বস্তবাদী কবিতাঃ এটা গজালৰ সাধু - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

বস্তবাদী কবিতাঃ এটা গজালৰ সাধু

বস্তবাদী কবিতাঃ এটা গজালৰ সাধু

Share This

এটা গজালৰ সাধু
ধাতু গলা জুইৰ উতাপত যাৰ জন্ম
বুকুত ৰোপিত হয়
আনক শেলাৰ হেপাঁহ আজন্ম;
কঠিন ধাতুৰে গঢ়া দেহ
হিম চেচাঁ শীতে লৌহ কৰা বুকু,
হাজাৰ আঘাত সহিব পৰা সহিষ্ণু হৃদয়

হাবিৰ সেউজীয়া সি ভাল নাপায়
ভাল নাপায় গছ
ভাল নাপায় সিহঁতৰ উদং বুকু৷
শীতৰ ৰাতি জোনে যেতিয়া গছবোৰৰ সতে চুপতি কৰে
উস্ কি গোপন অভিসাৰ বুলি সি জ্বলি পুৰি মৰে৷

সি শপত লয় উজাগৰী ৰাতি
এদিন চাবি, তহঁতৰ বুকু ভেদি বোৱাম
প্ৰেমৰ অশ্ৰুনদী.

ইৰ্ষাৰ বাবেই সহ্য কৰে হাজাৰ হাতুৰীৰ কোব
ফাটি যোৱা পিঠিতো যেন আঁকি লয়
হেপাঁহ পুৰোৱাৰ নিৰ্মম পৰিতৃপ্তি;

অথচ সি নাজানে
 ক্ৰুছবিদ্ধ কৰি সিয়েই মহান কৰে যীশুক
কাঠৰ বুকু ভেদিও
জীৱনত শিকাৰ মেজ উপহাৰ দিয়ে হাজাৰ শিশুক..

No comments:

Post a Comment

Sponsor

AD BANNER

Pages