ৰসাল কল্প-কথাঃ১ আজিৰ অতিথি কৰুণ গগৈ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

ৰসাল কল্প-কথাঃ১ আজিৰ অতিথি কৰুণ গগৈ

ৰসাল কল্প-কথাঃ১ আজিৰ অতিথি কৰুণ গগৈ

Share This
ৰসাল কল্প-কথাঃ১ আজিৰ অতিথি কৰুণ গগৈ

১. আপোনাৰ জন্ম তিতাবৰত, তথাপি মুখখন ইমান মিঠা কেনেকৈ ?
উঃ সেয়াইটো ৰহস্য! আইয়ে মই গাত থাকোতে যোৰহাটৰ মিঠা পুখুৰীৰ পানী আনি মাত্ৰ তাকেহে সেৱন কৰিছিল ৷ দৈনিক সেইকন পানী আনি দিয়া বাবে মই পিতাদেউক সোঁৱৰিবই লাগিব ৷ তেওঁলোকৰ সেইকণ ত্যাগৰ বলতে মিঠা মুখখনৰ বলতে আজিও এসাজ খাই আছো ৷ মিছা ক’লে কি ডাল হব কোৱাচোন, হেঃ হেঃ ৷ 

২. আপুনি ৰাজনৈতিক যুঁজ-বাগৰত আনক কেনেকৈ হৰুৱাই ?
উঃ সেইটোও এটা ৰহস্য ! ৰাজহুৱা কৰি নিদিবা আক্ ৷ মই হ’লো মাটিৰ মানুহ, সদায়েই, ক্ষমতা পালেই মাটি এৰা ভকত মই নহয় ৷ আনবোৰে আকৌ ঘপহকৈ ক্ষমতা পালেই মাটিৰ মোহ এৰি আকাশ চুবলৈ যায়গৈ ৷ আৰু মোৰ লগত যুঁজ বাগৰ কৰিবলৈ আহিলেই, মই মাটিৰ মানুহে ধূলি এসোপা মাৰি দিও বাপ্পেকে চকুলৈ! হেঃ হেঃ তাৰ পাছতনো যুঁজ বাগৰত কোনোবা জিকিব পাৰেনে? হেঃ হেঃ হেঃ

৩. একেৰাহে নিৰ্বাচন বোৰ জিকি থকাৰ ৰহস্য কি?
উঃ আজিকালি সৰু ল’ৰা এটাক তামোল এখন আনিবলৈ দিলেও চকলেট এটাৰ খৰচ দিব লাগেনে নালাগে? আমিও সাধাৰণ মানুহক ভোটটো দি আহিবলৈ কিবা এটা দিও আৰু! মানে পকেট খৰচ! লগতে ইলেকচনৰ আগদিনা সন্ধিয়া স্ফুৰ্তিপানীকণৰ লগত সেই চানা কেইটামান, লগত এটা জলকীয়া আৰু সেই নিমখ অকন ৷ এবাৰ যি তৃপ্তিৰে চেলেক মাৰি মাৰি নিমখ জলকীয়াৰে পানীকন খাব! তাৰ পাছত আৰু কি, অসমীয়া মানুহ ইমানো নিমখ-হাৰাম নহয় দিয়াচোন ৷ থাপ্পাটো আমাকেই মাৰিব! হেঃহেঃ ক’লে কি ডাল হব!

৪. গল্ফ খেলাটো কিয় ভাল পায়?
উঃ সৰুতে তাংগুটি খেলাটো, লগতে মাৰ্বলো ৷ গতিকে তাংগুটি মাৰিৰ কৌশল আৰু মাৰ্বলৰ গুটি খুলিত ভৰোৱাৰ তাড়ণা, এই দুয়োটা গল্ফত আছে বাবেই ই মোক নষ্টালজিক কৰি তোলে ৷ আগতে তাংগুটি আনিবলৈ দৌৰিব লাগে, গল্ফত গাড়ীত যাব পাৰি, ইমান আৰামৰ খেল ক’ত পাবাহে? ডিচ ইজ অলচ্ এ ইম্পৰটেণ্ট মেটাৰ দেই!

