছে ৷ 

মজাৰ কথা এয়ে যে, যোৱা ৬৪টা বছৰৰ পাছতো স্বাধীন ভাৰতৰ সাধাৰণ জনতাক জাগ্ৰত কৰাৰ বাবে তেওঁলোকে সাধাৰণ মানুহৰ জীৱন নিবাহৰ সৰু সৰু অথচ মূল সমস্যা বোৰকেই বাধ্যত বাচি লব লগা হৈছে ৷ কাৰণ এই সমাজ ব্যৱস্থাই নাগৰিকৰ এই মৌলিক সমস্যা সমূহৰ সমাধানেই আজি-কোপতি প্ৰদান কৰিব নোৱাৰিলে ৷

যতেই সাধাৰণ মানুহে সমস্যাক লৈ মূৰ দাঙি উঠা যেন দেখিছে, তাতেই কৃষক মুক্তিৰ কৰ্মী গৈ হাজিৰ হৈছে ৷ মানুহক সংগঠিত কৰিছে, মানুহক সজাগ কৰিছে ৷ সেয়ে বাহিৰৰ পৰা দেখিবলৈ এনে লগা হৈছে, যেন কৃষকৰ সংগঠনে কিয় সকলোতে মাত মাতে? উত্তৰ কাছাৰ, ৰেচনৰ চাউল, মন্ত্ৰীৰ দুৰ্নীতি, বৃহত নদী-বান্ধ, গুৱাহাটীত মাটিৰ পট্টন, বনগাঁও সমূহত মানুহৰ বসতি আদি সকলোতে ৷

সকলোৱে জানে দুৰ্বলীক শাসন কৰাটোৱেই আটাইতকৈ সহজ কথা ৷ সেয়ে প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ অমৃতৰ সোৱাদ পোৱা পলিটিকেল ক্লাছৰ প্ৰৱক্তা সকলে, সৰহভাগ মানুহ ৰাজনৈতিকভাৱে অশিক্ষিত, দুৰ্বল অৱস্থাতে বৰ্তাই ৰখাৰ পোষকতা কৰে ৷ সংখ্যাত সৰহ এই সকল নিঃকিন লোক সজাগ হোৱাটো, ৰাজনৈতিকভাৱে সৱল হোৱাটো তেওঁলোকৰ কেতিয়াও কাম্য নহয় ৷ অসমীয়াৰ প্ৰৱচন মতে- সান্দহ খোৱা বালি তল যোৱাৰ ভয় ৷ গতিকে আটাইতকৈ দুখীয়া অথচ সংখ্যাত সংখ্যাগুৰু তথা নিৰ্ণায়ক সকলৰ সৱলীকৰণ তথা একগোট হোৱাৰ প্ৰক্ৰিয়াটোক যি কোনো প্ৰকাৰে বাধা দিয়াটো আজিৰ ৰাজনীতিৰ এটা অন্যতম মূলমন্ত্ৰ হৈ উঠিছে ৷

     আমি যদি বিচাৰ কৰি চাও, বিগত দশক কেইটাৰ আঞ্চলিকতাবাদী তথা গোষ্ঠীবাদী আন্দোলনে জন-সাধাৰণক মৌলিক সমস্যা আৰু সিবোৰৰ সমাধানৰ ক্ষেত্ৰত সজাগ কৰাৰ বাবে কিনো ভূমিকা গ্ৰহণ কৰিলে? তেতিয়াই ৰাইজক মাত্ৰ আৱেগত বলীয়ান নকৰি খুটি-নাটি মাৰি আন্দোলনৰ দাবী, সমস্যাৰ সমাধানৰ বাবে কাৰ্য-ব্যৱস্থা পৰ্যন্ত ৰাইজক ফঁহিয়াই দেখুওৱা, তাক ফলৱতী কৰাৰ উপায়েৰে ৰাইজক ৰাজনৈতিক ভাৱে শিক্ষিত কৰা হ`লে তথাকথিত চুক্তিবোৰ এইদৰে গেথেলা মাৰি নাথাকিলেহেতেনেই চাগে ৷

আজিৰ মেডিয়াইও কিন্তু এই ক্ষেত্ৰত সৱলভাৱে ভূমিকা পালন কৰিছে ৷ সপক্ষে হওক বা বিপক্ষেই হওক, মানুহক জগোৱাৰ কাম কৰিছে ৷ ই এক শুভ লক্ষণ ৷ ঋণাত্মক প্ৰচাৰৰো কিছুমান ভাল ফলাফল আছেই ৷


