বাটে-ঘাটেঃ সেই কাৰণেই খং উঠে... - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

বাটে-ঘাটেঃ সেই কাৰণেই খং উঠে...

বাটে-ঘাটেঃ সেই কাৰণেই খং উঠে...

Share This

বাটে-ঘাটেঃ সেই কাৰণেই খং উঠে...

সন্ধিয়াটো অকণ আড্ডা দিও বুলি বন্ধু এজনৰ তালৈ ওলাই গ’লো৷ গৈ পাও, তেওৰ সতে এজন ৰাজস্থানী সহকৰ্মী ৷তেখেত ফাইনেন্সৰ ৷ কিবা ট্ৰেইনঙলৈ যোৱা টিএ ডিএ বিলৰ কথা আলোচনা কৰি আছিল ৷ অলপ জ্ঞান লও বুলি ময়ো কান দিলো ৷

অলপ পাচতে এইবাৰ টেক্স ফাঁকি দিয়াৰ টিপচ দিয়া আৰম্ভ কৰিলে৷ বোলে কোনোবা এন জি অ’ আছে তালৈ চেক যোগে ধন দান কৰিব পাৰি ৷ সেই দানৰ পৰিমানৰ ওপৰত টেক্স ৰেহাইৰ সুবিধাকন চৰকাৰৰ ঘৰত পেন কাৰ্ডৰ নম্বৰ যোগে লিপিবদ্ধ হৈ যাব ৷ গতিকে সেই পৰিমানৰ আয়ৰ ওপৰত ইনকাম টেক্স নালাগে ৷ তেখেতৰ যোগাৰ আছে, যোৱা বছৰ তেনেকৈ বিশ হাজাৰ মান টকা দান কৰিলে, দুই হাজাৰ টকা এন জি অ’ই কাটি ৰাখি তেখেতক ওঠৰ হাজাৰ টকা ঘূৰাই দিলে ! গোটা গুটি সাত হাজাৰ মান টকাৰ টেক্স ৰাহি, এন জি অ’ই লোৱা বিনিময় পৰিমান বাদ দিও পাঁচ হাজাৰ টকাৰ নগদ ৰাহি! তেখেতে সকলো খিনি টিপচ্ দি গৌৰৱত সৰ্ব-জান্তা দেখুৱাই আমাৰ পৰা বাহ্ বাহ্ আশা কৰিলে ৷ লগৰ জনে অলপ বাহ্ বাহৰ লগত ধন্যবাদ সূচক মন্তব্য দি সামৰিলে ৷ মই নিৰৱ..ভিতৰৰ কটুক্তিবোৰ ভদ্ৰতা ৰাখি নুশুনালো !

তাৰ পাছতে মই লেপটপটো লৈ ফেচবুকত বন্ধু জন তথা বিত্ত-বিভাগৰ সৰ্বজান্তা সহকৰ্মী জনক অলপ ঘৰুৱা ফটো দেখুৱাব খুজিলো ৷ বোলো এইয়া ঘৰত ভাগৱত পাঠ হৈছিল... এইয়া বৰতাল... এইয়া ঠগী বুলি কয়...মাহ-প্ৰসাদ আদি দিয়ে ইত্যাদি ৷ সৰ্ব-জান্তা হঠাৎ হাঁহাকাৰ কৰি উঠিল, কিয় আপোনালোকৰ ঘৰতো ভাগৱত পাঠ কৰে নেকি হে?
মই বোলো অ’ ৷ তেখেতে ক’লে আপুনি নৰ্থ-ইষ্টৰ নহয় জানো? বোলো হয় ৷ তেন্তে আপোনালোক খ্ৰীষ্টান নহয় জানো?

হে ভগৱান, টেক্স ফাঁকিৰ সকলো জান, ঠিক আছে! সেই বুলি সাধাৰণ জ্ঞান-ভূগোলৰ অকনো জ্ঞান নথকাকৈ বপুৰাৰ আত্ম-বিশ্বাসৰ বৰ ভেটি দেখুৱালে কাৰ খং নুঠিব হয়নে ?

হঠাৎ খঙটো উঠি আহিল, সৰ্ব-জান্তাক কোনোমতে সেপ-ঢুকি ক’লো, অসমত মূলত অসমীয়া ৰাইজৰ সৰহ ভাগ বৈষ্ণৱী ৷ হিন্দু ধৰ্মৰে নামেই সাৰ বোলা এটা উৎকৃষ্ট পন্থা!
অসমত সকলো ধৰ্মৰে মানুহ আছে৷

শংকৰদেৱৰ বিষয়ে ভালকৈ প্ৰচাৰ হোৱা হ’লে এইসকল দেশক ফাঁকি দিয়াৰ সকলো কিটিপ জনা সৰ্ব-জান্তা সকলেও চাগৈ অসমৰ বিষয়ে অলপ জানিলে হেতেন...
চিবিএছইত শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী অন্তভূক্তিৰ কথাটোৱে চৰ্চা পোৱাৰ মাজতে এনে অভিজ্ঞতাই ইয়াত অসমীয়া বিজ্ঞ সমাজে যোৰ দি ধৰাৰ প্ৰয়োজন যেন অনুভৱ হ’ল ৷

কি কৰিব, বাটে-ঘাটে এনেকৈয়ে কেতিয়াবা খঙ উঠে.....

No comments:

Post a Comment

Sponsor

AD BANNER

Pages