বিপ্লৱৰ ফেন্টাচী - ajoylal.com :: লাল ইংক (ৰঙা চিয়াঁহী)
https://www.facebook.com/drajoylaldutta

মহীৰূহৰ লেখা

বিপ্লৱৰ ফেন্টাচী

বিপ্লৱৰ ফেন্টাচী

Share This

বিপ্লৱৰ ফেন্টাচী


এই বিষয়টোক ফেণ্টাচী বুলিয়েই কব লাগিব৷ কাৰণ, এটা চাকৰি কৰি, বেংকত এগালমান ধাৰৰ বোজা লৈ স্থাৱৰ-অস্থাৱৰ সম্পদ আহৰণৰ লোভ, প্ৰয়োজন-পূৰণ আৰু তাৰ সতে লাগি থকা নিয়মীয়া ই এম আইৰ মায়াবৃত্তৰ মাজত আৱদ্ধ আমাৰ দৰে লাখ লাখ মধ্যবিত্তীয় লোকৰ বাবে সঁচাই বিপ্লৱ শব্দটো এটা ভাল লগা সপোন মাথোন৷ এৰি যাব নোৱাৰা মায়াবৃত্ত, চৌপাশে দেখি থকা সামাজিক বাতাৱৰণৰ ক্ষয়কাৰী ৰূপটো দেখি হা-হুমুনিয়াহ কঢ়াৰ বাহিৰে আন একো কৰিব নোৱাৰাৰ বোজা এটা বৈ থকা ভাৰাক্ৰান্ত এজাক মানুহৰ প্ৰতিভূ আমি!


ভাল লাগে, কাৰোবাক সহজে সমালোচনা কৰিবলৈ৷ ধুৰ কি বিপ্লৱ কৰিব সিহঁতে, কি জানে সিহঁতে, কাৰ কাৰ কিতাপ পঢ়িছে, কি অৰ্থনীতি, কি সমাজ-ইতিহাস জানে উতনুৱা কিছুমান ল’ৰাই৷ বন্ধ দি, শোভাযাত্ৰা কৰি ইহঁতে দেশ উদ্ধাৰ কৰিব৷ বাট-ভেঁটি ট্ৰাক অৱৰোধ কৰি, নদী-বান্ধ প্ৰতিৰোধ কৰিব৷ সকলো আচলতে নিৰুপিত হয়, নীতিৰ দ্বাৰা৷ ইহঁতজাকে ৰাষ্ট্ৰৰ পলিচি, ইণ্টাৰ-নেচনেল পলিচি, আমেৰিকাৰ পলিচি, বিশ্ব-বেংকৰ পলিচি কি বস্তু কি জানে? জানেনে, বুজেনে? কিয়, কিদৰে কি উদ্দেশ্যত গণ্ডাই গণ্ডাই আলিয়ে গলিয়ে সৃষ্টি হয়, এন জি অ’৷ কাৰ এনেয়ে পৰি আছে টকা, কোন দেশত? কোনে পঠায় টকা, কাৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, এন জি অ’ই কি প্ৰপাগাণ্ডা কৰিব লগা পলিচি, বা তাৰ সম্পূৰ্ণ চৰিত্ৰ-পাঠ৷ নুবুজে, আমি কেইখন মান কিতাপ পঢ়িছো, অল্প বিদ্যা হৈছে, আমিয়ে সেই ভয়ঙ্কৰ চিন্তাবিদ;  ভাবিছো সকলো জানিছো, সেয়েহেটো লিখিছো৷ 


