প্ৰস্তাৱনাঃনিষিদ্ধ কিতাপৰ সন্ধানত
আটাইতকৈ সহজ হেনো সৰাপাতৰ জীৱন৷ বতাহ যি ফালেই বলে মাথো উৰি গলেই হল৷ নাই লক্ষ্য, নাই স্বপ্ন৷ সৰাপাতৰ নাই কোনো সেউজীয়া সপোন, নাই বেলিৰ হাতৰ পৰা ৰদৰ কণিকা বুটলি হৰিৎকণাৰ বুকুত সৃষ্টিৰ তাড়না৷ কিছু মানুহৰ জীৱন সৰাপাতৰ, আন কিছুমানৰ জীৱন সেউজীয়া সম্ভাৱনাৰে সমৃদ্ধ৷
পৃথিৱীৰ বতাহ জাকৰ বিপৰীতে গতি কৰাৰ হাবিয়াস লৈ কিছুৱে কলম জোকাৰে৷ চিন্তাই সাৰ পায়, নতুন দিগন্তই মূৰ দাঙি উঠে৷ তেওঁ লোকৰ কলমৰ খচখচনিত নিদ্ৰাভংগ হয় বহুজনৰ সুখৰ শেতেলীত৷ হাজাৰ শস্ত্ৰৰে সু-সজ্জ্বিত শক্তিশালী, কোটি টকীয়া অট্টালিকাৰ পহৰা, সুৰক্ষা, ঢাল, বুলেট প্ৰুফ জেকেট নেওচি তেওঁলোক বিধ্বস্ত হয় শব্দবানত৷ সেয়ে কও তেনে শব্দ- শব্দ ব্ৰহ্ম৷
নিষিদ্ধতাৰ আমেজঃ
আদম-ইভৰ আজো-পৰি নাতি সকলৰ সহজাত বাসনা, নিষিদ্ধ ফলত একামোৰ মাৰি এচকল খোৱাৰ৷ সেয়ে নিষিদ্ধ কিতাপ হৈ পৰে অন্য এক আমেজ, আৰু আমিও হৈ পৰো একামোৰ মৰা নাতি-পুতি৷
কিতাপৰ পৃথিৱীত শাসক বা শক্তিশালী সকল যেতিয়া শব্দ বানৰ প্ৰতি হৈ পৰে সন্ত্ৰস্ত, তেতিয়াই সৃষ্টি হয়, তাক বাধা দিয়াৰ অন্যায় প্ৰয়াস৷ ৱিকিপেডিয়াৰ মতে, সহজতে পাব পৰাৰ বাট-ৰুদ্ধ কৰাকেই হেনো কোৱা হয়, নিষিদ্ধ কৰা৷ অথচ ভাৰত চৰকাৰৰ প্ৰকাশন বিভাগৰ সঞ্চালকালয়তো হেনো কোনো অফিচিয়েল নথি নাই৷ যত আপুনি মই বিচাৰি পাব পাৰো ভাৰতত নিষিদ্ধ ঘোষিত কিতাপৰ এক সঠিক তালিকা৷ কিন্তু কিতাপ প্ৰকাশ হৈয়ে আছে, তাৰে পাছে পাছে বিতৰ্ক আৰু তাৰ ফলাফল নিষিদ্ধ ঘোষণা৷
নিষিদ্ধতাৰ ইতিহাসঃ
এই ইতিহাস বহু পূৰণি৷ যীশুৰ জন্মৰ পৰা তৃতীয় শতিকাতে অৰিয়াছে (খ্ৰী ২৫৬-৩৩৬) তেখেতৰ কিতাপ থালিয়া(Thalia) তথা আন ৰচনা, কবিতাৰ মাজত ৰোমান ধৰ্মীয় বিশ্বাসৰ ( Trinitarianism )ৰ বিপৰীত ভাৱধাৰা প্ৰচাৰ কৰাৰ বাবে সমগ্ৰ ৰোমান সাম্ৰাজ্যত নিষিদ্ধ কৰা হৈছিল৷ অৰিয়াছৰ সকলো লেখনি পুৰি পেলাবলৈ আদেশ দিয়া হৈছিল, দেশৰ পৰা নিৰ্বাসন আৰু শেষত তেওঁৰ লেখাৰ বাবেই হত্যা কৰা হৈছিল৷ তেওঁৰ সকলো লেখনিক কেথলিক গীৰ্জাই অনাগত হাজাৰ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰিছিল৷
নিষিদ্ধ কিয়?
