শুকুৰবাৰৰ লিমাৰিক
এক আছিল ৰহিম চাচা
দোৱা দিয়ে ভালে থাক বাচা
পুৱা গধূলি নামাজ পঢ়ে
দুখ-সুখৰ সপোন গঢ়ে
বেয়া পায় আমি ওভতগোৰে নচা ৷
শুকুৰবাৰে দোস্ত আহে
আড্ডা জমে চাহে-তাহে
কেৰম খেলাৰ গুটি
ৰাম-ৰহিমৰ যুটি
সম্প্ৰীতিৰ বীজ থাকে আঁহে আঁহে ৷
শান্তিৰে আছিল সকলো শুই
অপৰাধীয়ে লগালে জুই
হিংসা পৰিল বিয়পি
পুলিচ-মেলটৰীৰ পিয়াপি
বিভেদৰ বৰ-গছ কোনোৱে দিলে ৰুই ৷
সৰু মানুহৰ জ্বলিল ঘৰ
আপোন গঞাও হলগৈ পৰ
শিবিৰতেই দিন যায়
কি দিন আহিল হায় হায়
চৌদিশে উঠিছে মাথো ৰাজনীতিৰ জ্বৰ!
পাৰ চৰাই উৰি গ’ল, পালে নদীৰ পাৰ
চাচাৰ দেখোন ঘৰ নাই, কিযে কাৰবাৰ
দোস্তিৰো পোৰা ভেটি
চন পৰিল পথাৰৰ খেতি
মনৰ দুখত পাৰই কান্দিল গোটেই শুকুৰবাৰ ৷
(সৰু-সৰু মানুহৰ পৃথিৱীত বিভেদৰ বৰগছ বগৰাই সম্প্ৰীতিৰ ন-গজালি পুনৰ গজি উঠক, তাৰেই কামনাৰে ৷)
এক আছিল ৰহিম চাচা
দোৱা দিয়ে ভালে থাক বাচা
পুৱা গধূলি নামাজ পঢ়ে
দুখ-সুখৰ সপোন গঢ়ে
বেয়া পায় আমি ওভতগোৰে নচা ৷
শুকুৰবাৰে দোস্ত আহে
আড্ডা জমে চাহে-তাহে
কেৰম খেলাৰ গুটি
ৰাম-ৰহিমৰ যুটি
সম্প্ৰীতিৰ বীজ থাকে আঁহে আঁহে ৷
শান্তিৰে আছিল সকলো শুই
অপৰাধীয়ে লগালে জুই
হিংসা পৰিল বিয়পি
পুলিচ-মেলটৰীৰ পিয়াপি
বিভেদৰ বৰ-গছ কোনোৱে দিলে ৰুই ৷
সৰু মানুহৰ জ্বলিল ঘৰ
আপোন গঞাও হলগৈ পৰ
শিবিৰতেই দিন যায়
কি দিন আহিল হায় হায়
চৌদিশে উঠিছে মাথো ৰাজনীতিৰ জ্বৰ!
পাৰ চৰাই উৰি গ’ল, পালে নদীৰ পাৰ
চাচাৰ দেখোন ঘৰ নাই, কিযে কাৰবাৰ
দোস্তিৰো পোৰা ভেটি
চন পৰিল পথাৰৰ খেতি
মনৰ দুখত পাৰই কান্দিল গোটেই শুকুৰবাৰ ৷
(সৰু-সৰু মানুহৰ পৃথিৱীত বিভেদৰ বৰগছ বগৰাই সম্প্ৰীতিৰ ন-গজালি পুনৰ গজি উঠক, তাৰেই কামনাৰে ৷)
No comments:
Post a Comment