বিবাহ বাৰ্ষিকী বিশেষ
(১) নিমন্ত্ৰণী
ফাগুনৰ এনে এটা ধূলিয়ৰী দিনতে এখন চিঠি ছপাইছিলো৷ সাধাৰণ কাৰ্ড এখন৷ বিয়াৰ বাবে নিমন্ত্ৰণৰ বাবে৷ তাতে এটা কবিতা লিখি দিছিলো আমন্ত্ৰণৰ৷ কিন্তু এতিয়া সেই কাৰ্ডৰ কপিও নাই৷ নাই সেই কবিতাটো৷ অথচ তাৰ আঁত ধৰি আৰম্ভ কৰা সংসাৰখনত আছে সিবোৰ অলেখ সোঁৱৰণি৷
যোৱা বছৰ এটা মেইল পাইছিলো চিনাকী বাইদেউ এগৰাকীৰ পৰা৷ তেথেতে সেই আমাৰ বিয়াৰ নিমন্ত্ৰণীখনৰ কপি এটা বিচাৰিছিল৷ মই প্ৰশ্ন কৰিছিলো, কিয়নো? নহয়, তোমাৰ কবিতাটো বৰ সুন্দৰ আছিল৷ নঁগাৱত মোৰ ভাইটিৰ বিয়া, তাৰ নিমত্ৰণী পত্ৰত দিব বিছাৰিছিলো৷ মনটো ভাল লাগি গৈছিল৷ লগে লগে ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ সৃষ্টি দীনবন্ধুৰ এটা সংলাপলৈ মনত পৰিছিল৷ কাতৰ দেউতাকে জীয়েকক বিয়া পাতি খৰছ কৰাতকৈ পলাই যাবলৈকে কৈছিল, সেই প্ৰসংগত উল্লেখ কৰা এটা কথা, "তই পলাই যোৱাৰ খবৰটো যিমান দিন মানুহে মনত ৰাখিব, তোৰ বিয়াত খুওৱা ৰসগোল্লাটোৰ সোৱাদৰ কথা তাতকৈ কমহে মনত ৰাখিব"! এনেকুৱাই আছিল চাগৈ মন চুই যোৱা সংলাপটো!
তথাপি তিনিটা বছৰ কোনোৱে বিয়াৰ ব্যঞ্জনৰ কথা অথবা দিনটোৰ কথা মনত নাৰাখিলেও অন্ততঃ এটা কবিতাৰ আবেদন ১০০০দিনৰ পাছতো এগৰাকীয়ে মনত ৰাখি থোৱাটোৱে মোৰ সেই চাৰিটকীয়া কাৰ্ডখনক অন্য অৰ্থত যেন বহুমূলীয়া কৰি পেলালে৷ মই মালৈ ফোন কৰি, মোৰ বিয়াৰ ফাইলটোত অফিচত দিবৰ বাবে কৰা এটা ফটোকপিকে বাইদেউ গৰাকীৰ ঘৰত দি আহিব ক'লো৷
এনে লাগিছে, আজিও যেন বিচাৰি আনিমগৈ সেই বাইদেউৰ পৰা সেই নিমন্ত্ৰণী কবিতাটো...সোঁৱৰণিত অকন ৰঙ সানিবলৈকে !
কেতিয়াবা আকৌ নিজক সোধো কবিতাৰ সোৱাদ কি ৰসগোল্লাতকৈ বেছি নে স্থায়ী!
(২) সেওঁতাত ৰঙঃ
বিয়া বুলিলে মই যাৰ সেওঁতাত ৰঙ সানিম বুলি নীলিম কুমাৰৰ কবিতাটোলৈ মনত পৰে৷ ভাবিছিলো, দিম কপাল ৰঙা কৰি৷ পাছতহে গম পালো, জোৰোণত সেইটো কাম আমাৰ মায়েই কৰিলে৷বেলেগৰ কি নিয়ম নাজানো, মোৰ হলে হেঁপাহ থাকি গল!
(৩) এখনেই চিনেমা, মই হিৰ’ তুমি নায়িকাঃ
বিয়াৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ কথা ওলাল৷ তদানীন্তন মোৰ বিয়াৰ কেমেৰামেন এতিয়া নিউজ লাইভৰ স্থানীয় কেমেৰা পাৰচন৷ বিৰাট ধুনীয়া কভাৰেজ, বংশৰ সকলোকে অন্ততঃ দূৰৈত থাকিলেও সেই চিডিখনতে চাব পাৰো৷ সেইয়া পেহী পেহা, মাহী, মহা, আইতা, ককা....ভতিজাটোক কওঁ তই কিমান সৰু আছিলি চা!
