প্ৰৱন্ধঃ নৱ প্ৰজন্মৰ মোবাইলঃ আধুনিক নাৰীৰ বাবে নতুন প্ৰত্যাহ্বান - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ নৱ প্ৰজন্মৰ মোবাইলঃ আধুনিক নাৰীৰ বাবে নতুন প্ৰত্যাহ্বান

প্ৰৱন্ধঃ নৱ প্ৰজন্মৰ মোবাইলঃ আধুনিক নাৰীৰ বাবে নতুন প্ৰত্যাহ্বান

Share This
প্ৰৱন্ধঃ
নৱ প্ৰজন্মৰ মোবাইলঃ আধুনিক নাৰীৰ বাবে নতুন প্ৰত্যাহ্বান

বিগত দশকত আটাইতকৈ বিশাল ৰূপত ঘৰে ঘৰে সোমাই পৰা সামগ্ৰীৰ ভিতৰত মোবাইল ফোন অন্যতম৷ টেলি সংযোগ সাধনৰ ক্ষেত্ৰত তাঁৰ বিহীন প্ৰযুক্তিয়ে দেশক বহুখিনি আগুৱাই লৈ গ’ল৷  সৰ্ব-সাধাৰণ মানুহৰ হাতে হাতে লব পৰাকৈ মুক্ত অৰ্থনীতিৰ সু-ফলৰ ৰূপত দামীৰ পৰা কমদামী বিভিন্ন ধৰণৰ মোবাইল বজাৰত উপলদ্ধ হ’ল৷ দেশৰ বহু ভিতৰৰ গাঁৱতো এই দূৰ-সংযোগ ব্যৱস্থাই সফলতা তথা বজাৰ দখল কৰাটো এই সময়ৰ এটা উল্লেখনীয় কথা ৷ 

মোবাইল সেৱাৰ সতে মানুহৰ মাজত সংযোগ তথা ভাৱৰ আদান প্ৰদান যি দৰে সহজ হৈ পৰিছে, তাৰ সতে ইয়াৰ আন কিছু আৰ্থ-সামাজিক প্ৰভাৱ তথা সামাজিক পৰিবৰ্তন চকুত লগা হৈ পৰিছে ৷ আধুনিক নাৰীয়েও সমাজৰ সতে খোজ মিলাই হাতে হাতে মোবাইল লৈ আগবাঢ়ি অহাটো এই নতুন যুগৰ বাবে শুভ লক্ষণ৷

নাৰী এগৰাকীয়ে এগৰাকী মাতৃ, অভিভাৱক, ভগ্নী, প্ৰেমিকা তথা আত্মীয় ৰূপে ভূমিকা পালন কৰিব লগা হয়৷ একেসময়তে নতুন সমাজ গঢ়াৰ বাটত নৱ-প্ৰজন্মক গঢ় দিয়াৰ গধুৰ দ্বায়িত্বও মূলতঃ নাৰীৰ হাততেই অৰ্পিত হৈ থাকে৷ এই যাত্ৰাপথত আজিৰ মোবাইল সেৱাৰ বৰ্ধিত আগ্ৰাসনে নাৰীসমাজক এক সময়োচিত প্ৰত্যাহ্বান আগবঢ়োৱা বুলি অনুভৱ কৰিছো ৷ ইয়াৰ বাবে মোবাইল ফোনৰ উপকাৰ, উপযোগিতা তথা তাৰ বিৰূপ ব্যৱহাৰ হব পৰা সম্পৰ্কে ঘৰ এখনৰ গুৰি ধৰোতা হিচাবে নাৰী সকল অতি সজাগতা হোৱাৰ প্ৰয়োজনীয়তা অতিশয় বৃদ্ধি পাইছে ৷

মোবাইল ফোনে আধুনিক নাৰীক দিছে এটা আটাইতকৈ ডাঙৰ উপহাৰ৷ সেয়া হৈছে উদ্বিগ্নতাৰ পৰা মুক্তি৷ পৰিয়াল পৰিজন বাহিৰলৈ যি কোনো কামত ওলাই যোৱাৰ পাছত নাৰী এগৰাকী সদায়েই উদ্বিগ্ন হৈ থকাটো এটা সহজাত স্বভাৱ, তেখেত মাতৃ, পত্নী, ভগ্নী অথবা আন আত্মীয়ই নহওক কিয় ৷ সুৰক্ষিত ভাৱে পালেগৈ বুলি ফোন এটা নোপোৱালৈকে এই উদ্বিগ্নতাৰ অৱসান নহয় ৷ এই ক্ষেত্ৰত মোবাইলে আনি দিলে প্ৰশান্তিৰ বতৰা !