“হেৰা এচিটো অলপ কুল কৰি দিয়াহে, দেশখন জহন্নামে গ’ল হয়নে?” “থওকহে কিনো অদৰকাৰী কথা লিখি ইণ্টাৰনেটত লাগি থাকে, চাব আকৌ ই,এম,আই দিয়া ডেটটো পাৰহৈ যাব লাগিলে নিজেই জালত পৰিব, ফাইন ভৰিব লাগিব, চাব ক্ৰেডিট ৰেটিং বেয়া হব লাগিলে, নেক্সট লোণটো পাবলৈ অসুবিধা হব”৷ শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা দেশৰ কথা, দেশৰ পলিচিৰ কথা, হা-হুমুনিয়াহ কাঢ়ি থকাটো সহজ, আমাৰ বাবে ই মুখৰোচক চানাচুৰৰ দৰে৷ জানো, একো স্বাস্থ্য-সন্মত বা উপকাৰী নহয়, তথাপি জিভাৰ সোৱাদৰ বাবে সঘনে জুতি লোৱাৰ বাবে অতি উত্তম, লগতে শ্বেয়াৰ মাৰ্কেট খেলাৰ দৰে এটা নিচা থাকিলেতো যুগল-বন্দীয়েই!


একেদৰে অ’বিবি শিক্ষকৰ আন্দোলনত এজন প্ৰচণ্ড জাতীয়তাবাদী সন্মানীয় সমাজ-হৈতেষী প্ৰৱক্তাৰ নিৰ্দিষ্ট বক্তাৰ ভাষণ৷ আত্ম-জাহৰ কাৰ্যসূচী হাতত ল’লে খুব কাৰ্যকৰী হব৷ চাৰিওফালে হাত-তালি৷ প্ৰৱক্তাৰ উচতনিত তেনে কাৰ্যসূচী লওঁ লওঁ অৱস্থা৷ প্ৰৱক্তাৰ ঘৰৰ পৰা ফোন আহে, ল’ৰালৰিকৈ তেওঁ সভা এৰি ওলায় যায়, লাখ-টকীয়া পে-শ্লিপখন লৈ নতুন ফ্লেটটোৰ লোণৰ বাবে প্ৰাইভেট বেংকটোৰ স্মাৰ্ট কাৰ্যবাহীক ডকুমেণ্ট জমা দিবলৈ ততাতৈয়াকৈ ৰাওঁণা হয়৷ খুৱ সুবিধা, মাহেকৰ মূৰত ভাল এটা দৰমহা পালে, নিৰ্দিষ্ট বক্তাৰ ভাষণটো অধিক যুক্তিপূৰ্ণ, তেজস্বী আৰু বিপ্লৱৰ অগণি ফৰফৰাই জ্বলাই দিয়া ধৰণৰ কৰি তুলিবলৈ খুৱেই সুবিধা! দেউতাই একেই দত্ত উপাধিৰ চাৰজনৰ নাম কৈছিল, এতিয়া পাহৰিলো; কিন্তু বৰ্ষীয়ান কেইজনমান নেতাই তেখেত যোৱাৰ পাছত সৰল কথাৰে সমবেত ৰাইজৰ মাজত অগণি নিৰ্বাপন কৰাত ঘটনাটিৰ ইমানতে অন্ত পৰে৷
একেখন কলেজৰে দুজনমান খুৱ জাতীয়তাবাদী মন্ত্ৰৰে ভৰি থকা মগজু এটাত উদিত বেলিৰ সপোন দেখা অলেখ জ্ঞানৰ ভৰালী এজনৰ কথাও ঠিকেই মনত পৰিছে৷ তেখেতৰ বৌদ্ধি্ক নেতৃত্বত জাতীয়তাবাদী উচতনিত সিদ্ধ-সস্ত চাৰ জনৰ অগ্নিময় লেখাৰ মাজত নিজকে গতি দিয়া সকলৰ অৰ্ধেক ভাগেই এতিয়া অৰণ্যৰ মাজত সোনোৱালী যৌৱন ম’হে-ডাহে খোৱা দিন কটাইচে বা কটালে৷ কত জনৰ অচিন ৰোগত, মেলেটৰীৰ গুলীত প্ৰাণ গ’ল হিচাব নাই৷ 


