চাকৰিৰ সন্ধান আৰু সুখ-দুখ
সিদিনা গৃহ চহৰখনত কেইগৰাকীমান চিনাকি মাতৃৰ সৈতে মুখামুখি হ'লো। কুশল-বাৰ্তা ল'লে, ময়ো তেখেত সকলৰ সন্তানৰ বিষয়ে আগতে জনাখিনিৰ ভিত্তিত বৰ্তমানৰ স্থিতিৰ কথা সুধিলো। এগৰাকী মাতৃয়ে মন দুখ কৰি ক'লে-'আজিকালি বৰ বেয়া দিন পৰিছে, পইচা দিও চাকৰি এটা নোপোৱা হ'ল!' খঙটো টিকিচকৈ উঠি আহিল, 'মাহী, আপোনালোকৰ দৰে পিতৃ-মাতৃৰ বাবেই আজি মুকলি প্ৰতিযোগিতাৰে চাকৰি নোপোৱাৰ পৰিৱেশ এটা গঢ় লৈ উঠা নাছিলনে? এতিয়াটো ভালহে পাব লাগে, আপোনাৰ ল'ৰাকো কওক ভালদৰে পঢ়িবলৈ। প্ৰতিযোগিতা কৰিবলৈ। বেংকিংৰ পৰীক্ষাকে দিয়ক, অন্তত সেইটোত এতিয়াও ভালদৰেই চাকৰি পাইছে আৰু ছেক্টৰটো বুমত আছে! UPSC, SSC দিয়ক! মই জানো সি পাৰিব, তাৰ মেধা আছে আৰু তাতকৈ ভাল আপোনালোকৰ কোটাও আছে! আমাৰ ধেমাজিৰ বহুতে পাইছেও চোন, অমুকৰ পুতেক এছবিআইত, তমুকৰ......!'
মানুহগৰাকীয়ে কথাখিনি শুনি মুখৰ ৰঙ সলনি হোৱাটো স্বাভাৱিক আছিল। হবৰ কথাও, পুত্ৰই কৃষি বিশ্ববিদ্যালৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত স্নাতকোত্তৰ পাছ কৰি এটা কেন্দ্ৰীয় বিজ্ঞান ও গৱেষণা প্ৰতিষ্ঠানত গৱেষণাৰত, কিন্তু পাৰ্মামেণ্ট নহয়! সেয়ে মাকৰ এচিএছ জাতীয় খীৰতি গাই কিনি দিবৰ মন! লোকেল ঠাইত ৰাজপত্ৰিত বিষয়া হৈ দিন-ডকাইত কৰিলেই যেন সমাজত গৌৰৱ কৰিব পাৰিব, তেনে মানসিকতাৰে প্ৰতিফলন নহয়নে এয়া। চৰকাৰী স্থায়ী চাকৰিৰ প্ৰতি আগ্ৰহ আৰু মাতৃ হিচাবে সোনকালে দিহা লগাই বিয়া বাৰু পাতি আজৰি হবৰ মন নিশ্চয়কৈ স্বাভাৱিক কথা। কিন্তু আজিৰ পিতৃ-মাতৃ সমাজে প্ৰতিযোগিতাৰে জগত জিনাৰ প্ৰত্যাহ্বান লবলৈ নিজেও মানসিকভাৱে সাজু হব লাগিব আৰু সন্তানকো সাজু কৰিব লাগিব। চৰকাৰী খণ্ডৰ বাহিৰেও ব্যক্তিগত খণ্ডৰ সংগঠিত কৰ্পৰেট ক্ষেত্ৰৰ চাকৰিটো যে সামাজিক সুৰক্ষাৰ বিভিন্ন ব্যৱস্থা আছে, যিবোৰ হয়তো কিছুমান চৰকাৰী সংস্থাত নায়েই সেই কথাও জানিবলৈ চেষ্টা কৰিব লাগিব আৰু বুজিব লাগিব। চৰকাৰেও উচ্চ শিক্ষিত আৰু স্পেচিয়েলাইজড সকলক নিয়মীআ নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে। সেয়া বিজ্ঞানৰ গৱেষণাই হওক বা মেডিকেল কলেজতেই হওক। যিটো সময়ত অসমৰ চৰকাৰী মেডিকেল কলেজত শিক্ষক-বিশেষজ্ঞৰ অভাৱ, তেনে ক্ষেত্ৰত জানো এম.