কবিতাঃ ১৪ সৰস্বতী পূজা - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

demo-image
nth

কবিতাঃ ১৪ সৰস্বতী পূজা

Share This
সৰস্বতী পূজা

যৌৱনৰ বলিয়া ফাগুনত
চাইছিলনে গুৱাহাটীৰ সৰস্বতী পূজা?
খাইছিলনে সন্দিকৈ কলেজৰ
নিমখীয়া খিচিৰি?

এইয়া যেন এক অনন্য আৰধনা 
বিদ্যা, সৃষ্টি, কলা, সুন্দৰৰ,
নে অলেখ সুন্দৰীৰ
ৰূপৰহে ব্যঞ্জনা!

দীঘলীপুখুৰীৰ পাৰৰ দেৱী দৰ্শন
দিনটীয়া লাজ-কাজ বৰ্জন,
সুন্দৰীৰ গালে মুখে দৃষ্টি বৰ্ষন
খোজে খোজে লাহে লাহে
বুকুৰ কোঁহে কোঁহে 
সপোনৰ কৰ্ষণ...

উতনুৱা গাভৰু জাকৰ সমুখেদি পাৰ হৈ যাবলৈ
আপোনাৰ ভয় লাগিছিলনে?

সিহঁতৰ উচ্চল হাঁহি, টুকুৰা শব্দ,
সামৰি লৈছিল নেকি হেপাঁহেৰে

নে ভালপোৱাৰ সাগৰ এখনে তুলিছিল আপোনাৰ হৃদয়ত
খলকনি অহৰহ!

তাইৰ ফিৰফিৰীয়া চুলি
তাইৰ গালত লৰিয়েলৰ ৰং
দুচকুত কাজল

আপোনাৰ মায়া জাগিছিল,

আবেলি হব বুলি ভয় হৈছিল
আৰু
সন্ধিয়ালৈ সকলো হেৰুৱাৰ শংকা;

জীৱনৰ সমস্ত বিদ্যা দি হলেও বিছাৰিছিল,
তাইৰ ঠিকনা
আৰু 
কামনা কৰিছিল
তাইৰ কেচেলুৱা প্ৰেমত নিজক হেৰুৱাৰ
অলেখ যাতনা......
Comment Using!!

Sponsor

AD BANNER

Pages