মঙলবৰীয়া লিমাৰিক - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

মঙলবৰীয়া লিমাৰিক

মঙলবৰীয়া লিমাৰিক

Share This
মঙলবৰীয়া লিমাৰিক
(অসম বন্ধৰ অ-প্ৰীতিকৰ ঘটনাৰ মাজতে অকন প্ৰীতিৰ জৰীৰ সন্ধানত)

চেনিচম্পা বান্ধি, ওলাল চেনিমাই
মঙলবৰীয়া হাটত দিব দোকান বহায়
কল বেচি পাব ধন
ৰঙীণ সূতা কিনাৰ মন
তাঁতৰ পাতত দিব হেনো সপোন সজায়৷

চেনিমাইৰ মিঠা মাত
মনাইৰ তত নাই গাত
কল কিনাৰ চলেৰে
চায়, পাৰে নেকি বলেৰে
বা কেনেবাকৈ বনি যায় বাত!

মনাইৰ আছে চেউৰী
জাতত হেনো দেউৰী
মন তাৰ গাখীৰ হেন বগা
যৌৱনৰ জুইত হবলৈ মন চগা
চেনিমাই নাচি থাকে হৈ মন-ময়ুৰী ৷

তাইক পাবলে মন
লাগিলে ভৰিব ধন
এবাৰ মাথো তাই হাঁ কলে
আনিবই হেনো চলে বলে
যেনেতেন জিনিব প্ৰেমৰ মহাৰণ!

No comments:

Post a Comment

Sponsor

AD BANNER

Pages