নতুন গান - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

demo-image
nth

নতুন গান

Share This
দেওলগা
---------
দেওলগা হাবিত, দেওলগা সপোন খেদি
দেওকন নাহে উভতি
সি কৈ যায়
জননী জন্মভূমি, স্বৰ্গাদপি গৰীয়সী...


কলীয়া আকাশ দেখি
বিচাৰি পূৱৰ বেলি
জলফাই বসণ পিন্ধি
ওলাইছিল ৰণলে বুলি

দেওলগা হাবিত....

তাৰো আছিল এখনি আপোন ঘৰ
দেশৰ বাবেই এৰিলে তাকো,নাভাবি আপোন-পৰ,
লুইতৰ দেওলগা পানী, বছৰি বাঢ়ে
পিছে দেওকন উভতি নাহে,
দেওলগা....
সি কৈ যায়
জননী জন্মভূমি, স্বৰ্গাদপি গৰীয়সী...

ৰজা যদি মায়াত মগ্ন
মগ্ন সেনাপতি,
পদে পদে মৰে ৰাইজ-সেনা
গোলা বুকু পাতি,
অৰণ্যতো ৰাম-সীতাৰ দেখি মধুৰ ৰতি
হাজাৰ লক্ষ্মণ তেজাল যৌৱন,
দিকভ্ৰান্ত, দেখি সংগ্ৰামী গতি...

দেওলগা...

সোণৰ অসম নালাগে আমাক
সেউজ অসমেই হব
ঘামৰ জোৰত ফচল দিয়া
তেজো নালাগে বব

গোলা-বাৰুদৰ জুই নালাগে
অসম আজিও অবিশ্ৰান্ত
ৰসাল মাটিতে চহাই জগোৱা
প্ৰগতিৰ আশা অফুৰন্ত...

দেওলগা...
Comment Using!!

Sponsor

AD BANNER

Pages