শনিবাৰৰ লিমাৰিক - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

demo-image
nth

শনিবাৰৰ লিমাৰিক

Share This

শনিবাৰৰ লিমাৰিক

ৱিক এণ্ডত বাৰ শনি
পকেটত যদি ইজি মানি
মদে মাংসই ডবাই খাম
তাৰ পাছত লং ড্ৰাইভত যাম
তাকো যদি নকৰিলা, কিহৰ হ’লাতুমি নতুন ধনী?

চৰকাৰে দিছে পাব খুলি
উচ্ছল মিউজিক ঢৌ তুলি
মৌচুমীহঁত আহিব
গধূলিটো জমিব
জি এচ ৰোডত নিদিবা কিন্তু ছোৱালীৰ কাপোৰ খুলি!

অসমৰে নতুন ডেকা
পোৱা নাই ন কোনো সেকা?
কিমান আন্দোলন হৈ গ’ল
তেজৰ নদী বৈ গ’ল
বহু নেতাৰ হাতে হাতে চেকা ৷

সুৰাৰ ৰাগীত নুটিবা
আই-বোপাইক চিনিবা
ঘামৰ বলত কৰা টকা
ফলিয়াব সপোন চকামকা
দেশৰ ধৰণী তুমিয়েই, কথাটো কিন্তু বুজি থবা ৷

(সকলো লিমাৰিক আৰু লেখাৰ বাবে ব্লগৰ লিংকঃ www.lalink-redindian.blogspot.in ক্লিক কৰক)




Comment Using!!

Sponsor

AD BANNER

Pages