আজিকালি সৰু-বৰ চহৰত নৱ-প্ৰজন্মৰ হাতত সৰু-বৰ মোবাইল৷ এটাতকৈ আনটো চকুত লগা তথা উন্নত প্ৰযুক্তিৰ ৷ সেই নতুন প্ৰযুক্তি সমূহৰ ব্যৱহাৰ সম্পৰ্কেও আজিৰ নাৰী সকল নৱ-প্ৰজন্মৰ সমানেই সজাগ-সচেতন হৈ উঠাটো অতিশয় দৰকাৰী হৈ পৰিছে ৷ ঘৰত মোবাইল লৈছে, কনমানিটোৱেহে ফোন লগায় দিয়ে, সিহে এইবোৰ জানে, এনে ধৰণৰ চিন্তাৰে শিকিবলৈ অনীহা আধুনিক নাৰীয়ে এৰিব লাগিব ৷ 

সৰু সৰু ল’ৰা-ছোৱালীৰ হাততে বিভিন্ন আপডেটেড টেব, মোবাইল আদি সহজলভ্য হৈ পৰাৰ লগতে, গেমচ, এপ্লিকেচনছ আদিৰ পয়োভৰত নৱ-প্ৰজন্ম মোবাইল-প্ৰেমী হৈ পৰিছে ৷ পৰিয়ালৰ সতে এটা নিবিড় মুহূৰ্ত কটাবৰ প্ৰয়োজনৰ সময়তো মাক-দেউতাক-ভাই-ভগ্নীৰ মুখলৈ চাবলৈ যেন আহৰি নাই৷ অনবৰতে টেব, লেপটপ অথবা মোবাইলৰ সতেই লাগি থাকিবলৈ লোৱাটো উঠি অহা নৱ-প্ৰজন্মৰ অভ্যাসটো তেওঁলোকৰ চাৰিত্ৰিক, দৈহিক তথা মানসিক বিকাশৰ ক্ষেত্ৰত অন্য এক চিন্তনীয় বিষয় হৈ পৰিছে ৷ সামাজিক বা পৰিয়ালৰ সতে মানৱীয় যোগসূত্ৰতকৈ মোবাইলৰ অনামী ৰঙীন জগতখনত আপোনপাহৰা হৈ থাকিবলৈ শিকাটো শিশু-কিশোৰ-যুৱ প্ৰজন্মৰ বাবে এক নিচাত পৰিণত হৈছে ৷ নাৰী মাতৃ সকলে এই ক্ষেত্ৰত সচেতন নহ’লে এই নিচাৰ পৰা সন্তানক বাৰণ কৰাটো এসময়ত অসম্ভৱ হৈ উঠিব যেন অনুভৱ হয় ৷

আগৰ দিনৰ ডায়েৰী বা কিতাপৰ মাজত নীলা চিঠি  বিচাৰি পোৱাৰ পাছত কানতলীয়া খোৱাৰ দিন নতুন প্ৰজন্মৰ নাই৷ সেয়ে বয়সন্ধিৰ সময়চোৱাত সেয়ে সন্তান বা পৰিজনৰ মোবাইলৰ ব্যৱহাৰৰ ওপৰত অভিভাৱক অতিশয় সজাগ হোৱা উচিত৷ লগতে সতৰ্ক নজৰ ৰখাৰ প্ৰয়োজন আছে ৷


পঢ়াৰ টেবুলত মোবাইল লৈ সময় উৰুৱা, গেম খেলি থকা আদি অভ্যাস গঢ় লোৱাৰ পৰা সন্তানক বাৰণ কৰিব লাগিব৷ মাতৃ সকলে SMS, MMS, GPS আদি শব্দৰ লগত চিনাকী হোৱাৰ লগতে তাক কেনেকৈ চাব পাৰি, মোবাইলৰ গোপনীয় ফাইল আদি কৰবাত পাচৱৰ্ড দিয়া আছে নেকি সকলো শিকি লোৱাৰ অতীব প্ৰয়োজন আছে ৷ এক কথাত কবলৈ গ’লে সন্তান তথা পৰিজনৰ সংগ, গতিবিধি তথা অভ্যাসক বুজি উঠিবলৈ তেখেতৰ মোবাইলেই আধুনিক নাৰীৰ বাবে হৈ উঠিব পাৰে অতিশয় কাৰ্যকৰী আহিলা ৷ মোবাইলৰ বুকুতে চকু দি, কল-লগ, মেচেজ বস্ক, ফাইল কণ্টেণ্ট, গেমচ আদি অধ্যয়ন কৰি সন্তানৰ মতি-গতি তথা গঢ়ি উঠা মনোজগতখনৰ উমান লবলৈ আধুনিক নাৰীয়ে শিকিব লাগিব ৷

