অনুভৱৰ পৃথিৱীঃ এজন ভাতৃৰ বিয়োগত - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

অনুভৱৰ পৃথিৱীঃ এজন ভাতৃৰ বিয়োগত

অনুভৱৰ পৃথিৱীঃ এজন ভাতৃৰ বিয়োগত

Share This

অনুভৱৰ পৃথিৱীঃ এজন ভাতৃৰ বিয়োগত

(১)

ভাতৃৰ বিষয়ে লিখিবলৈ ল’লেই শিৱ খেৰা ৰচিত জীৱনত কাৰ্যকুশলতা বৃদ্ধি কৰাৰ বাবে  পঢ়িবলগা গ্ৰন্থ "You can win"ত উল্লেখ থকা এটা কাহিনীৰ টুকুৰালৈ মন পৰে ৷

এজন মানুহে এখন গাড়ী ধুই থাকোতে প্ৰতিবেশী এজনে মাত লগালে, "বন্ধু কি নতুন গাড়ী কিনিলে?" তেখেতে উত্তৰ দিলে, "নহয়, মোৰ ভাইটোৱে দিলে" ৷ লগে লগে সেই মানুহজনে নিজকে কোৱাদি ক’লে-"আপোনাৰ কি ভাগ্য, মোৰো যদি তেনে এজন ভাই থাকিলেহেতন!"

তাকে শুনি সেই গাড়ী ধুই থকা মানুহজনে তেখেতৰ কথাষাৰ শুধৰাই দিলে, "মহাশয়, আপুনি আচলতে কব লাগিছিল, আপুনি যদি সেই ভাইটো হব পাৰিলেহেতেন বুলিহে!"

আচলতে ঘটনাটোত বৈষয়িক সম্পদৰ দিয়া লোৱাটো, গুৰুত্বপূৰ্ণ নহয়, কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ ককায়েকজনৰ অনুভৱখিনি বা তেওঁ তাৰ পৰা গ্ৰহণ কৰা পাঠটো ৷ যি পাঠৰ অনুভূতিখিনিয়ে বুকুখন সদায়েই চুই থাকে ৷

(২)
মোৰ জ্যেষ্ঠ সহকৰ্মী শ্ৰীনিবাসন ৷ তেখেত এইমাহৰে শেষত অৱসৰ পাব৷ সিদিনা তেখেতৰ ভাতৃৰ বিয়োগ হ’ল৷ ডেৰাডুনৰ পৰা অৱসৰৰ পাছৰ জীৱন যাপনৰ সম্পৰ্কে কোম্পানীয়ে প্ৰদান কৰা ট্ৰেইনিংৰ মাজতে বেয়া খবৰটো পাই তেখেত তামিলনাড়ুৰ গৃহ চহৰ কয়েম্বটোৰলৈ উৰা মাৰিলে ৷ তেৰ দিনৰ পাছত ৰীতি নীতি শ্ৰাদ্ধ সম্পন্ন কৰি তেখেত পুনৰ কামলৈ ঘূৰি আহিছে ৷ তেখেতৰ সতেই মত বিনিময় কৰিলো আৰু সমবেদনা জ্ঞাপন কৰিলো ৷

শ্ৰীনিবাসন চাৰ এজন কঠোৰ ৰীতি নীতি পালন কৰা তামিল লোক ৷ তেখেতৰ মাজত প্ৰৱল তামিল জাতীয়তাবাদ, উচ্চ হিন্দুৰ সংৰক্ষণশীল সংস্কাৰ৷ তেখেতৰ মতে আমিষ খোৱাৰ সমান পাপ পৃথিৱীত নাই, আমিষ মুখত দিলে তেখেতে আৰু কেতিয়াও পূৰ্ব-পুৰষৰ বাবে কৰা সকাম-নিকাম-পূজা অৰ্চনা কৰিব নোৱাৰিব ৷ যদিও মই নিজে সৰ্বভোজী আৰু খাদ্যৰ ক্ষেত্ৰত বৰ ধৰ্ম নিৰপেক্ষ, তথাপি তেখেতক বা তেখেতৰ চিন্তা, জীৱনধাৰাক সন্মান কৰো ৷ কাৰণ সেই সুষম জীৱনধাৰা পালন কৰাটো আমাৰ বাবে এক অসম্ভৱ কথা ৷ তেখেতৰ এনে সৰল খাদ্যাভ্যাস, ৰীতি-নীতি মানি চলা জীৱনধাৰাৰ ফলতে তেখেতৰ দৈহিক অৱয়ব বা শাৰিৰীক সক্ষমতাৰ বাবেই তেখেতে বিশদিন পাছতে অৱসৰ লব বুলি কোনো পধ্যেই অনুমান কৰিব নোৱাৰি ৷