৫. মাইনাকনৰ ভৱিষ্যত সম্পৰ্কে কি কয়?
উঃ আমেৰিকাৰ পৰা আহি, গাঁৱে-ভূঞেঁ ফুৰিছে৷ মতা-মাছ মাইকী মাছ চিনিবলৈ শিকিছে ৷ কোনটো কিমান পানীৰ মাছ শিকাটোহে আচল কথা ৷ গাঁৱৰ হা-ৱা-বতাহ লাগক, কাক ক’ত কেতিয়া পানী খুৱাব লাগে, কাক কেতিয়া নিমখ চেলেকাব লাগে, সেই কথা শিকিব বুজিব পাৰিলেই ভৱিষ্যত উজ্জ্বল হবই! বুজিছাই নহয়... হেঃ হেঃ 

৬. অসমত বাংলাদেশী আছে নে সঁচাই ?
উঃ (দৰ্শকৰ পিনে ডিঙি মেলি চাই) হেৰি নহয় প্ৰথমে তুমি কোৱা দৰ্শকত কোন আছে ৷ খিলঞ্জীয়া নে সংখ্যালঘু ৷ ইণ্টাৰভিউৰ সময়ত মুখতে লাইটটো ফ’কাচ কৰি ৰাখা, অডিয়েন্স কোন আছে ধৰিবই নোৱাৰি দেখুন?

৭. প্ৰশ্নৰ উত্তৰহে বিচাৰিছো, অডিয়েন্স লৈ কি কথা আছে ছাৰ?
উঃ হেঃ ক’লেই হব নেকি? তুমি কাক উদ্দেশ্যি কথাখিনি কৈছা? কি উদ্দেশ্যৰে কৈছা সেয়াহে গুৰুত্বপূৰ্ণ ৷ কি ক’লো সেয়া গুৰুত্বপূৰ্ণ নহয় নহয় ৷খিলঞ্জীয়াৰ মিটিঙত এদিন ক’লো আছে বাংলাদেশী ৷ পাছদিনা সংখ্যালঘুৰ মিটিংত ক’লো ক’ত বাংলাদেশী ? বাংলাদেশী বাংলাদেশত আছে তো ৷ ধেৰ আছে মাৰ মাৰ আছে ৷ এতিয়া বুজাই বুজক, শুনাই শুনক, হেঃ হেঃ হেঃ

৮. বৃহৎ নদী বান্ধ হবনে?
উঃ লাইট জ্বলিব লাগে যদি হব ৷ লাগিলে ৰঙা ৰাঙলী হব ৷ কিন্তু লাইট জ্বলিব সেয়া খাটাং ৷ লাগিলে বান্ধৰ নামনিৰ মানুহৰ লাল বাতি জ্বলিব, নহ’লে আমাৰ নিজৰে গাড়ীৰ লাল বাতি নুমাব ৷ প্ৰথমে নিজৰ কথা পাছতহে আনৰ কথা ৷ মিচা ক’লে কি ডাল হবহে?

৯. অসমত ইমান অমুক ইউনিভাৰ্চিটি খুলিব, তমুক ইউনিভাৰ্চিটি খুলিব বুলি দৈনিক ঘোষণা হৈ আছে, সঁচাই খুলিবনে?
উঃ আৰে ময়তো কওঁ, ইউনিভাৰ্চিটি কিয়, আমি ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিচনেই খুলি দিম ৷ গ্ৰাণ্টো দিম, কমিচনো খাম ? মইতো কওঁ সৱ স্বায়ত্ব শাসিত পৰিষদতে বিশ্ব-বিদ্যালয় লাগে ৷ প্ৰতিটো জন-গোষ্ঠীকে লাগে, ৰাভা বিশ্ববিদ্যালয়, মিচিং বিশ্ববিদ্যালয়, আহোম বিশ্ববিদ্যালয়, সংখ্যালঘু বিশ্ববিদ্যালয় আদি ৷ সবে নিজৰ নিজৰ বোৰত পঢ়িব ৷ কোনো ৰিজাৰভেচন নাই, সব নিজৰ মানুহ, নিজৰ প্ৰফেচাৰ, নিজৰ ছাত্ৰ! হেঃ হেঃ হেঃ
১০. হাতী, পদুম আদি বোৰৰ বিষয়ে কি ক’ব?
উঃ গঁড় মৰি শেষ হবই ৷ তাৰ পাছতো হাতীৰ বাবেও আমি প্ৰজেক্ট লম ৷ বেছি দিন নালাগে ৷ এনেয়েও খাবলৈ নাপায় গাঁৱলৈ ওলাই আহিলে ৰাইজে নিজেই মাৰিবলৈ লব ৷ হাতী খেদিবলৈ জুই জ্বলাবলৈ আমি বিপিএলক যথেষ্ট তেল দিম, লাগিলে দুগুণ দিম !
মাথাউৰি নায়েই, বানপানী আহিবই! নদী বান্ধ বনায়েই আছো ৷ হুৰ-হুৰকৈ নৈ আহিব, পানীয়েই পানী, বালিয়েই বালি ৷ বোকাতহে পদুম ফুল ফুলে, বালিয়ে অসমখন চানিয়েই পেলাব দেখুন! হেঃ হেঃ

No comments:

Post a Comment

Sponsor

AD BANNER

Pages