সোঁৱৰণি - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

সোঁৱৰণি

সোঁৱৰণি

Share This
নৈ পাৰৰ মাটি, হাতী খোজিয়া বাতি

(১)

গাঁৱৰ স্মৃতি বুলি ক’লেই মনটো দৌৰ পাৰে, সেই লাইপুলীয়া নৈৰ পাৰলৈ৷ এখন জীৱন্ত নৈ, বুকুত ঢৌ, পকনীয়া৷ বৈ যোৱা, উটাই নিয়াৰ অপূৰ্ব উল্লাস সামৰি হিলদোল হৈ বোৱা এই লাইপুলীয়া নৈ৷ উত্তৰ পাৰৰ ধেমাজিৰ মাছখোৱাৰ বুকুৰে বৈ যোৱা লুইতৰ এখন দক্ষিণবাহিনী উপনৈ৷ ইয়াৰ পাৰতে জন্ম হৈছিল মোৰ আইৰ৷ আইৰ মুখত অতীতৰ অলেখ জীপাল, নিটোল অথচ কেঁচা কাহিনী৷

ঠাই ডোখৰৰ নামটো চাগৈ লাইপুলীয়াৰ বুকুৰ উভৈনদী মাছৰ বাবেই নামাকৰণ হৈছিল, মাছখোৱা ৰূপে৷ আইৰ মুখত শুনো কেনেকৈ ককাৰ সৈতে লাইপুলীয়াৰ বুকুত উটি অহা নাও ধৰিছিলগৈ৷ জাল পাতিছিল, নৈৰ বুকুত তামোলৰ গছ হোলোঙ কৰি এফালে কিবা গুজি বন্ধ কৰি ৰাখিছিল৷ শীতৰ পুৱা যেতিয়া তেনে তামোলৰ গছ তুলি আনি পাৰ পোৱাইছিলহি তেতিয়া হেনো, নুৰা নুৰাকৈ ওলাইছিল বামি মাছ৷ আইয়ে হেনো সপোনতো দেখিছিল মাছ, কি কৰিব নৈ-পৰীয়া জীয়াৰী ৷

উজানৰ দিনতটো বৰালি, আৰি, চিতল, কুঁহি, বাত, শ’ল, শাল আদি মাছেৰে নাও ভৰি ভৰি ধৰি আনিছিল ককাই৷ নৈ-পৰীয়া ঠাইখনৰ মানুহৰ মুখে মুখে মাছ-ধৰা, মাছ-খোৱাৰ অলেখ প্ৰচলিত কাহিনী৷

মাছৰ ধৰাৰ অপৰূপ গাঁথাৰ মাজতে শুনিছিলো, কেঁচা মাছ খোৱা বাঁকৰ কাহিনীবোৰ ৷কি দৰে বাঁকে পুৱতি নিশা কাৰোবাক বন্ধুৰ ৰূপ ধৰি মাতি নিছিল ৷ কেনেকৈ বাঁকে ওলোটাকৈ পুতিছিল সেইজনাক৷ সেইজনাৰ ঘৰলৈ হেনো পুৰুষৰ ৰূপ ধৰি সংসাৰ কৰিছিলহি বাঁকে, জন্ম হৈছিল বাঁকৰ পুতেকৰ৷ নৈলৈ নামিলে হেনো এতিয়াও সৰু ল’ৰাক কিহবাই টানি নিয়ে৷ আইয়ে হয়তো আমাক ভয় খুৱাবলৈ কৈছিল ৷ আৰু আমি শুনি ভয়তে তাপ মাৰিছিলো ৷ নৈলৈ অকলে যাবলৈ, নামিবলৈ ভয় কৰিছিলো 