শিৱসাগৰৰ  গেলেকীত অ’এনজিছিৰ জিজিএছত তিনিবছৰ চাকৰি কৰি অহা  শ্ৰীনিবাসন চাৰে ক্ষোভেৰে ক’লে- অসমত গড়ে চল্লিশ বছৰেই জীৱনৰ সীমা, লাওপানীৰ মাজতে মানুহে হেৰুৱাইছে জীৱনৰ দীঘ আৰু বাণি ৷ তেখেতে শিকি অহা এই "লাওপানী" শব্দটোৰে তেখেতে সকলো সুৰাকে সামৰি লৈছিল ৷ অত্যাধিক আমিষ ভোজনেও অসমীয়া মানুহৰ আয়ুস কমাইছে বুলি তেখেতে দোহাৰিছিল ৷ এজন সৰল জীৱন যাপন কৰি নিজক সক্ষম কৰি ৰখা মানুহৰ অভিজ্ঞতা তথা অনুভৱক মই নীৰৱেই সন্মান জনাই মূৰ দুপিয়াই মানি লৈছিলো ৷

তেখেতৰ বিয়োগ হোৱা ভাতৃৰ  খান-পানত চাৰৰ দৰে সৰল জীনধাৰা নাছিল, আনবোৰ মানুহৰ দৰেই খাদ্যক ভোগ হিচাবেহে গ্ৰহণ কৰিছিল, উপভোগ কৰিছিল, সেয়াই তেওঁৰ একমাত্ৰ দোষ আছিল বুলি চাৰে অভিমান কৰিছিল ৷

(৩)
চাৰ আপোনাৰ "সেই ৰামকৃষ্ণ" নামৰ ভাতৃজনেই ঢুকাল নে কি? সেই প্ৰশ্নটোৱে যেন শ্ৰীনিবাসন ছাৰৰ দুচকুৰ মাথাউৰিটোহে খহাই নিলে ৷ তেওঁ থোকাথুকি মাতেৰে উত্তৰ দিলে ৷ হয়, ৰামকৃষ্ণই আছিল মোৰ একমাত্ৰ ভাই ৷

তেওঁ মোক বহুদিন আগতেই সেই ভায়েকজনৰ বিষয়ে কৈছিল৷ কয়েম্বটোৰত এটুকুৰ মাটি কিনিছিল শ্ৰীনিবাসন চাৰে, তাতে এটা ঘৰ বনাইছিল, কোম্পানীত চাকৰি পোৱাৰ পাছত ডেকা কালতে৷ সেই ঘৰটোতে ৰামকৃষ্ণ আছিল ইমান দিন৷ মাক-দেউতাক সকলোকে সেৱা কৰি স্বৰ্গপ্ৰাপ্তিৰ দিশেও সেই ৰামকৃষ্ণয়েই আগবঢ়াই থৈ আহিছিল৷ তাতে যথেষ্ট সৰহ-বৰহী আৰু জনপ্ৰিয় আছিল ৰামকৃষ্ণ৷ চাৰে কৈছিল, তেখেত নিজৰ ঠাইলৈ গ’লে তেখেতক "ৰামকৃষ্ণৰ ককায়েক" বুলিহে মানুহে চিনি পাইছিল৷ কোম্পানীৰ চাকৰিত সূদূৰ মুম্বাইত বসতি কৰিবলৈ লোৱা শ্ৰীনিবাসনৰ নাম নতুন প্ৰজন্মৰ লগতে আন সকলে যোৱা তিনিটা দশকত প্ৰায় পাহৰিয়েই পেলালে ৷

