চিনাকী লেখকৰ অচিনাকী জীৱনঃ(১) অ’ হেনৰি - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

চিনাকী লেখকৰ অচিনাকী জীৱনঃ(১) অ’ হেনৰি

চিনাকী লেখকৰ অচিনাকী জীৱনঃ(১) অ’ হেনৰি

Share This
চিনাকী লেখকৰ অচিনাকী জীৱনঃ(১) অ’ হেনৰি

চুটিগল্প বুলি ক’লেই ইংৰাজী সাহিত্যৰ চুটিগল্পৰ পথাৰ খনক চহকী কৰি যোৱা অ’ হেনৰিৰ নাম মনলৈ আহেই৷ অ’ হেনৰি প্ৰকৃততে তেখেতৰ লেখাৰ জগতৰ ছদ্মনামহে৷ এই নামটোৰ আঁৰৰ আচল মানুহ জনৰ আছিল উইলিয়াম চিডনী পৰ্টাৰ৷ তেখেতৰ জন্ম আমেৰিকাৰ নৰ্থ কেৰলীনাৰ গ্ৰীণব’ৰ’ নামৰ ঠাইত ১৮৬২ চনত৷ তেখেতৰ পিতৃ এলগাৰনন্ পৰ্টাৰ আছিল পেশাগত চিকিৎসক৷

উইলিয়ামৰ তিনিবছৰ হওতেই মাতৃৰ বিয়োগ ঘটে আৰু তেওঁ আইতাক আৰু এগৰাকী খুড়ীয়েকৰ তত্বাৱধানতে ডাঙৰ-দীঘল হয়৷ যদিও উইলিয়ামৰ কিতাপ পঢ়াৰ প্ৰতি খুৱেই ধাউতি আছিল তথাপি তেওঁ আধাতে বিদ্যালয় এৰি আনুষ্ঠানিক শিক্ষাক বিদায় দিয়ে৷ তাৰ পাছত খুড়াক এজনৰ ফাৰ্মাচী এখনত কাম কৰিবলৈ লয়৷

উইলিয়ামে বাস্তৱ জীৱনৰ বিভিন্ন অভিজ্ঞতা তথা ৰুঢ় সময়ৰ বৰ্ণিল স্মৃতি, জীৱনৰ আগৰ সময়চোৱাত  টেক্সাচৰ এটা পৰিয়ালৰ লগত থকা সময়তেই সঞ্চয় কৰা বুলি অনুমান কৰা হয়৷ তেখেতে পাছত হ’ষ্টন নগৰীৰ পৰা অষ্টিনলৈ বিভিন্ন ঠাইত ভিন্ন ভিন্ন কামত হাত দি নিজৰ ভাগ্য নিৰ্ণয় কৰিবলৈ চেষ্টা চলায়৷ মাজতে এটা বেংকটো ক্লাৰ্ক হিচাবে কৰ্মৰত হয়৷ ১৮৮৭ চনত তেখেতে প্ৰথম বিবাহ পাশত এথল’ ষ্টেছ ৰ’ছ নামৰ নাৰীৰ সতে আৱদ্ধ হয়৷ এই পৰিণয় সূত্ৰে তেখেতে এহাল পুত্ৰ-কণ্যাৰ পিতৃত্ব অৰ্জন কৰে৷

১৮৯৪ চনত তেখেতে "ৰোলিং ষ্টন" নামৰ এখন ব্যংগাত্মক সাপ্তাহিক প্ৰকাশ কৰি উলিয়ায়৷যেতিয়া এই পৰ্বও বিফল হ’ল তেতিয়া তেওঁৰ মদ্যপানৰ অভ্যাসে সীমা চেৰাই গ’ল৷ তাৰ পাছত তেওঁ হ’ষ্টন পোষ্ট নামৰ সংবাদ পত্ৰত স্তম্ভ-লেখক আৰু সাংবাদিক ৰূপে কাম কৰিবলৈ লয়৷

হঠাতে এদিন উইলিয়ামে টেলাৰ ৰূপে কাম কৰা ফাৰ্ষ্ট নেচনেল বেংকৰ হ’ষ্টন ব্ৰান্সৰ পৰা নগদ ধন হৰলুকি হোৱাৰ কথা পোহৰলৈ আহে৷ এই কেলেংকাৰীত পৰাৰ ভয়ত লগতে পুলিচৰ হাতত বন্দী হোৱাৰ পৰা হাত সাৰিবলৈ তেওঁ চহৰৰ পৰা অন্তৰ্ধান হয়৷ এই আত্ম-গোপনৰ সৱিশেষ পোৱা নাযায় যদিও গুজৱ আছে যে তেওঁ এজন আল জেনিংগচৰ লগহৈ মেক্সিকো আৰু দক্ষিণ আমেৰিকাৰ বিভিন্ন চহৰত ঘূৰি ফুৰে৷ সেই যাত্ৰাতে বহু ধনী অথচ পংকিল জীৱন যাত্ৰাত অভ্যস্ত মানুহৰ জীৱনলৈ জুমি চাৱাৰ সুযোগো লাভ কৰে উইলিয়ামে৷

