কবিতাঃ
ঠিক, নভবা হ’লেই ভাল আছিল কথাবোৰ
অচিনাকী নাছিলো কোনো দিন,
ঠিক চিনাকীও নাছিল গভীৰ;
কৰিব পৰাকৈ বিনিময়,
এটা সহজ শব্দ, হৃদয়;
দিনবোৰ আহিছিল ৰাতিবোৰ গৈছিল
বৰ সুখৰ আছিল সময়…
গালত পখিলা পৰো পৰো বতৰতে
কিয় ভাল লগা হ’ল- পলাশৰ ৰঙা ৰং,
ভাল লগা হ’ল- ফুল, গোলাপ অথবা কৃষ্ণচূড়া,
ভাল লগা হ’ল বাতৰি, তোমাৰ খবৰ ভৰা….
ভাবোতে ভাবোতে আপোনৰ পৰা আপোন হ’ল
তোমাৰ নাম, তোমাৰ গলি, তোমাৰ নগৰ, তোমাৰ ঠিকনা;
সপোনৰ বোকোচাত, বাজে কিয় কৰবাত
শংখ-মৃদংগ-খোল, ৰিণি ৰিণি শ্লোক
যেন অহোৰাত্ৰি সত্য-সুন্দৰৰ সাধনা…
ভবাৰ পৰাই চাবলৈ ললো আকাশ
ভালপোৱা হ’লো তৰা,
তোমাৰো নাম দিলো জোন;
ডাৱৰীয়া দেখিলেই মোৰ দুচকুৰে
নিজে নামি অহা হ’ল বৰষুণ;
তাতেই তিতো, গাঁও সেই মিঠা গাণ, ৰুণজুন, ৰুণজুন৷
হেৰা, কক্ষপথৰ নিৰৱ জোন,
মোৰ পৃথিৱীত, কলিজা কঁপোৱা জোৱাৰ ভাটা
বুজি জানো পোৱা, তাৰ আঁৰত কোন?
কেতিয়াবা মনে মনে ভাবো,
ঠিক, নভবা হ’লেই যেন ভাল আছিল কথাবোৰ,
আহিলেহেতেন দিন, গ’লহেতেন ৰাতি
ভালপোৱাৰ বৰষুণে নিতিয়ালেহেতেন, ভৰিৰ তলৰ মাটি…….
(বি.দ্ৰ. যিজনে মোক এটা মেচেজ দিছিল-"হৃদয়ৰ পৰা নিলিখিলে কাৰো হৃদয় চুব নোৱাৰি", তেওঁৰ হাতত)
No comments:
Post a Comment