অণু গল্পঃ ট্ৰেজেডী - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

অণু গল্পঃ  ট্ৰেজেডী

অণু গল্পঃ ট্ৰেজেডী

Share This

অণু গল্পঃ

ট্ৰেজেডী
---------
সি চুলিখিনি ঠিক কৰি ল’লে, যেন এটা শেষ স্পৰ্শ ৷ বাইক খন বন্ধ কৰি, হেলমেটটো হেণ্ডেলত ৰাখিলে ৷ সেই বেঁকা ৰাষ্টাটোৰে তাই আহিব, ইষৎ হাঁহিব ৷ হয় ঠিক সেই সময়কনতে বুকুৰ সমস্ত দুৰু দুৰু কম্পনক নেওচি সি তুলি দিব তাইক তাৰ ভালপোৱাৰ ৰঙা গোলাপ পাহি ৷ লগত এখন তাৰ অনুভূতিৰে সিক্ত এখন নীলা আখৰত তাইৰ নাম জিলিকা কাৰ্ড ৷ হয় ঠিক এই সময়কনতেই তাই পাৰ হৈ যায়, কঁপাই থৈ যায় তাৰ পৃথিৱী, তাক সেই ইষৎ মিচিকি হাঁহিৰে.....

হঠাৎ জোৰেৰে মটৰ চাইকেল এখন পাৰ হৈ গ’ল ৷ তাৰ মূৰটো আচন্দ্ৰাই ধৰিলে, সেয়া নীলা চুৰিদাৰযোৰ পিন্ধি তাইয়েইতো আছিল ৷ ঠিক তাৰ ওচৰ পোৱাৰ লগে লগেই চালক যুৱকজনক কিবা এটা ইংগিত দিছিল তাই ৷ "তাৰ মানে মোৰ বাবে সদায় বাটচোৱা মক্কেলটো এইটোৱেই বুলি" তাক দেখুৱাই উপহাস কৰি যোৱা নাইতো ৷ তাৰ বুকুখন মোচৰ খাই আহিল, তাইৰ চুৰিদাৰৰ নীলা ৰঙটোৱে তাৰ বুকুলৈ যেন এবুকু নীলাভ বেদনাহে চটিয়াই থৈ গ’ল ৷ বুকুখনে কৈ উঠিল, এইয়াইটো তোৰ ট্ৰেজেডী! সি আৰু অকনো বাট নাচালে, দলিয়াই পেলালে ৰঙা গোলাপ, ভৰিৰে মোহাৰিলে পাহি, টুকুৰাটুকুৰ কৰি বাটৰ দাতিলৈ দলিয়াই পেলালে সেই আলফুলীয়া কাৰ্ড.....সকলো শেষ ৷ দেৱদাস হৈ মদ খোৱাৰ বাহিৰে আৰু কি উপায় আছে ক! সি নিজকে প্ৰবোধ দি, বাইকখন ষ্টাৰ্ট কৰিলে, তাৰ বুকুখনৰ সমস্ত বিৰক্তি ক্ষোভ প্ৰকাশ কৰি বাইকখন গৰজি উঠিল ৷

মাত্ৰ দহটা মিনিটৰ ব্যৱ্ধান!

তাইৰ দুহাতে সেয়া তাকেই ৰবলৈ কোৱা নাইনে? বাৰখনৰ নাতিদূৰৈত অকলে লৈ উচপিচাই থকা তাইৰ ৰূপটো দেখি, তাৰ খং, বিৰক্তি, ঘৃণা পুনৰ সকলো থুপ খাই আহিছিলেই ৷ তথাপি সি ব্ৰেক মাৰিলে, তাইৰ কাষত ৰ’ল ৷ হেলমেটটো আঁতৰাই লওঁতেই তাই কৈ উঠিল- "কি কম একোৱেই ধৰিব পৰা নাই, পেহীৰ ল’ৰাটোৰ আজি বিৰাট ট্ৰেজেডী; সি মোক ইয়াতে নমাই, দিন-দুপৰতে বাৰত সোমাইছেগৈ ৷ আপোনাক তাত ৰৈ থকা দেখি ৰবলৈ ইমান ক’লো সি নামানিলে" ৷ সি পলক নমৰাকৈ তাইলৈ চাই ৰ’ল, সেয়া তাৰ দুচকুত ৰাখি, তাইৰ দুচকুৱে হাঁহিছে, তাই লাজ লাজকৈ বুকুত সাবতি অনা কিতাপখনৰ মাজৰ পৰা ৰঙা গোলাপ পাহি উলিয়াই তালৈ আগুৱাই দিলে, "বি মাই ভেলেণ্টাইন!"

লগে লগে তাইৰ দুগালৰ মিঠা ৰঙে যেন তাৰ জীৱনলৈ চটিয়াই দিলে ভালপোৱাৰ বহুৰঙী ফাকু! তাৰ বুকুখন মোচৰ খাই আহিল, তাৰ যে দুহাত উকা! তাইক দিবলৈ তাৰ হাতত মাথো মোহাৰি পেলোৱা গোলাপৰ, ফালি পেলোৱা কাৰ্ডৰ টুকুৰাৰে ভৰা ঘৃণাৰ স্মূতিৰ পাপৰি...চেহ এতিয়াটো তাৰ ভীষণ ট্ৰেজেডী!!!!!
----------------------------------------------------------------------------------------------------
(ডাঙৰ আখৰত পঢ়িবৰ বাবে মোৰ ব্লগ http://lalink-redindian.blogspot.in/ ত ক্লিক কৰক!)

No comments:

Post a Comment

Sponsor

AD BANNER

Pages