অসমীয়া চফট ৰকঃ এটোপাল সুখ, এসাগৰ দুখ..... - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

অসমীয়া চফট ৰকঃ এটোপাল সুখ, এসাগৰ দুখ.....

অসমীয়া চফট ৰকঃ এটোপাল সুখ, এসাগৰ দুখ.....

Share This

অসমীয়া চফট ৰকঃ

এটোপাল সুখ, এসাগৰ দুখ.....

এটোপাল সুখ, এসাগৰ দুখ..... ২


নিমখ ভাতেই যদি মচিব পাৰে
দুচকুৰ লুনীয়াৰ সোঁত?
কিহৰ মায়াত বাৰু দৌৰিছো
জীৱনক কৰিছো লুট....

কিয়, এটোপাল সুখ, এসাগৰ দুখ...
আজি, এটোপাল সুখ, এসাগৰ দুখ...


এটোপাল সুখৰ বাবে
সাতুঁৰিলো দুখৰ সাগৰ
কতনা জোৱাৰ ভাঙি
লাগিছে আজি ভাগৰ

এটোপাল সুখ, এসাগৰ দুখ....২

শোকৰ সাগৰ সিচোঁ বুলি
পানীয়তেই যায় ডুব
পোহৰ বিচাৰি ভাগৰাজনেও
এন্ধাৰহে ভালপায় খুৱ..

কিয়, এটোপাল সুখ, এসাগৰ দুখ...
আজি, এটোপাল সুখ, এসাগৰ দুখ...

কিনো দিলো, কিনো পালো
বহু পায়ো হেৰুৱালো
সময় বালিত চিনেই নৰল
এতিয়া দুহাত উকা
জীৱনৰ সুন্দৰ প্ৰতিমা গঢ়িব খুজিও
দুহাতে আজি মাথো বোকা....

এটোপাল সুখ, এসাগৰ দুখ....২

এন্ধাৰ আঁতৰিব জোনাক নিশা
হেৰুৱাম বিষাদৰ ভাষা
পুৱতিৰ ৰদালিত নকৈ জিলিকিব
জীৱনৰ নতুন আশা...

এটোপাল সুখ, এসাগৰ দুখ....২

(কথা+সুৰঃ অজয় লাল দত্ত, কণ্ঠ আৰু সংগীত সংযোজনাঃ বিচৰা হৈছে)

No comments:

Post a Comment

Sponsor

AD BANNER

Pages