প্ৰৱ্ন্ধ লেখাৰ কলা
------------
বাতৰি কাকতৰ প্ৰৱন্ধ চুটি হোৱা উচিত, এই বিষয়ত মনোগ্ৰাহীকৈ লিখা হোমেন বৰগোহাঞি দেৱৰ লেখাটি পঢ়িলো। সেই প্ৰসংগত পূৰ্বতে পঢ়া এটা লেখালৈ মনত পৰিল। লেখাটি টাইম আলোচনীৰ 'টাইমঃ ৮৫ ইয়েৰচ অৱ গ্ৰেট ৰাইটিঙ' নামৰ প্ৰৱন্ধ সংকলনখনৰ আগকথা ৰূপে প্ৰকাশ পাইছিল। ৰিচাৰ্ড ষ্টেনজেলয়ে লিখা 'এগনি, পয়েট্ৰি এণ্ড বেকিং এণ্ড চৌফল' ( Agony, Poetry and Baking a Souffle) শীৰ্ষক লেখাটিত বিখ্যাত টাইম আলোচনীয়ে বিশ্বৰ গদ্য সাহিত্যৰ ইতিহাসত সৃষ্টি কৰা নিজা শৈলীৰ কথা উল্লেখ কৰিছিল। নিবন্ধ একোটাক আকৰ্ষণীয় আৰম্ভণি, মূল কথাখিনি সামৰাকৈ চুটি বক্তব্য, বৰ্ণনাৰ সাৱলীলতা, ফঁকৰাৰ সৈতে বুদ্ধিদীপ্ত প্ৰকাশ আৰু এটা পাহৰিব নোৱাৰা সামৰণি দিয়া লেখক সকল যেন কুশল কথাশিল্পীহে। সময় আৰু শব্দৰ মিতব্যয়ীতা এই শৈলীৰ অলংকাৰ। টাইমৰ বাবে বাতৰি লিখাটোও কবিতা চৰ্চাৰ লেখিয়া। লেখকগৰাকীক সম্পাদকে হেনো কৈছিল-'আমি সাংবাদিকক কবি হবলৈ শিকাব নোৱাৰো, কিন্তু কবি সকলক পাৰো সাংবাদিক হবলৈ'! এই ৰীতিৰে সংক্ষিপ্ত ৰূপত চমকপ্ৰদ ভাৱপ্ৰকাশ 'টাইম ষ্টৰী'ৰ নিজা শৈলী হৈ জিলিকি উঠিছিল। সম্পাদক সকলে ভুল নে শুদ্ধ মুখেৰে নকৈছিল, কিন্তু সম্পাদকৰ আক্-বাঁক দেখিয়েই লেখক সকলে বুজিব পাৰিছিল, কিহৰ অভাৱ ঘটিছে লেখাটিত। সঘনে উচ্ছাৰিত হোৱা নিৰ্দেশ আছিল 'নতুন সংস্কৰণ', আৰু এই পুনঃ লিখনত সংযোজক অব্যয় সমূহৰ বাহিৰে কোনো শব্দই পুৰণি লেখাটিৰ পৰা ব্যৱহাৰ কৰিবলৈ দিয়া নহৈছিল। সম্পাদকৰ এনে প্ৰত্যক্ষ দিক-নিৰ্দেশনাৰে নব্য সংস্কৰণৰ পুনঃ লিখনেও গদ্যক অধিক পুৰঠ আৰু আটিল কৰিব পাৰে। কিন্তু এইদৰে চৰ্চা আৰু সাধনা আমি সঁচাকৈ কৰিছোনে? প্ৰতিষ্ঠিত সম্পাদকৰ দিক-নিৰ্দেশনা লাভ কৰি লেখা উন্নীত কৰাৰ সুযোগ সুবিধা অসমীয়া ভাষাৰ লেখক সকলে লাভ কৰিবলৈ সক্ষম হৈছোনে? এই অভাৱকো আত্ম-সহায়ক প্ৰচেষ্টাৰে নিশ্চয়কৈ পূৰাব পৰা যাব। এনে প্ৰৱন্ধ সংকলনৰ পৰা এই কলা আয়ত্তৰ সাধনাই হব, এই ক্ষেত্ৰত এক নিশ্চিত সমাধান।

No comments:
Post a Comment