মুম্বাই মচালা - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

মুম্বাই মচালা

মুম্বাই মচালা

Share This
মূল্যবৃদ্ধি বতৰাঃ
----------------
(১)
কালি শাক-পাত আনিবলৈ গৈ চক খালো।
দাম নোচোৱাকৈ আন শাক-পাতৰ লগতে এপোৱামান বীন তুলি ওজন কৰাই বিলিং কৰিবলৈ
আহিলো।

যেতিয়া বিলিং কৰিছে তেতিয়া মহিলা এগৰাকীয়ে আঙুলিয়াই দিলে,
আপুনি বীন কিনি খাইছে, গম পাইছেনে নাই কেজি ডেৰশ টকা!
মন কৰা নাছিলো...চক খাই উঠিলো।

হয়তোন, হোৰ-হোৰকৈ গৈ যৰ বীন আছিল ত'ত থৈ আহিলোগৈ।

ধুৰ.... এনেকুৱা দাম দি বীন-সোপা খোৱাতকৈ ব্ৰইলাৰ কুকুৰা খোৱাই ভাল!
( ইয়াত চাফা কৰি কটা ব্ৰইলাৰ মাংসৰ দাম ১৮০টকা কেজিত!)

(২)
আজি বোলে ৰে'লৰ বাঢ়িল, অলপ পাছত গম পালো চেনীৰো!
চেনীৰতো হজম কৰিবলৈ নাপাওতেই গম পালো আলু-পিয়াঁজৰো।
মনটোক সান্ত্বনা দিওতেই কালি পেট্ৰ'লৰ বাঢ়িল ১.৬৯ টকা, তাতে ইয়াত টেক্স বেছি, প্ৰতি লিটাৰত ৮২ টকামান হ'লগৈ (সস্তীয়াটোৰ, উন্নত পেট্ৰ'লৰ দাম আৰু বেছি)...

টিভিত মূল্যবৃদ্ধিক লৈ আলোচনা বিলোচনা চাই শ্ৰীমতীয়ে কনমানিটোক কিবা অকন খুৱাবৰ বাবে যুঁজি থকাৰ ৰঙ চাই আছো। হঠাত আহিল নহয়, টিভিতো মেচেজ এটা, ভিডিঅ'কন ডি-টু এইচৰ! শ্ৰীমতীয়ে ক'লে-"চাওকচোন সেইটো আকৌ কি আহিল"!

তাকেইটো পৰহি ৰি-চাৰ্জ কৰিছিলোহে... ৰিমটটো টিপা মাৰি দিলো।

"মৰমৰ গ্ৰাহক,
আপোনাৰ পেকেজৰ মূল্য আজিৰ পৰা আমিও দহ টকাকৈ বঢ়াই দিলো। ধন্যবাদ!"

কিহৰ বাবে বঢ়ালে তাৰো কোনো কথা-বতৰা নাই, ধন্যবাদ দি খটমেই কৰি দিলে।
কোনোৱে কিবা নীতি-নিয়ম মানি কৰেনে, মনৰ মটন একো বুজিবই নোৱাৰিলোহে...
সকলোতে বাঢ়িছে, ভিডিঅ'কন কিয় পিছ পৰি ৰবহে টাইৰহে কিবা এটা চাগৈ, যুক্তি!

এতিয়া আৰু কিবা মেচেজ আহিলেই ভয় লগা হ'ল,
চৰুক সুধি কোনোবাই জুই দিবনে!
এতিয়া বজাৰত জুই লগাৰ বতৰ
জুই লগাৰ খবৰেই যেতিয়া বতৰৰ খবৰ!!!!

No comments:

Post a Comment

Sponsor

AD BANNER

Pages