এই পৃথিৱীত যে বেয়া মানুহৰ অভাৱ নাই, সেই কথা আমাৰ সকলো বয়সৰ নাৰীয়ে উপলব্ধি কৰিব লাগিব৷ মোবাইল ফোনৰ জড়িয়তে পুৰুষৰ চলনাময়-মায়াজালত পৰাৰ বৰ্ধিত ঘটনাৰ পৰা সাৱধান হৈ থকাৰ প্ৰয়োজন আছে৷ যাতে মোবাইল প্ৰেমৰ জৰিয়তে অচিন ব্যক্তিৰ লগত অপ্ৰয়োজনীয় ভাৱে সাঙোৰ খাই সংবাদ শিৰোনামাত আমাৰ ভগ্নী, জীয়ৰী সকলে ঠাই পাব লগা নহয় ৷

মোবাইলৰ সতে ছাঁৰ দৰ লাগি থকা মোবাইল কেমেৰাৰ উপস্থিতিৰ কথাও আধুনিক নাৰীৰ বাবে এক প্ৰত্যাহ্বান স্বৰূপ৷ “বেৰৰো কান থাকে” আপ্তবাক্যশাৰীৰ দৰেই আজিৰ তাৰিখত, বেৰতো কেমেৰা থাকে ধৰণৰ সাৱধানতা ৰখাৰ প্ৰয়োজনীয়তা আছে ৷ একেবাৰে গাঁও অঞ্চলতো লোকেল অশ্লীল MMS ক্লিপ সহজলভ্য হৈ পৰাটো অতিশয় চিন্তনীয় কথা হৈ পৰিছে৷ এনে দুষ্কাৰ্যৰ বলি হোৱাৰ পৰা যাতে নাৰীসকলে নিজকে বচাই চলিব পাৰে সেই সম্পৰ্কে মাতৃ, অভিভাৱক, শিক্ষাৰ্থী সকলোকে সজাগ কৰি ৰখাৰ প্ৰয়োজনীয়তা আছে ৷

আন এটা মোবাইল ব্যাধিয়ে সমাজৰ ভিন্ন স্তৰত বিয়পি পৰাটো উল্লেখ কৰিব লগীয়া৷ আন-লিমিটেড টক-টাইম তথা নাইট পেক আদিৰ কোম্পানী প্ৰদত্ত উপহাৰৰ  অপব্যৱহাৰৰ ফলত ৰাতি ৰাতি  অশ্লীল কথা-বতৰা পতাৰ এক অভ্যাস গঢ়ি উঠা দেখা গৈছে৷ ফোন-চেক্সৰ দৰে কু-অভ্যাস গঢ়ি উটিলে সহজেই কোমলমতীয়া শিক্ষাৰ্থীক ই নিজৰ লক্ষ্যৰ পৰা বিচ্যুত কৰিব৷ সেয়ে ফোনৰ বিলৰ পুংখানুপুংখ বিৱৰণ অভিভাৱকে লোৱা, তথা মোবাইলত কি কি কনটেণ্ট আছে সেইবোৰ চেক কৰি প্ৰতি-ব্যৱস্থা গ্ৰহণ কৰাটো মাতৃ সকলৰ বাবে এৰাব নোৱাৰা প্ৰত্যাহ্বানত পৰিণত হৈছে৷ ৰাতি এটা নিৰ্দিষ্ট সময়ৰ পাছত জ্যেষ্ঠ জনে ঘৰত মোবাইল ফোন হস্তগত কৰি ৰখাৰ নিয়মে এনে কু-অভ্যাস গঢ়ি উঠাৰ পৰা বিৰত ৰাখিব পাৰে ৷

