ভালপোৱাৰ বাটে ঘাটেঃ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

ভালপোৱাৰ বাটে ঘাটেঃ

ভালপোৱাৰ বাটে ঘাটেঃ

Share This

ভালপোৱাৰ বাটে ঘাটেঃ
(১)
দুজনী কিশোৰী, এজনী অষ্টম, এজনী দশমত পঢ়ে ৷ চেলেকা-চুবীয়া প্ৰেম ট্ৰেমৰ বয়স!
গাঁৱৰে এটা কোনৰ এঘৰতত তোলনী বিয়া এখনৰ যো-জা চলি আছে ৷ আহিল দুয়ো খবৰ লবলৈ ৷ আহি ভিতৰলৈ গ’ল, চুকত গৈও মাত দি আহিল ৷ লগৰ ছোৱালীবোৰ কেইবাজনী গোট খালত হাঁহি খিকিন্দালি কৰিবলৈ লাগিল ৷ বহু পৰ হ’ল যেন অনুভৱ কৰি, বায়েকে ভনীয়েকক মাত লগালে- "ঐ যাওগৈ বই, আৰু অলপ দেৰি হ’ল দেৰী হ’লে ঘৰত আকৌ 'গলোগে' বুলি ভাবিব!"

(২)
লগৰে এটাই খুৱ ভাল নাচনী ভণ্টি এজনী ভাল পায় ৷ তাই তেতিয়া বোধ হয় চেভেন-এইটত পঢ়ে ৷ আমাৰ টাউনকন পাৰ হৈ অলপ মুকলি পথাৰ, সেইকন পাৰ হৈহে ভণ্টিজনীৰ ঘৰ ৷ তাই স্কুলৰ পৰা আহিলে, লগৰটোৱে পাছ লয়, বাইকখন লৈ মুকলি পথাৰখনৰ কাষতে লগ কৰেগৈ, তায়ো চাইকেল ৰখাই চিঠি লয় ৷ মই বাইকখন লৈ অলপ আঁতৰি দিও!

তাই বিহু মেলাত বিহু নাচে, সি তাইৰ ঘৰৰ ড্ৰাইভাৰৰ সতে মিতিৰালি কৰি পহৰা দিয়ে! ঘৰলৈও অবাধ আহ-যাহ!

পাছত তাইৰ জন্মদিনত ঘৰৰ পৰা ডিব্ৰুগড়লৈ যাওঁতে বন্ধুৱে দি পঠালে টোপোলা এটা ৷ তাইৰ হোষ্টেলত দি আহিব লাগে ৷ ঠিকনা বিছাৰি গৈ হোষ্টেলৰ বাহিৰৰ পৰা তাইক মাতিবলৈ বুলি খবৰ পঠালো ৷ বহিবলৈ বুলি চকীদাৰজনে ৱেটিং ৰুমটোলৈ আঙুলিয়াই দিলে ৷ ঘামি-জামি থকা অৱস্থাতে মুখ খন ৰুমালেৰে মোহাৰি মোহাৰি ৱেটিং ৰুমটোলৈ ভূমুকিয়াই চালো, চেহ, সেয়া দেখো তাইৰ নতুনকৈ বিয়া পতা বায়েক-ভিনিয়েক ৷ ক’তে লুকাও টাইপ লাগিল ৷ তেনেতে ভণ্টিজনী আহি ওলালহি, ময়ো থতমতকৈ টোপোলাটো দিলো, তাইয়ো প্ৰশ্নবোধক দৃষ্টিৰে চালে ৷ বোলে অমুকে দি পঠাইছে, (আগতে চিঠি লয় যেতিয়া কনফিডেন্সটো আছিল দিয়কচোন!) ৷ তাই সুধিলে-কিনো ৷ বোলো বাৰ্থ ডে গিফট ৷ তাই সুধিলে কিনো ৷ থেৰোঁগোৰেকৈ ক’লো- জানো কিবা চুৰিদাৰ জাতীয় ৷ বায়েকে তাইৰ মাত শুনি উঠি অহা যেন লাগিল, লগে লগে বাইকখন লৈ মই তৎক্ষণাত অন্তৰ্ধান ৷