তাৰ পাছতো ৰাইজৰ মুক্তিৰ বাবে অস্ত্ৰ লৈ পা-পৰিয়াল, কেৰিয়াৰ ত্যাগ কৰি যোৱা অথচ যেনেতেনে প্ৰাণ বচোৱা স-শস্ত্ৰ পথ লোৱা বিপ্লৱী সকলক আমি সহজেই উপলুঙা কৰো৷ সিহঁতক কোনে অসমৰ গাৰ্জেন পাতিছিল৷ সব স্বয়ম্ভুহে! বোমা ফুটাই কি দেশ স্বাধীন কৰিব৷ ধন-দাবী কৰা ডকাইত, নেতাৰ বিদেশত লাহ-বিলাহ, অস্ত্ৰ-ব্যৱসায়, আই এছ আই আদি শব্দৰ আখৈ ফুটাও৷ পাহৰি যাওঁ, তেওঁলোকৰে পা-পৰিয়ালৰ ওপত চলা সেনাৰ অত্যাচাৰ, বন্দুকৰ কুন্দাৰ খুন্দাত জীৱন যোৰা গাৰ-বিষ কঢ়িয়াই ফুৰা মাক-দেউতাক, সতীত্ব হেৰুওৱা ভনীয়েক, ককায়েকক গুপ্তঘাতকে মাৰি যোৱাৰ পাছত বিধৱা বৌয়েকৰ আচলত লুকাই ৰোৱা এমা-ডিমা কেইটাৰ যন্ত্ৰণা কেতিয়াও উপলব্ধি কৰিব নোৱাৰো! ৰাইজৰ বাবে সকলো ত্যাগি যোৱা সকলৰ এচামৰ উদ্ভণ্ডালিৰ সতে বাকীবোৰকো জোৰা দি আন সকলৰ ত্যাগকো সতকাই হাঁহিৰে উৰুৱাই দিও৷ পথ-বিহীনতাত দিক্-ভ্ৰান্ত এনে দেশৰ হকে যোৱা সকলক অতি সহজেই খল-নায়ক সজাই জুতি লগা কাহিনী সজাও!


নদী-বান্ধৰ বিৰোধিতা কৰা সকলৰ, দুৰ্নীতিৰ বিৰোধিতা কৰা সকলকো চীনৰ পৰা কেনেকৈ পইচা আহে আমি যেন নাজানোহে বুলি সৰ্ব-জান্তা দম্ভালি মাৰো৷ মাও শব্দটো অতি ঘৃণনীয় কৰি অভিধান সজাও৷ আৰু ঠেটুৱৈ ধৰা শীতত পুলিচৰ মাৰ-খোৱা আবাল-বৃদ্ধ বনিতাক টাৰবাইন ভেটি দেশ উদ্ধাৰত গৈছিল, পালে বাপ্পেকে মজাটো বুলি নিহালিৰ তলত শ্ৰীমতীৰ সতে আলোচনা কৰাৰটো মজাই বেলেগ! 


অখিলৰ পুতেক নচিকেতাই লগৰ কনমাণি এটাক দেউতাহঁতে নদী-বান্ধ ৰাখিব নোৱাৰিলে আমিয়েই কিবা এটা কৰিব লাগিব বুলি ক-শ্ৰেণীতে অনুভৱ কৰা কোৱা, সিঁহতৰ শিশুসুলভ প্লেনিং, কাপোৰ-কানি সলকাই মাত্ৰ বাতৰি কাকত ষ্টেপল মাৰি পিন্ধি প্ৰতিবাদৰ আখৰা কৰা কণমানি কেইটাৰ কাহিনীয়ে খুৱেই হাঁহিৰ খোৰাকী যোগায়৷ জীৱনটো এক পঢ়াশালি বুলি আজীৱন ছাত্ৰ-নেতা হোৱা সকলৰ ভূমিকম্প সদৃশ বন্ধ-আন্দোলন-কালেকন আদিৰ কথা সন্ধিয়াৰ পানীকনৰ থলিৰ বৰ যোগ্য আলোচ্য বিষয়৷ কোন ছাত্ৰ নেতাই ক’ত তেল ডিপোত ল’লে, কোন সম্পাদিকাৰ সতে ধৰা পৰিল, পাণৰ নে কণীৰ ছিণ্ডিকেটৰ জন সভাপতি হ’লে উত্তম হব বুলি যুক্তি-তৰ্ক কৰো৷ 


