নোমল দাইটি বনাম মনমোহন মহাশয়
(১)
নোমল দাইটি আছিল নিমাখিত প্ৰাণী৷ প্ৰথমা পত্নীৰ বিয়োগত লগৰ দুই এজনৰ দিহা মতে, এইবাৰ ৰচকী এজনী চপাই আনিলে৷ আগৰ ফালৰ লৰাটো ডেকা হোৱাত সিও বোৱাৰী আনি বাৰীৰ চুকতে বেলেগ হ'ল৷ কেইটামান বছৰ বাগৰিল, নোমল দাইটি আৰু নিশকতীয়া হ'ল৷ কাঠৰ মিলৰ কামটোও নিয়মীয়াকৈ কৰিব নোৱাৰাকৈ মাজে মাজে গা বেয়া হৈ পৰিও থকা হ'ল৷
ৰচকীৰ বয়স কম৷ ধেৰ ছোৱালী থকা, ভিতৰুৱা গাঁৱৰ ঘৰৰ৷ টাউনৰ ঘৰ মাটি থকা দৰা পাই গুচি অহা ছোৱালী৷ কালত নোমলৰ সানিধ্যৰ লগতে অথর্নীতিও দিনক দিনে নিশকতীয়া হৈ অহাৰ লগতে ওচৰ-চুবুৰীয়াৰ মাজতো বুবু-বা-বা ওলাবলৈ ধৰিলে৷ বোলে লালি গুৰৰ চুলাই বিক্ৰী কৰে, ৰাতি বিয়লি, ডেকা লৰাৰ বাঁহ, হেৰিৰ লৰাটোৰ সতে হেনো সম্পর্কও গঢ়িছে৷ মাজে মাজে ভীষণ হুলস্থূল হয়, কাজিয়া হয়, নিমাখিত নোমলে মাত মাতিব নোৱাৰে৷ চকুৰ আগতে কেঁচা কেলেংকাৰীবোৰ আৰু কিমান সহ্য কৰিব৷
এদিন পুৱা, চোতালৰ মূৰতে থকা ঔ-গছ এজোপাত ৰচী লগাই নোমল দাইটি আত্মঘাতী হল৷ পুলিচ আহিল, দেধাৰ মহিলাৰ গোৱাল-গালিৰে মুখৰিত পৰিবেশত মহিলা সকলে ৰচকীক চুলিত ধৰি উলিয়াই আনিলে৷ পুলিচক গতালে, হেৰিৰ পুতেককো ঘৰৰ পৰা আনি গতালে, আমি আছিলো নিৰৱ দর্শক মাথো৷
কিন্তু এফুটমান ওপৰতে ওলমি থকা নোমল দাইটিৰ আত্ম-হননৰ দৃশ্যটোহে মনৰ পৰা সতকাই নাঁতৰে৷
(২)
আমাৰ মনমোহন মহাশয়কো সকলোৱে ক্লীন ছিট দিয়ে৷ নিমাখিত পণ্ডিত মানুহ, নিকা ভাৱমূর্তি ইত্যাদি৷ কিন্তু এটা কথা বুজি নাপাওঁ, এটা ডাষ্টবিনত হাজাৰ গেলা-গোন্ধ, ভেনা মাখিৰ মাজত চাফা-বগা কাপোৰ পিন্ধি নিৰুদ্বেগ চিত্তে থিয় হৈ থাকিলে এজন মানুহক চাফা বুলি কব পাৰিনে?
তেওঁক লৈ আন্নাই মুকলিকৈ তাচ্ছিল্য কৰে- ''ৰিমট কণ্ট্ৰল হ্যে না, উচকো বলতাহে, চুপ বেথো, নাহীতো কান কটেগা''৷
এইয়া কি? ৰাষ্ট্ৰীয় নিউজ চেনেলবোৰত মুকলিকৈ কান কটাৰ ভয়ত চুপ থকা বুলি কোৱাৰ পাছতো নিৰৱতাক ঢাল কৰাজন কেনে নিকা আৰু ভদ্ৰ শীর্ষনেতা?
