বৃহস্পতিৰ লিমাৰিক - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

বৃহস্পতিৰ লিমাৰিক

বৃহস্পতিৰ লিমাৰিক

Share This
বৃহস্পতিৰ লিমাৰিক

এক আছিল খুড়া-খুড়ী
বাহিৰা ইনকাম পুৰাপুৰি
কেৰোণাৰে চপায় ধন
কোটিপতি হবৰ মন
হ’ল নহয় এদিন, সোপাই চুৰি!

খুড়াই বোলে থানালৈ যাওঁ
খুড়ীয়ে কান্দে ৰাও ৰাও
কাৰ ওপৰত দিবা কেচ
সকলোচোন হ’লেই শেষ
পুলিচ আহিও কৰিবহি, দিয়া টকা খাও খাও !

ওচৰ-পাজৰৰ মানুহ আহিল
মানুহ দেখিও টেনশন বাঢ়িল
কি কি নিলে নোৱাৰে কব
ক’লাধনৰ হিচাব দিয়াহে হব
ভাৱি দুয়োৰ অৱস্থা কাহিল!

পাপৰ ধন বোলে পৰাচিতত যায়
বাহিৰা টকা আৰু নালাগে বোপাই
লুটি পুতি আনি থলো
অলেখ পাপৰ ভাগীও হ’লো
চোৰকহে দিলো চাল্লা জুতি লগায়!

আঁতৰাও বুলি মায়াৰ শনি
খুড়া ভকত হ’ল, খুড়ী হ’ল ভকতনি
মাছ মাংস খোৱা মানা
নিৰামিষত সেৰেকা খানা
মনে মনে ভাজি খায়, দুই এটা কণী......

No comments:

Post a Comment

Sponsor

AD BANNER

Pages