মোবাইল ফোনৰ বিভিন্ন ভাল ব্যৱহাৰ সম্পৰ্কে মাতৃ সকল সজাগ হ’লে তাক যোগাত্মক দিশত ব্যৱহাৰ কৰিব পাৰি ৷ কেমেৰা থকা মোবাইলেৰে সন্তান টিউচনত আছেনে নাই, শিক্ষকক দিয়াচোন ফোনটো ধৰণৰ অভ্যাসেৰে নজৰ ৰাখিব পাৰি, বা শিক্ষকৰ সতেও ওচৰ সম্পৰ্ক বজাই ৰাখিব পাৰি ৷ মোবাইলত ৰেকৰ্ড কৰি বিভিন্ন ওপজা মাটিৰ সংস্কৃতিৰ উপাদান  পুৰণি বিয়ানাম, লোক সংগীত আদিৰ সুৰ-তাল-গীত-নৃত্য আদি শিকাব পাৰি ৷ নতুন প্ৰজন্মক হোটেল বা ফাষ্ট ফুডৰ খানাৰ অনুগামী নকৰি বিভিন্ন খাদ্য কেনেকৈ ঘৰতে সহজে তৈয়াৰ কৰিব পাৰি, সেই কথাও সৰু সৰু ভিডিঅ’ আদি বনাই তেওঁলোকক শিকাব পাৰে ৷ ঘৰৰ, সকাম নিকামৰ সৰু বৰ ৰীতি নীতি আদিৰ কথাও ঘৰৰ বয়োজ্যেষ্ঠ-বৃদ্ধ সকলক কাষত পালে ভিডিঅ’ বনাই ৰাখি নতুন প্ৰজন্মক শিপাডাল ধৰি ৰখাত অৰিহণা যোগাব পাৰি৷ আজিকালি উন্নত মবাইলত জিপিএছৰ সহায়ত সন্তান বা আত্মীয়ৰ অৱস্থান শ্বেয়াৰ কৰি, কোন ক’ত আছে তাৰ উমান পাব পাৰি ৷

ৰাতি বিয়লি অকলে আহিব লগা অৱস্থাত আৰোহণ কৰা গাড়ী বা অট আদিৰ নম্বৰ, ড্ৰাইভাৰৰ ফটো আদি আত্মীয়লৈ আগতীয়াকৈ মোবাইলেৰে পঠাই নাৰীয়ে নিজকে সুৰক্ষিত কৰাৰ চেষ্টা চলাব পাৰে৷ জিপিএছৰ অৱস্থান শ্বেয়াৰ কৰিও ঘৰৰ মানুহক এনে পৰিস্থিতিত সকাহ দিব পাৰে৷


আধুনিক নাৰীয়ে শিকাৰ মনোভাৱেৰে এইবোৰ সৰু-বৰ প্ৰত্যাহ্বান মূৰ পাতি ল’লেই প্ৰগতি বা প্ৰযুক্তিৰ সতে খোজ মিলাই এক সুন্দৰ নতুন প্ৰজন্ম গঢ় উঠাত অৰিহণা যোগাব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস৷ এনে সজাগতাৰ বাবে মহিলা সমিতি বা সংগঠন সমূহে আগবাঢ়ি আহিলে অতিশয় আনন্দৰ কথা হব ৷ যোগাত্মক দিশত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে আধুনিক নাৰীক জাগ্ৰত কৰিব নোৱাৰিলে, প্ৰযুক্তিৰ ঋণাত্মক প্ৰয়োগৰ কৱললৈ সমাজখন গুচি যোৱাৰ সম্ভাৱনাই দেখা দিব ৷ ফলত অনাগত দিনত  কেতিয়াবা  খাপ পঞ্চায়তৰ দৰে নাৰীৰ বাবে মোবাইল নিষিদ্ধ কৰিবই লাগে ধৰণৰ অনৈতিক/অবাস্তৱ সিদ্ধান্তকো সঠিক বুলি অনুভৱ কৰাৰ দুৰ্দিন আহিব পাৰে ৷

সজাগ আধুনিক নাৰীয়েই নতুন ৰূপত নৱ-প্ৰজন্মৰে নৱ-প্ৰযুক্তিক আদৰা এখন সুন্দৰ উন্নত সমাজ গঢ়িব লাগিব৷ তাৰ বাবে মনত মাৰ বান্ধি নাৰীসমাজক আগুৱাই আহিবলৈ ইয়াৰে অনুৰোধ জনালো ৷

No comments:

Post a Comment

Sponsor

AD BANNER

Pages