অথচ একে ছাত্ৰ-নেতাৰ মাফিয়া ষ্টাইলৰ আঙুলিৰ  চালত অনা-অসমীয়া বনিকৰ দোকান লণ্ডভণ্ড হ’লে মনে মনে খুৱ তৃপ্তি অনুভৱ কৰো৷ বিহাৰীক লানি পাতি মাৰিলে, ৰেলত কৰ নহয় উৎপাত, পাইছ মজা বুলি আনন্দ কৰো৷ অসমৰে নৃ-গোষ্ঠীয়ে “আমি নহওঁ অসমীয়া, নকবা আমাক অসমীয়া” বুলি ক’লে দুখ প্ৰকাশ কৰো৷ ৰেলৱেৰ চাকৰি বিচাৰি যোৱা বাহিৰৰ ল’ৰাক পিতন দিয়া দেখিলে নয়ন সাৰ্থক হয়, অথচ অসমৰ বা উত্তৰ-পূৰ্বৰ মানুহক ভাৰতত বেয়াকৈ ক’লে, উত্তৰ পূৱ কোনো দিন ভাৰতৰ নাছিল, টাইপৰ খাপলাঙৰ উক্তি আওৰাও৷
তৎ-সত্বেও আমি সপোন দেখো, কলা-সংস্কৃতিৰ ৰক্ষা কৰাৰ, জাতিৰ ভাষা, জাতিৰ বৰ্ণ, জাতিৰ গৌৰৱ ৰক্ষা কৰাৰ, গৌৰৱ কৰো আমি বেলি উঠা দেশৰ অসমীয়া৷ যদিও তই অমুক মই অমুক কৰি সকলো ভাগ ভাগ, ন-খন মান উন্নয়ন পৰিষদৰ দাস, জাত নাইকীয়া কেইটিমান বৰ্ণ-সঙ্কৰেই নিজক বেছি অসমীয়া বুলি জাহিৰ কৰি শেষ জয়ঢোল বজাও৷ আশা কৰো আকৌ চুকাফাৰ হাত-ৰাজ সামৰা বৰ-অসম হব৷ তই-তই-মই-মইৰ পাছত আকৌ জয়-জয়-ময়-ময় হব৷ নৈ-পাৰৰ মাথাউৰিৰে সাংস্কৃতিক বিপ্লৱৰ শোভাযাত্ৰা হব, পথাৰে পথাৰে কৃষি কৰ্মৰ, কুটিৰে কুটিৰে কুটিৰ শিল্পৰ, সৰু বৰ উদ্যোগত লানি নিচিনা উৎপাদনৰ বৰ্ণিল যাত্ৰা হব৷ শংখ-মৃদংগ বাজিব, একতাৰ সুৰেৰে সকলোৱে গাব, সমন্বয়ৰ গীত৷ আচলতে হঠাত সাংঘাতিক পৰিবৰ্তন হোৱাৰ, বিপ্লৱ হোৱাৰ অতিশয় প্ৰয়োজন৷ তাৰ বাবে লাগে ভগৎ সিংৰ দৰে নিজক উৰ্চগা কৰা সন্তানৰ৷ সেই সন্তান হব লাগিব প্ৰতিবেশীৰ, নিজৰটো কোনোপধ্যেই নহয়!


আমাৰ দৰে লেখক, পাঠকৰ বাবে এনে বিপ্লৱ, পৰিবৰ্তন আদি দেহৰ নিম্নাংশৰ প্ৰয়োজনত দেখা ফেণ্টাচী নামৰ  ৰঙীন চিন্তা বোৰৰ দৰেই অতি লোভনীয়, সহজ আৰু অতিশয় সস্তীয়া৷ যাক দেখাত বা ভবাত অবাধ স্বাধীনতা, অথচ বাস্তৱিক কৰাত হাত সাৱতি থকাৰ বাহিৰে উপায় নাই, হাজাৰ বাধা!

No comments:

Post a Comment

Sponsor

AD BANNER

Pages