আধাৰশিলা আৰু অনুৰাধা বাইদেউ - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

demo-image
nth

আধাৰশিলা আৰু অনুৰাধা বাইদেউ

Share This
আধাৰশিলা আৰু অনুৰাধা বাইদেউ
দৃশ্য -১

কালি ভাইটি সত্যকামে ফোন কৰি ৰীতা চৌধুৰী বাইদেউৰ উদ্যোগত গঢ় লৈ উঠা আধাৰশিলা অনুষ্ঠানটোৰ কথা ক’লে৷ ভাইটিহঁতে একে অনুষ্ঠানতে সাহিত্য ডট অর্গ নামৰ ৱেব আলোচনীখন উন্মোচন কৰাৰ কথাও কলে, ভাল লাগিল৷ কার্যসূচীৰ ৰাতিলৈ টিভিত কভাৰেজ দেখিলো৷ ৰীতা বাইদেউৰ মনৰ ভাৱ শুনিলো, কবিতা শুনিলো৷লেপটপ দিয়া দেখিলো, উপন্যাসিক সকলৰ নতুন প্লট আৰু কামৰ আঁচনি শুনিলো ভাল লাগি গ’ল ৷


সাহিত্য ডট অর্গৰ নিউজটো কভাৰ নহ’ল৷ মনটো অকন বেয়া লাগি গ’ল৷ কষ্ট হয়তো সম্পূণ অসমীয়া ইউনিকডত ৱেবচাইট এটা ডিজাইন কৰোতে, সেয়ে৷ অকন প্ৰচাৰৰ পোহৰ পৰা হলে ভাল পালোহেতেন৷

যি কি নহওক, নতুনক প্ৰকাশৰ সুযোগ দিয়া বা উৎসাহিত কৰা প্ৰতিটো প্ৰচেষ্টাকেই ভাল পাওঁ বা আদৰণি জনাওঁ৷

কৰিব লগা ঢেৰ আছে, মুখেৰে কোৱা লোকো দেধাৰ আছে৷ কিম্তু হাতে কামে কৰিছে কেইজনে? সেয়ে ৰীতা বাইদেউৰ প্ৰচেষ্টাক অন্তৰেৰে শলাগিছো ৷

দৃশ্য -২

অসমীয়া সাহিত্যত নতুনক উৎসাহ, এটা বিতর্কিত বিষয়৷ ফেচবুকতো ৰাইজে অভিযোগ আনিছে ৷ তেখেত সকলৰ অনুভৱবোৰৰ সতে ময়ো অলপ যোগ কৰিব বিচাৰো৷ অসমীয়া লেখা মোৰ অ-আ দিনৰে সহচৰ যদিও লেখক-লেখিকাৰ জগতখনৰ লগত মোৰ চিনাকী নতুন৷

বিভিন্ন প্ৰান্তৰ নবীন কবি সকলক উৎসাহিত কৰাৰ মানসেৰে এক আয়োজন অসমীয়া নবীনৰ কবিতা শীর্ষক এটা কবিতা প্ৰতিযোগিতাৰ যোগেদি আমি অসমৰ কৰিছিলো৷ নবীন কবি সকলৰ হাজাৰটামান কবিতাই আমাক আহ্লান্বিত কৰিলে৷ ভাললাগিল, অনুভূতিৰে পূর্ণ কবিতাৰ টোপোলাবোৰে আমাৰ হেপাঁহ পূৰণ কৰিলে৷


বাতৰি কাকতৰ বিজ্ঞাপন দেখিয়েই কবি মৃদুল কুমাৰ সন্দিকৈ আৰু মহেশ পাৰীক আহি ওলালহি৷ আমাক বিচাৰক, বাচনি, সংকলন সম্পাদনা, প্ৰকাশলৈকে সহায় কৰিলে৷


নতুনক উৎসাহিত কৰাৰ হেপাঁহৰ এই যাত্ৰাত এই ধৰণৰ সহযোগিতাই পাথেয় আৰু আমি অলেখ কৃতজ্ঞ৷ ড শিৱনাথ বর্মনছাৰে অসমীয়া নবীনৰ কবিতা ২০০৯ উন্মোচন কৰিলে৷ বয়োজ্যেষ্ঠ কবি সাহিত্যিক ৰবীন্দ্ৰ বৰাছাৰে আঁত ধৰা অনুষ্ঠানটোত মনৰ কথা ব্যক্ত কৰি কলে- অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এনে নতুনক উদগনি দিয়া প্ৰচেষ্টা বিৰল শলাগিব লগীয়া৷ উৎসাহ পালো। ২০১০ চনটো প্ৰতিযোগিতাৰ আয়োজন কৰি নবীনৰ কাব্য সংকলন শব্দ সমদল প্ৰকাশ কৰি উলিয়ালো ৷ 


