সম্পাদকলৈ চিঠিঃ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠিঃ

সম্পাদকলৈ চিঠিঃ

Share This
বিষয়ঃ চাকৰিৰ বাবে আবেদন মাচুল নিষিদ্ধকৰণ
------------------------------------------
আজি 'অসমীয়াৰ সুখ-দুখ'ৰ পাতত প্ৰকাশ হোৱা দেৱীকা ফুকনৰ লেখা 'পেজ-টুঃ বাতৰি আৰু চাকৰি' পঢ়াৰ পাছত এটা কথাই মনত দোলা দি আছে। সেয়া হৈছে চাকৰিৰ বাবে আবেদন কৰোতে কোনো মাচুল লোৱাটো সঁচাকৈ নিষিদ্ধ কৰিব লাগে। এফালৰ পৰা চাবলৈ গ'লে নিবনুৱা সকল বা শিক্ষা সাং কৰি উপযুক্ত হৈ থকা সকলৰ আৰ্থিক আৰু মানসিক অৱস্থালৈকো স্পৰ্শকাতৰ ভাৱে দৃষ্টি দিয়াৰ প্ৰয়োজন আছে। চাকৰি বাকৰি নাই পোৱা বুলি ঘৰত গঞ্জনা, মন যায় চিনেমাখনলৈকো এবাৰ মনত পেলাওকচোন, বহুতো গল্পটো পঢ়িছো মানসিক যাতনাৰ কথাবোৰ, নিজেও জীৱনৰ সেই ষ্টেজ পাৰ কৰিছো, চিনাকি মানুহৰ কিবা এটা হল নে জাতীয় প্ৰশ্নৰ অত্যাচাৰবোৰটো আছেই, নিজৰ ঘৰতে নিজৰ মাক খুজি ভাত খাবলৈ চকুলৈ চাব নোৱাৰা মানসিক অৱস্থা, তাতে আকৌ প্ৰতিযোগিতাৰ বাবে নিজকে সাজু কৰাৰ প্ৰত্যাহ্বান। এনেবোৰৰ মাজতে আকৌ প্ৰতিটো পৰীক্ষা, প্ৰতিখন আবেদনৰ সৈতে দৈনিক বৰ্ধিত হাৰত পাঁচশ হাজাৰৰ মাচুলৰ ড্ৰাফট! এয়াও এক অত্যাচাৰেই।


আন এটা দিশ হৈছে যে ৰাজহুৱা খণ্ডৰ কোম্পানী সমূহে এনে পৰীক্ষা পাতিবৰ সময়ত বা সাক্ষাতকাৰলৈ যাবৰ বাবেও কিছু সংখ্যকক ৰেহাই দিয়ে বা বাছ ভাড়াও দিয়ে। পিছে জাতিগত সংৰক্ষণৰ আসনৰ বাবে তথা শেষৰ স্তৰৰ ইণ্টাৰভিউৰ বাবেহে এনে মাচুল ৰেহাই আৰু টিকটৰ খৰছ দিয়াৰ উদাহৰণ আছে। কিন্তু চৰকাৰী চাকৰিৰ মুকলি প্ৰতিযোগিতা বা বেচৰকাৰী চাকৰিৰ ক্ষেত্ৰতো এনে মাচুল ৰেহাই বা অহা যোৱাৰ বানচ দিয়া নহয়েই প্ৰায়েই। তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰাদি কিছুমান ভুৱা কোম্পানীয়ে কেৱল নিযুক্তি প্ৰক্ৰিয়াৰ নামত মাচুল সংগ্ৰহ কৰি মাত্ৰ পৰীক্ষা পাতি বা নাপাতিয়েই পলায়ন কৰে। এনে ঘটনাৰ বাতৰিও কাকতত সঘনে ওলায়েই থাকে। গতিকে চাকৰিৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত মাচুল লোৱাৰ কথাটো একেবাৰে নিষিদ্ধই হব লাগে।

আন এটা ফালৰ পৰাও কথাটোৰ যুক্তিযুক্ততা আছে, সেয়া হৈছে, কোম্পানী বা সংস্থাটোকহে নিজৰ ব্যৱসায় বা কামৰ বাবে মানৱ সম্পদৰ প্ৰয়োজন। তাৰ বাবে নিযুক্তি প্ৰক্ৰিয়া চলোৱাৰ বাবেও সেই সংস্থাৰ নিজা বাজেটৰ ধন খৰছ কৰাৰ দৰকাৰ। পিছে এতিয়াৰ প্ৰচলিত পদ্ধতিত আবেদন মাচুল লৈ এক লাভজনক ব্যৱসায়ৰ প্ৰতিযোগিতাহে চলিবলৈ ধৰিছে। হাজাৰ হাজাৰ টকা মাচুল লৈ কোম্পানীৰ নিজা স্বাৰ্থত পৰীক্ষা পতাটো যেন ফেশ্বন হৈ পৰিছে। আনফালে কলেজ শিক্ষকৰ পদৰ বাবেে ইমান মাচুল লৈ প্ৰাৰ্থীক হাৰাশাস্তি কৰাৰ কি দৰকাৰ। চৰকাৰী বা প্ৰাদেশীকৃত কলেজ সমূহত এই ধুমটো বেছিকৈ উঠা দেখা গৈছে। নিযুক্তি প্ৰক্ৰিয়া সৰল আৰু কম খৰচী কৰি খৰছ কমোৱাৰ পৰিবৰ্তে আবেদনকাৰীৰ ধনেৰেহে যেন নিযুক্তি প্ৰক্ৰিয়া পাতিব লাগিব তেনে মানসিকতাহে প্ৰদৰ্শিত হৈছে। তাকো আগতীয়াকৈ ফিটিং হৈ থকা প্ৰাৰ্থীৰ বাবে পতা ভেকোঁভাওনা ইণ্টাৰভিউতো আন সকল অন্যায়ভাৱে বঞ্চিত হব লগা প্ৰাৰ্থীৰ ধনেৰে মানে লোকৰ পিঠাৰে সবাহ পতাৰ উদাহৰণ দেখিবলৈ পোৱাটো সমাজৰ বাবেই লজ্জাজনক হৈছে।

এই সকলো কেইটি দিশ অনুধাৱন কৰি ৰাজ্যৰ শ্ৰম বিভাগ আৰু শিক্ষা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী সকলক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছো। নিবনুৱাক এক ভয়াবহ সমস্যা বুলি সমাজে গণ্য কৰাৰ সময়তে আকৌ নিবনুৱাক এইদৰে মাচুলৰ নামত শোষণ কৰিবলৈ দিয়াৰ যুক্তিয়েই বা ক'ত। আবেদনকাৰীৰ পৰা মাচুল লোৱাটো নিষিদ্ধ কৰিলে ভুৱা কোম্পানীৰ নিযুক্তিৰ বেপাৰবোৰো বন্ধ হব। শিক্ষিত সকলেও মন খুলি প্ৰতিযোগিতাত মনোনিবেশ কৰিব পাৰিব। ৰাইজেও এই ক্ষেত্ৰত সহমত প্ৰকাশ কৰিব বুলি আশা কৰিছো।

No comments:

Post a Comment

Sponsor

AD BANNER

Pages