মুম্বাই মিৰৰ – মুম্বাই হৰৰ
১৩-০৭-২০১১ৰ সন্ধিয়া মুম্বাইত যি বোমা বিস্ফোৰণৰ ঘটনা ঘটিল, সি অন্য এক ভয়ানক ঘটনা৷ যি সাধাৰণ মানুহৰ সহজাত জীৱন-জীৱিকাৰে জীয়াই থকাৰ মানৱীয় অধিকাৰ লংঘন কৰিছে৷ ভাৰতীয় মানুহক সুখে-শান্তিৰে জীয়াই থাকিবৰ বাবে নিশ্চিতি প্ৰদান কৰাটো ভাৰত চৰকাৰৰ এক মূল দ্বায়িত্ব৷ হত্যাকাৰী যিয়েই নহওক এনে ঘটনা ঘটিবৰ বাবে সৰুঙা দিয়াৰ বাবে, শাসক, চোৰাংচোৱা আৰু আমোলা, প্ৰশাসন যে দ্বায়ী তাত কোনো দ্বি-মত নাই৷
(চিদা চাৰে মানক বা নামানক !)
হত্যাকাৰীৰ উদ্দেশ্য কি? তাক কোনেও সৰলীকৃত উত্তৰ দিব নোৱাৰে৷ কাৰণ সাধাৰণ মানুহৰ সহজ হত্যাই কাৰ কি গোপন লক্ষ্য বা হাবিয়াস পূৰণ কৰে৷ সেয়া কোনো সৰল বীজগণিতীয় ফর্মূলাই তাক নিৰূপণ কৰি দিব নোৱাৰে৷ সেয়া এজাক বিষাক্ত মানুহ নামধাৰীৰ জান্তৱ কাৰনামাৰ বাহিৰে একো নহয় বুলিয়েই গণ্য কৰো৷
কোন নেতাই, কোন গুৰুৱে, কোনো ধর্মই মানৱ হত্যাৰে মানৱৰ কল্যাণ হব বুলি জ্ঞান দিয়ে? বা বিশেষ শ্ৰেণীৰ মানুহৰ গোপন ৰক্ত-পিপাসু হাবিয়াস পূৰণ কৰে, সেই সকলক চিনাক্ত কৰি, গোজে-শিপাই উঘালি পেলোৱাৰ প্ৰয়োজনৰ কথা সকলো সাধাৰণ মানুহেই অনুভৱ কৰে৷ ওম পুৰী আৰু অনুপম খেৰ অভিনীত বিতর্কিত ছবি ৱেডনেছ-ডে ত অংকন কৰা প্ৰতিচ্ছবি বোৰৰ সত্যতা আৰু সাধাৰণ মানুহে স্ব-ষড়যন্ত্ৰীয় উপায়েৰে ই-বোৰক নিমূর্লৰ বাট বিচৰাৰ বাদে একো
উপায় নোহোৱা অৱস্থাৰ উদ্ভৱ হোৱা যেন নালাগেনে?
কেইজন মানুহৰ হত্যাৰ বাবে এজন হত্যাকাৰীক নির্দিষ্ট দিনৰ ভিতৰত মুকলিকৈ হত্যা কৰি শাস্তি প্ৰদান কৰা হব, সেই বোৰৰ মুকলি হিচাব থাকিব লাগে৷ নহলে জন্নত দেখুৱাৰ সপোন দেখুওৱাই হত্যাকাৰী সজোৱা কাছাবক আমাৰ ন্যায়
ব্যৱস্থাই যোৱা তিনিটা বছৰে জন্নতত ৰখাৰ (সপোন ফলৱতী কৰাৰ) বাহিৰে কি কৰিছে? (আজিৰ দৈনিক বাতৰিত বৰ-বৰ হৰফেৰে লিখিছে ৪৬ কোটি কাছাবৰ নামত, আৰু সাধাৰণ ভাৰতীয়ৰ নিৰাপত্তাৰ বাবে খৰছ ১৮১টকাকৈ) আপুনিও জানো সেই প্ৰশ্নকে কৰিব খোজা নাই?