অৱশেষত ১৮৯৭ চনত তেওঁ পুনৰ অ’ষ্টিনলৈ উভতি আহে৷ পত্নীৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতিৰ খবৰে আৰু তেওঁক লুকুৱাই ৰখাৰ অভিযোগত পৰিয়াল ব্যতিব্যস্ত হোৱাৰ খবৰেই উইলিয়ামক এইদৰে উভতি আহিবলৈ বাধ্য কৰে৷ যদিও তেওঁৰ সেই ধন হৰলুকিৰ কেলেংকাৰীৰ বাবে কিমান দায়ী, সেই সম্পৰ্কে যথেষ্ট বিতৰ্ক আছিল তথাপি তেওঁক বিচাৰালয়ে কলম্বাচ, অহিঅ’ত কাৰাবাসৰ নিৰ্দেশ দিয়ে৷ কাৰাগৰত থকা সময়তে একমাত্ৰ দুহিতা মাৰ্গাৰেটক আৰ্থিকভাৱে সহায় কৰাৰ বাবে  তেখেতে চুটিগল্প লিখাৰ কামত হাত দিয়ে৷

জেলতে জন্ম লাভ কৰা অ’ হেনৰি  নামৰ চুটিগল্প লেখক জনৰ প্ৰথমটো চুটিগল্প "ৱিষ্টলিঙ ডিকচ্ খ্ৰীষ্টমাচ্ ৱেডিং"'টো  "মেক্ল’ৰচ" নামৰ মেগাজিনত ১৮৯৯চনত প্ৰকাশ পায় আৰু ই এক অনন্য সফলতা কঢ়িয়াই আনে৷ জেলৰ পৰাও তেখেতক ১৯০১ চনত আগতীয়াকৈ মুক্তি দিয়া হয়৷

নিজৰ আচল পৰিচয় লুকুৱাবৰ বাবেই তেওঁ এই ছদ্মনাম লোৱা বুলি জনা যায়৷ এই নামটো জেলৰ বাৰ্ড তত্বাৱধায়ক অৰিন হেনৰীৰ নামৰ পৰা প্ৰেৰিত বুলিও জনা যায়৷ কেতবোৰ মানুহৰ মতে আকৌ এই নামটো এজন ফৰাচী ফাৰ্মাচীষ্টৰ নামৰ চমু ৰূপহে৷ কিছুৰ মতে বোলে অ’ হেনৰি নামটো প্ৰকৃততে উইলিয়মৰ পোহনীয়া মেকুৰীটোৰহে নাম আছিল!

তাৰ পাছতেই তেওঁ নিউয়ৰ্কলৈ গুচি আহে আৰু তাতে "নিউয়ৰ্ক ৱৰ্ল্ড" আদি সম্ভ্ৰান্ত আলোচনীত তেওঁৰ চুটিগল্প প্ৰকাশ পাবলৈ ধৰে৷ বিপুল জনপ্ৰিয়তাই অ’ হেনৰিৰ সৃষ্টিতো ঢৌ তোলে৷ অতি কম সময়ৰ ভিতৰতে ৬০০ চুটিগল্প বিভিন্ন আলোচনী, সংকলনৰ যোগে প্ৰকাশ হৈ ওলায়৷

কিন্তু অত্যাধিক মদ্যপানৰ অভ্যাসে তেখেতৰ লেখক জীৱনকো প্ৰভাৱিত কৰিবলৈ ধৰে৷ লগতে গৃহ নগৰীৰে এগৰাকী নাৰী চাৰা লিণ্ডচে কলেমনৰ সতে হোৱা দ্বিতীয় বিবাহটো ঘূণে ধৰিবলৈ ধৰে৷ ফলত মধ্য বয়সতে ১৯১০ চনত  হাতত ফুটাকড়ি এটা নোহোৱা সৰ্বস্ৰান্ত অৱস্থাত লিভাৰ চিৰচিচ হৈ মৃত্যু মুখত পৰে৷

তেখেতৰ বহুকেইখন চুটিগল্প সংকলন মৃত্যুৰ পাছতহে প্ৰকাশ হৈ ওলায়৷ তেখেতৰ প্ৰতিভা তথা অমৰ সৃষ্টিৰাজিৰ প্ৰতি সন্মান জনাই সাহিত্যৰ পৃথিৱীত ১৯১৮ চনৰ পৰা "অ’ হেনৰি সোঁৱৰণি বঁটাৰ" প্ৰচলন আৰম্ভ হয়৷ এই বঁটা আলোচনীত প্ৰকাশিত শ্ৰেষ্ঠ গল্পৰ বাবে প্ৰদান কৰা হয়৷ বিংশ আৰু একবিংশ শতিকাত শতাধিক ভাষাত তেখেতৰ ৰচনা অনুদিত হোৱাত সমগ্ৰ বিশ্বৰ কোণে কোণে তেখেতৰ সাহিত্যৰ মৌ-ৰস কালক্ৰমে বিয়পি পৰে৷

জীৱনৰ হাঁহি-কান্দোন, তিতা-কেঁহাৰ মাজত অলেখ উপলব্ধি, অ’ হেনৰিৰ চুটিগল্পৰ কোঁহে কোঁহে সঞ্চিত হৈ ৰ’ল৷ সেয়াই মানুহ হিচাবে, অমৰ লেখক হিচাবে মানৱ জাতিৰ হাতত তেখেতৰ অনবদ্য অৱদান৷

No comments:

Post a Comment

Sponsor

AD BANNER

Pages