এইদৰেই অলেখ নৈ-পৰীয়া কাহিনীৰে জীপাল হৈছিল আমাৰ শৈশৱ৷ মনোমোহা, ৰূপকথাৰ এনেবোৰ কাহিনীয়ে ভৰাই তুলিছিল আমাৰ কল্পনাৰ জগতখন ৷ নৈৰ বালিত কিদৰে চুলি মেলি কিশোৰী হৈ থাকোতে মোৰ আইয়ে কাচ কণী বিচাৰিছিল৷ কাচৰ খোজ দেখি, তাৰ পিছ লৈছিল৷ কাহিনীয়ে আমাক আইৰ শৈশৱ দেখুৱাবলৈহে যেন লৈহে যাব, তেনে লাগিছিল৷ শেষত আইৰ হুমুনিয়াহ, এতিয়া আৰু সেইদিন নাই অ’ মইনা৷ সকলো যেন ৰূপ-কথা হ’ল ৷

(২)

শৈশৱ, কৈশোৰৰ সময়চোৱাত, বন্ধৰ দিনত আইতাৰ ঘৰলৈ গ’লে, ঘৰ নোসোমাই পোনে পোনেই আমি বাটাম দিয়া ঘৰটোৰ পাছফালে গাতে লাগি থকা নৈৰ পাৰ পাওঁগৈ ৷ এতিয়া ভাবো, আইয়ে চাগৈ, আমি ঘপহকৈ নৈত নামি দিও বুলি ভাবিয়ে, নদীয়ে সৰু ল’ৰা বিচাৰে, বাঁকে টানি নিয়ে জাতীয় কাহিনীবোৰ কৈছিল, আমাৰ মন-মগজুত ভয় ৰোপন কৰিবলৈকে!

নৈৰ পাৰলৈ গৈ, একে থিৰে নদীৰ বুকুলৈ চাই ৰও৷ সোঁতবোৰ, পকনীয়াবোৰ, উটি অহা মেটেকাবোৰ দেখি, নদীৰ সোঁততে কৰবালৈ উটি যাও যেন লাগে৷ তেতিয়া মামাহঁতৰ ঘৰত শৌচাগৰৰো ব্যৱস্থা নাই৷ পুৱাই উঠি ঘাটত বান্ধি থোৱা নাঁওখন লৈ সিপাৰৰ নৈৰ পাৰৰ জোপোহাৰ আৰঁতে প্ৰাতঃকৰ্মৰ বাবে যোৱাটোৱেই নিয়ম৷ আমাকো পুৱাতেই দল-বান্ধি সিপাৰলৈ লৈ যায়৷ নল-বিৰিণা খাগৰিৰ মাজতে আমিও হেৰাই যাও৷ লিহিৰি বিৰিণা, কহুৱা বোৰে, হালিজালি যেন আমাক জোকাই থাকে, তেনে লাগে৷

নৈ সিপাৰৰ সেই বালিময় পথাৰ, নদীয়ে পেলোৱা পলস, গতি সলায় সৃষ্টি কৰা পথাৰখনৰো এক বেলেগ আকৰ্ষণ আছিল ৷ শীতৰ দিনত সেইখন যেন শেষ নোহোৱা সৰিয়হফুলৰ বাগিচাহে৷ ইমান অপৰুপ তাৰ সৌন্দৰ্য, বৰ্ণনা কৰিব নোৱাৰা৷

সেই বালিময় পথাৰত খৰালি ফুল আলুৰ খেতিও কৰে৷ মন গ’লে ডাঙৰৰ লগতে আলু খানো, আমনি লাগিলে আমি বালিতে খেলো, মাটিৰ টেকেলীত আলু লৈ, শুকান গছৰ সৰু সৰু ডাল লৈ জুই ধৰো৷ আলু পোৰা, সিজোৱা খাওঁ৷ সেয়াও যে কিমান এক জুতিলগা দিন আছিল, আজি ভাবিলেই সপোন যেন লাগে ৷

