গ্ৰন্থ আলোচনা - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

গ্ৰন্থ আলোচনা

গ্ৰন্থ আলোচনা

Share This
পত্ৰ সাংবাদিকতাৰ অনুপম নিদৰ্শন "সম্পাদকলৈ চিঠি"
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ বাতৰি কাকত বা গণমাধ্যমৰ মাজেদিয়ে জনতাৰ আশা-আকাংক্ষা, ক্ষোভ সমূহে প্ৰকাশৰ বাবে বাট বিচাৰি পায়। সাংবাদিক সকলেও বিভিন্ন দল, সংগঠনে তুলি ধৰা বিভিন্ন সমস্যাৰাজি, দাবী আদিক সঠিক ৰূপত তুলি ধৰাৰ মৌলিক দ্বায়িত্ব পালন কৰে। কিন্তু একোজন চিন্তাশীল নাগৰিকে নিজৰ মনৰ মাজত খু-দুৱাই থকা ভাৱনা সমূহক, সমাজৰ হিত সাধনৰ বাবে প্ৰশাসন তথা ৰাজনৈতিক নেতৃত্ব, সমাজৰ বৰ-মূৰীয়া সকলে পালন কৰিব লগীয়া দ্বায়িত্ব সমূহ সোঁৱৰাই দিবলৈ বিচৰাৰ তাড়ণাক প্ৰকাশ কৰিবলৈ সম্পাদকলৈ চিঠি বা মুকলি মঞ্চ আদি শিতানেই উতকৃষ্ট থলী স্বৰূপ। এই শিতানত সমাজৰ বিভিন্ন প্ৰচলিত দোষ-ত্ৰুটিলৈ আঙুলিয়াই দিয়াৰ লগতে ইতিবাচক দিশৰ পৰিকল্পনা, গ্ৰহণ কৰিব লগীয়া পদক্ষেপ আদিৰ কথা প্ৰকাশ কৰি জন-সচেতনতা গঢ়ি তুলিব পাৰি। সচেতন নাগৰিকে পালন কৰিব পৰা এনে দ্বায়িত্বশীল কৰ্মৰাজিকে বুজাবলৈ "পত্ৰ সাংবাদিকতা" শব্দশাৰী ব্যৱহাৰ কৰা হয়। ডঃ বুলজিত বুঢ়াগোহাঁই অসমৰ পত্ৰ সাংবাদিকতাৰ ক্ষেত্ৰত এজন আগৰণুৱা ব্যক্তি। তেখেতৰ শতাধিক চিন্তা-উদ্ৰেককাৰী চিঠি ইতিমধ্যে অসমৰ সৰু-বৰ গণমাধ্যম, বাতৰি-কাকত আলোচনীত নিয়মীয়াকৈ প্ৰকাশ পাই আহিছে। প্ৰান্তিকৰ জনপ্ৰিয় পত্ৰালাপ শিতানটো এটি বৰ্ষত সৰ্বাধিক চিঠি প্ৰকাশ পোৱাৰ কৃৰ্তিত্বও বুঢ়াগোহাঁইদেৱেই লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে অসমৰ সচেতন পাঠকৰ মাজত এক নিজস্ব পৰিচয় তুলি ধৰিবলৈ সক্ষম হৈছে।

পত্ৰ সাংবাদিকতাৰ অনুপম উদাহৰণ দাঙি ধৰি অসমৰ নৱ-প্ৰজন্মকো সমাজ-সচেতন হবলৈ প্ৰেৰণা যোগাবলৈ সক্ষম হোৱা বুঢ়াগোহাঁই ডাঙৰীয়াক জীৱন আলোচনীয়েও বছৰটোৰ প্ৰভাৱশালী কৰ্মৰ তালিকাত স্থান দি স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা কেৱল ব্যক্তিগত সুখ-দুখ, কেৰিয়াৰ, পৰিয়ালৰ মাজতে আমাৰ দৃষ্টি আৱদ্ধ কৰি নাৰাখি, চৌপাশৰ সমাজ, সংস্কৃতি, পৰিবেশৰ প্ৰতি সংবেদনশীল হবলৈ আৰু এই সমূহৰ উন্নতিকল্পে ইতিবাচক চিন্তা কৰাৰ এক পথ তেখেতে মুকলি কৰি দেখুৱাইছে। তেখেতৰ এই চিন্তাকৰ্ষক যাত্ৰাৰ নিৰ্বাচিত আশীখন সম্পাদকলৈ চিঠিক একত্ৰ কৰি এখনি গ্ৰন্থ ৰূপে প্ৰকাশ কৰি উলিয়াইছে অসমৰ অভিজাত গ্ৰন্থ প্ৰতিষ্ঠান আঁক-বাকে। অসমীয়া ভাষাত সম্পাদকলৈ লিখা চিঠিৰ সংকলন প্ৰকাশ এয়ে প্ৰথম আৰু এনে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণেৰে অসমৰ পত্ৰ-সাংবাদিকতাক প্ৰেৰণা দিয়াৰ বাবে প্ৰকাশন গোষ্ঠীটোও সঁচাই শলাগৰ পাত্ৰ। 

