“পঞ্চী-নদীয়া পৱন কে ঝৌকে,
কই শৰহদ না উনহে ৰৌকে।
শৰহদ ইনচানো কে লিয়ে হে;
তুমনে অউৰ মেইনে ক্যা পায়া,
ইনচান হৌকে?”
পাকিস্তানৰ চৰাই কাৰো অনুমতি নোলোৱাকৈ ভাৰতৰ অৰণ্যলৈ উৰি আহিব পাৰে। অসমৰ মাজেদি বৈ যোৱা ব্ৰহ্মপুত্ৰখন পূৱ-পাকিস্তানৰ মাজেদি নাম সলনি কৰি কাৰো অনুমতি নোলোৱাকৈ বৈ থাকিব পাৰে। চিটাগং, ঢাকা, মৈমনচিঙৰ অৰণ্য জনপদৰ ওপৰত ছাঁ পেলাই থৈ অহা দক্ষিণৰ মেঘবোৰ আহি খাচী-জয়ন্তীয়া পাহাৰৰ টিঙত বৰষুণ দিব পাৰে, এইবোৰৰ কাৰণে কোনা পাচপৰ্ট নালাগে, ভিছা নালাগে, অনুমতি পত্ৰ নালাগে।
কিন্তু মানুহ মুক্ত নহয়। পৃথিৱীখন মানুহে ডোখৰ ডোখৰ কৰি ভাগ কৰি নিজৰ নিজৰ কৰি লৈছে। কোনোৱে সীমা চেৰাই যাব নোৱাৰে। আজিৰ সুসভ্য মানুহে মানুহৰ মাজত, দেশে দেশৰ মাজত, ৰাষ্ট্ৰই ৰাষ্ট্ৰৰ মাজত দুৰ্লঘ্য পাষাণ প্ৰাচীৰ গঢ়ি তুলিছে।
টেক্সিখনত সশব্দে বাজি থকা ‘ৰিফিউজী’ ছবিৰ হিন্দী গীতটোৱে নীলকো কথাবোৰ ভবাই তুলিছে। সঁচাই মানুহেহে সৃষ্টি কৰে, দেশী-বিদেশী। তাকো শাসনৰ, ক্ষমতা লাভৰ স্বাৰ্থত ৰাজনীতিকে ঠিক কৰে সেই সংজ্ঞা। পূৱ-পাকিস্তান বাংলাদেশ হোৱাৰ পৰাই অসমলৈ ৰাজনৈতিক শৰণাৰ্থীৰ সোঁত ববলৈ ধৰিলে, ভৰি পৰিল অসম।
ছয় বছৰীয়া বিদেশী বিতাৰণ আন্দোলন, ৮৫৫জন অসমীয়া শ্বহীদ আৰু গণনা কৰিব নোৱাৰা সংখ্যাৰ সেই সাধাৰণ শৰণাৰ্থীবোৰ। ঘৰ জ্বলাই দিয়া, বিদেশী বুলি ডিঙি কাটি দিয়া সেই সকল কি মানুহ নাছিল? সেই সকলোটো জীয়াই থকাৰ অৱলম্বনৰ সন্ধানতে অহা মানুহ। সময়ৰ হাতত, ৰাজনীতিৰ কৰাল গ্ৰাসত সৰ্বশ্ৰান্ত হোৱা সেই মানুহবোৰে মানুহ হিচাবে পালে কি? তেওঁলোক মানুহ হোৱাটোৱেই কি দোষ? নীসে একো উত্তৰ উলিয়াব নোৱাৰিলে।
ৰবীন্দ্ৰনাথৰ বিশ্বজনীনতাৰ অনুভৱৰ সমুখত এই সকলো হত্যা যেন তুচ্ছ হৈ পৰিছে নীলৰ বাবে।
কোনোবাই বিদেশীৰ সংজ্ঞাৰ বাবে চিঞৰিছে ১৯৭১, কোনোবাই চিঞৰিছে ১৯৫১। সকলো নিজৰ নিজৰ ৰাজনৈতিক অংকৰে বনোৱা সংজ্ঞা। অথচ ভাৰত চৰকাৰে নতুন সংজ্ঞা ৰূপে ২০০৪ চনলৈকে জন্ম গ্ৰহণ কৰা সকলোকে দেশী নাগৰিক বুলি কৈছে।
নীলৰো নিজৰ মতে বিদেশীৰ সংজ্ঞা দিবৰ মন যায়। সি ধৰিব ১২২৯ চনটো। তাৰ মানে আহোম, কোঁছ, কলিতা, ব্ৰাহ্মণ আদি প্ৰৱ্ৰজন কৰি অহাবোৰ সবেই বিজেশী। ১৯৫১, ১৯৭১ যিয়েই নধৰক কিয়, তেওঁলোক যদি বিদেশী, তেন্তে ১২২৯ৰ আগৰবোৰ ঐতিহাসিক বিদেশী।
উন্নতৰ ঠাইলৈ কৰ্ম আৰু বসতিৰ সন্ধানত প্ৰব্ৰজন কৰাটো মানৱ সভ্যতাৰ এক সহজাত প্ৰবৃত্তি। কোনোবাই বৈধ ভাৱে অনুমতিৰে গৈছে, আহিছে।
যি সকলে জীৱন লৈ পলাইছেষ সিহঁতে অনুমতি লবই বা কি দৰে। এইবোৰ চহা মানুহ, সৰু মানুহ। আহিছে, খেতি কৰিছে খাইছে। এইবোৰ বিষাক্ত নহয়, বিষাক্ত হ’ল তাকে লৈ কৰা ৰাজনীতি আৰু ৰাজনীতিবিদবোৰ।