আমি গ’লে আইতাই নৈৰ পাৰতে ভাত দিয়ে৷ ডাঙৰ ডাঙৰ কাঁহৰ বাতি কেইটিত নাতি সকলে ভাত খাবলৈ পাওঁ৷ সেইবোৰ হেনো হাতী খোজিয়া বাতি, হাতিৰ খোজটোৰ সমান আকৃতিৰ বাবেই আছিল সেই নাম৷ হাতী খোজিয়া বাতিত ৰাতিপুৱা পইতাঁ-ভাত লৈ, নৈৰ পাৰত জুই ধৰি আলু-পোৰা খোৱাৰ আনন্দই বেলেগ৷ 

আমি ফুৰ্তিতে ভাতৰ লডা কৰি পানীলৈ দলিয়াও, লগে লগে এজাক ৰূপোৱালী মাছে সেইবোৰ পানীৰ ওপৰতে খুটিয়াই খাবলৈ কৰবাৰ পৰা জাকি মাৰি ওলায়হি৷ সেই চেলকনা মাছ জাক, সিহঁতৰ ৰূপোৱালী দেহত বেলিৰ প্ৰথম পোহৰজাক যে কেনেকৈ জিকমিকাই উঠিছিল, হয়তো আমাৰ সোঁৱৰণিত ৰঙ সানিবলৈকে৷ জালপাতি ধৰা মৰঠী পুঠিবোৰ, কাৱৈ মাছবোৰ, সেন্দুৰীয়া পুঠি মাছবোৰ যেন আজিও স্মৃতিৰ সফুঁৰাত খল-মলাই আছে, তেনেহেন অনুভৱ হয়৷

নৈৰ পাৰৰ পৰাই ৰাজআলিয়েদি যোৱা ৰঙাবাচ চাই থাকো৷ একদম কাঁটাই চলা ৰঙাবাচত উঠিলে এটকাত আমাৰ নিজৰ ঘৰ পাব পাৰো ৷ কি যে সুন্দৰ শৈশৱৰ দিন আছিল সেইবোৰ ৷

(৩)

সঁচাই চাওঁতে চাওঁতে নৈ খন বহু সলনি হৈ গ’ল৷ আইৰ মতে, কলি এৰি কল্কিত সোমালহি পৃথিৱী৷ ফঁকৰা যোজনাত কোৱাৰ দৰেই চাগৈ আজি "শস্য লুকাল মৎস্য লুকাল, লুকাল বিৰিখৰ গুটি"৷ আগৰ সেই মাছে উভৈনদী লাইপুলীয়া নদীত আজি মাছ নাই, কাছ নাই৷ নৈ-কোষ বুলি মাছৰ বাবে বিখ্যাত ঘূঁলিটোতো এতিয়া হেনো চালানী মাছৰহে পোহাৰ৷ আইয়ে কয়-"আমাৰ জীৱনতেই এতিয়া সকলো সপোন সপোন লগা হ’ল বুইছ"৷

এদিন নৈৰ খহনীয়াই লৈ গ’ল ককা-আইতাৰ বাটাম দিয়া ঘৰটো, ভাবিলেই দুখ লাগে ৷ পাছত ৰাজ-আলিটোও খহনীয়াই নিও নিও কৰোতে কেইবা কিল’মিটাৰ আগতে এটা বিকল্প নদীপথ খনন কৰি চৰকাৰেও নৈখন কেনিবা বোৱাই লৈ গ’ল৷

এতিয়া মামাৰ ঘৰলৈ গ’লেও পাছফালে নদী নাই, নাই সেই কোৱাল গতি৷ নাই আজি আমি বহি ভাত খোৱা নৈ পৰীয়া মাটি, পাবলৈ নাই সেই সাতাম-পুৰুষীয়া হাতী খোজিয়া বাতি৷ তথাপিও সকলো যেন জীৱন্ত হৈ আছে মনৰ মাজত, সোঁৱৰণিৰ বৰঘৰত, আলফুলে সযতনে ৷

No comments:

Post a Comment

Sponsor

AD BANNER

Pages