কাৰণ সময়ে সদায়েই সত্যক দেৰিকৈ হলেও পোহৰলৈ অনাৰ বাবে বাবে নিজৰ এক সুনিৰ্দিষ্ট পথৰ ব্যৱস্থা কৰিয়েই ৰাখে ৷ সত্য এদিন নহয় এদিন উন্মোচিত হবই ৷ অপ্ৰচাৰত ভোল যোৱা সকলৰ বাবেও তেতিয়া ভূল ভঙাত সহায়ক হব ৷ কিন্তু সামাজিক সমস্যাৰ ক্ষেত্ৰত পক্ষে-অথবা বিপক্ষে থিয়লৈ সকলো যে অন্তত জাগি উঠিছে, সেয়াও জনজাগৰণৰ অন্যতম ধনাত্মক দিশ ৷ অন্ততঃ সমালোচনাৰ  হলেও নৱ-প্ৰজন্মৰো এটা অংশই সমস্যাৰ কথালৈ অন্ততঃ মূৰ ঘমাইছে, সেয়াও বৰ আশাপ্ৰদ কথা!


এটা পুৰণা কথা উনুকিয়াব খুজিছো৷ সত্তৰৰ পৰা আশীৰ দশকত যেতিয়া বাওঁ দল সমূহে সাধাৰণ শ্ৰমজীৱি ৰাইজক সজাগ কৰাৰ কাম হাতত লৈছিল ৷ তেতিয়া বাওঁদল সমূহৰ গণ-সংগঠন গণনাট্য সংঘৰ মঞ্চত বহুতো গণশিল্পীয়ে ভিৰ কৰিছিল৷ ৰাইজৰ মাজত গনজাগৰণৰ চেষ্টা হাতত লৈছিল ৷ ১৯৬৭ৰ নিৰ্বাচনত বিধান সভাৰ মজিয়াত বাওঁদল সমূহে গপ-গপীয়া অৱস্থা প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছিল ৷ আশীৰ দশকতো বাওঁদল সমূহৰ এনে মৰ্যদা পূণ অৱস্থা হৈছিলগৈ যে বাকী সোঁ-পন্থী ৰাজনৈতিক দল সমূহৰ ভিতৰত কঁপনি উঠিবলৈ আৰম্ভ কৰিছিল ৷

তেতিয়া ৰাচিয়া, জাৰ্মানী, চেক গণৰাজ্য আদি দেশত অসমীয়া ল`ৰাগৈ ৰাজনৈতিক শিক্ষাৰে শিক্ষিত হৈ আহিছিলগৈ ৷ ৰাচিয়াৰ পৰা অনুদিত, প্ৰকাশিত আলোচনী ছোভিয়েট দেশ অসমীয়াৰ ঘৰে ঘৰে ৷ প্ৰগেছিভ বুক হাউচ, ভস্তকে প্ৰগতিশীল সাহিত্যৰ দেশী-বিদেশী কিতাপৰ অসমীয়া সংস্কৰণ বিক্ৰী তথা প্ৰকাশ কৰি এচাম ৰুচিশীল পাঠকক ৰাজনৈতিক ভাৱে শিক্ষিত কৰি তুলিছিল ৷

তেতিয়াই সোঁ-পন্থী ৰাজনীতিৰ দূৰদৰ্শী নেতা সকলে অসমত সাধাৰণ শ্ৰমজীৱি ৰাইজৰ ৰাজনৈতিকভাৱে সৱলীকৰণৰ প্ৰক্ৰিয়াটোৰ কঁকাল ভাঙিবলৈ এক দীৰ্ঘ অথচ ফলপ্ৰসূ আঁচনিৰ ৰূপায়ণ কৰিলে ৷ আঞ্চলিকতাবাদী ছাত্ৰ আন্দোলনটোৰ সতে বাওঁ-দল সমূহক কৌশলগত ভাৱে বিপৰীত মেৰুত তুলি ধৰা হ`ল ৷ অসম আৰু অসমীয়াৰ অহিত-চিন্তা কৰা বুলি লেবেল লগাই অসম আন্দোলনৰ অচিলাতে এই সকলৰো পুলি-পোখা উঘলাৰ সংঘবদ্ধ আঁচনি তৈয়াৰ হ`ল ৷

