মু্ম্বাই মচালা - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

মু্ম্বাই মচালা

মু্ম্বাই মচালা

Share This
অপেক্ষাৰ ফল মিঠা হবই
-------------------------
ব্যক্তিগত ভাৱে মোৰ ব্যক্তিত্বটো হেনো প্ৰৱল গঞা! দেখিলেই গম পায়, ই বেটা কোনোবা গাঁৱৰ!
মহানগৰ, মেট্ৰো চহৰত কেইবাবছৰো বসবাস কৰাৰ পাছতো কিবা সেইটো মেৰামতি কৰিব পৰা নাই। অৱশ্যে গঞা গঞা লাগিলেই যে কিবা লোকচান এনে নহয়!


সিদিনা শ্ৰীমতীৰ জন্মদিন আছিল, ২০জুন বিষ্ণুৰাভা দিৱসৰ দিনাই। পুৱাত ১১বজাত নৈশ সেৱা সামৰি ঘৰ সোমালোহি। মাজৰাতি কান-ফুচ-ফুচ যোগেই তেওঁক শুভেচ্ছা দিছিলো। দিনত আজি অফ পাম বাবে অলপ শুই আবেলিলৈ কৰবালৈ ওলাই যোৱাৰ কথা পাঙিলো।

ঘৰ সোমোৱাৰ লগে লগেই কনমানিটোৱে কোলাত উঠিলেহিয়েই নহয়, তাক লৈ অলপ নুুফুৰালে নহব। বোলো গা-টো ধোৱাৰ আগতে তাক অলপ ফু-ফু কৰাই অনাই মংগল হব। ওচৰতে এবছৰমান হ'ল কেকৰ দোকান এখন খুলিছে। যোৱা কোনোবা এটা মাহত সুখ-দুখৰ ২লাখ ক্লিক হোৱাৰ দিনাও এনেয়ে কেক তাৰ পৰাই আনি কাটিছিলো। বোলো, দিনতে কেকটোকে আনো...আবেলি বা সন্ধিয়া তেতিয়া ফ্ৰী হৈ থাকিম।

কনমানিক সুন্দৰকৈ বাঢ়ি অহা নিজৰ পেটটোতে বহাই লৈ কেকৰ দোকানখনলৈ সোমাই গ'লো। চেহ, মালিকজন নাই! যোৱাবাৰ ওচৰৰ কলনীত থাকো বুলি তেখেতে বিশ টকা মান কমাই লৈছিল! সেয়ে বোলো মালিকজন থকা হ'লে ভাল আছিল। উপায় নাই, দোকানত কাম কৰা ল'ৰাজনৰ পৰাই কেকৰ দৰদাম সুধিলো। বোলে অমুকৰ অমুকটো... ময়ো ইমান কেকৰ ধৰণ, কৰণ, গুণাগুণ আদিৰ বিশেষজ্ঞ নহয়, চকুৰে চাই ভাল লগাটো কিনা মানুহহে। পিছে ল'ৰাজনৰ কৰ্মকাণ্ড বা ব্যৱহাৰলৈ চাই বুজি পালো, তেওঁ মোৰ ব্যক্তিত্বলৈ চকু দিছে! মানে এইটো বম গঞা, ইয়াক দৰদাম বঢ়াই কও...ধৰণৰ। মনত পেলাব পৰা মতে প্ৰতিটোত এওঁ ত্ৰিশ টকা মানকৈ বেছিকৈ কৈছে। মই ক'লো- বোলো মালিক নাই যেন পাইছো, তুমি দেখোন দাম-দৰ অলপ বেছি বেছিকৈ কৈছাহে..কিবা ডিচকাউণ্ট দিবা নেকি?

দোকানী ল'ৰাজনে নেতিবাচক দৃষ্টি এটৰে চাই মূৰ দুপিয়ালে। তথাপিও মই ক'লো, বোলো এটা কাম কৰা তেন্তে আধা কেজিৰ ব্লেক ফৰেষ্ট এটাকে বনাই দিয়া, বিশ মিনিটহে লাগিব নহয় জানো! (তাত বিশ মিনিটত ফ্ৰেচ কেক বনাই দিয়ে বুলি লিখিও থোৱা আছিল)। কিন্তু ল'ৰাজনে আকৌ চাগৈ ভাবিলে, এই গঞাটোক পাত্তা দি কি লাভ, বনাই থোৱা কেইটা নিলে নিয়ক, নতুনকৈ অৰ্ডাৰমতে বনাই দিবলৈ নাই। সেয়ে উত্তৰ পালো, বোলে এঘণ্টা লাগিব নুন্যতম। মই তেওঁক ওলোমাই থোৱা ৰঙীন প্ৰিণ্ট আউটটৌলৈ আঙুলিয়াই দেখুৱালো। নাই নহব, তেওঁ মূৰ দুপিয়ালে... ময়ো ভাবিলো, মোক গঞা বুলি ভাবিছ বেটা.. নিকিনোৱেই তোৰ পৰা ! বাদ দে... পাছবেলা মালিক আহিলে আহিম!