এই গ্ৰন্থখনত সংকলিত হোৱা দেখাত ক্ষুদ্ৰ চিঠিসমূহতে কিন্তু এখন উন্নত সমাজ গঢ়াৰ বাবে প্ৰয়োজনীয় চিন্তাৰ বীজবোৰ ঠাহ খাই আছে। আমাৰ দৃষ্টিত প্ৰতিখন চিঠিকে সমাজৰ কাম কৰিবলৈ ওলাই অহা সমাজকৰ্মী, নেতা, আমোলা,বিষয়া, শিক্ষাবিদ তথা যুৱ প্ৰজন্মই সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি এইবোৰক বাস্তৱত পৰিণত কৰাৰ বাবে পদক্ষেপ লোৱাৰ বাবেহে গুণাগঁথা কৰিব লাগে। অন্ততঃ সমাজ-সংবেদী কিছুলোকৰ মন-মগজুত এই চিঠিবোৰে ইতিমধ্যেই চিন্তাৰ পোখা মেলাবলৈ সক্ষম হৈছে আৰু এই সংকলনখন পৰ্যবেক্ষকৰ দৃষ্টিৰে পঢ়িলে যিকোনো পাঠকেই এনে ইতিবাচক চিন্তাৰ খোৰাক পাব। এয়া লেখকজনৰ এক উল্লেখনীয় সফলতাই।

সংকলনখনিত গণমাধ্যম বিষয়ক পশিচখন চিঠিত বাতৰি-কাকত তথা গণমাধ্যম সমূহক অধিক কাৰ্যকৰী ৰূপত গঢ়ি তোলাৰ বাবে বহু কেইটি যোগাত্মক পদক্ষেপ গ্ৰহণৰ দিক দৰ্শোৱা বুলি অনুভৱ কৰিব পাৰি। গণমাধ্যমত নতুন প্ৰযুক্তিৰ ছ'চিয়েল নেটৱৰ্কিং, ব্লগ, এফ এম ৰেডিঅ', ই-মেইল আদি প্ৰয়োগেৰে সময়োচিত ভাৱে আগুৱাই নিয়াৰ প্ৰয়োজনীয় দিশ সমূহেই মূলত প্ৰতিফলিত হৈছে। গ্ৰন্থ বিষয়ক বাৰখনকৈ চিঠিত গ্ৰন্থ বিপনন, প্ৰকাশিত গ্ৰন্থৰ তথ্য, গ্ৰন্থ সংৰক্ষণ, কিতাপ বিষয়ক বেৱচাইট, অনলাইন পুথিভঁৰাল আদিৰ প্ৰয়োজনীয়তা সমূহ সফলভাৱে তুলি ধৰিছে। শৈক্ষিক ক্ষেত্ৰৰ সফল শিক্ষাৰ্থীৰ পাছৰ জীৱন, কেৰিয়াৰ পৰামৰ্শ, অভিভাৱক সকলৰ প্ৰয়োজনীয় সচেতনতা আদি স্পৰ্শকাতৰ কথাসমূহ তুলি ধৰা ষোল্লখনকৈ চিঠিয়ে এই সংকলনত স্থান পাইছে।

একেদৰে অসমৰ অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক ক্ষেত্ৰৰ বিভিন্ন আসোঁৱাহ আৰু গ্ৰহণ কৰিব পৰা সৱল পদক্ষেপ সমূহ তুলি ধৰি লিখা সাতাইশখনকৈ চিঠি সংকলিত হৈছে। য'ত কৃষক মুক্তি সংগ্ৰাম সমিতিলৈ অসমত উন্নত কৃষি পদ্ধতি গাঁৱে গাঁৱে অৱলম্বন কৰি সঁচা অৰ্থত সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ জনোৱা আহ্বানো আছে। এখন উন্নত অসম গঢ়াৰ বাবে বুনিয়াদী চিন্তাৰ আকৰ আচলতে এই সংকলনখনৰ চিঠি সমূহৰ মাজতে সম্পদ ৰূপে থূপ খাই আছে। অসমৰ নৱ-প্ৰজন্ম, সামাজিক, ৰাজনৈতিক নেতৃস্থানীয় লোকসকলে সঁচা অৰ্থত ৰাজ্যখনৰ কল্যাণ সাধন কৰিব খুজিলে অন্ততঃ এজন সচেতন, প্ৰযুক্তিবিদ তথা নাগৰিকে আগবঢ়োৱা এই আলোচনামূলক দিশসমূহলৈ চকু দিয়া উচিত। প্ৰতিজন সদাশয় লোকেই এই আশী টকা মূল্যৰ গ্ৰন্থখন সংগ্ৰহ কৰি ন-ন চিন্তাৰ সমল পাব পাৰে আৰু এনে ইতিবাচক চিন্তাৰে আমাৰ উত্তৰ-প্ৰজন্মক পথ দেখুৱাব পৰা এই ব্যতিক্ৰমী প্ৰচেষ্টা চলাই অসমীয়া পত্ৰ সাংবাদিকতাৰ ধ্বজ বহন কৰা লেখকলৈ যোগাব পাৰে অনাবিল প্ৰেৰণা। সুষ্ঠ সৱল চিন্তাৰ বীজ সমূহ সুন্দৰ ছপা-বন্ধাৰে একত্ৰ কৰি পাঠক সমাজলৈ তুলি ধৰাৰ বাবে লেখক আৰু প্ৰকাশকলৈ জনাইছো আন্তৰিক অভিনন্দন।

No comments:

Post a Comment

Sponsor

AD BANNER

Pages