বাটে-ঘাটে (২): গীত, সংগীত, পাপৰ ইত্যাদি - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

বাটে-ঘাটে (২): গীত, সংগীত, পাপৰ ইত্যাদি

বাটে-ঘাটে (২): গীত, সংগীত, পাপৰ ইত্যাদি

Share This

বাটে-ঘাটে (২):

গীত, সংগীত, পাপৰ ইত্যাদি

অৱশেষত কনমানিটোক টীকাকৰণৰ বাবে নিলো, নিচেই কাষতে হস্পিতেল ৷ এইজন শিশুৰোগ বিশেষজ্ঞৰ নাম অভয় ৷ আগৰ দুদিন, ঘৰত, অফিচৰ পৰা ফোনত এওঁৰ সতে ওখোনা-ওখোনি ৷ ঘৰত মই ক’লো অমুক ডাক্তৰৰ ক্লিনিকলৈকে লৈ যাবা, ভাল বুলি শুনিছো, তাতে কোম্পানীৰ পেনেলত আছে, খৰছটো ঘূৰাই পাম!

অফিচ গৈ পালো, আমাৰ ওপৰত থকা অসমীয়া বৌ কেইগৰাকী আহিছিল হেনো ৷ ক’লে- ধেৎ সেইটো ডাক্তৰে বেজি দিয়া দেখিছা, একদম গৰু বেজি দিয়াদি দিয়ে ৷ তালৈ নিবলৈ কৈছে তোমাৰ ডেৰ-মহীয়া শিশুটো! শ্ৰীমতীৰ তাৎক্ষণিক ফোন, গৰু বেজি দিয়াদি দিয়াটোৰ তালৈ নিনিও! আয়ৈ দেহি হ’লনো কি? তাৰ পাছতহে গম পালো, ৰাইজৰ বাণীত তেওঁৰ মনত ভয়ৰ ধুমুহা...গৰু খোঁচাদি... ধ্যেত! মই বুজাবলৈ চেষ্টা কৰিলো, বেয়া হ’লে জানো তেওঁৰ ক্লিনিক চলি থাকিব? শ্ৰীমতীৰ উত্তৰ, মুম্বাইত কি মানুহৰ অভাৱ হৈছে, সকলোৱে আপুনি ভাল বুলি কোৱাদি এবাৰ এবাৰ গৈ গৰু বেজি লোৱাৰ যন্ত্ৰণাটো লৈ আহে চাগৈ, তেনেকৈয়ে চলি আছে, টেঙা আম বিকাৰ দৰে!

তেওঁ কৈ গ’ল- দেখা নাছিল গুৱাহাটীত KFC খায় পাইছ? প্ৰশ্নটোৰ উত্তৰত আত্ম-সন্মান নেহেৰুৱাবলৈ সকলো অসমীয়াই চেষ্টা কৰাদি ৷ বাহিৰৰ পৰা গেচৰ, আগৰ দিনৰ কেৰাচিনৰ লাইন লগোৱাদি কুকুৰা খাবলৈ লাইন ধৰি ধৰি KFC খোৱাৰ দৰে৷ কিনো কম, মৌনং শান্তিয়েই নমঃ ৷ হয় হয় মনত পৰিছে, KFC খোৱাৰ কোৱ এটা গুৱাহাটীত যি উঠিল, অপ্সৰাৰ হলত মাৰ পিট কৰি টিকেট কটাবোৰেও আহি KFCৰ সমুখত শান্তিপূৰ্ণ সহ-অৱস্থান কৰি কুকুৰা খোৱাৰ লাইনত সমবেত হলহি! খাবটো খাবই, ঘৰলৈকো এবাকেট নিব! খ্ৰীষ্টমাচৰ সময়ত সেইবাৰ শ্বিলংৰ পৰা শ্বপিংত অহা কংবোৰে গাড়ী ভৰাই ভৰাই KFCৰ কুকুৰাৰ বাকেটেই কঢ়িয়ালে ৷ আনকি তিতাবৰলৈ এঘৰলৈ ফুৰিবলৈ যাওঁতে দেখিলো "তুলসী'' পুলিটোও জীয়াইছে KFCৰ খালী বাকেটট দেই! হয়তোন অসমীয়াৰ এনে আদৰৰ বাবেই বিগ বাজাৰে ছানি ধৰিলে, KFCয়ে লাইন পতা কমাবৰ বাবে জু-ৰোডতো এখন কুকুৰা-খাদকৰ সেৱাত বিপনী খুলিলে! কনমানিবোৰেও নগৰে চহৰে মাত দিয়া হ’ল মা চিকেন কিন্তু KFC বনাবা ৷ মাকেও আইডিয়া কৰি কিবা বনায়, ল’ KFC, ল’ৰাই সোৱাদ নাপায় সংগীত যোৰে, মাকে নিচুকাবলৈ ধৰে! "খগেননীৰ ফ্ৰাইড চিকেন" থালতে ঠাণ্ডা হয়!