মাজতে উপন্যাস এখন লিখাৰ চখ লাগিল৷ ২০০ পৃষ্ঠাৰ উপন্যাস এখন লিখি উলিয়ালো৷ এতিয়া ভালেই হৈছে নে বেয়া হৈছে, মূল্যায়ন কৰিবই বা কোনে? 
এগৰাকী জ্যেষ্ঠ সমালোচকৰ কাষ পালোগৈ, তেখেতে চাই কলে, ভালেই হৈছে৷ এটা কাম কৰিবা, তুমিটো নতুন লেখক, কোনোবা এজনে চিনাকীৰ দৰে পাতনি এটা লিখি দিলে ভাল হব৷


তাৰ পাছত মই নাচোৰবান্দা৷ নতুনক হোমেন বৰগোহাঞিয়ে উৎসাহ দিয়ে৷ অন্যতম প্ৰিয় কবি, লেখক প্ৰণৱ বমর্ণৰ লেখাৰ পৰা মোৰ মনত এটা স্বতসিদ্ধ কথাৰ দৰে বহি গৈছিল৷ তাতে বংশৰ শিপাডাল ঢকুৱাখনাৰ হোৱা বাবেটো তেখেতৰ তালৈকে নগৈ কলৈ যাম ধৰণৰ চিন্তা৷ গলো এদিন, আমাৰ অসমৰ কায্যর্লয়লৈ, চিনাকী এজনৰ আঁত ধৰি৷ তলৰ পৰা ফোনতে কথা হল- চিনাকী দিলো দেউতাৰ পুতেক বুলি, বৰদেউতা বুলি মাতিলো৷ অন্যতম প্ৰিয় লেখকজনে অতি বিনয়েৰে কলে- এতিয়া গ্ৰন্থমেলা আহি পোৱাৰ সময়, খুৱ ব্যস্ত আছো, তাতে টিভিৰ প্ৰগ্ৰেমটোও চলি আছে৷ তুমি অলপ দিন পাছত আহিবা দিয়া৷ যথেষ্ট, মনটো ভৰি গল৷ শ্ৰদ্ধা অটুট থাকিল৷


তাৰ পাছত, মনে মনে ভাবিলো, কাৰ তাত যাওঁ? বৰগোহাঞি দেৱৰ উৎসাহ আৰু প্ৰেৰণাতে লেখিকা হোৱা, বতর্মান কাকতৰ সম্পাদিকা হোৱা বুলি জনা অনুৰাধা বাইদেউৰ তালৈকে যোৱাটো ভাল হব৷ অন্তৰংগ প্ৰবীণ সাহিত্যক এজনক কথাটো কোৱাত তেওঁ এদিন লৈ যোৱাৰ কথাটো কলে৷ গলো, বামুনিমৈদামৰ কার্যালয়লৈকে গৈ চিনাকী হলো৷ অসমীয়া নবীনৰ কবিতা কাব্যগ্ৰন্থখনৰ সতে নতুন উপন্যাসৰ (অপ্ৰকাশিত) কপি এটা দিলো৷


তেখেতে কথা দিলে নবীনৰ কবিতাৰ কিতাপখনৰো ৰিভিউ এটা কৰাই তেখেতে প্ৰকাশ কৰিব৷ মোক সাগৰত তেল উৎপাদনৰ কথা সুধিলে, আমাৰ কোম্পানীত অসমীয়া মানুহৰ পৰিসংখ্যা এটা ল’লে৷ মই তেখেতক পাঁচ বছৰ আগতে ধেমাজি কমার্চ কলেজৰ আলোচনীৰ বাবে সাক্ষাতকাৰ লবলৈ যোৱাৰ কথাটো উনুকিয়ালো৷ তেখেতৰ কথা, তেখেতৰ লেখাৰ সপ্ৰশংস আলোচনাৰ পাছত তেখেতে কলে, অহা সপ্তাহত আহিবা, মই চাই কিবা অকনমান লিখি দিম, বেক কভাৰত দিব পৰাকৈ৷ সন্টুষ্ট হৈ কলো, মইতো চৈধ্য দিনৰ ডিউটিত যাম পৰহি, তেন্তে ২০ দিন মানৰ পাছতহে আহিম৷ হব বুলি কোৱাত সুখী হৈ ওলাই আহিলো৷