তাৰ সংজ্ঞাও বেলেগ বেলেগ৷ এই সংজ্ঞা দেশ, পৰিসীমা,শাসক, কাল, মানুহ, চিন্তাৰ প্ৰগতি আদিৰ সতে ভিন্ন ভিন্ন৷ সাধাৰণ দৃষ্টিত যৌনতাৰ কিতাপৰ নিষিদ্ধতা বয়সৰ সীমাত নিৱদ্ধ৷ কিছু লেখা ধৰ্মীয় বিশ্বাস-তথা প্ৰচলিত বিচাৰ ধাৰাৰ বিপৰীতে যোৱাৰ বাবে অগ্ৰহণযোগ্য৷ আন কিছুমান আকৌ ব্যক্তিৰ ছবি বা পৰিচয়ক হানি ওপচোৱাৰ উপক্ৰম কৰাৰ বাবে নিষিদ্ধ ঘোষিত হয়৷
পৃথিৱীৰ ভিন্ন দেশৰ এনে গ্ৰন্থ নিষিদ্ধকৰণৰ কথা অধ্যয়ন কৰিলে কিছুমান কমন কাৰণ বিচাৰি পোৱা যায়৷ যোৱা কেইটা শতিকাত সতকাই দৰ্শোৱা কাৰণ সমূহত সততে ব্যৱহৃত হোৱা শব্দাৱলী এনেধৰণৰ- অতিশয় যৌনতা, যৌন আতিশয্যৰ উন্মোচন, চৰিত্ৰ হনন, বিপ্লৱী ধাৰণা, প্ৰতিবিপ্লৱী চিন্তা, যুদ্ধৰ হকে, যুদ্ধৰ বিপক্ষে মত পোষন, ধৰ্মৰ ৰীতি-নীতিক লৈ মতপোষণ, দুৰ্বলতা উন্মোচন, নাৰী নিৰ্যাতন, সাংঘাতিক অপৰাধৰ কাহিনী, ভূল বাখ্যা, মানৱ অধিকাৰ উলংঘা, দেশৰ আত্ম-সন্মানত আঘাত, শাসকৰ ভণ্ডামি উন্মোচন ইত্যাদি৷
ভাৰতত বেছি ব্যৱহৃত এনে কাৰণ শব্দাৱলীৰ ভিতৰত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিকাৰী উপাদান, ধৰ্মীয় অনুভূতি, সংখ্যালঘূৰ অনুভূতি, মাওবাদী, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু নামী পৰিয়ালৰ ওপৰত আক্ৰমণ অন্যতম৷
কিতাপ নিষিদ্ধ কৰণৰ ভিন্ন ৰূপঃ
নিষিদ্ধ ঘোষণাৰ ৰূপ বেলেগ বেলেগ হব পাৰে৷
১. কিতাপৰ পুনঃ মুদ্ৰণ বন্ধ কৰাঃ এডলফ হিটলাৰৰ ৰচিত বিতৰ্কিত গ্ৰন্থ মেইন কেম্ফ (Mein Kamf , 1925) ত থকা ৰাজনৈতিক দৰ্শনৰ প্ৰচাৰ ৰোধ কৰাৰ বাবে ইউৰোপিয়ান ইউনিয়ন, তথা ৰাচিয়ানৰ দেশবোৰত নিষিদ্ধ৷ জাৰ্মানীত আকৌ কিতাপৰ স্বত্বাধিকাৰি এখন মুক্ত ৰাজ্য বেভেৰিয়া৷ বেভেৰিয়ান প্ৰশাসনে এই গ্ৰন্থৰ পুনঃ মুদ্ৰণ হবলৈ নিদিয়ে, অথচ মানুহৰ ওচৰত ইতিমধ্যে থকা কপি সমূহ পঢ়া আৰু বিতৰণত বাধা নাই৷ কিন্তু একেখন কিতাপকে অষ্ট্ৰিয়াত কিতাপখন লগত থকা বা বিতৰণ কৰিলেও নাজী দৰ্শনৰ প্ৰৱক্তা বুলি দহ বছৰ পৰ্যন্ত কাৰাগাৰ বাসৰ শাস্তি বিধান আছে৷
