জন্মদিনৰ অনুভৱঃ জীৱনৰ সহজ বাট
(ক)
জন্মদিন মানেই এক আৰম্ভণি, সেই জীৱন নামৰ বিশাল যাত্ৰাটোৰ ৷ আৰম্ভণি হোৱাৰ পৰা খোজে খোজে বাট বুলি আগুৱাই যোৱাৰ যি চিৰন্তন ৰীতি, তাৰ মাজতে সময় ৰেখাত প্ৰতি বছৰেই ভুমুকি মাৰে এই দিনটিয়ে৷ সোঁৱৰাই দি যায়, কিমান বাট বুলি আহিলো আমি, এই ধৰাৰ বুকুত ৷ প্ৰতিটো জন্মদিনত অনাগত দিনৰ বাবে শুভাকাংখীয়ে জনায় শুভকামনা ৷ দি যায় আৰু আগুৱাই যোৱাৰ বাবে নতুন নতুন সপোন ৷ আৰু আমিও বাট বোলো তাকে সাবতি...
(খ)
সৰুকালৰ মাহ-প্ৰসাদৰ জন্মদিন, গোসাঁইঘৰত মূৰ দোওৱা, লগৰ কনমানি কেইটিক ধৰাত বহুৱাই তেৰাৰ ওচৰত আশীষ বিচাৰি মাতৃৰ প্ৰাৰ্থনা ৷ সকলো লাহে লাহে জীৱনৰ বাটত সলনি হৈ গৈ আছে ৷ গোলকীয় পৃথিৱীত গাঁৱৰ একোণত থকা আপোনজনৰ পৰা আঁতৰত কোনোবা মহানগৰীৰ নিভৃত কোণত অকণ নিজস্ব ঠাই উলিয়াই যেন উদযাপন কৰা যায় এই জন্মদিন ৷
যদিওবা জন্মদিনৰ নামত বিশাল ৰাজকীয় আদৱ-কায়দাৰ পাৰ্টিৰ প্ৰয়োজন নাই৷ তথাপি পা-পৰিয়ালৰ বাবে কেৰিয়াৰৰ বাবে বছৰৰ বেছিভাগ সময় নিগনি দৌৰৰ প্ৰতিযোগিতাত নামিব লগা হোৱা মানুহৰ বাবে জন্মদিনৰ অকনমান আন্তৰিকতাপূৰ্ণ সময়, অকন সৰুসুৰা উদযাপনে নিশ্চয়েই মনলৈ এক সতেজতা কঢ়িয়াই আনিব পাৰে ৷ দূৰৈত থাকিলেও জন্মদিনৰ দিনা ফোন যোগে পিতৃ-মাতৃৰ আশীষ বিচৰা, তেওঁসৱৰ প্ৰতি কৃতজ্ঞতাবোধক নকৈ বুকুৰ মাজত সতেজ কৰা আদিৰ অনুভৱ বোৰ জীৱনত নিশ্চয়কৈ ৰং সানিব পাৰে ৷
ব্যক্তিগত ভাৱে, পইচা উপাৰ্জন কৰিবলৈ লোৱাৰ পাছৰ প্ৰথমটো জন্মদিনত কাষত পোৱা আইক সিদিনা সেৱা জনাই এখন চাদৰ উপহাৰ দিছিলো ৷ মা, এইখন মোৰ জন্মদিনৰ উপহাৰ, তোলৈ, মোক জন্মদিয়াৰ বাবে অলেখ ধন্যবাদেৰে৷ চাদৰখন ডাঙৰ নহয়, আচল কথা অনুভৱ খিনি; দুচকুৰে , দুগালেৰে বৈ অহা চকুৰ দুটোপাল পানীত যেন ভাঁহি আহিল অনুভূতিখিনি...