অৱশেষত যেনিবা মানি ল’লো, পইচা লাগিলে ঘূৰাই নাপাৱেই, তথাপিটো ডেৰ-মহীয়াটোক গৰুৰ বেজি দিয়াৰ দৰে দিয়াজনৰ হাতত তুলি দিবগৈ নোৱাৰো৷ ভতিজাটোক দেখুওৱা অভয় ডাক্তৰৰ খবৰ লোৱা হ’ল৷ আক তাক সুধিলে, অভয়ে বোলে মিহিকৈ দিয়ে, সেই অভয়বাণীত শ্ৰীমতী আশ্বস্ত হ’ল!

অভয়ৰ ক্লিনিকত সঁচায়েই ভিৰ৷ আধা ঘণ্টা আগত গৈয়ো আমাৰেই নম্বৰ ওঠৰ! সঁচাই শিশুবোৰ যেন নিস্পাপ একোপাহ ফুল৷ সোমায়েই ভাল লাগি গ’ল৷ কোনোবা মাকৰ কোলাত, কোনোবা হাতত ধৰি, কোনোবাটো ফিটা লগা-মলত পোৱা পশ্চিমীয়া জোলোঙাত৷ আমাৰ তাৰ দৰে পিঠিত গামোচাৰে বান্ধি বোকোচাত লৈ পথাৰলৈ যোৱাৰ দৰে সহজ আৰু সুলভ দৃশ্যটোহে দুৰ্লভ হৈ মনত জিলিকি উঠিল৷ শুইছে, কোনোবাই খেলিছে দৌৰিছে, পাছে পাছে নাযাবা নাযাবা কৈ মাক বা দেউতাকৰ হাত-মেলি দৌৰাৰ দৃশ্য ৷

ভাল লাগি গ’ল হে, ডেকা কালৰ উৎপতীয়া দিনৰ পাছত,বিয়া পতাৰ পাছৰ অলপ লেকাম ধৰা ঘোঁৰা দৌৰৰ পাছত, এইবাৰ নিজকে শিশু বিশেষজ্ঞৰ বাৰাণ্ডাত ৰৈ থকাৰ অনুভৱকনে কিবা এটা নতুন দা-দ্বায়িত্বৰ অনুভৱ দি গ’ল ৷

এইবাৰ শুনিলো, ৰিং টন এটা বাৰে বাৰে সা-সলনি হৈ বাজি আছে ৷ মন কৰিলো, কাষতে এগৰাকীয়ে তিনি-চাৰিমহীয়া কেচুৱাটোক নিচুকাবৰ বাবে তাৰে আঙুলিটোৰে মোবাইল ঘঁহাই সংগীতৰ মাজত তাৰ কান্দো কান্দো মনটোক ধৰি ৰাখিবলৈ চেষ্টা কৰি আছে ৷ লগে লগে মনটো পৰম বন্ধু এজনৰ ঘৰলৈ উৰি গ’ল, আমাৰ ভতিজাটো যেতিয়া কনমানি আছিল তাকো তেতিয়া মবাইলৰ ৰিংটনেৰে ফুচুলাইছিলো, তেতিয়া চিম্পল পলিফ’নিক চাউণ্ড আছিল৷ এতিয়াৰ ল’ৰাই সেই সৰু-সুৰা পলিফ’নিক চাউণ্ডক, সংগীতক হেনো পাত্তাই নিদিয়ে ৷ আজিৰ ল’ৰাক লাগে এমপি থ্ৰী অথবা ভিডিঅ’ ৷ বন্ধুজনৰ পুত্ৰই "শ্বাহৰুখৰ ইউ আৰ মাই চম্মক চল্ল’ " নুশুনিলে বোলে চেৰেলেকো মুখলৈ নিনিয়ে ৷ তাৰ বোলে কেইটামান গান আছে, চিলেক্টেট, সেই কেইটা বজালেহে সেই সংগীতৰ তালতহে তাৰ নিজৰ কান্দোনৰ গীত বন্ধ হয় ৷ দেউতাকে আকৌ অভিযোগৰ সুৰত ক’লে- এটা মজাৰ কথা জানা, গোটেই কেইটা গানৰ গীতৰ কথা ইমানেই অশ্লীল যে মই লগাব নিবিচাৰো, অথচ ইয়াক সেই কেইটা নবজালেই নহয়...ডাঙৰ হ’লে যে কি হব কি হব, একো ধৰিবই পৰা নাই!... কেনে বিবুদ্ধি!