হঠাত শ্ৰীনিবাসন চাৰ মোৰ ফালে চাই হুমুনিয়াহ এটা কাঢ়ি উঠিল, বিৰবিৰকৈ ক’লে- জানা, মোৰ ভাই এজন অট’ৰিক্সা চালক আছিল৷ তেখেতৰ দুচকুত দুটোপাল চকুৰপানীৰ মণি, য’ত ভাতৃৰ প্ৰতি থকা অলেখ আৱেগ, মৰম তাত উজলি উঠিল ৷ মোক লবলৈ এয়াৰপৰ্টলৈ আহোতেও সি তাৰ সেই খাকী পোচাকযোৰেই পিন্ধি আহে৷ তাক যেতিয়া সাবতি ধৰো, তেতিয়া মোৰ দুখ লাগে৷ সি যে অট’ চলায় সেই বাবে নহয়, কিন্তু তাৰ বাবেযে একো কৰিব নোৱাৰিলো বুলি সেই দুখৰ ভাৱটো উঠলি উঠে৷

মই গ’লেই তাক দোকানলৈ লৈ যাওঁ-তাক একেলগে চাৰিটামান চাৰ্ট কিনি দি আহো ৷ আমাৰ সমুখত আধা ঘণ্টাৰ বাবে তাৰে এটা পৰিধান কৰি দেখুৱায়৷ পাছত আকৌ সেই একেই খাকী সাজেৰে হাঁহিটো উলোমাই লৈ ওলাই যায়গৈ, "দাদা, বহ, মই স্কুলৰ পৰা কনমানি কেইটিমানক অনা নিয়া কৰা ভাড়াটো মাৰি আহো, তই দিয়া চোলা পিন্ধি গ’লে ট্ৰেফিক মামাই ধৰিব!"

"মই গ’লেই তাৰ দুভৰিলৈ চাও৷ সেই মই যোৱাবাৰ দি যোৱা চেণ্ডেলযোৰ, যেন উৱলিহে যাব ধৰিছে৷ তাক লৈ বাটাৰ দোকানলৈ যাওঁ, সি কেতিয়াও নতুন যোৰ নলয় ৷ সি কয়, আপুনি নতুন যোৰ লওক, আৰু মোক আপোনাৰ দুভৰিত থকা যোৰ দি যাব ৷ প্ৰত্যেক বাৰেই সি জেদ কৰি মাথো, মোৰ দুভৰিৰ চেণ্ডেলযোৰ ৰাখি থয়, এতিয়াৰ পৰা আৰু সেই আব্দাৰ ক’ত???..." শ্ৰীনিবাসন চাৰৰ কথাবোৰ পুনৰ থোকাথুকি হৈ পৰিল৷

তেওঁ কৈ গ’ল, "আৰু মোক সি কয় জানা, এই মাটি সম্পত্তি আপোনাৰ, যিমান দিনলৈকে মোক থাকিবলৈ দিয়ে, ইয়াতে থাকিম, কিন্তু মোক একো নালাগে ৷ তেতিয়া মই কও ত্ৰিশ বছৰ ধৰি তই সম্পত্তিৰ ৰক্ষা কৰি আছ, মোৰ ছোৱালী দুজনীহে, তোৰ ল’ৰা এটা, কেতিয়াবা যদি ইয়াত ঘৰো বনাও তেতিয়াও তিনিটা মহল বনাম, যাতে তিনিওটা ককাই-ভনীৰ বাবে একোটাকৈ ঘৰ হব পাৰে, বা বিক্ৰী কৰিব লগা হ’লেও ভতিজাটোক ইয়াৰ তিনিভাগ কৰি এভাগ দিম৷ সেই বুলি ক’লে ৰামকৃষ্ণই মোৰ মুখত সোপা দিব খোজে, দাদা তেনে কথা নকবা, মোক একোৱেই নালাগে... সঁচাকৈয়ে সি একো নোলোৱাকৈয়ে আজি গুচি গ’ল" ৷ শ্ৰীনিবাসন চাৰৰ শোকাকুল কথাই মোকো স্পৰ্শ কৰিবলৈ ধৰিলে ৷

(৪)