(গ)
জীৱনৰ বাটত হেনো এটা সহজ বাটৰ সন্ধান কৰাটোৱেই আটাইতকৈ দীৰ্ঘতম আৰু কঠিনতম কাম ৷ পিছে যোৱা তিনিটা দশকৰ অনুভৱে ইয়াক অলপ সহজ কৰি তোলাৰ পথ কিছু বিচাৰি পাইছো ৷ এই কঠিন কামটো সহজ কৰাৰ পথত প্ৰথমটো অন্তৰায় হ’ল আমাৰ মানসিকতা ৷
পিছে মানসিকতা বা মনোভাৱ সলনি কৰি ইয়াৰ বাট বিচাৰিব পাৰো ৷ জীৱনক সহজ কৰি তুলিবলৈ আমি আমাৰ শুভাকাংখীৰ শুভাকামনা তথা দিহা, উপদেশৰ পৰা মূল্যবান কথাবোৰ গ্ৰহণ কৰিবলৈ শিকিব লাগিব ৷ এইয়া অতি লাগতিয়াল কথা ৷
দৈনন্দনি জীৱনৰ সমস্যাবোৰ সাধাৰণতে একে ধৰণৰ ৷ জ্যেষ্ঠ সকলে জীৱনৰ বাটত এনেবোৰ সমস্যা আমাতকৈ আগতেই সন্মুখীন হৈ আহিছে, সমাধান কৰি আহিছে বা এনে সমস্যাৰ ধুমুহাত পৰি বহু তিক্ত অভিজ্ঞতাৰো সন্মুখীন হৈ আহিছে ৷ সি প্ৰেমেই হওক বা ধন-সম্পদ-স্থাস্থ্য অথবা কেৰিয়াৰেই হওক ৷ সকলোৰে বুকুত একোটা কেঁচা কাহিনী থাকে, থাকে তাতে বহুৰঙী অভিজ্ঞতাৰ বহুমূলীয়া মণি ৷ কিছু অদ্ভুত আৰু খেয়ালী লোকৰ বাহিৰে বেছি সকলেই যি কোনো কথাত দিহা বিচাৰিলে বা আপুনি এই সমস্যাটো কেনেদৰে সন্মুখীন হৈছিল বা সমাধান কৰিব বুলি সুধিলে সেই সম্পৰ্কে নিজৰ মতামত বা উপদেশ দিয়েই ৷ এনে উপদেশ সাধাৰণতে বিনামূলীয়াকৈ পোৱা যায়, অথচ তাত গুঁঠি থোৱা থাকে বহুমূলীয়া বাস্তৱ অভিজ্ঞতাৰ মুকুতা ৷
এনে উপদেশ বোৰ গ্ৰহণ কৰিব পাৰিলে, ভিন্নজনৰ দৃষ্টিৰে সমস্যা একোটাক বিশ্লেষণ কৰিবলৈ সহজ হয় ৷ কেইবাজনো লোকৰ এনে পৰামৰ্শৰ মাজৰ পৰা আটাইতকৈ উপযোগী পথটো বিচাৰি লৈ সহজেই কামটোৰ সমাধান কৰিব পাৰি ৷
কিন্তু বেছিভাগ মানুহেই আনৰ উপদেশ শুনিবলৈ বা কান দিবলৈ মন নকৰে ৷ আৰু নিজে খকা-খুন্দা খাই নতুন অভিজ্ঞতা লভিবলৈ যায় তথা বিকল্প পথৰ সন্ধান কৰে ৷ এনে বিকল্প পথৰ সন্ধান কৰা মানসিকতাৰো যোগাত্মক দিশ আছে ৷ কাৰণ এনে প্ৰচেষ্টাৰ অবিহনেনো উপলব্ধ সমাধান সূত্ৰতকৈ উৎকৃষ্ট পথৰ অন্বেষণ কেনেকৈ সম্ভৱ হব?
আনুষ্ঠানিক শিক্ষাৰো উৰ্ধত সাধাৰণতে এনে বাস্তৱ অভিজ্ঞতাইহে জীৱনত কামত আহে ৷ সেয়ে শিক্ষিত, অশিক্ষিত বুলি কথা নাই, সকলোৰে পৰাই শিকিব লগা, বুজিব লগা বহু কথাই থাকে ৷ সকলোৰে কথাক গুৰুত্ব সহকাৰে লব লাগে আৰু এনে কথাই যে একোটা দৃষ্টিভংগী, অভিজ্ঞতা বা মতামত বহন কৰিছে সেয়া সন্মান জনাব লাগে ৷ এনে মনোভাৱে জীৱনত সহজ বাটৰ সন্ধান নিশ্চয়কৈ দিব পাৰে ৷
মাত্ৰ দিহা, পৰামৰ্শ বা উপদেশৰ মাজত কোনটো গ্ৰহণীয় তাক বিচাৰ কৰি চোৱাটোৱেই অতিশয় স্পৰ্শকাতৰ বিষয় হৈ পৰে৷ সু-পৰামৰ্শ আৰু কু-পৰামৰ্শ চিনাক্ত কৰণৰ লগতে প্ৰৰোচনা মূলক দিহাক বৰ্জন কৰাটো অতি দৰকাৰী ৷
এইদৰে আনৰ কথা শুনি, শুভাকাংখীৰ আশীষ লৈ চলি আছো মই, পিছে বন্ধু কেনে আছা তুমি?
No comments:
Post a Comment