ৰূপান্তৰৰ প্ৰশ্ন - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

ৰূপান্তৰৰ প্ৰশ্ন

ৰূপান্তৰৰ প্ৰশ্ন

Share This

ৰূপান্তৰৰ স্বপ্ন...
যিবোৰ সপোনে শুবলৈ নিদিয়ে

ব্যক্তিগত ভাৱে বিজ্ঞানৰ ছাত্ৰ হিচাবে যিমান কথা কিতাপৰ পঢ়ি শিকিছো, তাতকৈ বেছি চাগৈ শিকিব পাৰিছো চৌপাশখন পৰ্যবেক্ষণ কৰি। বিজ্ঞান পঢ়িছো বাবেই কিতাপৰ কথাকে সাৰ কৰি চলিব সঁচাই পাৰিছোনে? বিজ্ঞানৰ সূত্ৰই শিকোৱা ধৰণেৰে জীৱনটোৰ প্ৰতিটো কথা সম্ভৱ হৈছেনে? গঢ়িব পাৰিছোনে বিজ্ঞান মনস্ক এটা মন! এইবোৰ প্ৰশ্ন নিজকে কৰিব লগা হয়। জীৱনৰ বাটত বাট বুলোতে কেতিয়াবা থমকি ৰৈ এই যাত্ৰাৰ দেনা-পাওনাৰ হিচাব লব লগা হয়। কোনটো অৰ্থ থকা, কোনটো অৰ্থহীন কামত সময় ব্যয় কৰিছো, তাৰো খতিয়ান লোৱাৰ দৰকাৰ হয়।

এই আত্মবীক্ষণৰ ক্ষণবোৰতে আমি নিজকে চিকুটি চাব লগীয়া হয়। এনেকুৱা মুহূৰ্ততে কেতিয়াবা অনুভৱ কৰো, বিজ্ঞানৰ জগতখন যিমান জটিল, তাতোকৈ জটিল আচলতে সমাজ বিজ্ঞানহে। যেতিয়া উচ্চ শিক্ষাৰে কেৰিয়াৰ গঢ়াৰ কথা আছিল, তেতিয়া বিজ্ঞানৰ শাখাত পঢ়া-শুনা কৰি জীৱন গঢ়াৰ কথাই সমুখত আকৰ্ষণীয় হৈ ধৰা দিছিল। কালক্ৰমত অভিযান্ত্ৰিক শিক্ষাৰ পাছত প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ শ্ৰেণীত ভৰি দিলো। বিজ্ঞানৰ সূত্ৰৰ পৃথিৱীৰ পৰা গৈ পুনৰ ব্যৱহাৰিক প্ৰযুক্তিৰ কথালৈ আহিলো। তেতিয়া পুনৰ আৱিস্কাৰ কৰিলো তাত্বিক কথাতকৈ বাস্তৱিক কথাৰ পাৰ্থক্য কিমান। বাস্তৱৰ বহুতো জনা-নজনা কাৰকৰ শূণ্য প্ৰভাৱ থকা বুলি ধৰিহে প্ৰকৃততে এই সূত্ৰবোৰৰ তাত্বিক প্ৰয়োগ সম্ভৱ। আচল ব্যৱহাৰিক ক্ষেত্ৰত আচলতে প্ৰভাৱিত কৰা কাৰকবোৰ ইমানেই শক্তিশালী হয় যে, ই তাত্বিক কথাবোৰক বাস্তৱত ৰূপায়িত হবলৈ নিদিয়ে বা তাৰ বিচ্যুতি নিশ্চিত কৰেই।

এটা সময় আছিল, যেতিয়া ভাবিছিলো, সমাজ বিজ্ঞান সহজ বিষয়, আটাইতকৈ কম নম্বৰ পোৱা সকলেহে সেই বিষয় লৈ পঢ়া-শুনা কৰে। সেই পূৰ্ববতী ধাৰণা যে একেবাৰেই গোকাট ভুল আছিল, সেয়া পাছলৈ উপলদ্ধি কৰিব পাৰিলো। যেতিয়া মুম্বাইলৈ আহি টাটা ইনষ্টিটিউট অৱ চ'ছিয়েল চাইন্সৰ কথা জানিব পাৰিলো, সমাজ বিজ্ঞানৰ বিভিন্ন শাখা-প্ৰশাখাৰ কথা জানিব পাৰিলো। আমাৰ দৃষ্টিত হৈ পৰিল সমাজ বিজ্ঞান পৃথিৱীৰ আটাতকৈ গুৰুত্বপূৰ্ণ আৰু জটিল বিষয়।  ইয়াৰ কাষ চাপিবলৈ যিমানেই বিচৰা যায়, সিমানেই সমাজৰ অসমসত্ব স্তৰ আৰু অসীম কাৰকৰ প্ৰভাৱৰ কথা অনুভৱ কৰিব পাৰি।