২. কিতাপখনৰ চেন্সৰ ৰূপৰ পুনঃ মুদ্ৰণঃ আমেৰিকাৰ কৰ্নেল এণ্ঠনী চেফাৰৰ অপাৰেচন ডাৰ্ক হাৰ্ট (Operation dark heart, 2010) ক হঠাত আৰ্মীয়ে প্ৰকাশৰ বাবে দিয়া অনুমতি উঠাই লৈ বজাৰত উপলব্ধ প্ৰথম প্ৰকাশৰ ৯৫০০ কপি নিৰাপত্তা বিভাগে সমুদায় কিনি আনি জ্বলাই দিয়ে৷ তাত হেনো ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কে শ্ৰেণীবদ্ধ তথ্যৰ যোগান ধৰা হৈছিল৷ পাছত প্ৰকাশকে চেন্সৰ কৰা দ্বিতীয় সংস্কৰণ মুদ্ৰণ কৰিব লগা হয়৷
৩. পেকেট কৰি বিককঃ ইচ্ছামৃত্যু সম্পৰ্কীয় গ্ৰন্থ পিচফুল পিল হেণ্ডবুক (Peaceful Pill Handbook, 2007)ত ইচ্ছামৃত্যুৰ নিৰ্দেশনা থকা বাবে নিউজিলেণ্ডত বিক্ৰী বন্ধ কৰে৷ পাছত চেন্সৰ কৰা সংস্কৰণ প্লাষ্টিকৰ পেকেটত চীল কৰি বিকাৰ অনুমতি দিয়ে যদিও, পাছত ৰিভিউ কৰি সম্পূৰ্ণ নিষিদ্ধ ঘোষণা কৰে৷
৪. সাময়িক নিষিদ্ধ কৰণঃ চিভিল ৱাৰৰ সময়ত আংকল টমচ কেবিন (Uncle tom's cabin, 1852, by Harriet Beecher Stowe) কিতাপখন দক্ষিণ আমেৰিকাত ক্ৰীতদাস-প্ৰথা সৰ্ম্পকীয় আলোচনাৰ বাবে নিষিদ্ধ আছিল৷ আনকি ৰাছিয়াতো নিকোলাচৰ শাসনৰ সময়ত গ্ৰন্থখনত মানুহৰ সমতাৰ জয়গাণ থকা বুলি নিষিদ্ধ কৰি ৰাখিছিল৷
৫. শাসকৰ সলনি ঃ পাকিস্তানৰ মিলিটেৰী শাসকৰ দিনত আয়েশা চিদ্দিকিৰ মিলিটেৰী ইনকঃইনচাইড পাকিস্তান মিলিটেৰী ইকনমী গ্ৰন্থখন শাসক সলনি হোৱালৈ নিষিদ্ধ আছিল৷
৬. প্ৰকাশকে নিজে কৰা নিষিদ্ধ কৰণ ঃ যুগোশ্লভকিয়াত প্ৰকাশ হোৱা ৱাটাৰ চেড নামৰ কিতাপখন তেনে এক উদাহৰণ যাক প্ৰকাশকেই পাছলৈ নিষিদ্ধ ঘোষণা কৰিছিল৷
৭. ৰাজহুৱা লাইব্ৰেৰীৰ পৰা অপসাৰণঃ লিচুৱেল মেৰিজ নামৰ নিক প্ৰনৰ সত্য অপৰাধৰ কাহিনী গ্ৰন্থ খন ভূল বৰ্ণনাৰ অপৰাধত চেণ্ট কেথৰিনৰ সকলো ৰাজহুৱা লাইব্ৰেৰীৰ পৰা যুগলৈ আঁতৰ কৰা হয়৷
৮. সাহিত্যৰ ইতিহাসৰ পৰা নিচিহ্ন কৰণঃ এনে ধৰণৰ চূড়ান্ত নিষিদ্ধ কৰণৰ সন্মুখীন হৈছিল কমিউনিজিম আৰু ৰাষ্ট্ৰীয়তাবাদৰ বিৰোধী চেন কংগৱেন(Shen Congwen, 1902-1988)৷তেখেতৰ ৰচনাৱলী টাইৱানত নিষিদ্ধ আছিল৷ মূল চীনৰ প্ৰকাশক গোষ্ঠী সমূহে তেওঁৰ সকলো কিতাপ জ্বলাই পেলাইছিল, তেওঁৰ প্ৰিণ্টিং প্লেটবোৰ ন্ষ্ট কৰি পেলাইছিল৷ এনে সফল আৰু প্ৰৱল নিষিদ্ধকৰণৰ দ্বাৰা চেনৰ নাম আধুনিক সাহিত্যৰ যি কোনো তথ্যৰ পৰা এনেদৰে মচি পেলোৱা হল যাতে তেওঁৰ নামেই আজিৰ প্ৰজন্মই চিনি নাপায়৷
৯. বিপৰীত্যঃ ১৯৮১চনৰ নন্দিন গৰডেমাৰ (Nandine Gordimer)ৰ কিতাপ জুলীজ পিপল নামৰ নিষিদ্ধ গ্ৰন্থখন হেনো দক্ষিণ আফ্ৰিকাত এতিয়া স্কুলীয়া পাঠ্যপুথি!