ভাজিৰ বাবে মাছ চকল কৰাৰ দৃশ্যৰ পৰা মোৰ গাত হালধি সনা লৈকে লাইভ! সঁচাই নিজৰ বিয়াৰ দিনা উদুলি-মুদুলিত কিনো হল গমেই নাপায়৷ ৰীতি-নীতি কিনো হল, সকলো গূৰাই চাবলৈ এনে ৰেকৰ্ডিং জৰুৰী৷ নতুনক বংশ চিনাবৰ বাবেও সুবিধা৷
কইনাৰ ঘৰো বেছি দুৰ নহয়৷ কেমেৰা একেটাই, সেয়ে কওঁ, হেৰা চিনেমা এখনেই আৰু, মই হিৰ’ তুমি নায়িকা! হিৰ’ হোৱাৰ বাসনাটো হলে পূৰ হ’ল দেই আৰু এওঁৰ নায়িকাৰ!
(৪)ওজনঃ
মোৰ ওজন বেছি, এওঁৰ কম৷ ৰগৰৰ ওপৰত ৰগৰ!
মোকেই কামোৰ দিয়ে, মই কওঁ সচাই তাই অৰ্ধাংগিনী...মানে আধা মই নব্বৈ, তাই পঞ্চলিশ!
দাদাই মাজতে মাত দিলে, নহয় ইহঁতৰ এভাৰেজটো ভাল!
পাছত মৌচুৰীলৈ ফুৰিবলৈ যাওঁতে, এহালৰ লগত চিনাকী হলো, তেওঁলোক বিপৰীত৷ পত্নী স্বাস্থ্যবান, পতি অৰ্ধাংগ!
মানুহজনে ক’লে- মই যদি ঘিউ খাও, সিও পানী হৈ যায়; আৰু এই যদি পানীও খায়, সেয়াও ঘিউ হৈ পৰে; আচৰিত৷ মই সান্তনাটোকে দিলো, হব দিয়কহে, এভাৰেজটোহে মেইন!
সবেই সোধে, তই যে বাঢ়ি বাঢ়ি গৈ আছ, আৰু তাই কমি! উত্তৰ দিও, চৰু একেটাই৷ খালী মই ভাতত মন দিওঁ, এওঁ বাটত...মানে চিপচ্, কুৰকুৰে৷ এই দুটা খাই কাৰ স্বাস্থ্য বনা দেখিছাহে!
বিবাহ বাৰ্ষিকী বুলি বৌৱে লুচি বনাইছে, এওঁ আছে সংখ্যা গণি৷ বোলো বাদ দিয়া আজি, কাইলৈৰ পৰা ওজন কমাম, হাঁহেৰেও ৰাজী মাহেৰেও ৰাজী! লগে লগে এওঁৰ গাল দুখন ফুলা লুচি৷ চোৱা জুতি লগা খাদ্যৰ নামলৈহে এওঁ লয় নোখোৱাৰ শপত; উস কিযে ভকত! মই কলো এনেয়ে জানো শকত!
(৫) অভিনন্দনঃ
সহকৰ্মীজনে ফোন কৰিলে, বোলে অভিনন্দন!
বোলো কিহৰ অভিনন্দন৷ পুৰণা হোৱাৰ?
নহয় হে অল্ড ইজ গল্ড নহয় জানো, মেঘালী বিয়া কৰি আনিলেও সময়ৰ সতে সোনালী হৈ পৰে৷ অন্ততঃ চুলি ৰূপালী হোৱাৰ আগলৈকে!
হয় হয় দিয়ক তেন্তে৷ অভিনন্দন, ও ধন্যবাদ হে!
সিদিনা ফেচবুকতে দেখিলো ১৬ য়েৰচ অৱ টুগেদাৰ নেচ শীৰ্ষক ফটো৷ বিষয়- বিবাহ বাৰ্ষিকী৷
লগৰ জনে সুধিলে, ধৰিব পৰা নাই হে, ই গৌৰৱ নে বক্ৰোক্তি!
(৬) বিয়া পতাৰ ফলঃ
লগৰটোক বুজাও, তয়ো পাত৷ সি ৰহস্যসনা হাঁহিটো মাৰে৷ মই কওঁ, পাত পাত, বহুত লাভ৷ সি কয়, লিষ্ট কৰি দে৷ মই কওঁ হো ল!
ক. মবাইলৰ বিল বাচে৷
খ. ঘৰ এখন হয়, ঘৰলৈ ঘূৰি আহি গৰম ভাত থকা চৰু এটা পায়৷
গ. কাপোৰ-কানিৰ বিভাগটোৰ পৰা দায় সাৰিব পাৰি৷
ঘ. ভৱিষ্যত শব্দটো চিৰিয়াছলি লব লগা হয়৷
ঙ. বিশেষকৈ তোৰ ক্ষেত্ৰত লিভাৰটোৱে সকাহ পাব!
ইস তোৰ ক্ষেত্ৰত সকাহ পোৱাহে নাই যেন! সি গেঙেৰী মাৰি আহে৷ মই বোলো তেনেখন আজি অন্ততঃ নকৰিবি৷
কিয়? চাল্লা পাহৰিলি, আজি আমাৰ বিবাহ বাৰ্ষিকী!

No comments:
Post a Comment