প্ৰযুক্তি - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

demo-image
nth

প্ৰযুক্তি

Share This
তৈল ক্ষেত্ৰ বা শোধনাগাৰত কিয় জ্বলাই থকা গেচ আৰু অসমত চিএনজিৰ সম্ভাৱনা


CNG মানে হ'ল কম্প্ৰেছড নেচাৰেল গেচ। কম্প্ৰেছৰৰ দ্বাৰা বেছি চাপযুক্ত কৰা প্ৰাকৃতিক গেছ। তৈল ক্ষেত্ৰ তথা ৰিফাইনেৰীত জ্বলাই দিয়া বা আমি দেখি থকা গেছ সমূহ হ'ল "টেকনিকেল ফ্লেয়াৰিং"। 

এই গেছ সমূহ প্ৰক্ৰিয়াত সৃষ্ট অতি কম চাপৰ গেছহে। এনে চাপৰ গেচ সমূহ অতি কম পৰিমাণৰহে সৃষ্টি হয় আৰু এই গেচ সমূহ বেছি চাপযুক্ত কৰিবলৈ যি কম্প্ৰেছৰ ব্যৱহাৰ কৰিবলগা হয় তাৰ দাম, এই গেছৰ মূল্যতকৈ বহুত পৰিমাণে বেছি। সেয়ে পাইপ লাইন সংযোগ নথকা বা অতি কম চাপৰ কিছু গেছ কাৰিকৰীগত কাৰণত জ্বলাই দিব লগা হয়।

ৰিগতো একেই কথা। কিন্তু আজিকালি গেচৰ মূ্ল্য আন্তৰাষ্ট্ৰীয় বজাৰত বৃদ্ধি হোৱাৰ পাছত এনে টেকনিকেল ফ্লেয়াৰিং কম কৰিবৰ বাবেও প্ৰযুক্তি ওলাইচে আৰু কম চাপৰ গেচক আন গেচে শুহি নিয়াৰ দৰে প্ৰযুক্তিও ব্যৱহাৰ কৰিবলৈ লৈছে। এই প্ৰযুক্তিৰে সাগৰত চলি থকা তেল-আৰু গেছৰ ক্ষেত্ৰ সমূহত যিমান পাৰি গেচৰ ফ্লেয়াৰিং কমাবলৈ চেষ্টা চলি আছে আৰু জিৰ' ফ্লেয়াৰিংৰ লক্ষ্যত উপনীত হোৱাৰ সফলতাও আমি কাম কৰা হীৰা প্ৰকল্পই দাবী কৰি পুৰস্কৃতও হৈছে। 

অসমত ফ্লেয়াৰিঙ হোৱাৰ কাৰণ, দূৰ-দূৰণিত থকা তৈল খাদ সমূহৰ পৰা পাইপ লাইন নথকাৰ বাবে কম্প্ৰেছৰ থকা ঠাইলৈ গেছ সমূহ আনিব নোৱাৰাটোৱেই প্ৰধান কাৰণ। সকলো ঠাইতে কম্প্ৰেছৰ বহাব নোৱাৰে বিদ্যুতৰ নাটনি আৰু অৰ্থনৈতিক সীমাবদ্ধতাৰ বাবে। সেয়ে অসমত টেকনিকেল ফ্লেয়াৰিং জিৰ' কৰাটো ইমান সহজ নহয়। ওপৰত উল্লেখ কৰা হীৰা প্ৰচেছ কমপ্লেক্সৰ দৰে ঠাইত একে ঠাইতে সকলো সুবিধা একে সামুদ্ৰিক প্লেটফৰ্মৰ ওপৰতে থকা বাবে এই শুহি নিয়া ভেনচুৰি এফেক্ট পদ্ধতি ব্যৱহাৰ কৰি ওচৰতে থকা কম্প্ৰেছৰলৈ কম চাপৰ গেচ বোৱাই নিয়াতো সম্ভৱপৰ হৈছে। বিভিন্ন স্থানত বিচ্ছুৰিত হৈ থকা তৈল ক্ষেত্ৰৰ বাবে এয়া প্ৰযোগযোগ্য নহয়।

বাকী CNG ইন্ধন ৰূপে ব্যৱহাৰ কৰিবৰ বাবে অসমতো অলেখ সম্ভাৱনা আছে।
তাৰ বাবে ৰাজ্য চৰকাৰে আগ্ৰহ দেখুৱালে আন্তঃগাঁথনি উন্নয়নৰ বাবে গেচ উতপাদনকাৰী সংস্থা অ এন জি চি আৰু অইল, বিপননসংস্থা অসম গেচ কোম্পানী আৰু গেইল তথা খুচুৰা বিক্ৰী সংস্থা ভাৰতীয় তেল নিগম, এন আৰ এল, বিপিচিল আদি সংস্থাৰ যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন হব।

শেহতীয়াকৈ গুৱাহাটীৰ আদাবাৰীত থকা ভাৰতীয় তেল নিগমৰ তেল ডিপোত Auto Gas বিপনন কৰা চকুত পৰিছে। ইন্ধনৰ ব্যৱহাৰ চিলেক্ট কৰিব পৰাকৈ কীট লগোৱা বাহনে এয়া ব্যৱহাৰো কৰিছে।

তৈল ক্ষেত্ৰৰ এজন পেছাদাৰী লোক হিচাবে সবিশেষ সামৰি এটা লেখা সোনকালেই প্ৰস্তুত কৰাৰ কথা দিলো। আগ্ৰহৰ বাবে ধন্যবাদ।
Comment Using!!

Sponsor

AD BANNER

Pages