নিষিদ্ধ ঘোষণাৰ তিতা-মিঠা কাহিনীঃ
১. বিশ্বাস কৰিবনে? এলিচ এডভেন্সাৰ ইন ৱানডাৰলেণ্ড কিতাপখনো হেনো একালৰ নিষিদ্ধ গ্ৰন্থ৷ লিৱিছ কেৰলৰ অমৰ শিশু সাহিত্য (১৮৬৫ চনত প্ৰকাশিত) খনক চীনৰ হুনান প্ৰদেশৰ জেনেৰেল হো চীয়েনে নিষিদ্ধ কৰিছিল ৷ তেখেতৰ যুক্তি আছিল, যে জন্তু বোৰৰ মুখত মানৱৰ মাত-কথাই সমগ্ৰ মানৱ জাতিক হেয় কৰিছে৷ আৰু এই লজ্জাজনক কাহিনী তেওঁৰ দেশৰ শিশুৱে শিকাটো হেনো তেওঁ কামনা কৰা নাছিল৷
২. বৰ্ণ-বৈষম্যৰ দিন বোৰত প্ৰকাশ হোৱা ব্লেক বিউটি নামৰ কিতাপখন দক্ষিণ আফ্ৰিকাত নিষিদ্ধ হৈছিল৷ কাৰণ তাত হেনো ব্লেক শব্দটো কিয় লিখিব, ই অপমান জনক!
৩. জৰ্জ অৰৱেলৰ এনিমেল ফাৰ্ম নামৰ ৰাজনৈতিক ব্যংগত্মাক কিতাপখনৰ চৰিত্ৰত গাহৰিয়ে কথা কোৱা বাবেই আৰৱ দেশ সমূহত নিষিদ্ধ৷
৪. জিন্নাহ অৱ পাকিস্তান (১৯৮২) নামৰ ষ্টেনলী উলপাৰ্ট(Stanely Wolpert)ৰ কিতাপখনত জিন্নাৰ মদ আৰু গাহৰি প্ৰীতিৰ কথা উল্লেখ থকা বাবেই পাকিস্তানত চিৰকালৰ বাবে নিষিদ্ধ৷
৫. দ্যা কিং নেভাৰ স্মাইলচ নামৰ আত্মজীৱনীখনত থাইলেণ্ডৰ ৰজাক উপলুঙা কৰাৰ অপৰাধত নিষিদ্ধ হৈছে৷
কবিতাৰ পৃথিৱীত হউল(Howl) নামৰ এলেন গিনচবাৰ্গৰ কবিতা পুথিখন ১৯৫৭ চনতে প্ৰথম প্ৰকাশৰ সকলো কিতাপ চানফ্ৰান্সিচকো কাষ্টমচে জব্দ কৰে৷ পাছত অভিযোগৰ বিপৰীতে কেচত জয় লাভ কৰাৰ পাছত কিতাপ খনৰ মুক্ত প্ৰচলন হয়৷
অভিধান নিষিদ্ধ কৰণৰ ইতিহাসত য়ুগোশ্লকভিকিয়াৰ অভিধান খনত ভূল শব্দাৰ্থৰ বাবে নিষিদ্ধ হোৱাৰ নজিৰ আছে৷সংখ্যাত বেছি নিষিদ্ধ গ্ৰন্থৰ ভিতৰত জীৱনী, আত্মজীৱনী আৰু উপন্যাসৰ সংখ্যাই সৰহ৷
১৯৪৫ চনত য়ুগোশ্লকভিয়াত কমিক বুক The nickel plated feet gang খনো নিষিদ্ধ কৰা হৈছিল৷
মাৰ্ক্সিষ্ট-লেনিনিষ্ট দৰ্শনৰ বাবেও The Fugitive নামৰ গ্ৰন্থখন ১৯৫০ৰ পৰা ২০০৬ চনলৈ সু-দীৰ্ঘ ৫৬ বছৰ নিষিদ্ধ আছিল৷
ভাৰতত নিষিদ্ধ কিতাপঃ