ডি কৰি অহা সকলক আকৌ তিনি মহীয়া অস্থায়ী চাকৰিত নিযুক্তি দি তিনিমাহৰ মূৰে মূৰে কাৰ্যকাল বৃদ্ধি কৰাৰ কি যুক্তি আছে। আপোনাক যিহেতু এই সকল নহ'লে নচলিবই, নিয়মীয়াকৈ নিযুক্তি দিয়াৰ ব্যৱস্থা নকৰেবা কিয়? এই অস্থায়ী নিযুক্তিৰ বেমাৰটো এতিয়া দেশজুৰিয়েই চলি আছে আৰু ইয়াৰ দ্বাৰা একে কাম কৰা সকলক পাৰিশ্ৰমিক আৰু সুবিধাৰ পৰা বঞ্চিত কৰি ৰখা হয়। বিষয়টোত সমাজে সংঘবদ্ধ ৰূপত প্ৰতিকাৰ চিন্তা কৰিব লাগে।
আমি প্ৰতিদিনে নিজৰ সৈতেই প্ৰতিযোগিতা কৰো। কিন্তু কেতিয়াবা লগৰ কোনোবাই সহজতে কিবা এটা লাভ কৰা দেখিলে মানৱীয় অনুভূতি ঈৰ্ষাই ক্ৰীড়া নকৰাকৈ নাথাকে। ধৰি লওক, এজন দুখীয়া ঘৰৰ ল'ৰা, সৰুৰে কৈশোৰ-যৌৱন ঘৰ-পৰিবেশ সমস্যাৰ সৈতে যুঁজ কৰি প্ৰতিযোগিতা কৰি ফুৰিছে। শেষ সময়লৈকে তেনেজন সফল হয়েই। তাৰ বিপৰীতে, আন এজনৰ মাক-বাপেকৰ চৰকাৰী চাকৰি, ল'ৰা এটাই। কৈশোৰৰ পৰাই সি অবাধ প্ৰেমৰ সোৱাদ লৈছে, মহানগৰীৰ ৰুমত যৌৱন উপভোগ কৰিছে, হাত খুলি খৰছ কৰিছে, বাইক দৌৰাইছে আৰু পঢ়াৰ নামত পৰীক্ষাৰ আগতে নোট পঢ়ি যেনতেন ফলাফল! আৰু ঘৰলৈ ঘূৰি অহাৰ পাছতে মাক-দেউতাকে একমাত্ৰ পুত্ৰক মজলীয়া বাহিৰা হাত থকা চৰকাৰী চাকৰি কিনি দিছে, পকা ঘৰ নিৰ্মাণ কৰি দিছে, নতুন গাড়ী কিনিছে, চাকৰি থকা সূত্ৰে বিবাহো আকৌ চাকৰি থকা কইনাৰ সৈতে! কইনাৰ ঘৰতো পুত্ৰ সন্তান নথকাৰ বাবে সেইঘৰৰ দুৰ্নীতিগ্ৰস্ত পিতৃৰ সকলো সম্পদৰ আইনী গৰাকীও ভাগ্যই এওকেই কৰিছে! মুঠতে জীৱনত সংগ্ৰামো নাছিল, এতিয়াও নাই আৰু ভৱিষ্যতেও নাই কোনো কঠিন দিনৰ সম্ভাৱনাও! তেনে উদাহৰণ ঘৰৰ কাষতে দেখিয়েই চাগৈ পঢ়াত এইজনতকৈ কেইবাগুণো চোকা পুত্ৰই কোনোবা কোণত গৱেষণা কৰি থকাতকৈ এনেকুৱা স্বচ্ছলতাৰে সমাজত উজলি উঠাটো মাতৃয়ে কামনা নকৰিবই বা কিয়? মানুহৰ মানসিকতা গঢ় দিয়া পৃষ্ঠভূমিটোও আমি জানো বিচাৰ কৰি চাবি নালাগিব?