এখন ঘৰৰ মূৰব্বীয়ে যেনেকৈ ঘৰৰ যি কোনো সমস্যাৰ বাবে দ্বায়িত্ব লব লগা হয়৷ তেনেকৈ এখন গণৰাজ্যৰ দ্বায়িত্ব লৈ ইমান নিশ্পীহ যিটো, সেহি ভকতৰ বৈশ্য হলে শুৱাই জানো৷
ৰাজাইতো সিদিনা মনমোহন ছাৰৰ চকুৰ সমুখতে সকলো কৰিছিলো, চিদা ছাৰকটো ইকুইটিত পৰিব পৰা প্ৰভাৱ সম্পর্কে গমি-পিতি চাবলৈ কোৱা বুলিও কলে৷ তথাপি মহাশয় সবৰ গা-নাবাজিল৷
আজি দেখিলো, সংসদত ৰাইজে সেই সম্পর্কত মাত নমতাই ভাল বুলিও কৈছে৷ কেঁচা-কেলেঙ্কাৰীবোৰ চকুৰ আগতে উন্মোচনেটো হৈয়েই আছে৷ অন্যান্য দুর্নীতিৰ নিৰাময়ৰ বাবে নাগৰিক সমাজৰ দাবীও তেখেতে আওকান কৰিছে৷
তেখেতকনো আৰু কি লাগে, দুবাৰকৈ প্ৰধান মন্ত্ৰীৰ সন্মান পাই এতিয়া উজ্জ্বলতৰ ভাৰত এখন নতুন প্ৰজন্মক উপহাৰ দি যাবলৈ, যিমান পাৰি সকলো শক্তিৰে এটা নিকা চিষ্টেম প্ৰতিস্থা কৰি গৈ নিজৰ সুনাম যুগমীয়া কৰাৰ বাহিৰে জানো মহাশয়ৰ আন কিবা বাসনা থকা উচিত৷ কাঢ়া পদক্ষেপ গ্ৰহণেৰে দেশ আৰু দেশবাসীৰ কল্যাণ সাধনৰ বাবেই জানো তেওঁ বৰ-মূৰীয়াৰ দ্বায়িত্বৰ শপত লোৱা নাছিল৷ লাগিলে কাণেই কটা যাওক, তথাপি সাহসেৰে পৰিস্থিতিৰ মোকাবিলা কৰিব বুলিয়েই আমি শেষ ক্ষীণ আশা এটা পুহি ৰাখিছো৷
তাকে নকৰি, অহিংস অনশন কাযসূচীৰ বাবেও অনুমতি নিদিও ধৰণৰ গোড়ামিৰে গণৰাজ্য শাসনৰ সপোন দেখিলে, সিও শেষত হবগৈ নোমল দাইটিৰ দৰেই এক আত্মঘাতী সিদ্ধান্ত৷ যাক কাপুৰুষালিৰ গাঁথা বুলি মচি পেলোৱাটো হয়তো ভাৰতীয় ইতিহাসৰ বাবেই হৈ পৰিব এক অতিশয় দুৰূহ কাম৷
এটা কথা পাহৰি গলে নহব৷ তেওঁ বা তেওঁৰ চৰকাৰে যিয়েই সিদ্ধান্ত নলওক কিয় সময়ে এদিন সকলো বিচাৰ কৰিবই৷ দোষীক পুলিচক গতোৱাৰ দ্বায়িত্ব ৰাইজে এদিন নিজেই হাতত তুলি লবই, সেয়াহে নিশ্চিত৷
এটা কথা পাহৰি গলে নহব৷ তেওঁ বা তেওঁৰ চৰকাৰে যিয়েই সিদ্ধান্ত নলওক কিয় সময়ে এদিন সকলো বিচাৰ কৰিবই৷ দোষীক পুলিচক গতোৱাৰ দ্বায়িত্ব ৰাইজে এদিন নিজেই হাতত তুলি লবই, সেয়াহে নিশ্চিত৷
No comments:
Post a Comment