কেচেলুৱা ডেকা মখাক ঘৰ শত্ৰু বিভীষণ ৰূপে বাওঁ-দলৰ কৰ্মীক আঙুলিয়াই দি মাৰধৰ-হত্যা, ঘৰ জ্বলোৱা, পৰিয়ালক অত্যাচাৰ কৰিবলৈ লগাই দিয়া হল ৷ আৰু সেইচামে তাকেই কৰি সফলতা লভা বুলি ভাবিলে৷ তেওঁসকলৰ লগত সুৰ নিমিলালে পিটন দিয়াকে আন্দোলন বা বিপ্লৱ বুলি ভাৱিলে!


কিন্তু সাধাৰণ মানুহৰ সাধাৰণ সুখ-দুখত আঘাত সানিব পৰা যি কোনো নীতিৰ বিৰোধিতা এই সকল বাওঁ-পন্থীৰ বাদে আনে যে নকৰে, সেয়া আজিহে ৰাইজে বুজি পাইছে ৷ এই বাওঁপন্থী দলবোৰক দুৰ্বল কৰাত নেতা সকলৰ ঐতিহাসিক ভূল সমূহৰ উপৰিও আদৰ্শগত সৰু সৰু কথাতে দল ভাগ ভাগ হোৱা প্ৰক্ৰিয়াটোৰ অৰিহণাও কম নহয়!
  
যি কি নহওক অসমৰ মানুহৰ মৌলিক সমস্যাৰ সমাধানৰ সন্ধানতকৈ, বাংলাদেশী, ভাষা, জাতি-সত্বাৰ সংকট, সীমাত কাঁটা তাঁৰ, শেহতীয়াকৈ স্বাধীনতা আদি শব্দৰ মায়াজালতে অসমীয়া মানুহৰ মনবোৰ ব্যস্ত ৰখা হল ৷ 


জনজাগৰণ তথা ৰাইজক ৰাজনৈতিক ভাৱে শিক্ষিত কৰাৰ সেই যতি পৰা প্ৰক্ৰিয়াটো পুনঃ এতিয়া কন-কঠিয়াসহ গজিবলৈ আৰম্ভ কৰিছে, সেয়াও এক আশাৰ কথা ৷ অসমৰে দুখীয়া-নিচলা বৰ্গৰ মানুহে আজি নিজৰ জীৱন-মৰণৰ সমস্যা, ঘৰ-মাটিৰ সমস্যা, আজনৰ পথ আদিক লৈ সচেতন হবলৈ আগবাঢ়িছে ৷ অসমত মাটিত গোজ মাৰিলেই শস্য-শ্যামলা হোৱাৰ প্ৰাকৃতিক আশীবাদৰ ফলত যদিও খুৱ কম মানুহেই সৰ্বহাৰা ৷ তথাপি কষ্টৰ মূৰত খাবলৈ দুবেলা দুমুঠিৰ যোগাৰ কৰা সেই সকলকো আজিৰ অথনৈতিক নীতি তথা সমাজ-ব্যৱস্থাই কোঙা কৰি আনিছে ৷


ৰ্দুনীতি, মূল্যবৃদ্ধিৰ কেকোঁৰা চেপাত থৰ লগা এই সকলেই আকৌ প্ৰকৃতিৰ অভিশাপ বানৰ কৱলতো চটফটাব লগা হৈছে৷ ওখমাটি, বানে নোপোৱা সুচল কৃষি-ভূমিৰ বেছি অংশ এতিয়াও বহুজাতিক বা দেশী কোম্পানীৰ বাগিচাৰ দখলত ৷ বেছিভাগ সাধাৰণ অসমীয়াৰ হাতত মাথো নৈ-পৰীয়া বানে ধোৱা খেতি-মাটি ৷ ভূতৰ ওপৰত দানৱ পৰাদি নদীৰ-বান নিয়ন্ত্ৰণত বিফল চৰকাৰে সেই নদীকে ভেটা দি টাৰবাইন ঘূৰাই বিজুলী শক্তি উৎপাদনৰ কথা ভাবিছে ৷ অথচ তাৰ ফলত নৈ-পৰীয়া মানুহৰ জীৱন বিপন্ন হব পৰা সম্ভাৱনীয়তাৰ কথাক কৌশলপূৰ্ণ ভাবে নুই কৰি আহিছে ৷