মেঘালী বাইদেউৱেই নীলক কথাবোৰ ফঁহিয়াই দেখুৱালে, ‘চোৱা নীল, টাই-আহোম সকলে লগত তিৰোতা লৈ অহা নাছিল। ৰণত জিকি বিজিত স্থানীয় সম্প্ৰদায় সমূহৰ লগতে বিবাহ আদিৰে বসতি কৰিলে। আৰু ল’ৰা ছোৱালীয়ে কি ভাষা কয়? মাতৃভাষা। দুশ তিনিশ বছৰৰ ভিতৰৰ টাই সতি-সন্ততিৰ মাতৃভাষা বা সংস্কৃতিৰ লগত টাই-আহোমৰ ভাষা-সংস্কৃতিৰ মিলন হৈ এক নতুন সংমিশ্ৰিত অসমীয়া ঠণ ধৰি উঠিল। টাইসকলৰ বৰ অসমৰ অসমীয়া হৈ মিলি পৰিল’।
ৰক্তিমৰ স’তে কৈশোৰতে পঢ়া বৰগোহাঞি বংশাৱলীৰ কথাবোৰেই যেন মেঘালী বাইদেৱে কৈ আছে, তাৰ তেনে লাগিল।
নীলে কৈ উঠিল-‘সেয়ে চাগৈ পৰিয়াল পৰিজন লৈ অহা বাংলাদেশী সাধাৰণ মানুহবোৰ আহি অসমীয়া হৈ পৰিব পৰা নাই। তাতে ধৰ্মীয় অনুভূতিক লৈ মৌলবীবোৰে ভোটৰ ৰাজনীতি কৰে, গাদীত বহে। অথচ এই চহা খেতিয়ক মখাৰ উন্নতিৰ কথা কেইজনে ভাবিছে।‘
মেঘালী বাইদেৱে কৈ উঠিল, ‘চোৱা নীল তাতোতকৈও সাংঘাতিক কথা। চৰ-চাপৰিৰ সাধাৰণ মানুহবোৰৰ মাজত ধৰ্মৰ নামত জেহাদ কৰাৰ সপোন দেখুৱাই এচামক সংগঠিত কৰিছে গম পাইছানে নাই? জেহাদী হ’লে ঘৰত পইচা দিয়ে, কিবা হ’লে পৰিয়া চোৱাৰ ৰিক্স লয়। আকৌ বোলে জেহাদত মৰিলে বেহেস্ত পায়।‘
‘বেহেস্ত মানেনো কি’-নীলে সুধিলে।
‘বেহেস্ত মানে স্বৰ্গৰ নিচিনা এটা বস্তু। তাত হেনো জেহাদীয়ে এসত্তৰজনী কুমাৰীক সম্ভোগ কৰিবলৈ পায়!’-তেওঁ দুষ্টালী ভৰা হাঁহিৰে খুক-খুকাই ক’লে।
নীলৰ হঠাতে গাধৰ আগত গাজৰ বান্ধি বোকা কঢ়িওৱা সাধুটোলৈ মনত পৰিল। ‘কাক কাক যে, কি কি আশাৰে মটিভেট কৰে কুকুৰহঁতে’-সি ভিতৰি গৰজি উঠিল।
গাঁৱৰ-চৰৰ সাধাৰণ ল’ৰাবোৰক উগ্ৰপন্থীয়েই হওক বা ধৰ্মীয় মৌলবাদীয়েই হওক; কিন্তু কিমান কি আশা, কিমান সপোন দেখুৱাই যে সিহঁতক বিপথগামী কৰিছে। নীলৰ খঙতো উঠি আহিল।
‘আৰু এই দেখিছে নাই, যোৱা দশকত যিমানবোৰ অসমীয়া ল’ৰাক সন্ত্ৰাসবাদী বুলি গুলীয়াই মাৰিলে। অথচ হুজি, মালটা বুলি ধৰ্মীয় সন্ত্ৰাসবাদীবোৰক কৰবাত গুলীয়াই মৰা শুনিছেনে?’-নীলে মেঘালীৰ মুখলৈ চাই সুধিলে।
নীলৰ খঙত ৰভা পৰা মুখখন দেখি মেঘালীয়ে তালৈ পানী এগিলাচ আহুৱাই দি ক’লে-‘বাদ দিয়া নীল বাদ দিয়া। এইবোৰ বেছি ভাবি নাথাকিবা। এইবোৰ সৱ পলিচি মেকাৰ ৰাষ্ট্ৰৰ সিদ্ধান্ত, সকলোবোৰ ৰাষ্ট্ৰৰ হাতত। তুমি মই কি কৰিবইবা পাৰো কোৱা?’
মেঘালীৰ প্ৰশ্নৰ উত্তৰ নীলৰ হাততো নাই। সি পানী গিলাচ তুলি ল’লে, এঢোক এঢোককৈ পানী খাবলৈ লাগিল। সিও যেন প্ৰশ্নবোৰে পানী পানী খুওৱা এজন সাধাৰণ অসমীয়া। নীলৰ মনটো খেলিমেলি ভাৱনাৰে ভৰি আহিল।

No comments:
Post a Comment