স্বাধীনতাৰ পাছত ভাৰত পৃথিৱীৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰ, যত সকলোৰে নিজস্ব দৃষ্টিভ্ংগী তথা মত প্ৰকাশৰ অধিকাৰ আছে৷ তথাপিও ভাৰততো অনেক স্পৰ্শকাতৰ বিষয় উন্মোচন কৰা কিতাপ সময়ে সময়ে নিষিদ্ধ ঘোষিত হৈ আছে৷ গান্ধী, নেহৰুৰ সমালোচনা, ইচলামৰ সমালোচনা আদি বিষয়ত আজিও সহ্য কৰিব পৰা গুণ ভাৰতীয় গণতন্ত্ৰই আহৰণ কৰিব পৰা নাই৷ কিছু কিতাপ যদিও মুক্ত বজাৰত উপলব্ধ নহয় তথাপি ইণ্টাৰ নেটৰ আমাজান.কম আৰু গুগুল বুকচত ইয়াৰে কিছু বিচাৰি পোৱা যায়৷
ভাৰতত কৰ্পৰেট জালিয়াতীৰ প্ৰধান প্ৰতিস্থাপক, পৃষ্ঠপোষক ধীৰুভাই আম্বানীৰ কৰ্ম-কাণ্ডক উন্মোচন কৰি লিখা গ্ৰন্থ দ্যা পলিয়েষ্টাৰ প্ৰিন্সঃদ্যা ৰাইজ অৱ ধীৰুভাই আম্বানী (১৯৯৮) নামৰ হামিচ মেকডনাল্ডৰ গ্ৰন্থখন ভাৰতত নিষিদ্ধ৷ এইখন কিতাপৰ কথা গুগল বুকচত উল্লেখ আছে যদিও প্ৰিভিউ পৰ্যন্ত উপলব্ধ নোহোৱা কৰি ৰখা হৈছে৷
শেহতীয়াকৈ নেহৰুৰ জী আৰু তেওঁৰ সতি-সন্ততি সকলৰ ওপৰত ইণ্টাৰনেটত উপলব্ধ তথ্যৰ হিন্দী অনুবাদ সংকলিত কৰি ৰচনা কৰা এখন গ্ৰন্থ নিষিদ্ধ ঘোষণা কৰা হৈছে৷ নেহৰুৰ পৰা গান্ধী উপাধিৰে পৰিয়াল কেন্দ্ৰিক শাসনৰ পাতনি মেলা এই বংশৰ চেকুলাৰজিমৰ ওপৰত প্ৰশ্ন তোলা এই কিতাপ খনৰ লেখক ভূপালৰ হৰিৰাম গুপ্তা৷ নেহৰু গান্ধী পৰিবাৰঃ চেকুলাৰ অৰ বৰ্ণ-সংকৰ নামৰ কিতাপখনত শাসক গান্ধী পৰিয়ালক বৰ্ণ-সংকৰ বুলি উল্লেখ কৰি দেশক ধ্বংসৰ মুখলৈ লৈ যাব বিচৰা বুলি লিখাৰ বাবে কিতাপখনক নিষিদ্ধ ঘোষণা কৰি ৰখা হৈছে৷ইয়াত চোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ ব্যৱসায়ীক সৰ্ম্পকৰ ওপৰতো অধ্যায় সন্নিবিষ্ট আছে৷ গৃহ মন্ত্ৰালয়ে নেহৰু -গান্ধীৰ চৰিত্ৰ হনন, তথা সাম্প্ৰদায়িক সম্প্ৰীতিৰ দোহাই দি আৰু তথ্যৰ ওপৰত আধাৰিত কথা নহয় বুলি কিতাপ খনৰ প্ৰকাশ আৰু বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে৷
আমিও বৃটিছৰাজৰ পৰা আজিৰ দিনলৈ সময়ে সময়ে ভাৰতত নিষিদ্ধ ঘোষিত কিছু কিতাপৰ তালিকা আৰু তাৰ উপলব্ধতাৰ এক তালিকা তৈয়াৰ কৰিছো৷ আঞ্চলিক ভাষাৰ কিতাপৰ তথ্য এতিয়ালৈ ইয়াত সন্নিবিষ্ট কৰিব পৰা হোৱা নাই৷
যদিও এই তালিকা স্বয়ং-সম্পূৰ্ণ নহয়, তথাপি ই ভাৰতৰ বাক স্বাধীনতাৰ ওপৰত শতিকাজোৰা চলি থকা চেন্সৰ তথা আক্ৰমণক নিঃ-সন্দেহেই সম্পূৰ্ণভাৱে প্ৰতিফলিত কৰিব৷