ওলাই আহি কাষৰ বিকাজীৰ শ্বৰুমটোত সোমালো। শ্ৰীমতীৰ পচন্দৰ মিঠাই বৰফি, বেচনৰ লাড্ডু আদি কিবাকিবি কিনিলো। ওচৰতে থকা ফুলৰ দোকানখনৰ পৰা দহ পাহমান গোলাপ কিনি দুয়োটা ঘৰলৈ উভতিলো।

শ্ৰীমতীয়ে চাহ-তাহ খুৱালে, বোলে একেবাৰে সন্ধিয়াই কৰবালৈ ওলাই মেলি যাম। আপুনি খাই বৈ শুই লব। সুখ দুখৰ ভাল বাতৰি বিচৰাৰ কাম কৰি ময়ো সেইমতে ভাত খাই শুই থাকিলো। সাৰ পাই দেখো আন্ধাৰ হওঁ হওঁ, ইফালে বাহিৰত দবা-পিটা বৰষুণ। পাছফালে চালো, গাড়ী থোৱা ঠাইতো ক'লা লেতেৰা পানী সৰুগাঁঠি ডুব যোৱামান হৈছে। মানে বাহিৰত তামাম ট্ৰেফিক জাম হব! ওলাই যোৱা, বাহিৰত গৈ খোৱাৰ পৰিকল্পনা শেষ! দুখ মনেৰে শ্ৰীমতীক কলো, কাইলৈকে যাম দিয়া ওলাই, আজি ঘৰতে কেক চেক আনি খাওঁ আৰু। তেৱো মূৰ দুপিয়ালে। চাটি এটা লৈ ওলাই গ'লো। পুনৰ কেকৰ দোকানত সোমালোগৈ!

এইবাৰ দেখো মালিক আছে, অহ, তেন্তে অপেক্ষাৰ অন্ত পৰিল! মই সোমায়েই এফালৰ পৰা দাম সুধিবলৈ ধৰিলো, সজাই থোৱা কেইটাৰ। তেখেতেও একেদামেই ক'লে, তাৰ মানে দাম বাঢ়িল চাগৈ দেই মই মনে মনে ভাবিলো। তাৰ পাছত ক'লো বোলো এইটোকে দিয়ক, তেখেতে দাম ক'লে। মই বোলো যোৱাবাৰ কমাই লৈছিল, এইবাৰ লবনে? তেখেতে ক'লে নাই নাই, আজিকালি বস্তুবোৰৰ যিহে দাম বাঢ়িছে। কমাই লোৱাৰ প্ৰশ্নই নুঠে। হব আৰু উপায় নাই... তেখেতে উভোতাই দিয়া খুচুৰা কেইটা নিশব্দে পকেটত ভৰাই কেকটো ঘৰত দিবলৈ ঠিকনা লিখি দি ৰেষ্টুৰাত অৰ্ডাৰ দিবলৈ ওলাই গ'লো।

উভতি আহি ঘৰ পাওঁ মানে কেক ডেলিভাৰী হৈ গৈছে। ইফালে অলপ পাছতে তণ্ডুৰী চিকেনৰ দুটা টোপোলা( হাফ প্লেটকৈ) আৰু তিৰংগা কাবাবৰ সৈতে ৰেষ্টুৰাৰ পৰাও খোৱাবস্তুবোৰ আহি পালে। শ্ৰীমতীয়ে সুধিলে, তণ্ডুৰী আকৌ দুটোপোলা কিয়? মই বোলো এটা টোপোলা তোমালৈ কেক অনা দোকানখনৰ মালিকে উপহাৰ দি পঠাইছে। তেওঁ বোলে সেইটো কেনেকৈ?

মই বুজাই দিলো, ৰাতিপুৱাৰ পৰা কেক আনিবলৈ দুবাৰকৈ গ'লো। পুৱাবেলা দোকানৰ ল'ৰাই গঞা একো নাজানো ধৰণৰ ব্যৱহাৰ কৰিলে। সন্ধিয়া ধৈৰ্য ধৰি তেওঁৰ দোকানলৈকে মালিকেও কিবা ৰেহাই দিব বুলিহে গৈছিলো। পিছে তেওঁৱো দেখুন নাছোৰবান্দা! মই তেওঁক চাৰিশ টকাহে দিছিলো। তথাপি তেওঁ ৰেহাই দিব নোৱাৰি বুলি ভোৰ-ভোৰাই ভোৰভোৰাই দেখুন মোক আকৌ এশ চল্লিশ টকা ঘূৰাই দিলে। তেওঁ মই পাঁচশ টকীয়া দিয়া বুলি মনতে ভাবিলে চাগৈ!

আপুনি তেওঁক পইচা উভোতাই দি নাহিলে, শ্ৰীমতীয়ে সুধিলে।
ধুৰ, ৰাতিপুৱাৰে পৰা দুবাৰ গৈছো, তেওঁলোকৰ যি নাছোৰবান্দা ৰূপ, ময়ো সেয়ে হিচাব নজনা গঞা, নাছোৰবান্দা হৈ থাকিবলৈকে সেই মুহূৰ্তত সিদ্ধান্ত ল'লো। দিনটো অপেক্ষা কৰি যে থাকিলো, কেকটো খাবলৈ, অপেক্ষাৰ ফল কিবা মিঠা নহবই নেকিহে!

কথাষাৰ শুনি মুখ মেলি থকা শ্ৰীমতীৰ মুখলৈ কেক অকনকে ভৰাই দিলো! উপায়েই বা কি?

No comments:

Post a Comment

Sponsor

AD BANNER

Pages