কোনো এটা ব্যৱস্থাৰ যি কোনো এটা ফলাফলৰ কাৰক সমূহ নিৰ্ধাৰণ কৰিবলৈ বিজ্ঞানী সকলে গৱেষণা কৰে। তাত এনেকুৱা কিছুমান কাৰক ওলায়, সেইবোৰে পোনপটীয়াকৈ শেষ ফলাফল নিৰ্ধাৰণ কৰে। তাৰ বাহিৰেও এনে কিছুমান পৰোক্ষ কাৰক আৱিস্কৃত হয়, যাৰ প্ৰভাৱ শেষ ফলাফলৰ সৈতে পৰোক্ষ ভাৱে থকাটো অনুভৱ কৰিব পাৰি, কিন্তু দৃষ্টিত ধৰিব পৰাকৈ যোগসূত্ৰ স্থাপন কৰিব নোৱাৰি। কিন্তু গোটেই প্ৰক্ৰিয়া এটাত অনুঘটক বা ব্যাহত কৰা কাৰক ৰূপে ই ক্ৰিয়া কৰাৰ কথা প্ৰমাণিত হয়। গোটেই প্ৰক্ৰিয়াটো জীৱ-বিজ্ঞানৰ ভিটামিনৰ প্ৰভাৱত এনজাইম, এনজাইমৰ প্ৰভাৱত হৰমন আৰু হৰমনৰ প্ৰভাৱত প্ৰয়োজনীয় নিঃসৰণৰ সৈতে ৰিজাব পাৰি। যেতিয়া কোনো এটা অসুখ ধৰা পৰে, তেতিয়া এই ফলাফলৰ গুৰি ক'ত তাক সন্ধান কৰিব লগীয়া হয়। কেইবাটাও তেজ পৰীক্ষাৰ ফলতহে আচল কোনটো উপাদানৰ অভাৱ বা অতিৰিক্ত হোৱাৰ ফলত এই অসুখ হৈছে, তাক চিকিতসকে অনুমান কৰিব পাৰে। অনুমান বুলি এইকাৰণেই কৈছো যে, একোটা ৰোগ বা লক্ষণৰ বৰ্হিপ্ৰকাশ প্ৰকৃততে কেইবাটাও কাৰণত হব পাৰে। তাৰে ভিতৰত সেই লক্ষণ আৰু পৰীক্ষা সমূহৰ পৰা এটা যোগসূত্ৰ নিৰ্ণয় কাৰটো চিকিতসকৰ বাবে বিশ্লেষণাত্মক কাম হৈ পৰে। সকলো পৰীক্ষা নিৰীক্ষাৰ পাছতো কেতিয়াবা ৰোগৰ আচল কাৰণ ধৰিবলৈ সক্ষম নহলেই ৰোগটো জটিল বুলি ঘোষণা কৰা দেখা যায়। এই ধাৰণাৰ পৰাই "জটিল অথবা কমপ্লেক্স চিষ্টেম"ৰ সংজ্ঞা দিব পৰা যায়। কোনো এটা শেষ ফলাফলৰ আচল অনুঘটক নিৰ্ণয় কৰিব নোৱাৰাকৈ বহু কাৰকৰ সংহতিয়ে কম-বেচি প্ৰভাৱ পেলোৱা চিষ্টেমকে বিজ্ঞানেও কমপ্লেক্স চিষ্টেম বুলি নামাকৰণ কৰে। সমাজ বিজ্ঞান আমাৰ দৃষ্টিত এনেকুৱা এটা কমপ্লেক্স চিষ্টেমেই!

সমাজ এখন পৰিচালিত হয় মানুহৰ দ্বাৰা। আৰু মানুহ পৰিচালিত হয় মানুহৰ মনৰ দ্বাৰা। মন আকৌ পৰিচালিত হয় গঢ় লোৱা মানসিকতা আৰু পৰিবেশৰ প্ৰতি স্বাভাৱিক প্ৰতিক্ৰিয়াৰ যৌথ প্ৰভাৱৰ ফলশ্ৰুতিত। 

No comments:

Post a Comment

Sponsor

AD BANNER

Pages