সেই কেইদিনতে ৰীতা বাইদেৱে ৰাষ্ট্ৰীয় বঁটা এটা পালে ৷ আমিও নির্দিষ্ট দিনত 
খুলশালীটোৰ সতে চানমাৰিৰ অফিচত গলো৷ বাইদেৱে সকলো পাহৰিলে, নতুনকৈ চিনাকী দিব লগা হল৷ এনেতে এটা ফোন আহিল, আহিল এজাক ধুমুহা৷ বাইদেৱে আমাৰ উপস্থিতিক উপলুঙা কৰি ফোনত কৈ গৈছে- তুমি চাগে নাজানা, ৰীতা চৌধুৰীয়ে কি কি কৰিছে, মাইনীয়ে মোক কৈছে৷ মাইনীক কৈছে মনোজে ৷ সব নিউজ চেনেলৰ সম্পাদকবোৰক নি, ফাইভ-ষ্টাৰ হোটেলত ৱাইন আৰু ডাইনৰ পার্টি দিছে৷ কৈছে, তোমালোকক যি লাগে দিম, তোমালোকে খালী মাকাম খনক ফকাচ কৰা৷ ইণ্টাৰনেচনেল প্ৰাইজ পাব লাগিব! দিল্লীত গৈ মেডিয়াক মেনেজ কৰিছে, খুৱাইছে বোৱাইছে, পার্টি দিছে৷ মোক হিল্লোল পাঠকে আহি কৈছে৷ ৱাইন আৰু ডাইনটোত জোৰ দি আৰু দুবাৰমান কিবা ক’লে৷ তাৰ পাছত কৈ গ’ল-অসমীয়া কেইটাৰে খাবলৈ নোহোৱা অৱস্থা, চাইনীজ কেইটামানক লৈ ইমান হুলস্থুল৷ এইটোৰ ভিত্তিতে অসমখনো চাইনাই লৈ নললেই হয়৷ মইতো কওঁ,চন্দ্ৰমোহনে কি ৰাজনীতি কৰে, তাতকৈ ভাল ৰাজনীতি কৰে ৰীতা চৌধুৰীয়ে৷এজিপিক যদি বচাব লাগে, চন্দ্ৰমোহনৰ ঠাইত ৰীতা চৌধুৰীক লব লাগিব৷ বঁটাৰ বাবে কাৰ নাম আছিল, শেষত কাৰ নাম কটা গল আমি নজনা নহয় দিয়াছোন…ইত্যাদি৷


ফোনৰ সিপাৰে কোন আছিল নাজানো৷ খুলশালী আৰু মোৰ ইটোৰ সিটোৰ মুখলৈ চোৱা অৱস্থা৷ফোন থোৱাৰ পাছত তেওঁ কলে, তেখেতৰ কোনো বঁটা বাহনৰ লোভ নাই৷ কোনো উপন্যাস বা কিতাপৰ উদ্ধোধনী অনুষ্ঠানৰ নামত আনুষ্ঠানিকতা তেওঁ ভাল নাপায়৷ সেয়ে তেওঁ গ্ৰন্থমেলাত যে লেখক পাঠকৰ অনুষ্ঠানতো উপস্থিত নাথাকে৷ কেমেৰাৰ আগত নিজৰ কিতাপৰ প্ৰশংসা কৰিবলৈ বা আনৰ পৰা শুনিবলৈ তেওৰ লাজ লাগে৷ পাছত আমাক কলে- অহা সপ্তাহত আহিবা৷ তাৰ তেখেতলৈ উপহাৰ ৰূপে লৈ যোৱা নাৰায়ণমূর্তিৰ বেটাৰ ইণ্ডিয়া বেটাৰ ৱর্ল্ডখন তেখেতক দি নিৰৱে গুচি আহিলো৷