আচলতে অখিল গগৈৰ নেতৃত্বত এই আন্দোলন, সমদল, অৱৰোধ আদিবোৰ হোৱাৰ বাবে শাসক বা আন ৰাজনৈতিক শক্তি সমূহ শংকিত হোৱা নাই ৷ চলনা কৰি ঠগি অহা সাধাৰণ দুখীয়া মানুহেও সজাগ হৈ তেওঁ সৱৰ চলনা বুজি পোৱাকৈ শিক্ষিত হোৱাৰ শংকাতহে ভূগিছে৷ 


এই সমস্যা ভিত্তিক আন্দোলন সমূহৰ ধনাত্মক দিশকেইটা হৈছে- নৃ-গোষ্ঠীয় বাদ-বিসম্বাদৰ পৰা আঁতৰলৈ আহি মৌলিক কথাত পুনৰবাৰ অসমীয়া জাতীয় সংগঠন সমূহে একমত বা সহমত বা সহমৰ্মীতাৰে একে দিশত কাম কৰিছে৷ এইয়া বিগত দুবছৰত গঢ়ি উঠা নতুন ৰূপৰ জন-আন্দোলন সমূহৰ সুফল ৷

     জন-আন্দোলনৰ কাম হৈছে জনতাক কঁপাই তোলা বা জনতাক জগাই তোলা ৷ এই কামত অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতি সফল হৈছে ৷ সৰু সৰু গাঁও, সৰু সৰু ঠাইত, শাখা কমিটি পৰ্যন্ত গঠনেৰে তৃৰ্ণমূল পযায়ত গণভিত্তি গঢ়ি তোলাৰ খবৰ পোৱা গৈছে ৷ ৰাজনৈতিক শিক্ষা শিবিৰৰ যোগে নতুন নতুন মুখ শিক্ষিত হৈছে ৷ নেতৃত্বৰ কথা কৈছে, দ্বায়িত্ব লব পৰা হৈছে, এইবোৰেই জন-আন্দোলনৰ একোটা পকি উঠা ফল, যি অলেখ নতুন বীজ বহন কৰি আনিছে ৷

     এই জন-আন্দোলনবোৰৰ ফলাফল একে ৰাতিতে পোৱা নাযায় ৷ সেয়া আমি বুজি পাব লাগিব, হৃদয়ঙ্গম কৰিব পাৰিব লাগিব ৷ ৰাজনৈতিক শিক্ষাৰে সজাগ কৰাৰ এই প্ৰচেষ্টাক বহুতেই ঋণাত্মক দিশত ৰাষ্ট্ৰ-বিৰোধী কাম হিচাবে আখ্যা দিবলৈ চেষ্টা কৰিছে৷ প্ৰকৃততে এইয়া ৰাষ্ট্ৰ-সেৱাহে ৷ এখন কল্যাণকামী ৰাষ্ট্ৰৰ গণতন্ত্ৰক সফলকাম কৰিবৰ বাবে এই সেৱাৰ অতি আৱশ্যকতা আছে ৷

     লাগিলে ই কাৰোবাৰ বাবে, কাৰোবাৰ দশক দশক জোৰা লুণ্ঠনৰ বাটত হেঙাৰ হৈয়েই থিয় নিদিয়ক কিয় ৷ এইবোৰ প্ৰচেষ্টাক ৰাজনৈতিক গাডী দখলৰ অপচেষ্টা, পাবত গজা নেতা আদি তুচ্যাৰ্থক শব্দৰ ব্যৱহাৰ কৰি নিচ কাম ৰূপে গণ্য কৰাব খোজাটো এক চতুৰ বাতুলামী মাত্ৰ ৷

এনে জন-জাগৰণৰ এক সুদূৰ প্ৰসাৰী ফল আছে, তাক আজি আমি নুই কৰিলে নহব ৷ এইয়া মাত্ৰ এক আৰম্ভণিহে, মানুহক চৌপাশৰ সমস্যাৰে সচেতন কৰি জগোৱাৰ ৷ জাগ্ৰত জনতাক লৈ পৰিবতনৰ জোৰ ধৰাৰ পথ আচলতে এতিয়াও বহুত বাকী ৷ মানে সাগৰলৈ বহুদূৰ!

(অহা খণ্ডতঃ অখিলামিৰ সংজ্ঞা আৰু বৰ্জিত শব্দাৱলী)

No comments:

Post a Comment

Sponsor

AD BANNER

Pages