হাস্য ব্যংগঃ শব্দ অপহৰণ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

হাস্য ব্যংগঃ শব্দ অপহৰণ

হাস্য ব্যংগঃ শব্দ অপহৰণ

Share This

হাস্য ব্যংগঃ 
শব্দ অপহৰণ

(১)

খগেনে বোলে সেয়া পুখুৰীৰ পানী ঘোলা কৰিলো৷ মাছ মাৰিলো সকলোৱে লাগি ভাগি৷ পাৰৰ পৰা নামি আহিল নহয় ভূপেনদা, এনে হেন মাছৰ বতৰত বোলে কেনেকৈ বহি থাকিবাহে৷ চেনীমাইৰ হাতৰ পৰা জাকৈ খন থপিয়াই লৈ চুৰিয়া কোচাই ঘোলাপানীত মাছ ধৰাত লাগিল ভূপেনদা ৷ খগেন, নগেন ,বগেন সকলোৱে তেওঁক মাছ ধৰা দেখি স্ফুৰ্তিত জঁপিয়াই পৰিল ৷ পাৰলৈ মাছ ধৰি ধৰি দলিয়াবলৈ লাগিলে সকলো কেইজনে ৷ পাৰৰ ৰৈ থকা চেনীমাইয়ে অতি কম সময়ৰ ভিতৰতে চিঞৰি চিঞৰি ক’লে- হব নেকি আৰু, ভৰি ভৰি গ’ল৷ এতিয়া পাৰত  পুৰি খোৱাহে কথা ৷ ভূপেনদাই সুধিলে- কিমান মাছ ধৰিলো অ’ চেনীমাই? চেনীমাইয়ে হাঁহি মাৰি উত্তৰ দিলে, চাওঁক চাওঁক এক টিং মাছ!

(২)
ভূপেনদাই কাহিনীটো কৈ শেষ কৰিবলৈ নাপালেই কমলে তৎ-ধৰি পেলালেই নহয় ৷ মই ঠিকেই ধৰিছিলো বুজিছে, acting mass! ৰাইজে যেতিয়া সদলবলে মাছ ধৰাৰ নাটকত ভাগ লবলৈ আহিল, পূৰা পূৰি সেয়াই গণ-নাট্য মানে acting mass! ভূপেনদা মাছ কমিউনিকেচনৰ মানুহ, জাকৈ হাতত লওক বা মাইক, মানুহৰ মাজত যি কমিউনিকেট কৰিব লাগে কৰিয়েই পেলায় ৷ তাৰ পাছৰ কাহিনীকন ভূপেনদাই কৈ গ’ল, চেনীমাইৰ ঘৰৰ কলহ, চাইমদৰ বাতি, কণ্ঠত ঢালি ৷ সুৰা যেতিয়া কণ্ঠত পৰিল তাৰ পাছত আৰু ৰক্ষা নাই ৷ বিলৰ পাৰতে জুৰি দিলো গান, "আহিলেও আহক লুইতত বান, ঘৰতেই পুখুৰী খান ৷ অন্ধ্ৰ-প্ৰদেশৰ নাখাওঁ মই চালানী, ৰাখিমেই অসমীৰ মান" ৷ ...... "ছাইৰ মাজৰ পৰা পোৰা পোৰা গৰৈ, জোকাৰি এৰালো ছাই, কলহৰ পৰা ছাইকন বাকিলে, পাৰতেই সৰগী ঠাই" ৷ পুখুৰীৰ পাৰৰ গীতৰ মছলিছত গীতৰ সুধা কণ্ঠইদি নিগৰি নিগৰি বৈ আহিবলৈ ধৰিলে ৷ ৰাইজ আপ্লুত, চেনীমাই আপ্লুত ৷ গীত হিট, চেনীমাই ফিট!
(৩)
সুৰা আৰু কণ্ঠ ৷ এনেয়ে কফ-চিৰাপত অলপ চলপ এলক’হল মিহলাই নিদিয়ে ৷ সুৰাৰ পৰশে নিমজ কৰে কণ্ঠ ৷ সুৰা থাকিলে সুৰ পাবলৈ আ-কাৰ আঁতৰাই ল’লেই হ’ল ৷ সেয়ে অসমৰ কণ্ঠ শিল্পী সমাজে অফিচিয়েল ড্ৰিংক ৰূপে এইবিধকে গ্ৰহণ কৰিছে ৷

সুৰৰ যেনেকৈ সৰু-বৰ নাই ৷ যি কোনো সুৰেই সপ্ত-সুৰৰেই অংশ ৷ যাৰ এবাৰ সুৰৰ লাগিল নিচা ৷ তেওঁ নিচা কৰা যেন এৰিবই নোৱাৰে ৷ লাগিলে নিচা সস্তীয়া হওক, লোকেল হওক বা বিদেশী অথবা আওপুৰণি স্কটৱলেণ্ডীয় বিধ ৷ চম্মা থাকিলে জৰুৰ জৰুৰ পৰৱানাটো আহিবই... মঞ্চত গাবলৈ জৰুৰ জৰুৰ সেই ৰঙীণ পানীকণটো লাগিবই!
(৪)
নিচা লাগিলে হেনো নকয় মিচা, লাগিলেও লাগক পিঠিত বিচা ! তেওঁ আছিল মনে মুখে, বাহিৰে ভিতৰে একে ৷ ৰঙীণ মানুহ, ৰঙীণ চোলা, ৰঙীণ জীৱন, মনটো খোলা ৷ সেয়ে সকলোৱে তেওঁ আহিলেই, আদৰিবলৈ আনে বৰ বৰ মানুহৰ দোলা ৷

No comments:

Post a Comment

Sponsor

AD BANNER

Pages