প্ৰতিদিনৰ অফিচ বিল্ডিঙৰ পৰা ওলাই আহিলো, খুলশালীয়ে কলে- নালাগে নেকি ভিনি, এখেতৰ মন্তব্যৰে উতসাহ লব৷ মইনো কি কম, কিতাপত হাজাৰ ভাল ভাল কথা লিখা মানুহৰ মনটো যদি এনেকুৱা, হিংসা, বিদ্বেষ থকা, কলমটোও তাৰমানে আমাৰ দৰেই মূর্খ যে প্ৰকৃত ভাৱবোৰ নিগৰাই নিব নোৱাৰে৷ তাকেই ভাবিলো৷ মোৰো হেপাঁহটো শেষ হল৷


তথাপি ক’ৰ পানী কলৈ যায় চাও বুলিয়েই এসপ্তাহৰ পাছত অফিচ গলো৷ তেখেত ঘৰত আছিল, ফোন কৰিলো৷ ‘অ’ মই চাবই পৰা নাই, তুমি ফোনতে টপিকটো অলপ কৈ দিয়াচোন’- বুলি কলে৷ ময়ো মূর্খৰ দৰে কৈ গ'লো, তেওঁ কলে, ‘কালি লাচিতৰ হাততে দি দিম, আহি লৈ লবা৷ হেন জানি, আকৌ লাচিত দেৱক লগ ধৰিলো, তেওঁহাঁহি হাঁহি কলে- ‘ধেত একো দিয়া নাই৷ বাইদেৱে এইবোৰ এনেয়ে কয়’৷ মুখখন বিস্বাদ লাগি আহিল, খুলখালীৰ আগত লাজ পোৱাৰ নিচিনা যন্ত্ৰণাটো লব লগা হল৷ মইযে মুৰুখ সেই প্ৰেৰণাময়ী আইৰ পাল্লাত পৰিব নালাগিছিল নিজক ধিক্কাৰ দিলো৷

দৃশ্য -৩
দুই সপ্তাহ পাছত মেৰেংৰ হাজাৰ হাজাৰ কপি বিক্ৰীত উৎসাহিত হৈ অনুৰাধা 
বাইদেউৰ তিনি তাৰকা হোটেলত উদযাপন৷ টিভি কেমেৰাৰ সমুখত নিলাজৰ দৰে, নিজৰ কিতাপৰ গুণানুকীর্ত্তন৷ আন বক্তাৰো প্ৰশংসা শ্ৰৱণ৷


তাৰ পাছৰ সপ্তাহত, ঘৰৰ পৰাই টিভিত নাৰী নিযার্তনৰ ওপৰত লাইভ ইণ্টাৰভিউ৷বাইদেউৰ চাতুর্যতাক বাহ বাহ নিদি নোৱাৰিলো৷


তাৰ এমাহ মান পাছত সাহিত্য সভাৰ বিষ্ণুৰাভা বঁটা পোৱাত উৎসাহ প্ৰকাশ।
ভণ্ডামিবোৰ সহ্য নহ’ল আৰু৷


মনৰ দুখতে চিনাকী সংগ্ৰামী বাইদেউ এজনীক কথাবোৰ ক’লো৷ কলে, সেয়ানো কি নতুন কথা, যেতিয়া চাৰৰ প্ৰেৰণা পাই আছিল, তেতিয়াটো চাৰে, তেখেতৰ হাজবেণ্ডে পাহাৰৰ পৰা অনা লাই পাতৰ ওপৰতো লেখা লিখে৷ অসমীয়া সাহিত্যৰ ভিতৰচৰাক চিনি পাবলৈ তোমাৰ দিন লাগিব৷


অসমীয়া সাহিত্য কর্মীৰ স্মার্টনেচৰ আগত নিজৰ মূঢ়তাক ধিক্কাৰ দিলো৷

দৃশ্য -৪
কথাখিনি লিখি এওঁক দেখুৱাই, কৈছো- ৰীতা বাইদেৱে বঁটা পাওতেই, অনুৰাধা 
বাইদেউৰ যি অৱস্থা৷ আধাৰশিলা স্থাপন হোৱাত চাগে তেওঁৰ কি অৱস্থা হৈছে,
খবৰ এটা লবই লাগিছিল৷ এই আধাৰশিলা অনুৰাধা বাইদেউৰ বাবে এপিটাফ লিখা শিলচটা হেন নহয়গৈতো?

(ইউনিকডৰ পূবেৰুণত লিখাত নতুন বাবে বহু বানান ভূল ৰৈ গৈছে৷)
Comment Using!!

Sponsor

AD BANNER

Pages