বিৰহী হিয়াৰ গান
------------------------
কোনেনো বিচাৰে
থাকিব অকলে,
উভতি আহা এই
হিয়াৰ কাষলে...
অভিমানী বতাহত
নাযাবা দেই উৰি
চিগা চিলা হৈ
চিৰদিনলে.....
কোনেনো বিচাৰে
থাকিব অকলে
উভতি আহা
এই হিয়াৰ কাষলে....
বুকুতে যাতনা
কিমান সাঁচিবা
বৈ যাব দিয়া
নিৰৱধি নৈ,
তাতেই মেলি দিয়া
উভোতনি পানচৈ
কোনেনো বিচাৰে
থাকিব অকলে
উভতি আহা এই
হিয়াৰ কাষলে....
খোলা দুহাত আজি
খোলা হৃদয়
তুমি আহিলেই হব
সুৰ-সমলয়........!!!!!!!!!!!!
------------------------
কোনেনো বিচাৰে
থাকিব অকলে,
উভতি আহা এই
হিয়াৰ কাষলে...
অভিমানী বতাহত
নাযাবা দেই উৰি
চিগা চিলা হৈ
চিৰদিনলে.....
কোনেনো বিচাৰে
থাকিব অকলে
উভতি আহা
এই হিয়াৰ কাষলে....
বুকুতে যাতনা
কিমান সাঁচিবা
বৈ যাব দিয়া
নিৰৱধি নৈ,
তাতেই মেলি দিয়া
উভোতনি পানচৈ
কোনেনো বিচাৰে
থাকিব অকলে
উভতি আহা এই
হিয়াৰ কাষলে....
খোলা দুহাত আজি
খোলা হৃদয়
তুমি আহিলেই হব
সুৰ-সমলয়........!!!!!!!!!!!!
No comments:
Post a Comment