মুম্বাই স্পিৰিটৰ নামত ২৪ ঘণ্টাৰ পাছত ব্যস্ত হৈ পৰা অঞ্চল একোটাক দেখুৱাই মেডিয়াই বাৰে বাৰে কি প্ৰমাণ কৰিব বিচাৰে? সেই পুত্ৰহীনা মাতৃ, স্বামীহীনা পত্নী সকলৰ মাজত গৈ মুম্বাই স্পিৰিটৰ সন্ধান কৰিলেই প্ৰকৃত ঘাঁ আৰু তাৰ প্ৰভাৱৰ কথা জল-জল পটপটকৈ ওলাই পৰিব৷ জুই যাৰ গাত লাগে, সিয়েহে যন্ত্ৰণাটো অনুভৱ কৰে, সাংবাদিক বন্ধু সকলে কথাটো অনুভৱ নকৰি অনুভূতিৰ এনে গল্প কৰিলে অন্তৰত দুখ লাগে৷
ঘটনাৰ আধা ঘণ্টা পাছতে মই কণ্ট্ৰল ৰুমৰ নৈশ ডিউটিৰ বাবে ওলাই যাবলৈ যো-জা কৰিব লগা হৈছিল৷ ওলাই যাব লাগে, তেনেতে নিউজ চেনেলত বাৰে বাৰে ফ্লাছ নিউজ৷ মোৰ যাত্ৰা পথত এইমাত্ৰ জীৱন্ত বোমাৰ সন্ধান পাইছে৷ পুলিশ প্ৰশাসনে আৰু স্বয়ং মুখ্যমন্ত্ৰীয়ে জনতাক ঘৰৰ পৰা নোলাবৰ বাবে আপীল কৰিছে৷ এক কিংকর্তব্য বিমোৰ অৱস্থা৷ ধেমাজিৰ পৰা মাৰ ফোন, নুলাবি, এওতো নেৰেই৷ অলপ দেৰিকৈ ৰাতি ১২ মান বজাত ওলোৱাৰ সিদ্ধান্ত লৈ ফোন কৰি
বছক জনালো৷ টি ভিত ভাঁহি অহা কর্মৰত পুলিচ, কর্মচাৰী আৰু আহত জনৰ সহায়ৰ হাত আগবঢ়োৱা সকললৈ কপাললৈ হাতখন নি চালাম জনোৱাৰ বাহিৰে একো কৰিব নোৱাৰিলো৷
(কবি মৃদুল সন্দিকৈৰ ভাষাৰে, তেজৰ ফাকু খেলি ভালপোৱা সকলৰ বাবে গনেশগুৰিয়ে হিৰোচিমা৷ যত আর্তজনক সহায় কৰা জনক মৰাৰ বাবেও এক্সট্ৰা বোমা ৰোপন কৰা হৈছিল৷ মুম্বাইৰ ঘাতক অন্তত অসমীয়া ঘাতকৰ সমান চিয়ানা নহয়!)
সহকর্মীজনলৈ ফোন কৰিলো৷ তেওঁ ক’লে, অসমৰ মানুহ হৈ বম ফুটালৈ ভয় কৰনে? যাব লাগে ওলাই৷ এইবোৰতো হৈয়েই থাকে৷ মই ক’লো, মই যাব বিচৰা নাই, আপুনি যায় যদি বছক কও৷ গাড়ী আৰু ড্ৰাইভাৰ তলতে আছে, যায় যদি মই ৰক্ষা পৰো৷ তেওঁ মুখেৰে নামাতিলে৷ সাহসিকতাৰ গল্প কৰা সহজ, কাড়ডাল নিজৰ ফালে টোৱালেহে, গল্পৰ আচল মজা ওলায়, মনে মনে ভাবিলো৷
ধেমাজিত মোৰ ঘৰৰ কাষৰ তেৰটা শিশু নাৰী স্বাধীনতা দিৱসৰ দিনা বোমাত উৰি গ’ল৷ তাৰ বিচাৰ নহ’ল৷ দুদিন আগত ঘৰলোৱা খাই অহা, ছাই মদ বাকী দিয়া মিচিং বৌজনী, লগৰটোৰ পত্নী, দেউৰী খুড়ীদেউ, মণ্টু, সিদ্ধাৰ্থহঁতক হেৰোৱা দিনটো আনৰ পাহৰণিত জাহ গ’লেও মোৰ নাযায়৷ মেডিকেল কলেজত কুম্বাং খুড়াৰ ল’ৰাটো এক্স-ৰে মেচিনত দাঙি ধৰি, তেজেৰে লুতুৰি-পুতুৰি হোৱা চোলাটো পিন্ধিয়েই ডিব্ৰুগড়লৈ হেলিকপ্টাৰত লৈ অহা আন আহত সকলৰ বাবে, তেজ বিচাৰি মেডিকেলৰ হোষ্টললৈ কৰা লৰা-ঢপৰাবোৰ বোৰ পাহৰিব নোৱাৰো৷ মণ্টু আৰু সিদ্ধার্থহঁতক হেৰুৱা খুড়ী কেইগৰাকীৰ কোলালৈ পাছত অন্তত একোজনীকৈ ছোৱালী আহিল৷ কিন্তু বিহুৱে পূজাই তেওঁলোকক লগ পোৱা, তেখেতসকলৰ ঘৰৰ সমুখতে থকা স্মৃতি সৌধ কেইটাই আমাৰ ঘাঁবোৰক অহৰহ জীয়াই ৰাখে নুশুকুৱাকৈ৷
সহকর্মীজনক জীয়া ঘাঁটো দেখুওৱা নহ’ল৷
হত্যা মোৰ ভাল নালাগে৷ তথাপি চাগে ভাল লাগিব, হত্যাকাৰীৰ মুকলি হত্যা! নাজানো৷
ৰাতিৰ ডিউটি কৰিলোহি, অশান্ত এটা মনলৈ৷কিন্তু পুৱা টাইমচ অৱ ইণ্ডিয়াৰ লগত অহা মুম্বাই মিৰৰখন পঢ়িব নোৱাৰিলো৷ ৰাতিৰ টি ভি কভাৰেজেই সেই নৃশংস দৃশ্যৰে মগজুক ইতিমধ্যেই সংপৃক্ত কৰিছে৷ যোৱা ৰাতিৰ মুম্বাইৰ মিৰৰ প্ৰকৃততে মোৰ বাবে মুম্বাই হৰৰ৷
No comments:
Post a Comment