খবৰ, চিন্তা আৰু বিশ্লেষণঃ (১) ভৰত নৰহক মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা নিযুক্তিঃ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

খবৰ, চিন্তা আৰু বিশ্লেষণঃ (১) ভৰত নৰহক মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা নিযুক্তিঃ

খবৰ, চিন্তা আৰু বিশ্লেষণঃ (১) ভৰত নৰহক মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা নিযুক্তিঃ

Share This

খবৰ, চিন্তা আৰু বিশ্লেষণঃ                                                                             

 (১) ভৰত নৰহক মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা নিযুক্তিঃ

দুকুৰি বছৰ এটা অঞ্চলৰ পৰা বিধায়ক হৈ মন্ত্ৰীত্বৰ সোৱাদ লোৱা এজন মানুহ ৷ কিন্তু সেই দুকুৰি বছৰতো নিজৰ সমষ্টিত নহ’ল উন্নয়ন৷ নকৰিলে বাট-ঘাটৰ উন্নতি, নকৰিলে আৰ্থ-সামাজিক প্ৰগতি, নহ’ল বানৰ গ্ৰাসৰ পৰা মুক্তি, নবহলি কোনো কল কাৰখানা ৷ প্ৰচণ্ড ক্ষোভত জ্বলি থাকিল ঢকুৱাখনা, ধেমাজি, লখিমপুৰৰ ৰাইজ ৷

জনজাতীয় ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰতো সেই অঞ্চলৰ পৰা একমাত্ৰ মন্ত্ৰী হিচাবে অঞ্চলবাসীক কৰিলে হতাশ ৷ অ-জনজাতীয় ৰাইজৰ স্বাৰ্থক মোহাৰি পেলালে ভৰিৰে ৷ তেখেতৰ আঙুলিৰ ঠালত চলা কুটিল ৰাজনীতিত উজনিৰ এই অংশৰ মানুহৰ মাজত জনগোষ্ঠীয় বিবাদে পালে চূড়ান্ত ৰূপ ৷

ধেমাজিৰ স্বাধীনতা দিৱসৰ বোমা বিস্ফোৰণৰ ঘটনাৰ লগতো জড়িত থকাৰ উঠিছিল অভিযোগ ৷ তেওঁ গ’লে ধেমাজিৰ সকলো দোকান পোহাৰ এফালৰ পৰা  নিমিষতে বন্ধ কৰি দিয়াৰ দৰে ঘৃণা প্ৰকাশৰ ঘটনাৰ আমি নিজেই সাক্ষী ৷

বান নিয়ন্ত্ৰণ মন্ত্ৰী হৈ লুটাৰ বাহিৰে নিজৰ বান-বিধ্বস্ত অঞ্চলক নিদিলে কোনো বানৰ পৰা ৰেহাই পোৱাৰ বাট ৷ তোষামোদকাৰীৰ দলবোৰক ঠিকা-ঠুকলি দি পুহি ৰখাৰ বাহিৰে তেখেতৰ কৃতিত্ব বিচাৰ কৰাটো আমাৰ বাবে কঠিন ৷

যদিও তেওঁ ধন-বল, বাহু-বল, জন-বলত বলীয়ান আছিল, মেনেজ-মাষ্টাৰ আছিল, তথাপি ৰাইজৰ ক্ষোভৰ অগনিৰ আগত এইবাৰ তিস্তিব নোৱাৰিলে ৷ তেওঁক ৰাইজে গণতান্ত্ৰিক ভাৱেই গাদীৰ পৰা আঁতৰাই পঠালে৷ তেখেতেক চৰকাৰী খৰছত বা ৰাইজৰ ধনেৰে পুহি ৰাখিবলৈ অস্বীকাৰ কৰিলে, অন্ততঃ পাঁচ বছৰৰ বাবে৷

কিন্ত এইয়া কি, ইমান দিন আত্ম-গোপন কৰি থকাৰ দৰে থকা নৰহক আজি আনি কেবিনেট মন্ত্ৰীৰ পদ-মৰ্যদা প্ৰদান কৰা হ’ল৷ তাকো গণতান্ত্ৰিক ৰাইজৰ জনমত বুঢ়া আঙুলি দেখুৱাই, পিছ দুৱাৰেদি ৷ এনে এজন মানুহক, যাক মানুহে পদচ্যুত কৰিছিল, তেখেতৰ কু-শাসন, কু-কৰ্মৰ বাবে, সেই জনকে কেবিনেট মন্ত্ৰী পাতি খৰছ দি- সুৰক্ষা দি পুহি ৰাখিবলৈ ৰাইজ মান্তি হবনে?

মুখ্যমন্ত্ৰীয়েই হওক বা আন শাসকীয় ক্ষমতা কেন্দ্ৰই হওক, গণতান্ত্ৰিক ভাৱে বহিস্কৃত এনে ৰাজনৈতিক নেতাক পিছদুৱাৰেদি "ৰজা" পতাৰ এনে প্ৰচেষ্টা বন্ধ কৰিব লাগে৷ সচেতন ৰাইজেও দৃষ্টান্তমূলক নিৰ্দেশৰ বাবে ৰাজহুৱা স্বাৰ্থ-জড়িত আবেদন যোগে উচ্চ ন্যায়ালয়ত এনে সিদ্ধান্ত গণতান্ত্ৰিক জনমতৰ বা ৰায়ৰ পৰিপন্থী বুলি প্ৰত্যাহ্বান জনাব লাগে ৷

জনতাৰ হাতত উপেক্ষিত/ বহিস্কৃত এনে ৰাজনৈতিক কৰ্মীক বিধান পৰিষদ, নিগম নিকায়ৰ চেয়াৰমেন, ৰাজ্য-সভা আদি লাভজনক পদবী লাভ কৰাৰ পৰা বাৰণ কৰিব লাগে ৷ ৰাইজে বহিস্কাৰ কৰা লোকক ৰাইজৰ ধনেৰে এইদৰে পুহিবলৈ অনৈতিক ৰাজনৈতিক সিদ্ধান্ত লব পৰা এনে ক্ষমতা জনতাৰ স্বাৰ্থত কৰ্তন হব লাগে ৷ এনে অনৈতিক নিযুক্তিয়ে দিয়ে কিছুমান বেয়া আদৰ্শ বা উদাহৰণতকৈ আন একোৱেই ৰাইজক গদিব নোৱাৰে সেয়া নিশ্চিত ৷ সেয়ে এই বিষয়ত প্ৰৱল জনমত-তথা-ন্যায়ালয়ৰ কাষ চাপি এক দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰাৰ প্ৰয়োজন হৈ পৰিছে ৷ যিটো ভাৰতীয় গণতন্ত্ৰক সঠিক ৰূপত ধৰি ৰখাৰ বাবেও অন্যতম এক প্ৰয়োজনীয় খোজ বুলি গণ্য হব পাৰে ৷

No comments:

Post a Comment

Sponsor

AD BANNER

Pages