একেদৰেই মনটোৱে বৰ সুখ পায়, যেতিয়া বগীবিল ঘাটৰ নাঁৱত ডেকা ল'ৰাক লগ পাওঁ, যি একবাৰে ভিতৰুৱা গাঁৱৰ, গ্ৰাম্য ভেঞ্চাৰ কলেজৰ পৰাই হিন্দী বিষয়লৈ স্নাতক হৈছে, কিন্তু আহিছে ডিব্ৰুগড়লৈ বেংকৰ প্ৰতিযোগিতামূলক পৰীক্ষা দিবলৈ। তেতিয়া তেওঁক কও, ৰাষ্ট্ৰভাষাৰো পোষ্ট থাকে বেছি ভাগ চৰকাৰী সংস্থাতে, আনকি তেল কোম্পানীটো আছে ৰাষ্ট্ৰভাষা বিষয়া! যিবোৰ কথা আমাৰ অসমীয়া যুৱক-যুৱতী সকলে গমেই নাপায় আৰু বেলেগ ৰাজ্যৰ সন্তানেই লাভ কৰে এইবোৰ! ৰাতি দুই বজাত এবাৰ এজন উবেৰ কেব চলোৱা সৰু ল'ৰা লগ পাইছিলো মুম্বাইত, তেওঁৰ সতে কথা পাতিছিলো, তেওঁ স্নাতক পাছ কৰিছে সেইবাৰ আৰু ৰাতি গাড়ী চলায়, পুৱাৰ ভাগটো শুৱে আৰু আবেলিলৈ বেংকিং পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰা ক'ছিং ক্লাছলৈ যায়! শুনিয়েই ভাল লাগি যায়। এই গৰাকী ভাইটিকো, পৰীক্ষাবোৰ ভালদৰে প্ৰস্তুতি কৰি দিবলৈ ক'লো, কি কি কিতাপ পঢ়িব লাগিব, তাৰ বাবে বেংক পৰীক্ষাত সফল হোৱা কেইগৰাকীমানৰ পৰামৰ্শ লবলৈ নাম-ফোন নম্বৰো দিলো। আৰু লগতে ক'লো, এতিয়া বেংকিংৰ বুম, সৰু সৰু চহৰতো প্ৰাইভেট বেংকবোৰৰ শাখা স্থাপন হৈছে। তাতো ফৰ্ম ফিলাপ কৰা, একাউণ্ট খোলা আদি কামত সোমাই লোৱা, পাছলৈ পে-ৰ'লত আহি যাবা! দূৰবৰ্তী পাঠ্যক্ৰমত এমবিএটো কৰি লবা, তেনেকৈয়ো এতিয়া বেংকৰ মেনেজাৰ হোৱা বন্ধু দুগৰাকীমানৰ ফটো ফেচবুকত দেখুৱালো। তেওঁৰ মনত প্ৰত্যয়ৰ ভাৱ জাগি উঠিল, তেওঁ যে কিবা এটা কৰিবগৈ ভাবিয়েই মনটো ভাল লাগিল। কাৰোবাৰ মনত আশাৰ পোহৰ অকন জগাব পৰাটোও চাগৈ সফলতাই নহয়জানো?
সুস্থ প্ৰতিযোগিতাৰ পৰিবেশ গঢ়ি উঠক, সেয়া খেলতেই হওক বা চাকৰিৰ বাবেই অথবা ৰাজনীতিত, সেয়াই আশা কৰো। সংগ্ৰামেইটো জীৱন। জিকাৰ হেঁপাহ, আশা-উত্তেজনাইতো উত্তৰণৰ ইন্ধন! কাষৰ পৰিবেশে মন বিঘ্নিত কৰিব নোৱাৰা, প্ৰতিনিয়ত অভ্যাসেৰে মেধাৰ মুকলি প্ৰতিযোগিতাত নমা সেই সকল যুদ্ধালৈ থাকিল হিয়া ভৰা শুভেচ্ছা।
No comments:
Post a Comment