ভাৰতত নিষিদ্ধ কিতাপৰ এখন স্ব-সংগ্ৰহীত তালিকাঃ
নং | কিতাপৰ নাম | লেখক | নিষিদ্ধকৰণ | কাৰণ | উপলব্ধতা | |
আমাজান.কম | গুগল বুকচ | |||||
১ | আন আৰ্মড ভিক্টৰী | বাৰ্টাণ্ড ৰাচেল | ১৯৬৩ ভাৰতত নিষিদ্ধ | চীন-ভাৰতৰ ১৯৬২চনৰ যুদ্ধৰ অসহনীয় সত্য কথা | ||
২ | গ্ৰেট চউলঃ মহাত্মা গান্ধী এণ্ড হিজ ষ্ট্ৰাগল ৱিথ ইণ্ডিয়া(২০১১, জীৱনী) | যোচেফ লেলিভেল্ড | গুজৰাট আৰু পশ্চিম ভাৰতীয় কিছু ৰাজ্যত | মহাত্মা গান্ধীৰ এক সহকামী সৰ্ম্পক থকাৰ উল্লেখ | ||
৩ | ইচলাম-এ কনচেপ্ত অফ পলিটিকেল ৱৰ্ল্ড ইনভেজন(২০০৩, ৰাজনৈতিক দৰ্শন) | আৰ ভি ভাচিন | মহাৰাষ্ট্ৰত ২০০৭ চনত | সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্টৰ আশংকাত | ||
৪ | জিন্নাহঃ ইণ্ডিয়া-পাৰ্টিচন-ইণ্ডিপেণ্ডেনচ (২০০৯, জীৱনী) | যশৱন্ত সিং | গুজৰাটত ২০০৯ত, পাছত হাইকৰ্টে ৰায়দান কৰি প্ৰত্যাহাৰ কৰে | আপত্তিজনক লেখা | ||
৫ | নাইন আৱাৰচ টু ৰামা (১৯৬২, উপন্যাস) | ষ্টেনলী ৱোলপাৰ্ট | ভাৰতত নিষিদ্ধ | মহাত্মা গান্ধী হত্যাকাণ্ডৰ দিনা নিৰাপত্তা সুৰুঙাৰ বাবে দায়ী সকলৰ নাম উন্মোচন | ||
৬ | ৰঙ্গীলা ৰচুল (১৯২৭, ধৰ্মীয়) | পণ্ডিত চমুপতি | ভাৰত, বাংলাদেশ, পাকিস্তান | ধৰ্মগুৰু তথা ধৰ্মীয় লোকাচাৰৰ আঁৰৰ ভণ্ডামিৰ উন্মোচন | ||
৭ | ই চাটানিক ভাৰ্চেজ(১৯৮৮, উপন্যাস) | চলমান ৰুশ্বদি | ভাৰত, বাংলাদেশকে ধৰি বহু দেশত | ইছলামক অপমান, ফতোৱাৰ সন্মুখীন | ||
৮ | চফ্ট টাৰ্গেটঃ হাউ দ্যা ইণ্ডিয়ান ইণ্টেলিজেন্স চাৰ্ভিছ পেনিট্ৰটেড কানাডা(১৯৮৯, অনুসন্ধান সাংবাদিকতা) | জুহেইৰ কাশ্মেৰী আৰু ব্ৰিয়ান মেক-এণ্ড্ৰু | ভাৰতত | চোৰাংচোৱা, কৃটনীতিবিদৰ মুখা-খুলি দিয়াৰ বাবে | ||
৯ | স্মেচ এণ্ড গ্ৰেৱঃ এনেক্সেচন অৱ চিকিম(১৯৮৪, নন-ফিকচন) | সুনন্দা দত্ত-ৰয় | ভাৰতত, লগতে আইনী হাৰাশাস্তি আৰু লগতে পৃথিৱীৰ কতো বিক্ৰী কৰিব নোৱাৰাৰ ব্যৱস্থা কৰে | স্বাধীন বৌদ্ধ-ধৰ্মী দেশ চিকিমক কেনেকৈ ১৯৭৫ চনত ইন্দিৰা গান্ধীৰ আদেশত ভাৰতে দখল কৰিলে, তাৰ বৰ্ণনা | ||