হঠাত চাৰে মোৰ ফালে চাই অলপ ডাঙৰ শব্দৰে ক’লে- "জানা মোৰ ভাইৰ মৃত্যুৰ পাছত ঘৰলৈ প্ৰায় পাঁচশ অট’চালক আহিছিল, সকলোৱে অন্তিম যাত্ৰা তথা দাহ সংস্কাৰতো ভাগ ল’লে ৷ তেওঁলোকে ঘৰৰ সমুখতো বৃহৎ ফ্লেক্সৰ বেনাৰ লগাই ফটো ছপা কৰি শ্ৰদ্ধাঞ্জলি জনালে, লগতে কয়েম্বটোৰৰ বহুকেইটা অট’ৰিক্সা ষ্টেণ্ডটো এনে শ্ৰদ্ধাঞ্জলিৰ বেনাৰ আঁৰি জনাইছিল সন্মান!"

মই তেখেতক ক’লো, ৰবীন শৰ্মা নামৰ লেখক এজনৰ এখন কিতাপ আছে ছাৰ, Who will Cry when you die শীৰ্ষক ৷ সেই গ্ৰন্থখন পঢ়াৰ পাছত হোৱা অনুভৱৰ পৰা কৈছো প্ৰায় পাঁচশ মানুহে শ্ৰদ্ধাঞ্জলি দিবলৈ যোৱাটোৱেই সূচাইচে যে আপোনাৰ ভাইটিয়ে হৃদয় জিনিব পাৰিছিল৷ আজিৰ তাৰিখত মুম্বাইত বা আন চহৰত চিনাকি এজনৰ মৃত্যুতো চাৰিজন মানুহো চাঙীত তুলিবলৈ পাবলৈকে অসুবিধা তেনেস্থলত.....

শ্ৰীনিবাসন চাৰে থোকাথুকি মাতেৰে ক’লে- "দুপৰীয়া ভাত খাবলৈ আহি ঘৰত পানী খাওতেই নীৰৱ হ্ৰাৰ্ট ষ্ট্ৰোক হৈয়েই সি নীৰৱে গলগৈ, অকনো যন্ত্ৰণা নোপোৱাকৈ৷ তেনে মৃত্যুও চাগৈ বহুতৰেই ভাগ্যত নাথাকে ৷"

"আৰু কি জানা, সি তাৰ চকুযোৰো দান কৰি থৈ গৈছিল ৷ খবৰ দিয়া মাত্ৰকে আই বেংকৰ মানুহে মাথো দহ মিনিটতে সংগ্ৰহ কৰি লৈ গ’ল তাৰ চকু হালি" ৷ কথাষাৰ শুনি মোৰ হৃদয়খন ভৰি উঠিল, এজন সু-হৃদয়বান অট’ৰিক্সা চালকৰ সুন্দৰ মনটোৰ পৰিচয় পাই মনটো ৰঙাই উঠিল, আৰু এক দুখবোধে আছন্ন কৰি আনিলে ৷ হওক মৃত্যুৰ পাছতো ৰামকৃষ্ণৰ চকু হালেৰে কোনোবাই দেখক এই সুন্দৰ পৃথিৱী ৷ সেই দৃষ্টিৰে এজন সৰল ভাতৃ, এজন হৃদয়বান সহকৰ্মী তথা দৃষ্টিদান কৰি যাব পৰা এক সু-মানসিতাৰ বন্তি গছি  জ্বলাই ৰাখক সেই চকুহালিয়ে....

চাৰৰ সতে মোৰো দুকুৰে দুধাৰি লোটক বৈ আহিল৷ সেয়া মাথো ৰামকৃষ্ণৰ বাবে নহয়, ঘৰৰ, পিতৃ-মাতৃৰ দ্বায়িত্ব লৈ বাহিৰলৈ ভাতৃ, ভগ্নী সকলক জগত জিনিবলৈ উলিয়াই পঠিওৱা সেই সকলো ভাতৃ-ভগ্নীলৈ.... যি ৰামকৃষ্ণৰ দৰে নিস্বাৰ্থ আৰু হৃদয়বান ৷ মনে মনে আওৰালো, সেই মানুহজনে শুধৰাই দিয়া বাক্যশাৰী, "ময়ো যদি সেই ভাতৃজন হব পাৰিলোহেতেন....."

No comments:

Post a Comment

Sponsor

AD BANNER

Pages