অণু গল্প
-------
তৃষ্ণাতুৰ
পুৰা বটল এটা শেষ হোৱাৰ পাছতো নিচা নধৰিল ৷ লুকাই চুৰকৈ, পুলিচৰ পৰা বাচি বাচি যোগাৰ কৰা সকলো প্ৰচেষ্টা অথলে গ’ল ৷ গুজৰাটত সেয়াই মুস্কিল, বেছি ভাগেই ভেজাল মদ! দমন-ডিউৰ নাম থকাবোৰ কিনাই অৰ্থহীন ৷
এটা ৩১ডিচেম্বৰৰ নিশা অথলে গ’ল ৷ হঠাত এটা ৰাতিৰ নিচাৰ তৃষ্ণাই তাক তৃষ্ণাতুৰ কৰি তুলিলে ৷
তাৰ মাজতে ফোনটো বাজিবলৈ ধৰিলে... শুভ নৱবৰ্ষ ৷ এই বছৰ বিয়াখন পাতিবই লাগিব, তাইৰ শুভেচ্ছা বাণীয়ে যেন তাক পুনৰ সঁকিয়াই দিলে ৷
নতুন বছৰত বহু কিবা কৰা কৰাৰ সপোনে এইবাৰ তাক সাবতি ধৰিলে ৷ তাইক নিজাকৈ পাবই লাগিব, তাইৰ সতে ভালপোৱাৰ এখন সৰু পৃথিৱী, সংসাৰ....ইত্যাদি ৷ সকলো কথাই যেন জীৱন মৰুত তাৰ সমুখত মৰুদ্যানৰ ৰূপত মৰিচীকা হৈ ধৰা দিলে ৷ সেই সপোনৰ পাছলোৱাৰ এক নতুন নিচাই তাক আচ্ছন্ন কৰি আনিলে...সি যেন এতিয়া বেছি তৃষ্ণাতুৰ, এক প্ৰেমময় জীৱনৰ.....
No comments:
Post a Comment