১০ | আণ্ডাৰষ্টেণ্ডিং ইছলাম থ্ৰু হাডিচ(১৯৮২, ইছলাম সমালোচনা গ্ৰন্থ) | ৰাম স্বৰূপ | ভাৰতত নিষিদ্ধ | ইছলামৰ সমালোচনা | ||
১১ | এ ষ্ট্ৰাগল বিটুইন টু লাইনচ অভাৰ দ্যা কুৱেশ্বন অফ হাউ টু ডিল ৱিথ আমেৰিকান ইমপেৰিলিজম | ফেন আশ্বিদ-শ্বু (১৯৬৫), পেকিং | ৬ডিচেম্বৰ৬৯ ভাৰতত | আমেৰিকান উপনিবেশবাদ ৰোধৰ বাবে নতুন পথৰ সন্ধান | নাই | আছে |
১২ | আমেৰিকান মিলিটেৰী এইড টু পাকিস্তান | চালাহুদ্দিন আহমদ | ৩১জুলাই ১৯৫৪, ভাৰতত | সামৰিক সহায় আৰু তাৰ বিনিময়ত কি দিব লাগিব তাৰ আঁৰৰ কাহিনী | নাই | |
১৩ | বিহাণ্ড দ্যা আইৰণ কাৰটেইন ইন কাশ্মীৰ-নিউট্ৰেল অপিনিয়ন | জগন নাথ চাহু | ২৭ আগষ্ট১৯৫০, ভাৰতত | কাশ্মীৰৰ স্পৰ্শকাতৰ বিষয়ৰ আলোকপাত | আছে | আছে (প্ৰিভিউ নাই) |
১৪ | কেপ্তিভ কাশ্মীৰ | আজিজ বেইগ | ১৯ এপ্ৰিল ১৯৫৮, ভাৰত | কাশ্মীৰৰ বন্দ্বীত্বৰ বাণী | আছে | আছে |
১৫ | ডাৰ্ক আৰ্জ | ৰৰ্বাট টেলৰ | ২৯ আগষ্ট১৯৫৮ | আছে | নাই | |
১৬ | আৰলি ইচলাম এণ্ড দ্যা ট্ৰু-ফুৰকানঃ দ্যা টুৱেণ্টি ফাষ্ট চেনচুৰী কোৰাণ | ডেচমণ্ড ষ্টিৱাৰ্ড | ভাৰতত ২৮ মে ২০০৫ | একৈশ শতিকাৰ আহ্বানত কোৰাণৰ আঁসোৱাহৰ সন্ধান | আছে | আছে |
১৭ | দ্যা হিন্দু হেভেনঃ দ্যা লেণ্ড অৱ লিংগম | মেক্স উইলি (Max Wylie) | ভাৰতত ২৮এপ্ৰিল ১৯৩৫ | আছে | আছে | |
১৮ | ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্চ | চাৰ্লচ বেটেলহেম | ভাৰতত ১৫মে ১৯৭৭ | ভাৰতীয় স্বাধীনতাক উপহাস | আছে | আছে |
১৯ | নেহৰুঃ এ পলিটিকেল বায়গ্ৰাফি | মাইকেল এডৱাৰ্ড | ভাৰতত ১৩ডিচেম্বৰ১৯৭৫ | নেহৰুৰ আঁৰৰ কাহিনীৰ সন্ধান | আছে | আছে |
২০ | অল্ড চলজাৰ চাহিব | ফ্ৰেংক ৰিচাৰ্ডচ | ভাৰতত ২২ আগষ্ট১৯৩৬ | ভাৰতত চাকৰি কৰা বৃটিছ সৈনিকৰ সচক্ষু ঘটনাৱলী | আছে | আছে |
২১ | শিৱাজীঃ হিন্দু কিং ইন ইচলামিক ইণ্ডিয়া | জেমচ উইলিয়াম লেইন | মহাৰাষ্ট্ৰত নিষিদ্ধ | শিৱাজী সৰ্ম্পকে সমালোচনা | আছে | আছে |