বহু বছৰ পাৰ হৈ গ’ল, সিদিনা বন্ধুৱে বিয়া পাতিলে ৷ সুধিলো কাক, ক’লে কোনোবা আন ৷ কিয়, তাইক নাপাতিলি? সি ক’লে- নাচনী ছোৱালী, বিহু সম্ৰাজ্ঞী ভাল পাই লগৰ ল’ৰাক জ্বলাব পাৰি, কিন্তু বিয়া পাতিব নোৱাৰি ৷ ঘৰত কাঁহি ঘূৰালে নচলিব, কাঁহী ভৰাই ভাতো দিব লাগিব, বাচনো ধুৱ লাগিব!

তাৰ ভালপোৱাৰ সময়ৰ আবেগ আৰু বাস্তৱ দুয়োটা কথাকেই বুজিবলৈ চেষ্টা কৰি থাকিলো ৷ পাছত গম পালো, তাই এতিয়া চিডি কৰে, টিভিত নাচে... ভাল কথা, মনটোও নাচি উঠিল ৷
(৩)
"ভাল পালেই নহব ৷ নিবলৈ সাহস আছে ?"-এনেকুৱা খাৰাংখাচ কথা শুনি ল’ৰাটোৱে কি উত্তৰ দিব পাত্তা পোৱা নাই ৷ সি ভাবিছিল, প্ৰপ’জ কৰিছে, তাইৰ আওভাও দেখি হিচাব কৰিছে, ভাবিছে, না হয়তো নকব, তাই সময় লব, এতিয়াই এইবোৰ ভবা নাই... তুমি মোৰ আটাইতকৈ ভাল বন্ধু জাতীয় ৷ চলি থাকিব, ৰোমান্তিকতা, য়েছ হোৱা নোহোৱাৰ মাজত দুলি থকাৰ আনন্দৰ সময়কনৰ লব পৰা যাব সুখ !

সাহসৰ কথা সুধিলেই যেতিয়া, পুৰুষালিক লৈ ঠাট্ৰা কৰা নাইতো ৷ নে এনেয়ে ভাল পাই ঠগিম বুলি ভাবিছে তাই? ভাল পালে পামেই আৰু ঠগা চগাৰ খেল-চেল নাই ৷ ভাল পালে বিয়াও পাতিম ৷ সুখতো ৰাখিম ! সি মনে মনে নিজে আওৰালে ৷ সাহস কিয় নাথাকিব বুলি দাঠি কোৱাৰ পৰাই মোবাইলত চলিল প্ৰেমৰ টুকুৰা শব্দৰ সঘন আহ-যাহ ৷

পাছলৈ ল’ৰাজনে ফোন কৰি ক’লে- আগতে গমেই নাপালো নহয়, ৰেলৱে ইঞ্জিনীয়াৰ এজনৰ বোলে বহু দিনৰ পৰাই ঘৰলৈ আশাৰে আহ-যাহ ৷ বয়সৰ গেপটো অলপ বেছি ৷ সেয়ে চাগৈ মোক লৈ অলপ বৰশী চিপিয়াই চাইছিল!  বোলো বাদ দিয়া হে বৰশীৰ টোপ গিলা!

অহা বহাগতে ল’ৰাজনৰ বিয়া ৷ ঘৰৰ পৰা চাইছে ঘৰ ধৰা ছোৱালী ৷ সিও মনে মনে শপত লৈছে, সংসাৰ কৰিব, প্ৰেমত পৰিব বাৰে বাৰে তাইৰ, যি লব তাৰ সুখ-দুখৰ বতৰা, ধৰা দিব দুয়ো দুয়োকে ৷ বৰশী টুপুৱাৰ আনন্দকন আৰু নহলেও আঁতিব জীৱনত!

আগবাঢ়া, ভালপোৱাৰ সৰগ ৰচা ৷ আমি বোলো শুভেচ্ছাহে ৷

No comments:

Post a Comment

Sponsor

AD BANNER

Pages