সেই বন্ধুৱেইএদিন কনমানিটিক কোলাত লৈ আহি ওলালহি আন এজন বন্ধুৰ ঘৰত৷ পত্নীৰ পৰা মাজে মাজে ফাঁকি মাৰি আহে এনেকৈ, মন, বেচেলৰ বন্ধুৰ ৰুমত সন্ধিয়া পানী অকনত চুমুক দিব ৷দুবছৰীয়া  ল’ৰা এইবাৰ কোলাৰ পৰা নানামে৷ ইফালে বেচেলৰ বন্ধুৱে পানী, তন্দুৰি, পাপৰ সকলো যোগাৰ কৰি ৰেডি কৰিছে৷ এইবাৰ দেউতাকৰ মনত বুদ্ধি খেলালে, টিভিৰ ৰিমট কণ্ট্ৰ’লটো তাক গতাই দিলে৷ সিও গান চোৱাৰ আশাত কোলাৰ পৰা নামি চোফাত বহিল, এইবাৰ দেউতাকে ৰিমটটো লৈ অস্থিৰ হৈ উঠিল.... চেনেল ঘূৰাই আছে...ক’ত আছে মিউজিক চেনেল? মিউজিক চেনেলত কৰবাত এডভাৰটাইজ দি আছে, কৰবাত দি আছে পুৰণি য়াদো কী বাৰাত! দেউতাক অস্থিৰ হৈ উঠিল, এই চেনেলবোৰো ইমান বদমাচ নহয়, খালী এডভাৰটাইজ, এডভাৰটাইজ, ঢং কা গানা এক ভী নহী... পচন্দ নোহোৱা গান দেখি ল’ৰাৰ সংগীত চুৰু হও হও..সেয়া বতৰ গোমা হৈ আহিছে ৷ "আৰে ইচকা গানাৱালা, পেন-ড্ৰাইভ হী লানা চাহিয়ে থা.... ৰোঅ’ মত বেটা... এড আ ৰাহা হে.. আয়েগা না তুমহাৰা গানা", গ্লবেলাইজড পৃথিৱীৰ নতুন প্ৰজন্ম, বিজ্ঞাপন যে এৰাব নোৱাৰা বস্তু সিও বুজি পায়, সেয়ে অলপ সংগীত সম্বৰণ কৰিলে৷ তাকে দেখি ব্যস্ত ৰাখিবলৈ বেচেলৰ বন্ধুৱে তাৰ হাতত এখন পাপৰ তুলি দিলে ৷ দেউতাকৰ চকু মুখো উজলি উঠিল, "আৰে য়ে ইচকো বহুত পচন্দ হে, লাষ্ট টাইম ভীটো তুমনে ইচকো পাপৰ হী দিয়া থা না?".... তেওঁ বন্ধুৰ চকুলৈ চালে কৃতজ্ঞতাৰে, কনমানিটোও পাপৰ ভঙাত ব্যস্ত হৈ পৰিল৷

তেনেতে দুয়োকে উদ্দেশ্যি মই ক’লো, "এতিয়া সংগীত বন্ধ কৰিবলৈ পাপৰ দিছা বাৰু ঠিক আছে, পিছে পাছত যেতিয়া ল’ৰাই তোমাৰ শ্ৰীমতীৰ আগত এই বেচেলৰ বোপাক "পাপৰ আংকুল" বুলি মাতিব, তেতিয়া কিন্তু সকলো গোমৰ-ফাঁক হৈ পৰিব৷ Then You have to face the real Music!"....... দুয়োজনৰ উজ্বলি থকা মুখ কেইখনৰ ৰং এইবাৰ সলনি হবলৈ ধৰিলে ৷ চীয়েৰ্চ!

No comments:

Post a Comment

Sponsor

AD BANNER

Pages