২২ | দ্যা ইভলিউচন অফ দ্যা বৃটিছ এম্পায়াৰ এণ্ড কমনৱেল্থ ফ্ৰম দ্যা আমেৰিকান ৰিভলিউচন | আলফ্ৰেড লী ৰে বাৰ্ট | ৯আগষ্ট ১৯৬৯ | নানিবলগীয়া কথা পোহৰলৈ অনাৰ বাবে | আছে | আছে |
২৩ | দ্যা ফেচ অৱ মাদাৰ ইণ্ডিয়া | কেথেৰিন মায়’ | ১১মাৰ্চ ১৯৫৯ | আছে | আছে | |
২৪ | দ্যা হাৰ্ট অৱ এণ্ডিয়া | আলেকজেণ্ডাৰ কেম্পবেল | ১১মাৰ্চ১৯৫৯ | আছে | আছে | |
২৫ | দ্যা জুৱেল ইন দ্যা লটাচ | এলেন এডৱাৰ্ড | ২০জুলাই১৯৬৯ | পূৱৰ যৌন-সংস্কৃতিৰ ঐতিহাসিক চাৰ্ভে | আছে | আছে |
২৬ | দ্যা মেন ফ্ৰম মস্কো | গ্ৰেভিল্লে ৱিন্নী | ১৯৭০ | আছে | আছে | |
২৭ | দ্যা ৰামায়ণ | অউৰব্ৰে মেনেন | ২৯চেপ্তেম্বৰ১৯৫৬ | আছে | আছে | |
২৮ | হোৱাট হেজ ৰিলিজন ডান ফৰ মেনকাইণ্ড | ৱাটচ টাৱাৰ বাইবেল এণ্ড ট্ৰেক্ট চচাইটি, নিউয়ৰ্ক | ২৬ফ্ৰেব্ৰু ১৯৫৫ | আছে | আছে | |
২৯ | হো কিলড গান্ধী | লৰেঞ্চ ডি চাডভাণ্ডৰ | ২৯ডিচেম্বৰ১৯৭৯ | নাই | আছে | |
৩০ | লজ্জ্বা (১৯৯৩) আমাৰ মেয়ে বেলা(২০০৩) উতল হাউড়া(২০০২) | তচলিমা নাচৰিণ | বাংলাদেশ আৰু ভাৰতৰ কিছু ৰাজ্যত (ভাৰতীয় বজাৰত সংশোধিত বা চেন্সৰ কৰা বা অনুদিত সংশোধিত সংস্কৰণ পোৱা যায়) | নাৰীৰ মুক্ত যৌনতাৰ ছবি, যৌন শোষনৰ ভণ্ডামী উন্মোচন, নাৰী-মুক্তিৰ কথা |
নিষিদ্ধ কিতাপ প্ৰেমীৰ বাবে সু-খবৰঃ
আমেৰিকান লাইব্ৰেৰী এচ’চিয়েচন (American Library Association, ALA)য়ে নিষিদ্ধ কিতাপ সপ্তাহ (Banned Books Week, BBW) পালন কৰে প্ৰতিবছৰে চেপ্তেম্বৰ মাহৰ শেষ সপ্তাহটোত৷ ২০১০বৰ্ষত ২৫চেপ্তেম্বৰৰ পৰা ২অক্টোবৰলৈ এই সপ্তাহ পালন কিৰছিল৷ এচচিয়েচনে ১৯৯০চনৰ পৰাই তেওঁলোকৰ অফিচ Office for Intellectual Freedom(OIF)ত নিষিদ্ধ ঘোষিত কিতাপৰ তথ্য সংগৰ্হ কৰি List of most frequently challenged books নামক তালিকা প্ৰস্তুত কৰে৷
আজিকালি ইণ্টাৰনেটৰ ফাইল শ্বেয়াৰিঙ ৱেবচাইট সমূহত জনসাধাৰণে নিজৰ মাজত এইবোৰ কিতাপৰ ই-সংস্কৰণ বা পিডিএফ সংস্কৰণ শ্বেয়াৰ কৰে৷ www.torrentz.eu তেনে এটা ৱেবচাইট৷ আন কিছুমান লেখক যেনে তছলিমা নাছৰিণৰ নিজা ৱেবচাইটত চেন্সৰ নকৰা ৰূপত তেওঁৰ কিতাপবোৰ পাব পাৰি৷
No comments:
Post a Comment