কবিতা- ১২ নাৰীসংগ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

কবিতা- ১২ নাৰীসংগ

কবিতা- ১২ নাৰীসংগ

Share This
নাৰীসংগ
(The Company of women ৰ স্ৰষ্টা খুশৱন্ত সিং দেৱৰ শ্ৰীচৰণত)

খুৱ সযতনে আপোনাৰ বুকুখন আজুৰিব;
জানো, তাতেই আলফুলে পৰি আছে
আপোনাৰ ৰঙীন দিবাস্বপ্ন,
জীৱন-যৌৱনৰ খন্তেকীয়া বালিভোজ,
আপোনাৰ প্ৰিয়- নাৰীসংগ......

মনত আছেনে
তাইৰ ফুটফুটীয়া ফ্ৰকত অঁকা সপোনবোৰৰ কথা,
আপোনাৰ উদ্দাম উৎপাতত যে
তাই নাম দিছিল আপোনাক- কচুগুটি, কচুগুটি৷

চুৱা-চুইৰ খেলখনত 
কঁপি কঁপি সাক্ষী হৈছিল নেকি
কোনোবা জোপোহা জাৰ্মানী বন?

জানো, লাহে লাহে
আপোনাৰ ভাল লগা হৈ আহিছিল
নীলা পাৰীৰ চাদৰ লোৱা, কিতাপেৰে বুকু ঢকা মাইনাৰ জাক
কাৰোবাৰ হাঁহি, কাৰোবাৰ চাৱনি,
কাৰোবাৰ ওঁঠ,কাৰোবাৰ লাস্যময়তা.....

বাচে-ঘাটে আপোনাৰ চুই চাবলৈ
মন গৈছিল, এগৰাকী নাৰী
হেপাঁহ ৰাখিছিল
কাষৰ চিটত বহকহি কোনো সুগন্ধিময়ী,
আৰু স্পৰ্শক হৈ উঠক
আপোনাৰ কিলাকুটি.....

সঁচা কথা কব
আৰ তাৰ সঁচা-মিছা, অভিসাৰী যাত্ৰাৰ কাহিনীয়ে
আপোনাক কৰি তুলিছিল আহ্লান্বিত!
ব্যভিচাৰী নিষিদ্ধ সোৱাদৰ বাবে প্ৰৰোচিত;

আপোনাৰ চকুৱে বিচাৰি ফুৰিছিল
চঞ্চলা-চপলাৰ দুচকু;
যাৰ দুবাহুত মাৰ নিয়াব খুজিছিল
যৌৱনৰ জোৱাৰ ভাটা......

কুমাৰী নাৰী আপোনাৰ বাবে
প্ৰলোভন হৈ উঠিছিল,
যিদৰে মুজাহিদীনৰ বেহেস্তত ৰথা হৈছে
এসত্তৰটা কুমাৰীত্বৰ গাজৰ.....

গাৰুৰ তলৰ সাহিত্যত আপুনি ডুৱ গৈছিল
নগ্ন ছবিৰ সাগৰত সাতুৰিছিল;
আৰু নাৰ্চিচাছ হৈ উঠিছিল
মাজে মাজে, কাতৰতাত...

আপুনি বাৰু ৰমনীয় ভাৱনাবোৰক
জীয়াঢলত উটাই দিছিল নেকি ভূৰ-বান্ধি?
যি ডুলি ডুলি নাচি গৈছিল
পাপ-পূণ্যৰ তুলাচনীত......

আপুনি বিহুৱা আছিলনে?
পাইছিল নেকি বহাগৰ বলীয়া বতৰত
প্ৰিয় নাচনীৰ সতে খেৰদ`মৰ উমাল অনুভৱ.....

আপুনি এদিন চৰাইখানালৈ গৈছিল, পান্থশালালৈ
অথচ পাণ কৰিব পৰা নাছিল নৃত্যৰতা নাৰীৰ মদিৰা;
আৰু
নিচা ফালি উকলিয়াই দিছিল সেই
পণ্যৰ পৃথিৱীত৷

জানো, কৃত্ৰিমতা আপোনাৰ সহ্য নহয়
সঁচাত অথবা নিচাত...

চেৰেং চেৰেঙকৈ মনত পৰিছিল
কুটুমৰ জীয়েকৰ আপং
শেনচোৱাৰ ঘৰৰ শলিতা জ্বলোৱা সাজ
আৰু তাৰ মাতাল নিচাত
সৰিয়হতলিত তৰা-লিখা ৰাতিৰ কথা;
কিদৰে মোহনীয় হৈ উঠিছিল
জানমণিৰ কেঁচা মৰমৰ
সঁচা সপোন.....

এদিন আপুনি হোমৰ জুইৰ উম লৈছিল,
আৱিস্কাৰৰ সকলো উত্তাপ হেৰুৱাই;
দিনবোৰ লাহে লাহে বিস্বাদ, ৰাতিবোৰ যেন ৰঙহীন

সেয়ে ঘৰত দেৱীহেন পত্নীৰ বৰ্তমানতো
চুৰেইল এজনীৰ ৰামধেনুৰ সপোনে খেদি ফুৰিছিল
নেকি আপোনাক, অহৰহ......

বলুকাত বিয়লি বেলা বুলি
কীৰ্তনত বাসনাবোৰ জাহ দিয়ে আপুনি;
তথাপিও কৰবাত পোহপাল দিয়ে
পুৱতি নিশা কেঁচা-ফুল ভঙাৰ অনাথ হেপাঁহ৷

বৰনৈৰ বৰসোঁত, আজি বৰবিলৰ জলতৰংগ
সোঁৱৰণিত বাজি ৰয়
ৰঙীন দিবা-স্বপ্ন,
জীৱন যৌৱনৰ খন্তেকীয়া বালিভোজ
আপোনাৰ প্ৰিয়-নাৰীসংগ৷

 

No comments:

Post a Comment

Sponsor

AD BANNER

Pages