কবিতাঃ ঘৰলৈ যাম বুলি ভাবিলেই - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

কবিতাঃ ঘৰলৈ যাম বুলি ভাবিলেই

কবিতাঃ ঘৰলৈ যাম বুলি ভাবিলেই

Share This
কবিতাঃ
ঘৰলৈ যাম বুলি ভাবিলেই 

যদিও কোনোৱেই তাত আজি মোলৈ বাট চোৱা নাই
সকলো ব্যস্ত,
তথাপি ঘৰলৈ যাম বুলি ভাবিলেই ভাল লাগে

ভাল লাগে নিজৰ ঠাইৰ চিনাকি ভিৰ
চিনাকি চিনাকি ঘাট, উশাহ, বতাহ.....

শৈশৱৰ তিনিওটা বন্ধু যদিও দূৰৈত
তথাপিও তাত বিচাৰি পাও সোণালী স্মৃতি

স্কুলৰ বাটৰ হাফ-পেডেলৰ ভালপোৱা
অথবা টিউচনৰ বাটত 
এবাৰ দেৱী দৰ্শনৰ কাতৰ সোঁৱৰণি
সকলো জীপাল হয়, ঘৰলৈ যাম বুলি ভাবিলেই

খাল সিঁচা, মাছ ধৰা অথবা নৰা কাটি ভেলা-ঘৰ
তাং-গুটি, কাবাদী অথবা ৰবাবৰ ফুটবল এৰি
ফুট-গধূলিতে ঘৰ উভতাৰ আইৰ আদেশৰ যাতনা
সকলো বোৰ যেন সাৰ পাই উঠে কৰবাত
ঘৰলৈ যাম বুলি ভাবিলেই

ফাগুনৰ চিলা উৰুৱা, 
চিগা চিলাৰ পিছ লোৱাৰ উত্তেজনা
খোলা পথাৰত আপোন গাইজনী বিচৰাৰ আমেজ
নৰাত জুই দি পথাৰ সাৰুৱা কৰাৰ কথা
ঔ-গছত উঠি চেলেউপ হোপাৰ অজান হেপাঁহ
সকলো উজাই আহে জীৱনৰ ভটিয়নী বাটত

ঘৰলৈ যাম বুলি ভাবিলেই……

No comments:

Post a Comment

Sponsor

AD BANNER

Pages