সুখৰ সংজ্ঞা
-----------
(১)
ৰাতি এঘাৰ বজাত কাৰ্যালয়ৰ পৰা ভাগৰে জুগৰে আহি ভাতৰ পাতত বহিবলৈ ললো।
দেখিলো কঠোৰতম ও মুড-সুৱিং মেচিন শাহুৰ সৈতে বসবাস কৰি থকা শ্ৰীমতীৰ মুখত গীতৰ গুণগুণনি। সমুখত মা, একেলগে ভাত খাই আছো। গীতৰ কলিৰ সেই গুণগুণনি যেতিয়া খোৱা হৈ যোৱাৰ পাছত বাচন ধুই থকা অৱস্থাটো অবিৰত থাকিল, তেতিয়াই মই পাই গলো আন এটা সংজ্ঞা-সুখৰ! ইটচ কলড দ্য ৰিয়েল হেপ্পিনেচ! ৰাইজ সুখী, ময়ো!

বলিউডী ষ্টাইলতে ভাবিছো, 'জো পাৰ কৰে গা, ৱৌ গানা গায়েগা...'
এই প্যাৰ শাহু-বোৱাৰীৰ নহয়তো.... ভাবিয়েই ভাল লাগি গ'লহে!
(২)
মাৰ সৈতে পাৰ্কৰ পৰা পুৱাৰ ভাগ খোজকঢ়াৰ কোটা পূৰা কৰি আহি আছো। এঘৰত দেখিলো সৌৱা, আইতাকে খুৱাই আছে এজন কনমানিক, খিৰিকিৰ কাষতে বহি। আমাৰকনৰ সৈতে মা লাগি থকাদি! মাক দেখুৱালো, সৌৱা চা!
এইফালে মানুহবোৰ তুলনামূলক ভাৱে দীৰ্ঘজীৱি। আমাৰ ফালে প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষাৰ সচেতনতাৰ অভাৱে মাৰিছে মানুহবোৰ। চল্লিশৰ দেওনা পাৰ হৈছে কি নাই, মদ-মাংসই দকচি খাই খাই শুকাই গৈ থকা মানুহ, কেতিয়াবা শুনিব খটম! মায়ে ক'লে-এইফালে বহুত বুঢ়া-বুঢ়ী মানুহ থকা দেখিছো। আমাৰ ফালে এতিয়া ইমানবোৰ নায়েই! আমাৰ গাঁৱত সত্তৰ ওপৰত মাত্ৰ অমুক অমুক...লেখ শেষ!
মই মাক ক'লো, এইফালে মানে মাৰাঠী পৰিয়ালবোৰৰ যৌথ পৰিয়ালৰ ধাৰণাটো এতিয়াও বহুল। চহৰত থাকিছে বুলিয়ে মাক-দেউতাকক এৰা দিয়া নাই যেন লাগে। যিটো বেমাৰ আমাৰ নিউক্লীয়াৰ ধাৰণাৰ বোকোচাত উঠা অসমীয়া জাকৰ বেছি লাগিছে যেন অনুভৱ হয়। মায়ে ক'লে- আজিকালি আমাৰ ফালে দেখিছনে যৌতুক নিদিয়ে নলয় বুলি গৌৰৱ কৰিলে কি ডাল হব, সোপাই মাকৰ ঘৰৰ পৰা দিয়েই দেখোন। এটা কথা কচোন, গেছৰ কানেকচন আৰু প্ৰেচাৰ কুকাৰ সহ কিয় প্ৰথম দিনাই বান্ধি দি পঠায়? বেলেগ হৈ খাবলৈ নহয় কি, ভাড়াঘৰ লবলৈ?
মোৰ মনে মনে নিজকে প্ৰশ্ন কৰিলো, চলমানৰ ষ্টাইলতে, 'কিতনে প্ৰতিচদ ভাৰতীয়, বিয়া পাতিয়েই ভাড়াঘৰ লৈ 'একান্ত' সুখত খাবলৈ পাঙি থাকে? যাৰ ফলত পৰিকল্পিত ভাৱে সৃষ্টি কৰে মূল নাটকৰ আগে আগে নৃত্য নাটিকাবোৰৰ! একান্ত সুখৰ সন্ধানত.....!
(৩)
কবিতাৰ দৰে
------------
সৌৱা সুখবোৰ সজাই থোৱা আছে
শুনিছো সুখবোৰৰো নিচা আছে,
ঠিক সৌ বীয়েৰৰ বটলবোৰৰ দৰে
সৌ খৰিকাত ওলোমা ৰঙা মচলাসনা চিকেনবোৰৰ দৰে
হয় সুখবোৰে হাত বাউল দি মাতিছে,
পিছে বিড়ম্বনা,
দুৱাৰত ৰক্ষী হৈ বহি আছে
নিত্য সহচৰৰ প্ৰতিশ্ৰুতি দিয়া অনাহূত অতিথি
নাম যাৰ ডায়েবেটিছ!
সুখবোৰ সজাই থোৱা আছে আপোনালৈ
সুখী হওক, মনৰ হেপাঁহেৰে
আমি কৰো অংক, গ্লুকজ লেভেলৰ
অসুখ নোহোৱাকৈ থকাটোও জানো সুখৰ কথা নহয়,
যিটো জৰুৰী, সুখবোধৰ সংজ্ঞা লবলৈকে.....

No comments:
Post a Comment